বিহুৰ সৈতে জড়িত লোকবিশ্বাস আৰু লোকাচাৰ —মাহজেবিন আৰা

“দেউতা ঐ
এশ এবিধ শাকেৰে ৰান্ধো
গৰু বিহুৰ দিনা, গৰুৰ গা ধোৱালো
তৰালিৰ পঘাৰে বান্ধো।”
বিহু কৃষি ভিত্তিক উৎসৱ। কৃষিজীৱী অসমীয়া মানুহৰ সৃষ্টিৰ সপোন ৰচি ব’হাগ আহে। বিহু মানেই আনন্দ বিহু মানেই লোকাচাৰ আৰু লোকবিশ্বাসৰ সমাহাৰ। ঔপনিৱেশিকতাৰ আচলত ধৰি সোমাই অহা আধুকতাবাদে বাপতি সাহোন বিহুটিক বাৰুকৈয়ে ঢৌৱাই পখালি গৈছে যদিও লোকাচাৰৰ মূল-ভেটি খহাব পৰা নাই। হালোৱা-হজোৱা নিভাঁজ অন্তৰৰ মানুহখিনিয়ে এতিয়াও পৰম্পৰাগত লোকবিশ্বাসসমূহ মানি চলে আৰু লোকাচাৰ পালন কৰে। ব’হাগ বিহুত পালন কৰা আচাৰ-অনুষ্ঠানে অসমীয়া মানুহৰ জনজীৱনকে প্ৰতিনিধিত্ব কৰে। ঋতু পৰিৱৰ্তনৰ লগে লগে হোৱা প্ৰকৃতিৰ পৰিবৰ্তনে আদিম অসমীয়া মানুহৰ মনোজগত ঘোৰ ৰহস্যৰ সৃষ্টি কৰিছিল আৰু সেই ৰহস্যই জনমানসত কিছুমান বিশ্বাসৰ জন্ম দিছিল, অতি স্বাভাৱিকভাবে গঢ় লৈ উঠা এইবিশ্বাসেই লোকবিশ্বাস আৰু এই বিশ্বাসৰ আধাৰত যিসমূহ ৰীতি-নীতি, আচাৰ পালন কৰা হয় সেয়ে লোকাচাৰ। লোকবিশ্বাসৰ পৰা লোকাচাৰক পৃথক কৰি চাব নোৱাৰি, ইটো সিটোৰ পৰিপূৰক।
চ’ত মাহৰ আৰম্ভ হোৱাৰ লগে লগেই বিহুক আদৰাৰ বাবে সাজু হৈ উঠে প্ৰতিজন বিহুবলীয়া অসমীয়া। বিহু আদৰিব লাগে, ঘৰ পোহনীয়া গৰুকেইটাৰ বাবে ন পঘা বাতিব লাগে ,সেয়ে চ’তৰ পহিলাতে দিন বাৰ চাই গাঁৱৰ পুৰুষসকলে গোট খাই , আনন্দ উল্লাস কৰি বিহু নাম গাই হাবিৰ তৰা গছ সংগ্ৰহ কৰি আনিবলৈ যায়। সংগ্ৰহিত তৰা চাৰিজোপা চাৰি খুটি মাৰি বৰগছ এজোপাৰ চাৰিওকাষে ৰোপন কৰি বিহুৰ থাপনা পাতে। লোকবিশ্বাস অনুসৰি বৰগছতেই বিহুৱা ডাঙৰীয়া বাস কৰে, সেয়ে তেওঁৰ সন্তুষ্টিৰ বাবে প্ৰাৰ্থনা কৰা হয়। বিহুৰ অন্তিম দিনাখন সেইজোপা গছতেই গামোচা বিহু উৰুৱাই থাপনাখন তুলি অনা নিয়ম। অৱশ্যে আজিকালি হাবি-বননি নোহোৱা হৈ অহাত এনেদৰে তৰা আনিবলৈ যোৱা লোকাচাৰ লুপ্তপ্ৰায় বুলিব পাৰি৷
কৃষিৰ সৈতে পশুধনৰ সম্পৰ্ক অতি নিবিড়। বৰ্তমানেও আধুনিক যন্ত্ৰ পাতি ওলালে যদিও অসমীয়া কৃষিকৰ্ম গৰুৰ ওপৰত নিৰ্ভৰশীল। পোহনীয়া গৰুক অসমীয়া সংস্কৃতিত ঘৰত একোজন সদস্যৰ দৰেই জ্ঞান কৰা হয়। বহু লোকে মৰমতে গৰুক একো একোটা নাম দি লোৱা দেখা যায়। বিহুৰ প্ৰথম দিনটো গৰুবিহু পালন কৰা হয়। গৰুবিহুৰ দিনাখন লোকবিশ্বাস অনুসৰি কিছুমান লোকাচাৰ পালন কৰা হয়। গৰুক গা ধুৱাবৰ বাবে গাঁৱৰ বা চুবুৰিটোৰ লোকসকল গোট খাই গোহালিৰ গৰুৰ শিঙত তেল, কপালত মাহ-হালধিৰ ফোঁট দি কাষৰে নৈ, বিল, পুখুৰী কোনো জলাশয় আদিলৈ লৈ যোৱা হয়। কেৰেলা, বেঙেনা, লাও, কেঁচা হালধি, ঠেকেৰা আদি চকল চকলকৈ কাটি বাহৰ চাক সাজি লোৱা হয়। উল্লেখযোগ্য যে গৰু বিহুৰ দিনাখন গৰুৰ গাত এছাৰি কোবোৱা নিষেধ বুলি বিশ্বাস কৰি দীঘলতীৰে কোৱাই কোবাই, চাকৰ লাও বেঙেনা আদি সামগ্ৰীবোৰ দলিয়াই কৈ কৈ যায় —
“লাও খা বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু
তই হ”বি বৰ গৰু।”
গো-ধনৰ সুস্বাস্থ্য কামনাৰে এনেদৰে গাই গাই গৰুজাকক ন পানীৰে গা ধুৱাই পুৰণি পঘাডাল দেই দিবলৈ দিয়ে, লোকবিশ্বাস অনুসৰি এনে কৰি গৰুৰ গাৰ ৰোগ ব্যাধি বছৰটোলৈ খেদি পঠোৱা হয়। সাৰি-মচি পৰিস্কাৰ কৰি থোৱা গোহালিত সন্ধিয়া আহি সোমোৱাৰ লগে লগে বিহুৰ পিঠাৰে গৰুক আপ্যায়িত কৰি, ৰঙা, বগা সূতাৰে বন্ধা তৰাৰ ন পঘা গৰুৰ ডিঙিত দিয়া নিয়ম। ন-বিচনীৰে বিচি গোটাই থোৱা বিহলঙনী, এটা বিৰিণাৰ মূড়া, ভাঙৰ পাত এথাল, আগৰা এজোপা ধানখেৰ ফলিয়া তুঁহ আদিৰে জাক দি মাখিয়তী, দীঘলতীৰে গৰুক কোবাৱা হয়। এনে কৰিলে বছৰটোলৈ ম’হ-মাখিৰ উপদ্ৰৱ কমে বুলি বিশ্বাস কৰা হয়।
“মাখিয়তী মাখি পাত
মাখি মাৰোঁ জাত জাত।”
গৰুবিহুৰ দিনাই বাহি মুখে বাঁহ গছৰ গুৰিত মাটি চপাই দিয়া হয়, এনে কৰিলে বাঁহৰ গাজ বেছিকৈ হয় বুলি বিশ্বাস। আহুখেতিত ভাং গছ এজোপা গুৰিতে কাটি নি একে উশাহতে গোজ মাৰি থৈ অহা হয় অথবা ভাং গছৰ পুলি ৰোপণ কৰি থৈ অহা হয়, লোকবিশ্বাস অনুসৰি এনে কৰিলে মহাদেব শিৱ সন্তুষ্ট হয় আৰু ধান সৰহকৈ উৎপাদন হয়।
আমৰ মল, কঁঠালৰ মুচি আৰু মচুৰ মাহ পটাত বাটি ‘সৰ্বৌষধি’ যোগাৰ কৰা হয়, সাঁজ লগাৰ সময়ত নেওৰা তলত চামৰ পিৰাত বহি সৰ্বষৌধিকণ ঘৰৰ আটাইয়ে খোৱা আগৰ দিনৰ নিয়ম, খালে বছৰটোলৈ হেনো বেমাৰ আজাৰ নহয়। সন্ধিয়া এশ এবিধ শাকেৰে আঞ্জা ৰান্ধি খোৱা হয়। অসমীয়া জনমানসত এক গভীৰ বিশ্বাস প্ৰতিষ্ঠা হৈ আছে যে গৰু বিহুৰ দিনাখন প্ৰতিবিধ বনশাক বিশেষ ঔষধি গুণসম্পন্ন হৈ উঠে আৰু সেই শাকেৰে এসাঁজ খালে ৰোগ-ব্যাধি নিৰাময় হয়। আটায়ে লগ হৈ ঘৰৰ মূল মানুহজনক বিচনীৰে বিচে আৰু সেই সময়তে ঘৰৰ সদস্য এজনে তাঁত শালৰ উঘা এটা ঘূৰাই ঘূৰাই সকলোৰে গাত স্পৰ্শ কৰাই যায়। সেই দিনাখনৰ পৰা বিচনি ব্যৱহাৰ কৰিব পৰা হয়। সৰ্পভয় নাশৰ বাবে ঘৰৰ চাৰিওফালে নহৰু পানী ছটিয়াই দিয়া হয়। গৰুবিহুৰ পিছদিনা মানুহবিহু, সেই দিনা পুৱা সকলোৱে গাত মাটিমাহৰ সৈতে কেঁচা হালধি বাটি তৈয়াৰ কৰা মিশ্ৰণ সানি গা ধোৱা নিয়ম৷ এই মিশ্ৰণ গাত সানিলে চৰ্ম ৰোগ দূৰ হয় বুলি বিশ্বাস। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খালে পেটৰ অসুখ দূৰ হয়। ব’হাগ বিহুৰ দিনা কণী যুঁজ আৰু কড়িখেল, পঁচি খেল আদি খেলা হয়। ই উৰ্বৰতা আৰু প্ৰজননৰ প্ৰতীক।
” চ’ততে চকৰি অ’ বহাগত বগৰি অ’
জেঠতে অমনা ধান।
গৰু বিহুৰ দিনা বস্ত্ৰ দান কৰিব
তেহে পাব বৈকুণ্ঠত স্থান৷”
বিহুত বিহুৱান উপহাৰ হিচাপে দিয়া এক পৰম্পৰাগত লোকাচাৰ আৰু জেষ্ঠ অথবা প্ৰিয়জনৰ প্ৰতি শ্ৰদ্ধা আৰু চেনেহৰ চিন। বিহুত ঘৰে ঘৰে গৈ হুঁচৰি গাই নৃত্য কৰি গৃহস্থৰ কুশল-মঙ্গল কামনা কৰি আশীৰ্বাদ দিয়া হয়। চোতালখনত হুঁচৰি দলৰ পদধূলা আৰু আশীৰ্বাদে বছৰটোৰ অপায়-অমঙ্গল নাশ কৰি ধন-সম্পদ বৃদ্ধি কৰে বুলি বিশ্বাস।
“গৃহস্থৰ কুশলাৰ্থে জয় ৰাম বোলা, জয় হৰি বোলা “
বিহু অসমীয়া জাতিৰ বাপতি সাহোন, জনজীৱনৰ দাপোন। সময়ৰ সোঁতত কিছুমান লোকাচাৰ লোপ পাইছে, কিছুমান এতিয়াও অসমীয়াই ধৰি ৰাখিছে। বিহু স্বকীয় মহিমাৰে সদায়েই মহিমামণ্ডিত হৈ থাকক।
“বিহুৰে বিৰিণা পাতে সমনীয়া
বিহুৰে বিৰিণা পাত।
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গলে বিনাবা কাক।।”


তথ্য সূত্ৰ :
১)অসমৰ সংস্কৃতি – ড৹ লীলা গগৈ
২)অসমৰ লোক সংস্কৃতি – ড৹ নিৰ্মলপ্ৰভা বৰদলৈ
৩) বিভিন্ন কাকত আলোচনীত প্ৰকাশিত প্ৰৱন্ধপাতি আৰু গাঁৱৰ বিজ্ঞ জনৰ সৈতে মত বিনিময় যোগে আহৰণ কৰা তথ্য।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments