বিহুগীতত নদ-নদীৰ উল্লেখ আৰু ‘ব্ৰহ্মপুত্ৰ’ নামৰ ঐতিহ্য বিচাৰ (ড° সুনীল চন্দ্ৰ শৰ্মা)

সকলোৱে জানে যে বিহু বুলি ক’লেই অসমীয়াৰ মন ৰাই-জাই কৰে৷ ৰঙালী বিহু বুলি ক’লেতো আৰু কথাই নাই! ক’ব নোৱাৰাকৈয়ে কাৰোবাৰ মুখেৰে সুহুৰি ওলায়, কোনোবাই বিহুনামকে এফাঁকি গুণ-গুণায় বা কোনো লাহতীয়ে নিজৰ অলক্ষিতে এপাক কঁকাল ঘূৰাই নাচে৷ নানাচিবনো কিয়? বিহু যে আমাৰ অসমীয়া লোক-সংস্কৃতিৰ বৰপেৰাৰ অতিকে মূল্যবান সম্পদ৷ এই বিহুৰ মাজতেই নিহিত হৈ আছে অসমীয়া জাতিৰ ইতিহাস, বৰ্তমানৰ জীৱন-ঐশ্বৰ্য আৰু ভৱিষ্যতৰ সপোন আৰু সম্ভাৱনা৷ সেয়েহে, কোনো অসমীয়া অসমতেই থাকক বা অন্য ক’ৰবাতেই থাকক — ব’হাগ আহিলেই, কুলি-কেতেকীয়ে বিনালেই দহো কাম কাটি কৰি উলাহত আত্মহাৰা হয়৷ এয়াই আমাৰ বুকুৰ আপোন ৰঙালী বিহু, ৰংমনৰ ৰং চৰা আৰু অসমীয়াৰ আনন্দৰ সঁফুৰা৷ বিহু আমাৰ লোক-সংস্কৃতি । সংস্কৃতি হ’ল মানুহৰ সহজাত সৌন্দৰ্য্যবোধৰ চেতনা, সৃষ্টিৰ উন্মাদনা, মানসিক উৎকৰ্ষ সাধন, মানৱতাবোধ, প্ৰেম-বিষাদ, সুখ-দুখ আদি মহত্তম গুণৰাশিৰ গইনা লৈ সৃষ্টি হোৱা এক নিৰ্দিষ্ট জনসমষ্টিৰ জীৱনবোধৰ স্তূপীকৃত প্ৰকাশ৷ অসমৰ বিহুত এই সকলোবোৰ উপাদানৰ বিৰল আৰু সুষম সমাহাৰ ঘটিছে বাবেই বিহু আমাৰ জাতীয় উৎসৱ আৰু অসমীয়া মানুহৰ মুখ্য জীৱনধাৰাৰ প্ৰতিনিধি৷

একেদৰে ব্ৰহ্মপুত্ৰ অসমীয়া জাতিৰ জীৱন ৰেখা, অসমীয়া সংস্কৃতিৰ কণ্ঠ-হাৰ৷ ব্ৰহ্মপুত্ৰক বাদ দি অসমৰ জাতীয় জীৱনৰ কল্পনা দুৰুহ৷ ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰাই এই নদী জীৱন, জীৱিকা আৰু সংস্কৃতিৰ প্ৰাণদায়িনী শক্তি হিচাপে চিহ্নিত হৈ আহিছে৷ কিমান জাতি, জনজাতিৰ সভ্যতা-সংস্কৃতিৰ উত্থান-পতনৰ সাক্ষী এই ব্ৰহ্মপুত্ৰ তাৰ সীমা সংখ্যা নাই৷ আন কথাত ক’ব লাগিলে ব্ৰহ্মপুত্ৰ নিজেই নিজৰ পৰিচয়, ই এক স্বয়ংসম্পূৰ্ণ সভ্যতা৷ সিন্ধু উপত্যকাৰ সভ্যতা, গংগা উপত্যকাৰ সভ্যতা যিদৰে বৈশিষ্ট্যপূৰ্ণ সভ্যতাৰ ইতিহাস, তেনেকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা প্ৰাচীন প্ৰাগজ্যোতিষপুৰ, কামৰূপ, অসম আৰু সম্প্ৰতি অসমকে ধৰি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক গৌৰৱোজ্বল সোণালী ইতিহাস৷ ব্ৰহ্মপুত্ৰ বুলি কৈ থকা হৈছে যদিও এই নাম যথেষ্ট অৰ্বাচীন৷ কালিকা-পুৰাণ, যোগিনীতন্ত্ৰকে ধৰি দুই চাৰিখন অৰ্বাচীন পুৰাণ বা অন্য তেনে গ্ৰন্থতহে ছেগা-চোৰোকাকৈ ব্ৰহ্মপুত্ৰ নামটোৰ প্ৰয়োগ পোৱা গৈছে৷ তাৰ আগতে অতি সণ্ঢালনিকৈ ব্যৱহাৰ হোৱা নাম হ’ল লুইত, চিৰি লুইত, বুঢ়া লুইত বা বুঢ়ী লুইত।অসমৰ বিহুনামৰ গুৰি খুচৰি চালেও দেখা পোৱা যায় যে চিৰি লুইত আৰু বিহু হাতে হাত ধৰা লগৰী, এটাক এৰি আনটো অসম্পূৰ্ণ৷ আমাৰ দৃষ্টিত চিৰি লুইত মানে হ’ল শ্ৰী লুইত, অৰ্থাৎ সংস্কৃত ‘শ্ৰী’ৰ সৰলীকৃত (বিপ্ৰকৰ্ষৰ ফলত লাভ কৰা) অৰ্দ্ধ-তৎসম শব্দ৷ মাজুলীৰ ইপাৰে চিৰি লুইত আৰু আনটো পাৰে বুঢ়ী লুইত আছিল হেনো৷ কথাবিলাক ইমানেই পুৰণি যে কিম্বদন্তিৰ নিচিনা ই মুখ বাগৰা কথালৈ ৰূপান্তৰিত হৈছে৷ সি যি কি নহওক, লুইতক চিৰি লুইত বোলাৰ অন্তৰালত নদীখনক পুংলিঙ্গ বুলিও বুজোৱাৰ ইঙ্গিত এটা থাকিব পাৰে৷ লোকবিশ্বাসৰ গইনাত সেয়ে বুঢ়া লুইতৰ লগত খাপ খোৱাকৈ বুঢ়ী লুইতৰ অৱধাৰণাক সম্পৃক্ত কৰাৰ থল নাইকিয়া নহয়৷ তদুপৰি সাঙুৰি থোৱা ভাল যে ব্ৰহ্মপুত্ৰ নামটোৰ লগত তিব্বতবৰ্মী বড়ো ভাষাৰ ‘বুৰ্লুবুত্থুৰ’ বা ‘ভুৰ্লুভুত্থুৰ’ শব্দটোৰ সম্পৰ্ক আছে বুলি বিষ্ণুপ্ৰসাদ ৰাভাকে আদি কৰি এচামে কোৱাৰ দৰে অষ্ট্ৰিক মূলজ টাই-আহোম ভাষাৰ ‘তি-লাও’ বা ‘লাও-তি’ শব্দৰ পৰাহে লুইত শব্দটোৰ সৃষ্টি হৈছে বুলি একাংশ পণ্ডিতে মতপোষণ কৰে৷ ইয়াৰ তাৎপৰ্য এয়ে যে আৰ্যসকলৰ আগমনৰ পূৰ্বে নেগ্ৰিটো, অষ্ট্ৰিক আৰু মঙ্গোলীয় লোককে ধৰি একাধিক নৃতাত্বিক গোষ্ঠীৰ সভ্যতা আৰু সংস্কৃতিৰ সংমিশ্ৰণত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতাই তৰপে তৰপে বিকাশ লাভ কৰিছিল৷ আৰ্যসকল আনুমানিক চতুৰ্দশ-ষোড়শ শতিকাত আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত অসমলৈ আহি ইতিপূৰ্বে সমন্বিত ৰূপ লাভ কৰা এই ভূমিৰ চহকী সংস্কৃতিৰ ওপৰত আৰ্য সংস্কৃতিৰ সোণ-পানী চৰাই ইয়াক আৰ্যকৃত কৰাৰ প্ৰয়াস কৰে আৰু কালক্ৰমত বহুলাংশে সফলো হয়৷

ৰঙালী বিহু বুলিলে সংগীতৰ সামান্য জ্ঞান নোহোৱা মানুহৰ ওঁঠতো বিহুগীত এফাঁকি আহে৷ এই বিহুৰ বুকুতে অসমৰ জনজীৱনৰ জীৱন আৰু জীৱিকাৰ স্বৰূপটি নিৰ্ভেজাল ৰূপত জিলিকি উঠে৷ সৃষ্টিৰ আদিম সত্য ডেকা-গাভৰুৰ সনাতন প্ৰেম-পীৰিতিৰ গীতেৰে প্ৰাণত সৃষ্টি হোৱা দোকোলটকা বান সদৃশ উন্মাদনাৰ প্ৰকাশেৰে বিহুৰ আৰম্ভণি হৈছিল হয়তো এনেদৰে —
“প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে
তাৰ পিছত স্ৰজিলে জীৱ
সেইজনা ঈশ্বৰে পীৰিতি কৰিলে
আমিনো নকৰিম কিয়? ”

কিন্তু আৰ্য সভ্যতাৰ প্ৰভাবত বিহুৰ সেই একেই বিননিত বৈদিক ধৰ্ম চেতনাৰ উন্মেষ ঘটিল, বিহুৰ বৰ-পিৰাত হিন্দু দেৱ-দেৱীৰ আসন নিৰ্দিষ্ট হ’ল, বিননিৰ ঠাইত প্ৰণতিৰ প্ৰবেশ ধাৰ্য কৰা হ’ল —

“ব্ৰহ্মাই সৰজা নামৰে কঠীয়া
বিষ্ণুৱে সৰজা নাম
বেয়া নাম ওলালে দায় নধৰিবা
প্ৰথমে পীৰিতি গাম৷ ”

এই ব্ৰহ্মাৰ পৰাই ব্ৰহ্মপুত্ৰ শব্দৰ প্ৰয়োগৰ সূচনা হ’ল বুলি মনে ধৰে যদিও কেইফাঁকিমান গীতৰ মাজতে ইয়াৰ প্ৰয়োগ সীমাবদ্ধ হৈ থাকিল৷ লীলা গগৈ ডাঙৰীয়ায়ো উল্লেখ কৰিছে যে তিনিফাঁকিমানৰ অধিক বিহুনামত ব্ৰহ্মপুত্ৰৰ উল্লেখ নাই৷ যেনে –

“ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই
ব্ৰহ্মপুত্ৰ দেৱতা উটুৱাই নিনিবা
তামোল দি মাতোতা নাই৷ ”

আকৌ,

“লৰুৱা বিলখন জাপ মাৰি ডেই যাম
ব্ৰহ্মপুত্ৰ কেনেকৈ ডেম
সিপাৰৰপৰা বান্ধৈ হাত মেলিবা
মকৰা-জোৰা দি যাম৷ ”

বৰকৈ বিচাৰিলে এফাঁকি দুফাঁকি ব্ৰহ্মপুত্ৰৰ উল্লেখ থকা বিহুগীত হয়তো পোৱা যাব৷ তাৰ বিপৰীতে লুইত, চিৰি লুইত আৰু অসমৰ অন্যান্য ভালেমান নদীৰ উল্লেখ বিহুগীতত সীমাহীন পৰিমাণে লক্ষ্য কৰিব পাৰি৷ আনুমানিক ষোড়শ-সপ্তদশ শতিকামানৰ পৰাহে লুইতৰ সমাৰ্থক হিচাপে ব্ৰহ্মপুত্ৰ শব্দৰ ব্যৱহাৰ আৰম্ভ হ’ল বুলি ভবা যায়৷ পণ্ডিতসকলে বিশ্লেষণ কৰি দেখুৱাইছে যে ৰামায়ণ, মহাভাৰত (শান্তিপৰ্ব, সভাপৰ্ব), কালিদাসৰ ‘ৰঘুবংশ’ আদি গ্ৰন্থত লৌহিত্য নামৰ দেশ এখনৰ কথাৰহে উল্লেখ আছে৷ একেদৰে, আমাৰ স্থানীয় উৎস অসমৰ প্ৰাচীন ৰজা মহাৰজাসকলৰ দিনৰ কীৰ্তিচিহ্ন আৰু অসমীয়া সাহিত্যৰ আৰম্ভণি কালৰ বিভিন্ন প্ৰসঙ্গত লোহিত বা লুইত নামটোৰেই ব্যৱহাৰ পোৱা গৈছে৷ ৰজা বনমালৰ তেজপুৰৰ তাম্ৰশাসন, বলবৰ্মাৰ নগাওঁ তাম্ৰশাসন, ৰত্নপালৰ বৰগাওঁ আৰু শোৱালকুচি তাম্ৰশাসন, ইন্দ্ৰপালৰ গুৱাহাটী তাম্ৰশাসন আদিত লৌহিত্যৰ উচ্চ প্ৰসংশা সন্নিবিষ্ট হোৱাৰ উপৰিও ঠায়ে ঠায়ে লোহিত, লৌহিত্যৰ ওপৰত দেৱত্ব আৰোপ কৰাৰ প্ৰচেষ্টাও প্ৰতিফলিত হৈছে৷ তাৰমানে লৌহিত্য বা লুইত ব্ৰহ্মপুত্ৰতকৈ যথেষ্ট প্ৰাচীন৷ আনকি মহাপুৰুষ শঙ্কৰদেৱ আৰু অনন্ত কন্দলিৰ দৰে ষোড়শ শতিকাৰ প্ৰখ্যাত ৰচনাকাৰৰ সৃষ্টিতো লৌহিত্য আৰু লোহিত শব্দ দুটাৰহে ব্যৱহাৰ পোৱা গৈছে৷ প্ৰায় একে সময়ৰে দুই এখন অৰ্বাচীন পুৰাণ বা গ্ৰন্থত লোকসমাজৰৰ দৃষ্টি আকৰ্ষণৰ কাৰণে লৌহিত্য বা লুইতৰ লগতে ব্ৰহ্মপুত্ৰ নামটোৰ লগতো পৰিচয় কৰি দিয়াৰ এক প্ৰয়াস অনুভৱ কৰিব পাৰি৷ তেনে অৰ্বাচীন গ্ৰন্থৰ ভিতৰত কালিকা পুৰাণ, পদ্ম পুৰাণ, যোগিনীতন্ত্ৰ আদিৰ নাম ল’ব পাৰি৷ অসমৰ এগৰাকী, সমালোচক, বিশ্লেষক লীলা গগৈ ডাঙৰীয়াই তেখেতৰ “বিহুঃ এটি সমীক্ষা” নামৰ গ্ৰন্থত সুন্দৰকৈ দেখুৱাইছে যে কালিকা পুৰাণ সন্নিবিষ্ট অশোকাষ্টমীৰ ব্ৰহ্মপুত্ৰ স্নানৰ মহিমা প্ৰকাশক মন্ত্ৰত ব্ৰহ্মপুত্ৰ আৰু লুইতক যুগপৎ দেখুওৱাৰ প্ৰৱণতা প্ৰকাশ পাইছে৷ সেই বিখ্যাত মন্ত্ৰ বা শ্লোকটো হৈছে –

“ব্ৰহ্মপুত্ৰ মহাভাগ শান্তনোকুলনন্দন৷
অমোঘাগৰ্ভসম্ভূত পাপং মে হৰে৷ ৷ ”

একেদৰে যোগিনীতন্ত্ৰতো “নেপালস্য কাঞ্চনাদ্ৰিং ব্ৰহ্মপুত্ৰস্য সঙ্গমং” আৰু “দক্ষিণে ব্ৰহ্মপুত্ৰস্য লাক্ষায়াঃ সঙ্গমাৱধি” বুলি তদানীন্তন কামৰূপ দেশৰ সীমা নিৰ্দ্ধাৰণ কৰি দেখুওৱাৰ প্ৰসঙ্গত এনেকৈ দুবাৰ মাত্ৰ ব্ৰহ্মপুত্ৰ নামৰ উল্লেখ কৰিছে৷ মনকৰিবলগীয়া যে একেখন গ্ৰন্থৰ অন্যত্ৰ ভাৰতবৰ্ষৰ পঞ্চতীৰ্থৰ বিৱৰণৰ বেলিকা আকৌ অন্য চাৰিখন তীৰ্থৰ বিপৰীতে লৌহিত্য তীৰ্থত (অসমত) বসবাস কৰিবলৈ পোৱাটো দুৰ্লভ ভাগ্য বুলি বুজোৱা হৈছে – “সুলভোহস্যত্ৰ লৌহিত্য পঞ্চস্থানেষু দুৰ্লভঃ৷ “ বক্তব্য মাত্ৰ ইমানেই যে অৰ্বাচীন কালিকা পুৰাণ বা যোগিনীতন্ত্ৰৰ সময় যিহেতু ষোড়শ শতিকামানলৈ পিছুৱাই আনিব পাৰি, গতিকে ইয়াৰ আগতে লুইতক বুজাবলৈ ব্ৰহ্মপুত্ৰ শব্দৰ প্ৰয়োগ হোৱা নাছিল বুলি ঠাৱৰ কৰিব পাৰি৷ অৰ্থাৎ ব্ৰহ্মপুত্ৰ শব্দটো তুলনামূলকভাবে নৱীন আৰু ব্ৰহ্মপুত্ৰৰ লগত মহাদেৱ বা সদাশিৱৰ সম্পৰ্কৰ ধাৰণাটোও আপেক্ষিকভাবে একে সময়ৰে৷ ব্ৰহ্মপুত্ৰক বা শব্দটোক লঘূ কৰাৰ প্ৰৱণতা আমাৰ তিলমানো নাই৷ অসমৰ সংস্কৃতিত ব্ৰহ্মপুত্ৰৰ অৱদান কল্পনাতীতভাবে বিশাল, মাত্ৰ বুজিব লাগিব যে এই নামটোৰ আগতে একেখন নদীকে বুজাবলৈ লুইত, বুঢ়ী লুইত, চিৰি লুইত, বুঢ়া লুইত আৰু তাৰো আগতে বিভিন্ন নামেৰে এই বিশাল জলপ্ৰৱাহক বুজোৱা হৈছিল৷ লুইত অবিহনে অসমৰ মানুহৰ জীৱন অসম্পূৰ্ণ৷ লুইত আৰু ইয়াৰ অনুষঙ্গসমূহে সেয়েহে বিহুগীতসমূহক প্ৰায় আৱৰি ৰাখিছে৷

“লুইতৰে বালি বগী ঢকেঢকী
কাছই কণী পাৰে লেখি৷
গাত জুই জ্বলিছে সৰিয়হ ফুটিছে
ধনক পানী ঘাটত দেখি৷ ৷ ”

ইয়াত লুইতৰ স্বৰূপ, বগী ঢকেঢকী বালি, বালিত কাছই কণী পাৰা, নদীৰ পানী আনা ঘাট ইত্যাদি বিষয়ৰ কি সুন্দৰ প্ৰকাশ ঘটিছে! তেনেকৈ চিৰি লুইতৰ আন এখন জীৱন্ত চিত্ৰ প্ৰেমৰ আকুলতাৰে সৈতে কেনে মধুৰভাবে এইফাঁকি বিহুগীতত বিৰিঙি উঠিছে –

“চিৰিপ্‌ চিৰিপ্‌ কৰি কাপোৰ ধুই আছিলোঁ
চিৰি লুইতলৈ চাই৷
চিৰি লুইততে কিৰিলি মাৰিয়ে
চেনাই নাৱে মেলি যায়৷ ৷ ”

অকল সিমানেই নহয়, লুইত আৰু অসমীয়াৰ জীৱন যেন অভিন্ন৷ ঋতু অনুযায়ী লুইতৰ প্ৰবাহিণী ধাৰাৰ বৈশিষ্ট্যৰ পৰিবৰ্তনৰ লগত আমি আমাৰ জীৱন-যৌৱনৰ সাদৃশ্য প্ৰত্যক্ষ কৰোঁ৷ বাৰিষা দোকোলটকা বানৰে যৌৱনময়ী, চঞ্চলা লুইতে যি দুৰ্বাৰ শক্তিৰ অধিকাৰী হয়, সেই লুইতেই আকৌ খৰালি কালত শুকাই-ক্ষীণাই ছিৰ-ছিৰিয়া হৈ পৰে৷ তাকেই আমি বিহুগীতৰ মাজত জীৱনৰ সত্য হিচাপে বিচাৰি পাইছোঁ৷ যৌৱনত তেজে ফুটো ফুটো কৰা সুগঢ়ি ডেকা-গাভৰু বয়স ভাটি দিলে সৌন্দৰ্য্যহীন, দুৰ্বল বা ক্ষীণকায় হৈ পৰে৷ প্ৰেম-পীৰিতিত পৰা যুৱক-যুৱতীৰ আকৌ যৌৱনৰ ভৰ বাৰিষাতো খৰালিয়ে দেখা দিব পাৰে৷ প্ৰেমত যেতিয়া বিৰহ আহে, বাধাৰ সৃষ্টি হয়, তেতিয়াও কোনো নিপোটল, গালৰ তেজ এই সৰো এই সৰো কৰা গাভৰুৱে নিজেতো মনৰ বেজাৰত নাখাই নবৈ চিৰিছটা যেনতো হয়েই, লগতে তেওঁৰ চেনাইধনো জেওৰা খৰিসদৃশ হোৱাৰ বাবে মনৰ আক্ষেপ প্ৰকাশ কৰি গাই এনেদৰে,

“ৰঙা নৈ শুকাইছে মাছৰে বেজাৰত
লুইতখন শুকাইছে কিয়?
মই চেনাই শুকাইছোঁ তোমাৰে বেজাৰত
তুমি চেনাই শুকাইছা কিয়? ”

বাৰিষাৰ লুইতৰ পলসুৱা গৰা হুৰাহুৰে খহি যোৱাৰ দৰে পীৰিতিৰ প্ৰকোপত আৰু চেনাইক লগ পাব নোৱাৰাৰ বেজাৰত দেহ-মনৰ গৰাও খহিবলৈ ধৰে —

“দেহা হ’ল অলিয়া দেহা হ’ল বলিয়া
দেহা হ’ল লুইতৰ গৰা
তোমাৰে লগতে হ’লোঁ মই বলিয়া
চিনাকি হ’বৰে পৰা৷ ”

তেনেকৈ লুইতকে কেন্দ্ৰ কৰি লুইতৰ মুখ্য উপনৈসমূহৰ উল্লেখেও বিহুগীতৰ ৰহণ চৰাইছে৷ বিহুগীতত ৰঙা নৈ যেনেকৈ আছে তেনেকৈ সোৱণশিৰি, ধনশিৰি, দিখৌ, দিচাং, দিহিং, ডিবৰু, চেঁচা, দিচৈ, জাঁজি, ভোগদৈ, কলং আদি অন্যান্য নদী-উপনদীয়ে বিহুগীতৰ ভালেখিনি ঠাই দখল কৰি আছে৷ মাত্ৰ দুটামান উদাহৰণেৰে এই দিশটো সামৰিব খুজিছোঁ —

“ধনশিৰি পাৰে হৈ ঢপলিয়াই আহিলোঁ
জিৰালোঁ ঐ নাওবৈচাত
তোমাকে বিচাৰি ঘৰ-বাৰী এৰিলোঁ
তোমাক নেপালোঁহি ঘৰত৷ ”

“ধনশিৰি ভেটিলে জেঙে ঐ জাৱৰে
সোৱণশিৰি ভেটিলে কিহে
ভগা খোলাকটি কমাৰে গঢ়িলে
যৌৱন গঢ়ি দিলে যিহে৷ ”

“ধনৰে বাতৰি বেয়াটো শুনিলোঁ
কঠীয়া তুলিব গৈ
চৰাই হোৱা হ’লে উৰি গ’লোঁহেতেন
মাজত ধনশিৰি নৈ৷ ”

“দিখৌ নৈ পাৰৰে থোৰালি ঢেঁকীয়া
নিতৌ চাৰি আঙুল বাঢ়ে
তোলৈ লাহৰী মনতনো পৰিলে
ৰাতিও টোপনি নাহে৷ ”

“দিখৌ নৈ এৰিব পাৰোঁ মই লাহৰী
জাঁজী নৈ এৰিব পাৰোঁ
তোমাৰে পীৰিতি এৰিব নোৱাৰোঁ
নেখাইও থাকিব পাৰোঁ৷ ”

একালৰ কৃষিপ্ৰধান সংস্কৃতিৰ প্ৰতীক বিহু এতিয়া উছৱৰ আনন্দ, মঞ্চৰ ৰমক-জমক অনুষ্ঠান৷ তাৰ মাজতেই পৰম্পৰাগত ৰীতি-নীতিৰে আমাৰ বিহু এতিয়াও সকলোৰে প্ৰাণৰ আপোন, অসমীয়াৰ জীৱন স্পন্দন৷ এইখিনিতে এটা কথা উনুকিয়াই থোৱা ভাল যে লোক-সাহিত্য আৰু লোক-সংস্কৃতি এখন বোৱতী নৈ, ইয়াক মৰাসুঁতিৰ দৰে সৰ্বাংশে বিচাৰ কৰিব নোৱাৰি৷ বহুতৰে মনত এটা আপেক্ষিক ধাৰণা লক্ষ্য কৰা যায় যে অসমৰ লোক-সংস্কৃতিৰ ঘাই সম্পদ বিহু আৰু অন্যান্য লোক-সংস্কৃতিৰ সমলসমূহক মূলতঃ যেনেকুৱা আছিল, তেনেকৈয়ে ব্যৱহাৰ কৰিব লাগে৷ স্থবিৰতাৰ আন নাম মৃত্যু৷ সময়ৰ লগে লগে লোক-সংস্কৃতিৰ পথাৰখনতো পৰিবৰ্তনৰ বা লগা স্বাভাবিক৷ পৰিবৰ্তন সুস্থ হৈ সংস্কৃতিৰ স্বৰূপটোক অধিক বলশালী আৰু সমৃদ্ধ কৰি আগুৱাই নিলে সংস্কৃতি কালজয়ীহৈ জীয়াই থাকিব৷ অন্যথাই ই মুজুৰা পৰিব আৰু অন্য সংস্কৃতিৰ আগ্ৰাসনত কালক্ৰমত বিলুপ্ত হ’ব৷ আমাৰ সংস্কৃতিক আগুৱাই নিবলৈ আমি দায়বদ্ধ।
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments