বিহুৰ ইটো-সিটো (সংগ্ৰহ) – (আব্দুছ চাজিদ)

Bihur_itu_situ

 

 

(১)

বিহুগীতৰ স্বৰলিপি

বিহুগীতৰ স্বৰলিপি প্ৰথমবাৰৰ বাবে বিষ্ণু ৰাভাই প্ৰস্তুত কৰিছিল৷ এই ক্ষেত্ৰত তেওঁ ডিব্ৰুগড়ৰ জ্ঞানদায়িনী সংগীতায়নৰ নিৰ্মল চক্রৱৰ্তী আৰু প্ৰতিভা দেৱীৰ সহায় লৈছিল৷ তেওঁ ‘অতিকৈ চেনেহৰ মুগাৰে মহুৰা’ নামৰ বিহুগীতফাকিৰ বিস্তৃত স্বৰলিপি তৈয়াৰ কৰি থৈ গৈছে৷ ইয়াৰ উপৰি তেওঁ ‘ওলাল জাকিমাৰি’, ‘জিৰিপ জিৰিপ কৰি’, ‘থুৰিয়াই কাটিলে’, ‘খোপাত গোজ কপৌফুল’, ‘চ’তে গই গই’, ‘নৈৰে পাৰতে’, ‘বিহুটি আহিলে’, ‘বাঁহৰে আগতে’, ‘ধনশিৰি ভেটিবি’, ‘চমকত চাবলৈ’, ‘লুইতৰে বালি’, ‘হাতী বুঢ়া হ’লে’, ‘ঘূৰাই ঘূৰাই দে’ ইত্যাদি বিহুগীতৰ স্বৰলিপি প্ৰস্তুত কৰি থৈ গৈছে৷ (‘সংস্কৃতি ৰূপে বিহু : ডক্টৰ গিৰিশ বৰুৱা, মূল : বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, প্ৰথম খণ্ড)

(২)

বিহু বিষয়ৰ প্ৰথম অসমীয়া পুথিখন

অসমীয়া ভাষাত বিহুৰ বিষয়ে এখনি ক্ষুদ্ৰ পুথি ৰচনা কৰিছিল শিৱসাগৰৰ কোঁৱৰপুৰৰ গণেশ চন্দ্ৰ হাজৰিকাই৷ প্ৰথম তাঙৰণ হিচাপে ১৯১৮ খ্ৰীষ্টাব্দ(১৮৪০শক)ত প্ৰকাশিত পুথিখনৰ নাম আছিল ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’৷ আকাৰত ক্ষুদ্ৰ হ’লেও এইখনেই বিহু বিষয়ৰ সূক্ষ্ম পৰ্যালোচনাৰ প্ৰথমখন অসমীয়া পুথি৷ ১৫ ছেণ্টিমিটাৰ x ১১ ছেণ্টিমিটাৰ আকাৰৰ ৪২ পৃষ্ঠাৰ এই পুথিখন ছপা হৈছিল কলিকতাৰ ৬ নম্বৰ কলেজ স্কোৱেৰৰ সাম্যযন্ত্ৰ প্ৰেছত৷ দাম আছিল খনে ছয় অনা মাত্ৰ৷ লেখকে পুথিখনি উছৰ্গা কৰিছিল ‘গাঁৱলীয়া জীৱনৰ সুখ-দুখ অনুভৱ কৰোঁতা কবিতাৰ ফুলনিবাৰী পাতোঁতা’ আৰু লেখকক ছাত্ৰাৱস্থাতে সাহিত্যক্ষেত্ৰলৈ অনুপ্ৰাণিত কৰা পদ্মধৰ চলিহাৰ হাতত৷ পুথিখন ছপাখানালৈ প্ৰেৰণ কৰাৰ আগেয়ে সেই সময়ৰ শিৱসাগৰ গৱৰ্নমেণ্ট হাইস্কুলৰ হেডমাষ্টৰ, লক্ষ্মীনাথ শৰ্মা বিদ্যাৰত্ন, এম.এ. ডাঙৰীয়াই সাৰভাগ ‘হাত আৰু চকু ফুৰাই’ দিছিল৷ ছপা হৈ থাকোঁতে ইয়াৰ আৰ্হি পাঠ চাই সহায় কৰিছিল কৃষ্ণকান্ত সন্দিকৈ, বি.এ. ডাঙৰীয়াই৷ ‘এটি সাৰুৱা সংকেত দি’ সহায় কৰিছিল ক্ষেত্ৰধৰ বৰগোহাঁই ডাঙৰীয়াই৷ কেইবাটাও চুটি অধ্যায়ত বিভক্ত পুথিখনৰ ভাগকেইটাৰ শিৰোনামবোৰ আছিল ‘বিহুৰ উৎপত্তি আৰু তাৰ বিৱৰণ’, ‘বিহুৰ আৱশ্যকতা’, ‘বিহু আৰু তাৰ সাময়িক দৃশ্যাৱলী’, ‘কাতি বিহু’, ‘মাঘ বিহু’, ‘ৰঙালী বিহুৰ আদৰণি’, ‘বহাগ বিহু’৷ প্ৰাৰম্ভতে ‘আত্মনিৱেদনৰ আগশৰাই’, সামৰণিত ‘সামৰণি-শৰাই’ আৰু শেষ বকলাত আছিল ‘প্ৰাপ্তিস্থানৰ তালিকা’৷ পুথিখন অসমৰ প্ৰধান ঠাইবোৰত গ্ৰাহকে পোৱাৰ ব্যৱস্থা আছিল৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ‘বাঁহী’ৰ দশম বছৰ নৱম সংখ্যা, ১৮৪২ শকত ‘পুথি আৰু কাকতৰ গুণাগুণ বিচাৰ’ শিতানত এই পুথিখনৰ বিষয়ে এনেদৰে লিখিছিল— ‘কিতাপখনত বিহুৰ উৎপত্তি আৰু তাৰ বিৱৰণ, বিহুৰ আৱশ্যকতা ইত্যাদিৰ আলোচনা কৰা হৈছে৷ বেচ ছ অনা৷ ভাল হৈছে৷’ (‘বিহু বিষয়ৰ প্ৰথম অসমীয়া পুথিখন’ : প্ৰশান্ত কুমাৰ চুতীয়া, প্ৰান্তিক, ১এপ্ৰিল ২০১৫)

(৩)

কলকাতাৰ বাটত ঢোল বজোৱা অসমীয়া ডেকাজন
আজিৰ পৰা প্ৰায় এশ বছৰৰ আগৰ কথা৷ অসমত ৰঙালী বিহু, সাত বিহুৰ ভৰপক৷ অসমৰ এজন বিহুবলিয়া ডেকা সেই সময়ত আছিল কলকাতাত৷ লগৰ আন অসমীয়া ল’ৰাবোৰে বিহুত অসমলৈ আহিছিল৷ কিবা কাৰণত তেওঁ পিছে আহিব নোৱাৰিলে৷ বিহুৰ বতৰত তেওঁ কলকাতাত অকলশৰীয়া হ’ল৷ কিন্তু অকলশৰীয়া হ’ল বুলিয়েই বাপতি-সাহোন বিহুটি নাপাতি থাকিব পাৰিনে? সেয়ে আমাৰ ডেকাই কান্ধত ঢোল এটা ল’লে আৰু বাটে বাটে ‘ধিনদাও ধিনতাক, বিহু মাৰোঁ তিনি পাক’ বুলি কলকাতাৰ আলিবাটত ঢোল বজাই ফুৰিবলৈ ধৰিলে৷ সেই সময়ত কাৰোবাৰ গৰু-ম’হ হেৰালে, ল’ৰা-ছোৱালী হেৰালে বা ৰাজহুৱা কিবা কথা ঘোষণা কৰিবলৈ হ’লে ঢোল পিটি শুনোৱা হৈছিল৷ সেয়ে ডেকাজনে বাটে বাটে ঢোল বজাই ফুৰোঁতে বাটৰ মানুহে সুধিছিল, ‘কি হৈছে?’ ডেকাই উত্তৰ দিছিল, ‘অসমত বিহু হৈছে৷’ এই বিহুবলিয়া ডেকাজন আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা৷ (‘প্ৰখ্যাত লোকৰ অখ্যাত কথা’ : শান্তনু কৌশিক বৰুৱা, প্ৰান্তিক, ১এপ্ৰিল ২০১৫)

 

bihur_itu_situ_1

 

Bihur_itu_situ_2

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক