বিহগী কবি ৰঘূনাথ চৌধাৰী ( – নিবেদিতা বৰি)

নিচিনো তোমাক ক’ত আছা প্ৰভু
আমি অতি সৰু ল’ৰা,
চিঁয়ৰি চিঁয়ৰি মাতিলে তোমাক
নামাতা দূৰৰ পৰা।

যুগজয়ী সৃষ্টি এই কবিতাটিৰ স্ৰষ্টা ৰঘূনাথ চৌধাৰী দেৱক সোঁৱৰিবলৈ আন একোৰে প্ৰয়োজন নাই;এই “ঈশ্বৰ” কবিতাটি আওঁৰালেই সকলো শিক্ষিত অসমীয়াৰ মনলৈ আহে এজনৰেই নাম-ৰঘূনাথ চৌধাৰী।
কামৰূপ জিলাৰ লাওপাৰাত ১৮৭৯ চনত এটি সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা চৌধাৰীদেৱৰ জীৱন সংগ্ৰাম আছিল অতি কঠিন;মানৱ দৰদী এই কবি জনাই শৈশৱতেই পিৰালিৰ পৰা পৰি দুয়োখন ভৰিতেই আঘাট পাই চিৰকালৰ বাবে ঘূণীয়া হৈছিল;তাৰোপৰি পিতৃ-মাতৃ তথা পৰিয়ালৰ সকলোটিকে হেৰুৱাই তেওঁ আৰু নিঠৰুৱা হৈ পৰিছিল;অৱশেষত তেওঁ দূৰ সম্বন্ধৰ গর্গৰাম চৌধাৰীৰ ঘৰতে শৈশৱৰ পৰা গোটেই জীৱন অতিবাহিত কৰিছিল।


জীৱন সংগ্ৰামত তেওঁ হাৰ মনা নাছিল;তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল অন্তৰত যদি থাকে অদম্য় মনোবল তেন্তে সাফল্যৰ পথত বাধাগ্ৰস্ততাই কোনো হেঙাৰ হ’ব নোৱাৰে। তেওঁ অন্তৰৰ প্ৰেৰণাৰে কলমৰ আগেৰে নিগৰাইছিল- সাদৰী,দহিকতৰা,কেতেকি,কাৰবালা আদি পুথিসমূহ; চৌধাৰীদেৱৰ সৃষ্টিৰ ভিতৰত কবিতাই বেছি প্ৰাধান্য় লাভ কৰিছিল;তেওঁৰ কবিতাত বিশেষ স্হান পাইছিল-নৈর্সগিক শোভা আৰু চৰাই-চিৰিকটিৰ বর্ণনা-যাৰ বাবে তেওঁক “বিহগী কবি” নামেৰে অলংকৃত কৰিছিল; ৯ টি গদ্য় ৰচনাৰে “নৱমল্লিকা” নামেৰে এটি সংকলন উলিওৱাৰ উপৰিও “গিৰি(কবিতা)” আৰু “ফুল” তেওঁৰ সংস্কৃত ভাষাত লিখা পুথি।
আজীৱন সাহিত্য সাধনাত ব্ৰতি ঘৰ-সংসাৰ নকৰা এই কবিজন আছিল তীক্ষ্ন বুদ্ধিসম্পন্ন আৰু স্বাধীনচিতীয়া মনৰ গৰাকী।১৮৯৬ চনত তেওঁ ছাত্ৰ বৃত্তি পাইছিল যদিও কিবা কাৰণত শিক্ষকৰ লগত মতবিৰোধ হৈ হাইস্কুল শিক্ষাৰ পৰা বন্চিত হৈছিল;স্কুল নগলেও ঘৰতেই তেওঁ শিক্ষা গ্ৰহণ কৰাৰ উপৰিও সংস্কৃত আৰু বঙলা ভাষা অধ্যয়ন কৰিছিল;তেওঁ এগৰাকী কবি- সাহিত্যিকেই নাছিল জনকল্য়াণ মূলক কাম কাজৰ লগতো জডিত আছিল;১৯২১ চনত স্বাধীনতা আন্দোলনত যোগদান কৰি ১৫ মাহ তেওঁ কাৰাবাস খাটিছিল; এইজনা বৰেণ্য ব্যক্তিৰ ১৯৬৮ চনত স্বর্গগামী হয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments