বিহু আহিল! (পংকজ জ্যোতি মহন্ত)

বিহু আহিল! এতিয়াও সৰিবলৈ বাকী থকা গছৰ পাতবোৰে আতংকত দিন কটাইছে— বৰদৈচিলাই সিহঁতক মহটিয়াই পেলাব বুলি; কাৰণ ধুমুহাই মোহাৰি সৰোৱা সৰাপাতত সোঁৱৰণীও নাথাকে, তাত কেৱল থাকে দুৰ্দশাই বিধ্বস্ত কৰি পেলোৱা জীৱনৰ যন্ত্ৰণা! আৰু আগন্তুক বিচ্ছেদৰ যন্ত্ৰণাৰ ভৰ লৈ লৈ সাৰিবলৈ বুলি আতংকিত হৈ থকা এই পাতবোৰক নতুন কোঁহপাতবোৰে একোজন অহংকাৰী প্ৰেমিকৰ দৰে অহৰহ বিদ্ৰুপ কৰি আছে৷

*** *** ***

চ’ত সোমালেই যেতিয়া, “চেনেহীৰ তাঁতৰ শালত যঁতৰে বিনাব” বুলি “তাইৰ” পদূলিৰে কিমানজন প্ৰেমিক পাৰহৈ গৈছিল গধূলি গধূলি! চকামকা পোহৰত তাইক নেদেখে এবাৰো, ইমান দূৰৈৰ পৰা তাইৰ মাতটোও নুশুনি অকণো, তথাপি তাইৰ লিহিৰী আঙুলিয়ে ঘূৰোৱা যঁতৰৰ মাতটো শুনিয়েই সিহঁতে অনুভৱ কৰে বুজিও নুবুজা এক পুলক— কিজানি তাই এইমাত্ৰ ফুৰাই থকা মুহুৰাটোৰ সূতাখিনি যিখন গামোচাত সোমাব সেইখন গমোচা ভুলতে হ’লেও যদি তাই তাকেই দি দিয়ে! প্ৰেমিকবোৰ আহে আৰু পদূলিটোৰে অলপদূৰ পাৰ হৈ পুনৰ উভটি গুচি যায়…৷

ইফালে কিমান “চেনেহী”য়ে নিশা চাটিফুটি কৰি কল্পনা কৰে— “চেনাইধনে সেই চাপৰটো এইবাৰৰ পৰা কেৱল মোৰ বাবেই বাওক, কেৱল মোৰ বাবেই বাওক!”

এইবোৰ আমাৰ পিতাইহঁতৰ দিনলৈকে থকা কাহিনী; আমাক সৰুতে ককা-আইতাহঁতে কৈছিল, সাধু কোৱাৰ চলেৰে৷ এতিয়াও কয়— জোকোৱাৰ চলেৰে৷ পিতাইহঁতে হয়তো মনতে আক্ষেপ কৰে, আজিকালি এইবোৰ নাই বুলি৷ কিন্তু মুকলিকৈ ক’বলৈ চাগে লাজ কৰে! কিন্তু আইতাহঁতে নাতিনিয়েকক ক’বলৈ লাজ নকৰে৷ সেইবাবে আইতাহঁতে কয়— “তহঁতৰ প্ৰেমবোৰ আজিকালি বজাৰত কিনিবলৈ পোৱা পাচলিৰ দৰে হ’ল, কিবা মন গ’লেই কিনা হৈ যায়, মন গ’লেই হঠাতে পেলাই বেলেগ এবিধ কিনা যায়!! তহঁতে বহাগৰ চেনাইধন-চেনেহীৰ হেঁপাহ কি বুজি পাবি! হেৰৌ, যদি হেঁপাহেই নাথাকে সেইবোৰ প্ৰেম হ’ব পাৰেনে? অদৰকাৰি বুলি জনা কাম এটাও যদি হেঁপাহত ৰ’ব নোৱাৰি দৰকাৰি বুলি কৰিয়েই থাকিবলৈ অহৰহ মন নাযায়, সেইবোৰ প্ৰেম বুলি কয়নে? পদূলিমুখেৰে গ’লে “তাইক” লগ পোৱা নাযায়, আনকি দেখাও পোৱা নাযায়, অথচ সেইপিনে এনেই হ’লেও বাৰে বাৰে গৈ থাকিবলৈকে মন যায়, সেইবোৰহে সঁচা মৰম! ঢোলটো ভালকৈ বজাব নাজান বাৰু নাই, কিন্তু কাৰোবালৈ হেঁপাহত এবাৰো সেইটো কান্ধত লৈ কেতিযাবা পাইছনে? অ’…, অকল পুৰস্কাৰ পাবলৈ ঢোলটো ষ্টেজত বজাবলৈ গ’লে কিডাল হ’ব? এইবোৰেই অতীজৰ সেই সঁচা প্ৰেম-পীৰিতিবোৰ নোহোৱা কৰিলে৷ তহঁতে নুবুজিবি! ….”

আইতাহঁতে কথাবোৰ কৈ যায়। শেষৰ পিনে তেওঁলোকৰ মনবোৰ সেমেকি উঠা যেন লাগে। সঁচাকৈয়ে তেওঁলোকে আঘাট পোৱা যেন লাগে, আজিকালিৰ পৰিস্থিতিবোৰ দেখি। হয়, মিছাও নহয়— তেওঁলোকে ভবা বহুতো কথাই সঁচা। দেখি-শুনিয়েইতো কৈছে কথাবোৰ। মোৰেই কাষৰ ৰুমৰ ল’ৰা এটাই যোৱা এঘাৰ মাহত সাতজনী প্ৰেয়সীৰ স’তে সম্পৰ্ক কৰিছে। এজনীৰ লগত সম্পৰ্ক কৰিয়েই কিবা এটা অজুহাত উলিয়াই কাজিয়া লগাই দিয়ে; আৰু তাই আঁতৰিবলৈ নাপাওঁতেই লাইনত থকা বেলেগ এজনীক ধৰি লয়। আৰু আগৰজনীয়েও খঙত আৰু জেদত তাক দেখুৱাবলৈকে নতুন এজন প্ৰেমিক খুব সোনকালেই বিচাৰি উলিয়ায়! খেলবোৰ চলি থাকে। তেওঁলোকৰ প্ৰেম হয়ো সোনকালে, ভাগেও সোনকালে। আজিকালি বহুতৰে বাবে আকৌ ফাৰ্ষ্ট-গাৰ্লফ্ৰেইণ্ড/ফাৰ্ষ্ট-বয়ফ্ৰেইণ্ডৰ লগতে বহুদিন ডেটিং মাৰি থকাটোৰ সমান লাজৰ কথা নাই! কিন্তু, এতিয়াও যে আইতাহঁতে কোৱা সেই হেঁপাহবোৰ সকলোতে শেষ হৈ যোৱা নাই সেইটো মই তেওঁলোকক কেনেকৈ বুজাওঁ? অলপদিনৰ আগতে বান্ধৱী এজনীৰ বিচ্ছেদ হ’ব লগা হ’ল; তাই হিন্দু আৰু তাইৰ প্ৰেমিকজন আছিল মুছলমান। সিহঁতে যুঁজ কৰিবও নোৱাৰিলে, মাক-দেউতাককো এৰিব নোৱাৰে, আৰু মাক-দেউতাকক বুজাবও নোৱাৰিলে বা মাক-দেউতাকেও সমাজ নামৰ পোহ নমনা জন্তুটোক বুজাই ঘৰচীয়া কৰিবলৈয়ো সাহ কৰিব নোৱাৰিলে। সেইবাবে বিচ্ছেদ অনিবাৰ্য বুলি জানিয়েই সিহঁতে ভালভাৱে আঁতৰি গ’ল, কিন্তু তথাপি সিহঁতে সহিব পৰা নাই যন্ত্ৰণা। সোঁৱৰণীয়ে আমনি কৰিব বুলিয়েই তাই সাঁচি ৰখা কিছুমান বস্তু মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ বুলি মোকো লগতে লৈ গ’ল, ঠেৰুছিগা জীৱনত সামান্য সাৰথি কৰি…। তাই পেলাবলৈ লৈ যোৱা কাৰ্টনটোত কিনো আছে বুলি মইয়ে জোৰ কৰি খুলি চাই বস্তুবোৰত দেখিলোঁ— সিহঁতে একেলগে আনুৰাধা-চিনেমেক্সত চিনেমা চাবলৈ যোৱাৰ স্মৃতি হিচাপে টুকুৰা টীকটবোৰ; প্ৰেমিকজনে দিয়া চকলেটৰ গোটেই বাকলিবোৰ; দুয়োটাই “কাজিয়া” লাগি ভঙা কলমবোৰ আৰু এটা ম’বাইলৰ ভগা টুকুৰাবোৰ; KFC-Barbeque Nation ৰ পৰা আনি দিয়া খাদ্যৰ পুৰণা পেকেটবোৰ, প্ৰেমিকজনৰ CSIR-NETৰ চাৰ্টিফিকে’টখন অহা খামটো, গিফ্ট-পেপাৰবোৰ…. এইবোৰেই ভৰি আছিল তাইৰ মধুৰ স্মৃতিৰ বাবে বহু মূল্যৱান বস্তুৰ দৰে সাঁচি ৰখা সেই কাৰ্টনটোত…! লগৰে কাৰোবাৰ কথা বুলি এইবোৰ বাৰু আইতাহঁতক ক’ব পৰা যায়…। কিন্তু নিজৰে কথাবোৰনো তেওঁলোকক কেনেকৈ বুজাই কওঁ— যে এতিয়াও হেঁপাহবোৰ একেই আছে, মাথোঁ ই ঢোলটোতে, বিহুৱানতে বা পদূলিমূৰটোতে সীমাবদ্ধ হৈ থকা নাই!! তাহানি চেনাইধনে চেনেহীৰ পদূলিৰ মূৰেৰে দিনটোতে বাৰে যোৱাৰ দৰে আমিও দিনটোতে শতবোৰ যাওঁ আমাৰ হেঁপাহৰ গৰাকীৰ পদূলিমূৰলৈ— মাথোঁ এতিয়া আমি যাওঁ ডিজিটেল পদ্ধতিৰে। একো লাভ নহয় বুলি জানিও আমি ফেচবুক প্ৰফাইলটোকে বাৰে বাৰে চাওঁ… দিনটোত শতবাৰ। পূৰ্বৰ একেখিনি পৃষ্ঠাই ওলাব বুলি জানিও আমি তেওঁৰ নামটো গুগলত চাৰ্চ কৰি চাওঁ… দিনটোতে বহুবাৰ…। একেখন ফটো এবাৰ ডাউনল’ড কৰি থ’লেই হৈ যায়, কিন্তু তাকেই বাৰে বাৰে ডাউনল’ড কৰি চাওঁ অবাধ্য মনক শাসন কৰিব নোৱাৰি…। তাহানি পদূলিৰ মূৰেৰে এনেই টিলিঙাটো বজোৱাৰ দৰে, আজি আমি ক’ৰবাত লাইক এটাকে এনেই মাৰি থৈ যাওঁ…, যদিও আমি জানো ৪০০-৫০০ লাইকৰ মাজত আমাৰ লাইকটো মনেই নকৰে বুলি…। বিহুৱান বা ঢোলৰ চাপৰটোৰ সলনি আমি মেছেজ এটাকে দি যাওঁ— “বিহুৰ ওলগ যাঁচিলোঁ” বুলি…। বেছি মেছেজ দিবলৈয়ো ভয়, ব্লক কৰি দিলে পদূলিৰ মূৰেৰে পাৰ হৈ এবাৰ চাই যোৱাৰ দৰে প্ৰফাইলটো এবাৰ চোৱাটোও মুদা মৰিব বুলি…। এইবোৰ একো লাভ নাইকীয়া অদৰকাৰি কাম যদিও এইবোৰকে আমি বাৰে বাৰে কৰোঁ দৰকাৰি কামৰ দৰে…। এইবোৰ কথা আইতাহঁতক মই কেনেকৈ কওঁ? যদি তাহানিৰ সেই অনুভৱবোৰ এতিয়াও আছে বুলি গৌৰৱতে আইতাহঁতে পিতাইক কৈ দিয়ে কথাবোৰ? আৰু যদি পিতাইয়ে ম’বাইলটো কাঢ়ি লৈ থৈ দিয়ে কথাবোৰ শুনি? তাহানিৰ দেউতাকসকলে পুতেকৰ চাইকেলখনত তলা লগাই ওলাই যাব নোৱৰা কৰি থোৱাৰ দৰে! তেতিয়াটো সকলো মুদা মৰিব..! কেনেকৈ ঘণ্টা ঘণ্টা মই চাম তেওঁৰ প্ৰফাইলটো? কেনেকৈ গুগলত চাৰ্চ কৰিম তেওঁৰ নামটো? দিনটোত বাৰে বাৰে…। লেপটপত নেট খুলিলে ডাটা সোনকালেই শেষ হৈ পৰে? আৰু পিতাইয়ে যদি লেপটপটোও ঘৰতে ৰাখি থৈ দিয়ে? ল’ৰাটো ধ্বংস হ’ব বুলি? তেতিয়া মোৰ কি হ’ব? সহ্য কৰিব পাৰিমনে মুহূৰ্তবোৰ? ইউনিভাৰ্চিটিত এমটেক কৰি আছোঁ, প্ৰেমত পৰি অবুজ হৈ বাগৰি পৰিলেও পুনৰ উঠি কামত লাগো কেৰিয়াৰ গঢ়িবৰ বাবে, এতিয়া আৰু নিজক ধ্বংস কৰি দিয়াৰ বয়স নাই, বুজি পাওঁ এতিয়া জগতক। তথাপি পিতাইৰ মানত মই এতিয়াও সৰু ল’ৰাই! গতিকে কথাবোৰ শুনিলে পিতাইয়ে ম’বাইলটো কাঢ়ি ল’বই ল’ব। সেইবাবে আইতাহঁতক মই কথাবোৰ বুজাই ক’ব নোৱাৰোঁ। তেওঁলোকে নুবুজাকৈয়ে থাকি যাব— যে অবুজ হেঁপাহবোৰ এতিয়াও শেষ হৈ যোৱা নাই, যে ঢোলটো কান্ধত নল’লেও বহাগে মোক মতলীয়া নকৰাকৈ থকা নাই। কিমান অসহ্য লাগিনো এতিয়াই ইমানদিন আগতে বিহু বুলি ঘৰ ওলাওহিনে? আনন্দমুখৰ ঘৰখনত কিছু শান্তি পাম বুলি! কিমান হেঁপাহ কৰিও এবাৰো লগ পাবলৈ নাপাই, এই বসন্তৰ আগমুহূৰ্তৰ কুঁহিপাতবোৰৰ উৎসাহতকৈ সৰিবলৈ অপেক্ষা কৰা পাতবোৰেহে যে মোক বেছিকৈ আমন্ত্ৰণ জনাই আছে, সেই কথাওনো আইতাহঁতক মই কেনেকৈ জনাওঁ??

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments