বিহুৱান – ড° সমাদৃতা গোস্বামী

খিতিককৈ শব্দ হোৱাত মাজনীয়ে তাঁতৰ শালৰ পৰা মুৰ তুলি চালে৷ নঙলা পেলাই জুনু পেহী আহিছে৷ এই দুপৰীয়া সময়ত কোনোবা আহিলে তাইৰ মাথা গৰম হৈ আহে৷ তাতে আহিছে জুনু পেহী৷ পেহীয়ে নঙলা কেইদালো উঠাই থৈ অহা নাই৷ মাজনীৰ ভমককৈ খঙটো উঠি আহিল৷

“মা, অ’ মা”
চিঞৰি চিঞৰি মাজনীয়ে মাকক বিচাৰি ভিতৰ সোমাল৷

“জুনু পেহী আহিছে ঐ৷ নঙলাও উঠাই থৈ অহা নাই৷ গৰু সোমালে মই কিন্তুু খেদিব নোৱাৰো৷”

তেতিয়ালৈ জুনু পেহী মাজনীহঁতৰ ঘৰৰ আগ চোতালত৷ মাজনীৰ কথাকেইশাৰী তেওঁ স্পষ্টকৈ শুনিলে৷ নঙলা উঠাবলৈ তেওঁ উভতিল৷ যাওঁতে তেওঁ বকি গ’ল
“জহনীজাতি, ঘৰলৈ অহা আলহীক এনে ব্যৱহাৰ কৰিবলৈ শিকাইছে মাৰ-বাপেৰে”

মাজনীৰ মাকে পেহীক উভতি খোজ লোৱা দেখি

“এ…হ কি কৰে কি কৰে? আহক আহক, আমাৰ এই নঙলা উঠাব নহয়৷ মাজনী, অ’ মাজনী, তোৰ মুখত মই আজি জুই দিম ৰহ” বুলি চে:চেহাই উঠিল৷
মাজনীৰ নিজকে ৰণত জয় হোৱা ৰজাৰ দৰে লাগিল৷

“বুঢ়ী, নঙলা উঠুৱাইহে এৰিলো৷ কি বুলি ভাবিছ মোক? তই যদি বাৰেৰে মই তেৰেৰে৷” নিজকে কৈ তাই সন্তুষ্টিৰ হাঁহি মাৰিলে৷
নঙলা কেইদাল উঠাই পেহীয়ে আকৌ উভতি বাৰান্দা পালেহি৷

“বোলো মাজনীৰ মাক, মই তোমাৰ জীয়েৰৰ কথাত বেয়া নেপাওঁ৷ তাইৰ মুখখন বেয়াই৷ পাৰোতে মই তাইক বোৱাৰী নকৰাকে আছোনে?”

মাজনীৰ মাক মনে-মনে থাকিল৷
ভিতৰত মাজনীয়ে মুখৰ ভিতৰতে ভোৰভোৰালে “বুঢ়ী, তই মৰাৰ পিচদিনাই তোৰ ভেটিত উঠিমগৈ”

“দায়-দোষ নধৰিব৷ তাইৰ মুখখনহে বেয়া৷ অন্তৰখন ভাল৷ পিচে কি সকামত আহিল এই দুপৰীয়াখন৷”

মাজনীৰ মাকে পেহীলৈ তামোলৰ বঁটাতো আগবঢ়াই সুধিলে৷

“সকাম ডাঙৰেই৷ বিহুলৈ বুলি মোক পাঁচখন গামোচা লাগে৷ এই বিহুতে ছোৱালী ঘৰৰ পৰা মানুহ আহিব বোলে৷”

জুনু পেহীয়ে সাধাৰণকৈ কৈ পেলোৱা কথাশাৰীত মাজনীৰ মাকৰ মুখৰ মাত হৰিল৷ মাজনীৰ বুকুৰে যেন এপাট শেলহে মাৰিলে কোনোবাই৷ জুনু পেহীক দেখিলেই বাঘিনীৰ ৰূপ ধৰা মাজনী ভিজা মেকুৰীটো হৈ বেৰতে আউজি বহিল৷ তাৰমানে সকলো শেষ৷ বুকুৰ বিষটো উজাই আহিল৷ চকুৰ পানীৰে বাট নেদেখা হ’ল তাই৷ নিজৰ বাওঁগালখন মোহাৰি -মোহাৰি তাইৰ মনত পৰিল জুনু পেহীৰ পূৰ্ণহতীয়া চৰটোলৈ৷
যোৱা বছৰৰ বিহুৰ সময়ৰে কথা৷ জুনু পেহীৰ জীয়েকৰ বিয়া৷ গাঁৱত বিয়া হ’লে জীয়ৰী – বোৱাৰী সকলোৱে লাগি-ভাগি লাৰু-পিঠা বনায়৷ মাজনীও পোন্ধৰ দিন মান আগৰে পৰাই জুনু পেহীৰ ঘৰত প্ৰায় থকাৰ নিছিনাই৷ মাজনী সকলো কামতে আগৰণুৱা৷ সেয়ে সবৰে বিয়াত তাই নহ’লে কামেই নচলে৷ পিছে জুনু পেহীৰ ঘৰৰ বিয়াত মাজনীয়ে অলপ বেছিকৈয়ে লাগি দিছিল৷ বিয়াৰ কামৰ চলেৰে ৰমেনৰ লগত চুপতি মৰাৰ মজাই সুকীয়া৷ গাঁৱত সকলোৱেই ৰমেন-মাজনীৰ প্ৰেমৰ কথা জানে৷ ৰমেনৰ লগৰীয়া কেইটাইতো বিহুগীতৰ চলেৰে ৰমেনক জোকায়েই আছিল বোলে বাটৰ বাধা ভনীয়েৰ আঁতৰ হ’ব যেতিয়া লাহেকৈ মাজনীক ঘৰ সুমুৱাব পাৰিবিহি৷ দৰা আহিবৰ পৰতে অথন্তৰখন হ’ল৷ দৰা ঘৰৰ মানুহে জোৰা নাম গাবলৈ আৰম্ভ কৰিলে৷ নামতি মাজনীও ৰৈ নাথাকিল৷ ওলোটাই নাম গোৱাত লাগিল৷
এনেকৈ ইপক্ষে সিপক্ষক জোৰা নামৰ চলেৰে খোঁচাত লাগিল৷ শেষত দুই পক্ষৰ মাজত কাজিয়া হ’লগৈ৷ দৰা ঘৰক চুৱা চেলেকাৰ জাক বুলি জোৰা নামেৰে মাজনীয়ে কোৱাত দৰাঘৰৰ মানুহৰ খং উঠিল৷ দুই-একে ক’লে যে জোৰা নামবোৰ তেনেকুৱাই৷ খং কৰিব নেপায়৷ দৰাৰ ঘৰো নাচোৰবান্দা৷ কইনা ঘৰৰ নামতীয়ে দৰাঘৰক ক্ষমা খুজিবই লাগিব৷ শেষত মাজনীয়ে সমজুৱাকৈ ক্ষমা খুজিব লগীয়া হ’ল৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল৷ দৰাক আদৰি ৰভাঘৰৰ ভিতৰলৈ আহোঁতে দৰাৰ ভায়েকে মাজনীৰ ককালটোতে ধৰি গালৈ চপাই আনি অশ্লীল ইংগিত দিলে৷ মানুহৰ হেমগেমৰ মাজত কথাটো মানুহৰ চকুত নপৰিল৷ অলপ আগতে ক্ষমা খুজি অপমান বোধ কৰি থকা মাজনীয়ে পূৰ্ণহতীয়া চৰ সোধালে দৰাৰ ভায়েকৰ গালত৷ তৎক্ষণাত হুলস্থুল লাগি গ’ল৷ দৰাই আদবাটৰ পৰাই ছোৱালী বিয়া নকৰাও কৈ ঘৰলৈ উভতিবলৈ ধৰিলে৷ জীয়েকৰ বিয়া মাকে চাব নাপায় বাবে ৰমেনৰ মাক শোৱা কোঠাত আছিল৷ কোনোবাই ক’লেগৈ মাজনীয়ে দৰাৰ ভায়েকক চৰিওৱাত দৰাই উভতি বাট বুলিছে৷ ৰমেনৰ মাকে বাহিৰলৈ লৰ দিলে৷ আহিয়েই মাজনীৰ দীঘল চুলিকোচাত ধৰি গালত সোধাই দিলে এটা প্ৰচণ্ড চৰ৷ মাজনীয়ে কান্দি-কান্দি বুজাব খুজিলে আচল কথাটো৷ তাইৰ কথা কোনে শুনে? সকলোৱে ভাবিলে জোৰা নাম গাই ক্ষমা খুজিব লগা হোৱা কাৰণেই তাই দৰাৰ ভায়েকক চৰ মাৰি প্ৰতিশোধ ল’লে৷ সকলোৱে যিয়েই নাভাৱক লাগে, মাজনীয়ে ভাবিছিল ৰমেনে বুজিব৷ পিছে ৰমেনেও তাইক গালিহে পাৰিলে৷ শেষত মাজনীৰ মাক -দেউতাকে ৰাইজৰ আগত আঠু লোৱাতহে যেনিবা বিয়াখন হ’লগৈ৷ তেতিয়াৰে পৰা ৰমেনৰ ঘৰলৈ মাজনী যোৱাত বাধা৷
মাজনীক মাকে ক’লে
“ আই, ধৈৰ্য ধৰ৷ আমি তোক বুজি পাওঁ৷ এদিন ৰমেন উভতি আহিব৷ ভগৱানৰ ওপৰত বিশ্বাস ৰাখ”৷

ছোৱালীয়ে দুখ নাপাওক, মাজনীয়ে মন পচন্দৰ ল’ৰাটোলৈকে বিয়া হওক ভাবিয়েই মাজনীৰ মাক-দেউতাক ৰমেনহঁতৰ লগত ভাল হৈ থাকিল৷ ৰমেনক ঘৰলৈও মাতিছিল৷ ৰমেন নাহিল৷ মাজনীয়ে কত দিন নৈৰ ঘাটত, বৰপুখুৰীৰ পাৰত পৰ দিলে, ৰমেন নাহিল৷ ভাবিছিল সময় পাৰ হ’লে ৰমেন এনেও আহিব তাইৰ ওচৰলৈ৷ আঁতৰি-আঁতৰি কিমানদিনলৈ থাকিব? কিন্তুু কথাটো ভালক চাৰি বেয়াহে হ’ল৷ ৰমেনৰ ভনীজোঁৱাইৰ ঘৰখনে কোনো কাৰণতে মাজনীক আদৰি ল’বলৈ ৰাজি নহয়৷ তেওঁলোকে হেনো জুনু পেহীহঁতক ক’লে মাজনীক আঁদৰি ল’লে নিজৰ জীক হেৰুৱাব৷ এইবোৰ শুনা কথা৷ মাজনীৰ মাকে ৰমেনৰ মাকক আচল ঘটনাতো বিৱৰি কৈছিল৷ ৰমেনৰ মাকে ক’লে
“তোমাৰ জীয়েৰকনো জোৰা নাম দি দৰাঘৰক লাজত পেলাবলৈ কোনে কৈছিল? ডেকা ল’ৰাই গাভৰুৰ কঁকালত নধৰি ভৰিত ধৰিবনে? এতিয়া এনে দাংকাটি ছোৱালীক বোৱাৰী কৰি মই মোৰ জীক হেৰুৱাব নোৱাৰো৷ আমাৰ ল’ৰাই পৰিয়ালৰ অমংগল হোৱা কাম নকৰে৷ আমাৰ কথা মানে সি৷ তুমিও ছোৱালীৰ কাৰণে বেলেগ ল’ৰা বিচাৰা৷ ”
ইমান অপমানৰ পাচতো মাজনীৰ মাকে আশা এৰি দিয়া নাছিল৷ সদায় জীয়েকক কৈছিল
“কিবা এটা কৰিম ৰহ৷”

মাজনীয়েও বিহুত ৰমেনক দিবৰ কাৰণেই গামোছা বৈছিল৷ তাই ভাবিছিল বিহু মৰাৰ চলেৰে ৰমেনৰ লগত কথা হ’ব৷ বিহুৱান যাচিব৷ মাকেও মাজনী তাঁতৰ শালত বহি থাকিলে ঘৰুৱা কামলৈ নামাতিছিল৷ মনৰ মানুহটোলৈ হিয়া উজাৰি গামোছাখনকে ব’বলৈ পাইছে তাই৷ বওক৷ তাই মনত শান্তি পাওক৷ পিছে আজি ৰমেনৰ মাকৰ কথা শুনি মাজনীৰ মাকৰ বুকুখন দুৰু-দুৰুকৈ কপি উঠিল৷ তেওঁ জীয়েকৰ চকুলৈ চাব কেনেকৈ?
ৰমেনৰ মাক উভতি যোৱা এপৰ হ’ল৷ সন্ধিয়া লাগিবৰ হ’ল৷ মাজনীৰ মাক গোঁসাই ঘৰতে বহি থাকিল৷ বাট হেৰোৱা মানুহৰ শেষ আশ্ৰয় ভগৱান৷ থাপনা খনলৈ তেওঁ একে থিৰে চাই থাকিল৷
ৰমেনৰ এটা বছৰে হিয়া নগনিলনে? মাজনীয়ে দেখোন একো দোষ কৰাই নাছিল৷ এনেকুৱা মানুহ এটাকে তেওঁৰ জীয়েৰে ভাল পাইছিল নে?
চকুৰ পানী, নাকৰ পানীৰে একেকাৰ হৈ তেওঁ মাটিতে বহি আকাশ-পাতাল ভাবি থাকিল৷ এনেকুৱা ল’ৰা এটা তেওঁৰ জোঁৱাই নহ’লেও হ’ব৷ মাজনীৰ মাকে স্বগতোক্তি কৰিলে৷

“মা”

মাজনীৰ মাতত তেওঁ গালৰ চকুপানীখিনি মোহাৰি তাইলৈ উভতি চালে৷

“এইখন ল৷ গামোছা৷ ৰমেনলৈ বৈছিলো৷ ভগৱানৰ থাপনাতে পাৰি থ৷ “
গামোছাখন মাকৰ হাতত গুজি উচুপি-উচুপি মাজনী ধীৰ খোজেৰে গোঁসাই ঘৰৰ পৰা ওলাই গ’ল৷
জীয়েক যোৱাৰ ফালে মাজনীৰ মাকে একে থিৰে চাই থাকিল৷ গামোছাখন বিহুৰ আগতেই ৰমেনে পোৱাৰ ব্যৱস্থা কৰিব লাগিব৷ ৰমেনক তেওঁ মাজনীৰ শেষ উপহাৰ দিব৷ ৰমেনক তেওঁ আশীৰ্বাদো দিব৷ লগতে ক’ব তাৰ দৰে পলৰীয়া এটাক জোঁৱাই হিচাপে নোপোৱাৰ কাৰণে তেওঁ কিমান সুখী৷
মাজনীৰ উচুপনিক নেওচি নামঘৰৰ পৰা ডবাৰ মাত ভাঁহি আহিল৷
ভাল ল’ৰা এটা বিছাৰিবলৈ মাজনীৰ দেউতাকক ক’ব লাগিব আজি৷ এই ব’হাগতে তাইৰ বিয়াখনো পাতিব লাগিব৷ মাজনীৰ মাকে ফুলাম গামোছাখন লিৰিকি-বিদাৰি ভাবি থাকিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক