বিহুনামত নদী : এক অৱলোকন ড০ ধ্ৰুৱজ্যোতি নাথ

নদী আৰু মানুহৰ চিৰন্তন সম্পৰ্কই যুগে যুগে মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা যোগাই আহিছে। পৃথিৱীৰ বিখ্যাত সভ্যতাসমূহ নদীক আধাৰ কৰিয়েই গঢ় লৈ উঠিছে। টাইগ্ৰীচ আৰু ইউফ্ৰেতিচ নদীক কেন্দ্ৰ কৰি বেবিলনীয় সভ্যতা, নীল নদীক কেন্দ্ৰ কৰি মিছৰীয় সভ্যতা আৰু সিন্ধু নদীক কেন্দ্ৰ কৰি সিন্ধু সভ্যতাই বিকাশ লাভ কৰিছে। তদুপৰি পৃথিৱীৰ কেইবাখনো উল্লেখযোগ্য চহৰ নদীৰ পাৰত অৱস্থিত। ইংলেণ্ডৰ টেমছ্ নদীৰ পাৰত লণ্ডন, ইৰাকৰ টাইগ্ৰীছ নদীৰ পাৰত বাগদাদ, ফ্ৰান্সৰ ছিয়েন নদীৰ পাৰত পেৰিছ, আমেৰিকাৰ হাডছন নদীৰ পাৰত নিউয়ৰ্ক, থাইলেণ্ডৰ মেনাম নদীৰ পাৰত বেংকক, পাকিস্তানৰ সিন্ধু নদীৰ পাৰত কৰাচী, জাৰ্মানীৰ স্প্ৰী নদীৰ পাৰত বাৰ্লিন চহৰ অৱস্থিত।
ভাৰতৰ অতি প্ৰাচীন গৌৰৱময় সিন্ধু সভ্যতা সিন্ধু নদীক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। ভাৰতৰ আন কেইখনমান উল্লেখযোগ্য নদী গংগা, ব্ৰহ্মপুত্ৰ, গোদাবৰী, যমুনা, সৰস্বতী, ইৰাৱতী, কাবেৰী, নৰ্মদা, শতদ্ৰু, বিপাশা, দামোদৰ, কুশী আদিয়ে ভাৰতীয় জাতীয় জীৱনত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে।
ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত অসম এখন নদী মাতৃক দেশ। অসমৰ সভ্যতা-সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত এই অঞ্চলৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে এক উল্লেখযোগ্য বৰঙণি যোগাই আহিছে। অসমৰ লোকসাংস্কৃতিক ক্ষেত্ৰখনক এই নদীসমূহে সমৃদ্ধ কৰি ৰাখিছে। অসমৰ লোকজীৱনৰ লগত গভীৰভাবে সংপৃক্ত হৈ থকা লোকগীত, লোকোক্তি, লোকবিশ্বাস, খাদ্যাভ্যাস, লোক উৎসৱ, খেল-ধেমালি আদিৰ প্ৰসংগত নদীৰ অনুষংগ বিচাৰি পোৱা যায়। তদুপৰি অসমৰ অৰ্থনৈতিক আৰু পাৰিপাৰ্শ্বিক দিশতো অসমৰ নদ-নদীসমূহে যোগাত্মক ভূমিকা গ্ৰহণ কৰি আহিছে। এই ৰচনাত অসমীয়া লোকগীতৰ অন্তৰ্গত বিহুনামত নদীৰ অনুষংগ বিচাৰি চোৱাৰ প্ৰয়াস কৰা হৈছে।
অসমত বসন্ত ঋতুত উলহ-মালহেৰে উদযাপন কৰা জাতীয় উৎসৱ ব’হাগ বিহু অসমীয়া জনজীৱনৰ অতি আদৰৰ। এই উৎসৱত পৰিৱেশন কৰা বিহুনামসমূহে অসমৰ মৌখিক পৰম্পৰাৰ লোকগীতসমূহক সমৃদ্ধ কৰি আহিছে। অসমীয়া জনজীৱনৰ সৰ্বতোদিশৰ সহজ-সৰল আৰু স্বতঃস্ফুৰ্ত প্ৰকাশ ঘটা বিহুনামসমূহত অসমৰ প্ৰকৃতি জগতখনে বিভিন্ন ৰূপত ভূমুকি মাৰিছে। এই প্ৰসংগত বিৰিঞ্চি কুমাৰ বৰুৱাই লিখিছে, ” বিহুগীতসমূহ বিশ্লেষণ কৰিলে তাত অসমৰ প্ৰকৃতিৰ প্ৰধান চাৰিটা চিত্ৰ ৰূপায়িত হোৱা দেখা যায়। সেয়া হৈছে অসমৰ নদ-নদী, গৰু-ম’হৰ চৰণীয়া উদং চাপৰি আৰু জীৱন ধাৰণৰ বাবে সমল যোগোৱা বহল পথাৰ, প্ৰকৃতিৰ সঞ্চয় ভঁৰাল পৰ্বতৰাজি আৰু বিচিত্ৰ বৰ্ণ আৰু মধুৰ সংগীত সৃষ্টি কৰা পশু-পক্ষীসমূহ।” ( অসমীয়া ভাষা আৰু সংস্কৃতি, পৃঃ ১২৯)
নদ-নদীক কেন্দ্ৰ কৰি অসমীয়া ভাষাত বহুত বিহুনাম সৃষ্টি হৈছে। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ বিহুনামত বৰলুইত, চিৰিলুইত, লুইত, বুঢ়ালুইত, বৰনৈ, বৰহমপুত্ৰ আদি নামেৰে উল্লেখ হৈছে। ব্ৰহ্মপুত্ৰৰ উপৰি ইয়াৰ উপনৈসমূহে বিহুনামত বিভিন্ন ৰূপত চিত্ৰিত হৈছে ।
দৈৱিক শক্তিৰ প্ৰতিভূ ৰূপে : মানুহে অতি প্ৰাচীন কালৰে পৰা প্ৰকৃতিৰ বিভিন্ন উপাদানক দৈৱিক শক্তিৰ প্ৰতিভূ ৰূপে স্বীকাৰ কৰি আহিছে। ইয়াৰ ফলতেই বৃক্ষ পূজা, অগ্নি পূজা, শিল পূজা, নদী পূজা আদিৰ ধাৰণাই মানুহক যুগে যুগে প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰই অসমীয়া জনমানসত দৈৱী শক্তিৰ প্ৰতিভূ ৰূপে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থকাৰ প্ৰসংগ বিহুনামত উল্লেখ হৈছে এনেদৰে-
“বৰহমপুত্ৰৰ পাৰৰে বৰহমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই
উটুৱাই নিনিবা বৰহমপুত্ৰ দেৱতা
তামোল দি মাতোঁতা নাই।”
প্ৰাকৃতিক সৌন্দৰ্য্যৰ আধাৰ ৰূপে : প্ৰাকৃতিক সৌন্দৰ্য্য সৃষ্টিৰ ক্ষেত্ৰত প্ৰকৃতিৰ উপাদানসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সেউজীয়া অৰণ্য, ওখ পাহাৰ, বোঁৱতী নৈ, বিভিন্ন বৰণৰ চৰাই- চিৰিকতি, বিবিধ ফুল, বিবিধ জীৱ-জন্তু আদিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে। বিহুনামত প্ৰাকৃতিক শোভা উন্মোচিত হৈছে এনেদৰে-
“নৈলৈ হালিলে নদালী ভলুকা
পথাৰলৈ হালিলে কাক,
বুকুৰে কামিহাড় হ’ল ডালি ডালি
কালৈ চিন্তা কৰি থাক।”
দৈনন্দিন কৰ্ম সম্পাদনৰ থলী ৰূপে : আদিম কালত মানুহে দৈনন্দিন কাম-কাজ সম্পন্ন কৰাৰ বাবে নদীসমূহকে লক্ষ্য কৰি লৈছিল। নদীসমূহত জাক পাতি গা ধোৱা, কাপোৰ ধোৱা , নদীৰ পাৰত খেতি-বাতি কৰা আদি নৈমিত্তিক কাম-কাজসমূহ সম্পন্ন কৰাৰ লগতে ঘৰৰ বাবে প্ৰয়োজনীয় পানী নদীৰ বুকুৰ পৰাই সংগ্ৰহ কৰিছিল। তদুপৰি এই নদীৰ ঘাটসমূহ ডেকা-গাভৰুসকলৰ প্ৰেম-পিৰীতিৰ মনোৰম ঠাই আছিল। উদাহৰণস্বৰূপে –
“কঢ়া সোৱণশিৰি হ’ল একে সুঁতি
মাৰোঁ চুলি মেলি বুৰ,
ৰাতিৰে ৰাতিটো ভাবিলো চিন্তিলো
কথাৰো নেপালো ওৰ।”
আকৌ-
” চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলোঁ
চিৰি লুইতলৈ চাই,
চিৰি লুইতে সুহুৰি মাৰিলে
ধনে নাও মেলি যায়।”
জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল ৰূপে : নদ-নদীসমূহে জৈৱ বৈচিত্ৰ্যৰ ভঁৰালৰূপে পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুত ৰখাৰ দিশত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। নদীৰ বুকুত আশ্ৰয় লৈ থকা ঘঁৰিয়াল, শিহু, সাপ, বেং আদি বিভিন্ন জীৱই পৰিৱেশৰ সন্তুলন ৰক্ষা কৰে। তদুপৰি নদীত থকা মাছ, কাছ আদি জলজ সম্পদসমূহে মানুহৰ অৰ্থনৈতিক বুনিয়াদো নিৰ্মাণ কৰি আহিছে। বিহুনামত জলজ সম্পদৰ উল্লেখ পোৱা যায় এনেদৰে-
“লুইতৰ বালি বগী ঢকেঢকি
কাছই কণী পাৰে লেখি,
গাত জুই জ্বলিছে সৰিয়হ ফুটিছে
ধনক নৈৰ ঘাটত দেখি।”
যাতায়তৰ বাট ৰূপে : প্ৰাচীন কালৰে পৰা মানুহে যাতায়তৰ ক্ষেত্ৰত স্থলপথৰ সমান্তৰালভাৱে জলপথো ব্যৱহাৰ কৰি আহিছে। বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত বণিজসকলে জলপথক প্ৰাধান্য দিয়াৰ কথা বিভিন্ন তথ্যই সমৰ্থন কৰে। তদুপৰি স্থানীয় লোকসকলেও বিভিন্ন প্ৰয়োজনত নদীপথৰ আশ্ৰয় লৈছিল। বিহুনামত যাতায়তৰ মাধ্যম ৰূপে নদীৰ উল্লেখ আছে এনেদৰে-
“মইনাই নাও মেলে পানীয়ে পানীয়ে
মই লৱৰি মৰোঁ বামে,”
প্ৰেমৰ থলী আৰু প্ৰেমৰ প্ৰতিবন্ধক ৰূপে : বিহুনামত নদীৰ ঘাটসমূহ প্ৰেম-পিৰীতি কৰাৰ থলী হিচাবে চিহ্নিত হৈ আহিছে। পানী আনিবলৈ নৈ ঘাটলৈ যোৱা গাভৰুক গোপনে লগ ধৰি ডেকাই প্ৰেম নিবেদন কৰা, ধন বেপাৰলৈ যাওঁতে গাভৰুৱে ঘাটত বিদায় জনোৱা, মনৰ আপোনজনক বিহুৱান দিয়া আদি ঘটনাৰ সাক্ষী নিৰৱধি নদী। তদুপৰি নদীক সাক্ষী কৰি পৰস্পৰে পৰস্পৰক আপোন কৰাৰ বাবে শপত লোৱাৰ প্ৰসংগও বিহুনামত উল্লেখ হৈছে। প্ৰেমৰ থলী হিচাবে চিহ্নিত হোৱাৰ সমান্তৰালভাৱে বহু সময়ত নদীয়ে ডেকা-গাভৰুৰ মিলনৰ হেঙাৰ হিচাবে ভূমুকি মাৰিছে। নদীৰ দুটা পাৰত দুজনৰ ঘৰ হোৱাৰ বাবে ইজনে সিজনক লগ ধৰিব নোৱাৰাৰ দুখ বিহুনামত প্ৰকাশ পাইছে-
“তোমাৰ ঘৰ ইপাৰে মোৰ ঘৰ সিপাৰে
মাজতে বোঁৱতী নৈ,
চৰাই হোৱা হ’লে উৰি গলোহেঁতেন
দুহাতে দুপাখি লৈ ।”
সংহাৰী ৰূপে : জলজ সম্পদৰ আবাসভূমি নদীসমূহে পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষা, নৈসৰ্গিক শোভা বৰ্ধন, আবৰ্জনা নিষ্কাষণ আদিৰ দৰে বিভিন্ন দিশত আশীৰ্বাদ সদৃশ ভূমিকা পালন কৰে যদিও বহু সময়ত জনজীৱনৰ আশা-আকাংক্ষা মষিমূৰ কৰি অভিশাপ সদৃশ হৈ পৰে। বিশেষকৈ নদীয়ে বাৰিষা সংহাৰী ৰূপ ধৰি খেতি-পথাৰ নষ্ট কৰাৰ ফলত কৃষিজীৱি জনসাধাৰণৰ দুখ কুলাই পাচিয়ে নধৰা হয়। বিহুনামত নদীৰ এই সংহাৰী ৰূপ চিত্ৰিত হৈছে এনেদৰে-
“এই বেলি আহুধান ন- পানীয়ে মাৰিলে
অহা বেলি আহুধান পাম, “
জনজীৱনৰ লগত নদীৰ সম্পৰ্ক গভীৰ আৰু প্ৰাচীন। নদীক কেন্দ্ৰ কৰি জনসাধাৰণৰ মাজত গঢ়ি উঠিছে কিছুমান বিশ্বাস। সেই বিশ্বাসেই নদীক দৈৱী শক্তিৰ প্ৰতিভূৰূপে স্বীকাৰ কৰাত অৰিহণা যোগাইছে। তদুপৰি প্ৰাকৃতিক সৌন্দৰ্য্য সৃষ্টিত, জনসাধাৰণে দৈনন্দিন কৰ্ম সম্পাদন কৰাত, জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাত, যাতায়ত ব্যৱস্থা সুচল কৰা আদি দিশত নদীয়ে যুগে যুগে মানুহক উপকৃত কৰি আহিছে। অনাদি কালৰে পৰা নদীয়ে বিভিন্ন ধৰণেৰে জনসমাজৰ প্ৰয়োজনীয়তা পূৰণ কৰি অহাৰ লগতে পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা কৰি জনসমাজক সমৃদ্ধিশালী ভৱিষ্যতৰো প্ৰতিশ্ৰুতি দি আহিছে। অনামী চহা কবিৰ ৰচনা বিহুনামসমূহত নদীয়ে দৈৱী শক্তিৰ প্ৰতিভূ ৰূপে, প্ৰাকৃতিক সৌন্দৰ্য্যৰ আধাৰ ৰূপে, জনসাধাৰণৰ দৈনন্দিন কৰ্ম সম্পাদনৰ থলী ৰূপে, জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল ৰূপে , যাতায়তৰ মাধ্যম ৰূপে, প্ৰেমৰ থলী আৰু প্ৰেমৰ প্ৰতিবন্ধক ৰূপে, সংহাৰী ৰূপে চিত্ৰিত হোৱা পৰিলক্ষিত হয়।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক