বিহগী কবি ৰঘূনাথ চৌধাৰীৰ দহিকতৰা (- ৰঞ্জিত কুমাৰ বৰা)

বিহগী কবি ৰঘূনাথ চৌধাৰী। অসমীয়া সাহিত্য জগতৰ ভোটা তৰাস্বৰূপ ৰঘূনাথ চৌধাৰীৰ হাতত ধৰিয়েই অসমীয়া ৰোমাণ্টিক কবিতাই ঠন ধৰি উঠিছিল। তেওঁ আছিল প্ৰকৃতি, চৰাই দেখি ভাব সাগৰত বিভোৰ হৈ পৰা মানুহ। সেই সমুদ্ৰৰ পৰাই তেওঁ বুটুলি আনিছিল কেইবাটাও অসামান্য কবিতা। সেই সাগৰৰ একো একোটা মুকুতা হৈছে গিৰিমল্লিকা, গোলাপ, কেতেকী আদি। এইগৰাকী অসমৰ সুসন্তান কবি ৰঘূনাথ চৌধাৰীৰ কাব্য-কৃতীৰ অন্যতম শ্ৰেষ্ট হৈছে ‘দহিকতৰা’। উৎকৃষ্ট প্ৰকাশভংগী, বিষয়বস্তুৰ চমৎকাৰিতা, উপমা-চিত্ৰৰ মধুৰ প্ৰকাশ, ছন্দময়, অন্ত্যমিলৰ অনুপম নিদৰ্শনে কবিতাটোক অসাধাৰণ ৰূপ প্ৰদান কৰিছে, কালজয়ী কবিতাৰ আসনত উপৱিষ্ট কৰিছে।
দহিকতৰানো আচলতে কি? কবি, সাহিত্যিকৰ কলমে সাধাৰণতে বিচাৰি নোপোৱা এটা তেনেই সাধাৰণ চৰাই। কিন্তু বিহগী কবিৰ অসামান্য কল্পনাশক্তি, অনুভৱৰ মধুৰ চিত্ৰই চৰাইজনীক দান কৰিলে বিশ্ব সৌন্দৰ্যৰ প্ৰতীকী ৰূপ। কবিতাটোৰ অভ্যন্তৰত প্ৰৱেশ কৰাৰ পূৰ্বে এবাৰ পঢ়ি লওঁ আহক, কবিৰ মনলৈ কিদৰে আহিছিল ‘দহিকতৰা’ কবিতাটোৰ কথা। কবিৰ ভাষাত—‘চ’ত মাহ শেষ হওঁ হওঁ…নিজৰা পাৰলৈ গা ধুবলৈ ওলাইছোঁ; এনেতে কাঠনিখনৰ এজোপা ওখ গছৰ পৰা এটি চৰাইৰ নানান সুৰ মিহলি আচৰিত ৰকমৰ এটা গীত শুনিলো। এনে সুশ্ৰাব্য সংগীত আগেয়ে মই শুনা নাই। … দেখিলো যে এজোপা ডাঙৰ ওখ জোপোহা অশোক গছৰ পৰা সেই গীতটোৰ প্ৰতিধ্বনি উঠিছে। …সেই প্ৰাণ ভুলোৱা গানটোৱে মোক উত্ৰাৱল কৰি তুলিলে। কিছুপৰ একে ধ্যানে গছজোপাৰ ওপৰলৈ চাই থাকিলো। অলপ পাছতে অকণমান এটি চৰাই ভুৰংকৰে উৰা মাৰি গ’ল—মোৰ হাউলীৰ আতিয়াত ৰোৱা কাঞ্চন ফুলকেইজোপাত নিতৌ দেখি থকা দহিকতৰা চৰাইটো। সেই দহিকতৰা চৰাইৰ গীতটোৱে মোক এনেকৈ মোহিত কৰিলে যে বিশ্বৰ সৌন্দৰ্যৰ লগত মানৱ সমাজৰ কি সম্বন্ধ তাকে মই ভাবিবলৈ ধৰিলো। সেই অনন্ত পিয়াহে মোৰ মনটো বিচলিত কৰি তুলিলে। এই ৰহস্যময়ী গীতৰ প্ৰহেলিকাতেই মোৰ গীতিকাব্য দহিকতৰাৰ জন্ম।’
সন্দেহ নাই, অসমীয়া ৰোমাণ্টিক কবিতা জগতৰ শ্ৰেষ্ঠতম কবিতাৰ দহিকতৰা। চৰাইজনীৰ মাত শুনি কবিয়ে নিজেই কৈছে—‘সেই দহিকতৰা চৰাইৰ গীতটোৱে মোক এনেকৈ মোহিত কৰিলে যে বিশ্বৰ সৌন্দৰ্যৰ লগত মানৱ সমাজৰ কি সম্বন্ধ তাকে মই ভাবিবলৈ ধৰিলো।’ তেওঁ অসামান্য কল্পনাই এইদৰে সাধাৰণ চৰাইটিক বিশ্বসৌন্দৰ্যৰ প্ৰতীকৰূপে দাঙি ধৰিলে। ৰোমাণ্টিক কবি শ্যেলীৰ To a Skylark বা জন কীটছৰ Ode to a Nightingale কবিতাত এইদৰে অসামান্য হৈ উঠিছিল স্কাইলাৰ্ক বা নাইটিংগেল চৰাইজনী। কবিয়ে নাজানে দহিকতৰা চৰাইটিয়ে ক’ৰ পৰা আহিছে। কিন্তু সমুধৰ সুৰে কবিৰ মনত সৃষ্টি কৰিছে কল্পনাৰ মধুৰ ছবি—

আলোক নে অন্ধকাৰ সুদূৰ প্ৰান্তৰ
কোন সাগৰৰ পৰা
অমৃত গৰল ভৰা
মেলি দিছ সঁফুৰা মোহিনী কণ্ঠৰ
বই গ’ল বিশ্বব্যাপী দিক্ দিগন্তৰ!

দহিকতৰাৰ সংগীতে যেন দিক্ দিগন্ত ব্যাপি বোৱাই দিলে কণ্ঠৰ অমৃতধাৰা। চৰাইজনীৰ জৰিয়তে কবিয়ে বিশ্বসৌন্দৰ্যৰ অনুপম ৰূপসুধা পান কৰিছে।
সমালোচক হাৰফ’ৰ্ডৰ মতে কল্পনাপ্ৰৱণতাৰ অসাধাৰণ বিকাশেই ৰোমাণ্টিক কবিতা (Extraordinary development of imaginative sensitivity)। কবি চৌধুৰীয়েও কল্পনাৰে সৰ্বজন অনাদৃতা দহিকতৰাক দিলে অনবদ্য ৰূপ। দহিকতৰা হৈ পৰিল শাৰদ প্ৰতিমা, বসন্তদূত। দহিকতৰাৰ আগমনত যেন শেৱালিয়ে নিমজ ঘাঁহনিত পাৰি দিয়ে শুভ্ৰ চলিচা। লুইতৰ দুয়োপাৰে বতাহত হালিজালি নাচে কঁহুৱা ফুলবোৰে।

লুইতৰ কাণে কাণে কঁহুৱাৰ ফুল
বতাহত হালি-জালি
ঢৌৱে ঢৌৱে ঢৌ খেলি
তুষাৰ ধৱলকান্তি ধৰিছে বিপুল,
যেন সুৰ তৰংগিনী পুলকে আকুল।

দহিকতৰাৰ অমৃতকণ্ঠত পৃথিৱীলৈ নামি আহে ঋতুৰাজ বসন্ত। কবিয়ে এইদৰে কৈছে—

আছিলি নিমাত হৈ কত দিন ধৰি
বলিল শীতল বাৱ
কুৰুৱাই দিলে ৰাৱ
আহিল বসন্ত-দৰা লাহবাহ কৰি,
আদৰি আনিলি তয়ে তুলি সুৱাগুৰি।

দহিকতৰা চৰাইজনীয়ে অমিয়া কণ্ঠেৰে যেন ঋতুৰাজ বসন্তক দৰাৰ বেশত আমাৰ মাজলৈ আদৰি আনিলে। বসন্তৰ পৰশত পৰীৰ দৰে সাজি-কাচি ওলোৱা প্ৰকৃতিৰ অপৰূপ চিত্ৰ যেন দহিকতৰাৰ আগমনতেই প্ৰাণৱন্ত হৈ উঠিছে। কবিয়ে কৈছে—

গছে গছে পাতে পাতে লতাই লতাই
ৰূপৰ পোহাৰ মেলি
নাজানো কি খেলা খেলি
ছয় ৰাগ সপ্তসুৰে মুৰলী বজাই
ৰাখিছ সাদৰী তই ভুৱন ভুলাই।

চিৰকুমাৰ কবি ৰঘূনাথ চৌধাৰীয়ে নিসংগ জীৱন যাপন কৰিছিল। কিন্তু তেওঁৰ অনুভৱৰ জগতখন, আত্মাৰ জগতখন প্ৰেমেৰে ভৰি আছিল। তেওঁ সেই প্ৰেম লাভ কৰিছিল প্ৰকৃতিৰ পৰা, ফুলৰ পৰা, চৰাইৰ পৰা। দহিকতৰাৰ পৰাও কবিয়ে লাভ কৰিছে সেই প্ৰেম—

কোমলতা, পবিত্ৰতা হই
প্ৰেম-প্ৰৱাহিনী হৈ
আছ চিৰকাল বই
স্নিগ্ধ সলিলত যেন থাকিম নাদুৰি,
পূৰাবি নে বাঞ্ছা মোৰ কচোন সাদৰী?

অৱশ্যে হৃদয়ত প্ৰেমৰ বীণা বজাই, প্ৰকৃতিলৈ বনন্তক আদৰি অনা, শৰতৰ কঁহুৱাৰ লয়লাস নাচোনেৰে দহিকতৰাই কবিৰ মনত যি পুলকৰ সৃষ্টি কৰিলে, যি মায়াময় পৃথিৱীৰ ৰচনা কৰিলে, সি দহিকতৰাৰ প্ৰত্যাগমনৰ জৰিয়তে যেন নিজান পৰিল।

ধীৰে ধীৰে মিলি গ’ল গীতৰ মাধুৰী
বিমোৰত পৰি ৰ’ল মায়া-স্বপ্নপুৰী।

সমালোচক সত্যেন্দ্ৰনাথ শৰ্মাই কবিতাটোৰ প্ৰসংগত এইদৰে কৈছে—দহিকতৰাৰ সুৰ সাধাৰণ চৰাইৰ মাত নহয়, কৃষ্ণৰ বাঁহীৰ সুৰৰ দৰে বিশ্বৰ প্ৰেমানন্দৰ সুৰ। যি প্ৰেমানন্দৰ কাৰণে কবিচিত্ত ব্যাকুল, সেই আনন্দৰ অনুৰণন শুনিবলৈ পাইছে বিহংগৰ মধুৰ সুৰধ্বনিত। সুসাহিত্যিক, গৱেষক ড০ বাণীকান্ত কাকতীৰ মতে—‘প্ৰেমৰ ৰাগিণীত আত্মহাৰা হোৱা ভাবেই দহিকতৰাৰ ভাব। ই এটা কামগোন্ধহীন প্ৰেমৰ কবিতা।’ দহিকতৰা অসমীয়া সাহিত্যৰেই নহয়, বিশ্ব সাহিত্যটো সন্মান পাবৰ যোগ্য এটা সাৰ্থক কবিতা। এটা কালজয়ী কবিতা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক