বিহঙ্গম ( প্ৰতিম প্ৰতাপ বৰুৱা )

বিহঙ্গম

প্ৰতিম প্ৰতাপ বৰুৱা

 

“তই এতিয়া কি কৰিম বুলি ভাবিছ মাজনী?” – আইতাকৰ প্ৰশ্নটো শুনি তলমূৰ কৰি থকাৰ পৰা লাহে লাহে মূৰ তুলি খোলা খিৰিকীয়েদি দূৰলৈ চাই পঠালে মল্লিকাই।

দূৰত, বহুত দূৰত দেখিলে ৰঙা বুলেটখন চলাই আহি আছে অভিজিত। ওখ-পাখ, পাহোৱাল লৰাটোৱে বুলেটখন চলালে শুৱাই পৰে। মল্লিকাহঁতৰ ঘৰৰ আগেদি পাৰ হৈ যাওঁতে কেতিয়াবা বুলেটখন প্ৰয়োজনতকৈ বেছি ধীৰ গতিত যায়। কেতিয়াবা অসময়ত মল্লিকাৰ কলেজখনৰ আগেদিও পাৰ হৈ যায়। মল্লিকাৰ হাঁহি উঠে। কিন্তু বেচেৰা অভিজিতৰ আজিলৈকে বুলেটখন ৰখাবলৈ সাহস নহ’ল।

মল্লিকাই চাটিফুটি কৰি ভাবে – “ভলীবলত অসমৰ হৈ খেলা, তেলৰ খাদত সেই প্ৰকাণ্ড ৰিগটোত উঠি দিনে-ৰাতিয়ে কাম কৰিব পৰা সফল ইঞ্জিনিয়াৰ অভিজিতৰ এই সাহসকণ কিয় নাই ?” অৱশেষত এদিন অভিজিতে সম্বন্ধীয় ভনীয়েক ৰিংকীৰ মুখেৰে কৈ পঠিওৱা এষাৰ মাত্ৰ কথাৰে মল্লিকাক কন্দুৱাই দিছিল।

দুদিনমান পিছত ৰিংকীৰ লগতে মল্লিকাই অভিজিতৰ খেল চাবলৈ গৈছিল। আন দিনা দুৰ্দ্দান্ত গতিত চাৰ্ভিচ কৰা অভিজিতৰ সেইদিনা কেইবাটাও চাৰ্ভিচ নেটত লাগিছিল। এদিন সেই ৰিংকীৰ লগতে মল্লিকাই অভিজিতক মন্দিৰ প্ৰাংগনত প্ৰথম লগ পাবলৈ গৈছিল। সেইদিনা দুয়ো দুয়োৰে চকুলৈ পোনে পোনে চাব পৰা নাছিল। এদিন অভিজিতে নিজৰ মাকক চিনাকী কৰাই দিছিল মল্লিকাৰ লগত। মল্লিকাই “মা” বুলি মাতি ওলগ লবলৈ লওঁতে তেওঁ মল্লিকাক সাবটি ধৰিছিল। ধেমালিতে কৈছিল – “মাজনী, বৰ মৰম লাগিছে দেই। সোনকালে কৰিয়ে পেলাব লাগিব কামটো। তোমালোকৰ ঘৰলৈ সোনকালে যাব লাগিব।” মল্লিকা ৰঙা-চিঙা পৰিছিল।

তাৰ পিছত কথাবোৰ সঁচাকৈয়ে খৰকৈ আগবাঢ়িছিল।

“এইখন ষ্টেণ্ড কৰিবলৈ তোমাৰ ইমান জোৰ দিব লগা হৈছেনে ? আগতে দেখোন আলাসতে ষ্টেণ্ড কৰিছিলা। আৰু তুমি ইমান খীনাইছা কিয় আজিকালি ? ৰিগত কাম বেছি হৈছে নেকি ?” – বুলেটখন ষ্টেণ্ড কৰিবলৈ লৈ দুবাৰ চেষ্টা কৰা অভিজিতক মল্লিকাই সুধিছিল। অভিজিতে কৈছিল – “কেতিয়াবা বৰ ভাগৰ লাগে অ’ মল্লিকা”।

আৰু এদিন হঠাত্‍ ৰাতি অভিজিতৰ মাকে মল্লিকাক টেলিফোন কৰি কৈছিল – “মাজনী, অভিজিতক আস্পতালত ভৰ্ত্তি কৰাইছে হেনো। মই তালৈকে গৈ আছো, পাৰা যদি দেউতাক লৈ তুমিও আহা।” উধাতু খাই গাড়ী চলাইছিল মল্লিকাৰ দেউতাকে।
“মা… “, মল্লিকাক একো কবলৈ  নিদি অভিজিতৰ মাকে কান্দি দিছিল – “মাজনী, কি হৈছে চোৱাচোন। সাধাৰণ কাঁহ এটা মাৰোতেই তাৰ মুখেদি তেজ ওলাই আহিল।”
তাৰ দুদিন পিছত মল্লিকাৰ সন্মুখত সকলো আন্ধাৰ হৈ পৰিছিল। ডাক্তৰে মল্লিকাৰ দেউতাকক কৈছিল – “অভিজিতৰ ব্লাড কেন্সাৰ হৈছে। লাষ্ট ষ্টেজ। আৰু বেছি দিন নাই।”
ত্বৰিত্‍ গতিত পৰি আহিছিল অভিজিতৰ দেহাটো। এদিন আস্পতালৰ বিচনাত শুই শুই অভিজিতে মল্লিকাৰ হাত এখন নিজৰ হাতৰ মুঠিত লৈ কৈছিল – “মল্লিকা, তুমি মোক পাহৰিবলৈ … “। আৰু কিবা কোৱাৰ আগতেই মল্লিকাৰ চুলিৰ মাজত ধাক খাই গৈছিল অভিজিতৰ মুখ।
কোনেও একো বুজাব পৰা নাছিল মল্লিকাক। ডাক্তৰৰ কথা নামানি অভিজিতক আস্পতালৰ পৰা ঘৰলৈ লৈ আনিছিল মল্লিকাই।

কেইদিনমান পিছতে দুয়ো প্ৰথম লগ হোৱা সেই মন্দিৰটোতেই দুয়ো দুয়োকে নিজৰ কৰি লৈছিল। মল্লিকাৰ ইচ্ছামতে অভিজিতে নিজ হাতে মল্লিকাৰ শিৰত সেন্দুৰ পিন্ধাই দিছিল। কান্দিব খুজিও কান্দিব নোৱাৰিছিল সেইদিনা অভিজিতে। মূৰ্ত্তিটোৰ দৰে থিয় হৈ মল্লিকালৈ চাই আছিল অভিজিতৰ মাকে।

মাত্ৰ ২৩ দিন পিছত অভিজিত গুচি গৈছিল। শ্ৰাদ্ধ শেষ হোৱালৈকে কোনেও মল্লিকালৈ চাবলৈ সাহস কৰিব পৰা নাছিল। আৰু আজি অভিজিতৰ আইতাকে মল্লিকাক সুধিছে – “তই এতিয়া কি কৰিম বুলি ভাবিছ মাজনী ?”

খিৰিকীৰ পৰা মুখ ঘূৰাই আনি মল্লিকাই ক’লে – “মই বৃন্দাবনলৈ যামগৈ।” নিজৰ মনতে মল্লিকাই ক’লে – “বৃন্দাবনত আমি শান্তিৰে থাকিম অভিজিত।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments