বিহুটি অহাৰ পৰত (বিদুল বৰুৱা)

আজি এই মুহূৰ্তত মোৰ বহু কথাই মনলৈ আহিছে। মনলৈ আহিছে, শৈশৱতে ধেমালি কৰা বয়সত আমাৰ চিনাকি গাঁৱখনৰ কথা, চ’ত মাহৰ বিহু অহা সময়ৰ কথা। কুলি-কেতেকীৰ মিঠা মাতৰ সুৰত মন মতলীয়া হোৱা সময়ৰ কথা। ঢেঁকী-শালৰ ব্যস্ততা, গাঁৱৰ গাভৰু – আইসকলে পাল পাতি চাউল-চিৰা খুন্দাৰ ব্যস্ততা, কাহিলি পুৱাতেই ধান-বনা মিলত শাৰী পাতি ধান খুন্দোৱাৰ ব্যস্ততা, তাঁতশালৰ শিপিনীৰ গামোচাত ফুল তোলাৰ ব্যস্ততা, ঘৰৰ গৃহস্থৰ খেতি সামৰি ঘৰখনত বিহুটিৰ বাবে নিত্য-প্রয়োজনীয় সামগ্রী গোটোৱাৰ ব্যস্ততা। ওচৰৰ কেঞা-মহাজনৰ গোলালৈ গৈ বছৰৰ হিচাপ-নিকাচৰ ব্যস্ততা। মনলৈ আহিছে, ঢুলীয়াৰ “ঢোলৰ ধিনিকি-ধিন দাও” ৰগৰ, পেঁপাৰ – টিহিটি মাত, বাঁহীৰ কোমল সুৰে সকলোৱে শুনাকৈ বিহু অহাৰ বতৰা দিয়াৰ ব্যস্ততাপূৰ্ণ সময়বোৰৰ কথা। সেয়েহে বিহুৱাই গায় –

অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো।

এয়াই অসমৰ অতি আদৰৰ, অতি চেনেহৰ, বাপতি সাহোন বহাগৰ বিহু। বহাগ বিহুৰ কথা আহিলেই, গৰু বিহুৰ কথাও মনলৈ আহে। মুকলি পথাৰৰ একাঠু পানীত নামি, চিপ্ চিপিয়া বৰষুণত তিতি-তিতি, গৰুক মাহ- হালধি সানি, লেহেতিৰে পানী সিঁচি গা-ধুৱাই, – ” দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত ” বুলি চাটৰ, লাউ-বেঙেনা গৰুৰ গালৈ মাৰি পঠিওৱাৰ কথা মনলৈ আহিছে। গধূলি নামঘৰত সমনীয়াৰ স’তে সেৱা জনাই, গাওঁবুঢ়াৰ ঘৰত আৰম্ভ কৰা গাঁৱৰ হুচৰি দলত বিহু মাৰি মাৰি ভাগৰে – জুগৰে কাৰোবাৰ মেজিঘৰত শুই পৰাৰ আনন্দ খিনিৰ স্মৃতিয়েও, বাৰুকৈয়ে মোক নষ্টালজিক কৰি তুলিছে।
তৎসত্তেও, বিহু সম্পৰ্কে অন্য কেতবোৰ দিশো এই মুহুৰ্তত মোৰ মনলৈ আহিছে। সেউজীয়া প্রকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত, কোনো এক অজান ক্ষণত বিহুৰ জন্ম হ’লেও আজি বিহুৱে স্বাভাৱিক ভাৱে গঢ়ি দিয়া, প্রকৃতি আৰু মানুহৰ নিবিড় সম্পৰ্কৰ মাজতে, আজিৰ পাৰিপাৰ্শ্বিক সংৰক্ষণৰ গভীৰ তাৎপৰ্যৰ দিশসমূহো, আমাৰ মাজত, সচেতন ভাৱে, উন্মোচিত কৰিব বিচাৰে। অতীজৰ কৃষিজীৱী মানুহৰ সম্বল পথাৰখন, গৰুকেইটা আৰু শিপিনীৰ তাঁতশালখন, কৃষিজীৱী অসমীয়া মানুহৰ আত্মনিৰ্ভৰশীলতা আৰু কৰ্মসংস্কৃতিৰ দিশটোকেই পোহৰাই তোলে। ইয়ে বিহু আৰু অৰ্থনীতিৰ সৰল সম্পৰ্কৰ কথাও উনুকিয়াই দিয়ে।
তাহানিৰ বৰগছৰ তল, মুকলি পথাৰ, নৈৰ পাৰৰ পৰা যিদিনাই ৰংঘৰৰ বাকৰিত ৰজাঘৰীয়াই স্থান দিলে, ৰাজহুৱাভাৱে বিহু প্রদৰ্শিত হ’ল। বিহুৱা- বিহুৱতী পুৰস্কৃত হ’ল। ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত, কুকুৰা যুঁজ, ম’হ যুঁজ, হাতী যুঁজ, কণী যুঁজ , বুল বুলি চৰাইৰ যুঁজ, গছত উঠা, ঘোঁৰাত উঠা, যাঠি দলিওৱা, মল্লযুদ্ধ, নাওখেল, চিলা উৰুওৱা আদি খেল অনুষ্ঠিত কৰি ৰাইজৰ মাজত প্রতিযোগিতাৰ মনোভাৱ জগাই তুলিলে। গৃহস্থৰ ঘৰে ঘৰে হুচৰি মৰা আৰম্ভণি হ’ল। বিহুৱে মৰ্যাদা লাভ কৰি জাতীয় উৎসৱত পৰিণত হ’ল। এনেকৈয়ে, সময়ৰ সোঁতত বিহুৱেও আহি নগৰীয়া মঞ্চত নিজৰ স্থান ল’লেহি।
এই মঞ্চ বিহুৰ জৰিয়তে নগৰীয়া ৰাইজে বছা- বছা বিহু দলৰ নৃত্য-গীত আৰু হুঁচৰি উপভোগ কৰাৰ সুবিধা লাভ কৰিলে। বিহু নাচ, বিহু নামৰ উপৰি আন আন গীত-মাতো পৰিবেশন কৰা হ’ল। গোৱালপৰীয়া লোকগীতে বিহু মঞ্চৰ জৰিয়তে সমগ্র ৰাজ্যত জনপ্রিয় হৈ উঠিল। জিকিৰৰ ধ্বনি, কাৰবি, ডিমাছা, বড়ো, ৰাভা, মিচিং , মনিপুৰী, মিজো, ৰেংমা, জয়ন্তীয়া, টাই জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ক্ষেত্র হৈ পৰিল। ঢোলৰ যাদুকৰ মঘাই ওজাই তেওঁৰ ঢোলৰ যাদু বিহু মঞ্চতে প্রদৰ্শন কৰিলে। দৰং আৰু কামৰূপৰ ওজাপালি নৃত্য, বৰপেটাৰ নাওখেলৰ গীত, ফাকুৱাৰ গীত আদিৰ পৰিবেশনে বিহুতলীক বিশেষ মাত্রা প্রদান কৰিলে। আধুনিক নগৰীয়া বিহুতলীত দিনৰ ভাগত নানান খেল-ধেমালি, চিত্রাংকন প্রতিযোগিতা, বিহু প্রতিযোগিতা, সন্ধিয়ালৈ বিহুৱতী, বৰ বিহুৱতী প্রতিযোগিতা, সাংস্কৃতিক সন্ধিয়া সমূহ বিহুৰ অন্যতম আকৰ্ষণ হৈ পৰিল।
আনুষ্ঠানিক ভাৱে বিহু পাতিবলৈ লোৱাৰে পৰা সংগঠক সকলে উদ্ধোধনী অনুষ্ঠান এটাৰ প্রয়োজন অনুভৱ কৰিলে। সেয়েহে, এখন বিহু পতাকা গ্রহণ কৰি, পুৰুষোত্তম দাস ৰচিত এটি গীতক উদ্ধোধনী গীত ৰূপে গ্রহণ কৰা হ’ল –

শ্রীময়ী অসমীৰ
শীতল বুকুত উঠে
উছৱৰ মধু আলোড়ন।
গাহে গম্ভীৰ গিৰিবৰ
প্রান্তৰ মনোহৰ
সুন্দৰ বন-উপবন।
ভেদাভেদ পৰিহৰি
কত জাতি উপ জাতি
মহাপীঠ কৰে নিৰ্মাণ।
উলাহ অধীৰ ছন্দে
কোটি কোটি কন্ঠে
গাই সবে মিলনৰ গান।

আজি এই বিহুৱে সৰ্বত্র বিৰাট আকাৰ ধাৰণ কৰি সাৰ্বজনীন ৰূপ লাভ কৰিছে। অসমৰ জাতীয় জীৱনত, অসমীয়াৰ প্রাণত, বিহুৱে কেৱল ঠাই অধিকাৰ কৰা নাই, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্রায়বোৰ প্রধান জনগোষ্ঠীয়ে বিভিন্ন নামেৰে এই উৎসৱ পালন কৰে। সেই একেই ঢোল, পেঁপা, গগনাৰ সুৰ, একেই আবেদন,সেই একেই প্রেম, আনন্দ আৰু বিষাদ। এখন যেন অসমৰ বৰ্ণাধ্য সংস্কৃতিৰ বৰপথাৰ। লণ্ডন, ডুবাই আদি মহানগৰীত থকা প্রবাসী অসমীয়া সকলেও বিহু উদযাপনৰ মাজেৰে বিদেশত নিজৰ শিপা আৰু জীৱনৰ আনন্দ অনুভৱ আৰু সন্ধান কৰিব বিচাৰিছে। এইয়া, আমাৰ আটাইৰে বাবে সুখৰ কথা।
সেয়েহে , বিহু- সংস্কৃতিৰ জড়িত সকলো নীতি-নিয়ম বাদ দি, ইয়াৰ স্বকীয় ৰূপ-লাৱণ্য হেৰুৱাই নগৰীয়া মঞ্চত বিহুৱে যাতে অপসংস্কৃতিৰ বলি নহয় তাৰ প্রতিও সজাগ থাকিব লাগিব।
কলাগুৰু বিষ্ণু প্রসাদ ৰাভাই কৈছিল – “অসমৰ যি কৃষ্টি, সংস্কৃতি আছে তাক সংস্কৃত কৰিব লাগিব। যি নতুন আহিছে তাকো অসমীয়া ঠাচঁত ভালকৈ গঢ়িব লাগিব। তেতিয়াহে আমাৰ অসমীয়া কৃষ্টি, সংস্কৃতি আৰু সভ্যতাই পূৰ্ণ বিকাশ পাব আৰু অসমীয়া জাতি বাচিব।” বিহু সংস্কৃতিক প্রকৃত অৰ্থত জীয়াই ৰাখিব খোজা প্রতিজন অসমীয়াৰ বাবে এই কথাষাৰ মন কৰিবলগীয়া।
সামৰণিত সকলোকে বিহুৰ ওলগ জনাই কওঁ, নানান সংকট, সংঘৰ্ষ, নিত্য ব্যৱহাৰ্য্য দ্রব্যৰ চ’ৰাদাম, শংকা আৰু বিষাদে সৰ্বত্র আৱৰা অসমৰ এই জটিল সময়তো আমাৰ মাজলৈ পুনৰ বহাগ আহিছে। আহিছে সকলোৰে আদৰৰ ৰঙালী বিহু। আমাৰ আশা, কোনো দণ্ড-অসূয়া নহয়; বিহুৱে আটাইৰে মনলৈ কঢ়িয়াই আনক শাশ্বত মানৱতাবোধ, মিত্রতা, প্রেম, সঁচা মৰম আৰু আন্তৰিকতা । বিহুৰ প্রাকৃতিক নান্দনিক প্রকাশ ভংগীয়ে আমাৰ মানুহক উজ্জীৱিত কৰি তোলাৰ মাজতে মানুহে লাভ কৰক প্রকৃত মাদকতা। মানুহ হৈ পৰক প্রকৃত অৰ্থত সংস্কৃতিৰ পূজাৰী। বিহু হৈ পৰক সুখ, শান্তি আৰু প্রগতিৰ সংবাহক।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক