বিহু : এক আলোকপাত (লোচন কৌশিক)

বিহু : এক আলোকপাত

লোচন কৌশিক
এক কথাত ক’ব পাৰি যে বিহু হৈছে অসমৰ প্রাচীনতম, পৰম্পৰাগতভাৱে চলি অহা এক কৃষিভিত্তিক উৎসৱ। নলিনীধৰ ভট্টচাৰ্যৰ মতে “বিহু উৎসৱৰ ঘাই লক্ষ আছিল পৃথিৱীক শস্যগৰ্ভা কৰা। বিহুৰ এটি লেখত ল’বলগীয়া ঐতিহ্য এই যে বিহুত আমি কোনো সাম্প্রদয়িকতা বা ধৰ্মীয় গোড়ামীৰ স্থান দেখিবলৈ নাপাওঁ।”
বিহুৰ পৰা যে গাঁৱলীয়া সমাজক কোনোপধ্যেই বাদ দিব নোৱাৰি এই কথা বিশিষ্ট লোক – কলাৰ সাধক হেমাংগ বিশ্বাসৰ ভাষাৰেই প্রকাশ কৰা যাওক। তেখেতে কৈছিল “অসমৰ ৰজা মহাৰজা সকলৰ সুদীৰ্ঘ ইতিহাস লিপিবদ্ধ হৈছে বুৰঞ্জীত। আনহাতে অসমৰ গঞা জীৱনৰ, কৃষি সমাজৰ বিভিন্ন অলিখিত ইতিহাস সিঁচৰতি হৈ আছে বিহু সংগীতত।” তেখেতে আৰু কৈছিল “যি নাই বিহু গীতত সি অসমত; যি নাই অসমত সি নাই বিহু গীতত।”
বিহু হৈছে এক মহা সমন্বয়ৰ সংস্কৃতি, অসমীয়া জাতিৰ দাপোণ, বাপতি সাহোন । কিন্তু আগৰ দৰে সেই বিহু আজি নাই । আৰু আজিৰ এই একৈশ শতিকাত আমি পাঁচশ বছৰ আগৰ বিহুৰ ৰূপ বিচৰাটোও ভুল হ’ব। কিয়নো সময় সদায় পৰীৱৰ্তনশীল আৰু সময়ৰ লগে লগে আমাৰ বিচাৰ বিবেচনা, মানসিকতাও সলনি হোৱা স্বাভাবিক। আজি আমি সকলো দিশতে আধুনিক হৈছোঁ; গতিকে আমি বিচাৰোঁ বিহুৰো আধুনিকীকৰণ। কিন্তু বিহুগীতত কেইবিধমান আধুনিক যন্ত্র – সংগীত সংগত কৰিলেই ই আধুনিক হৈ নপৰে। বিহুত আধুনিকতাৰ লেবেল লগাই যি কৃত্রিমতা আনি দিয়া হৈছে সেয়া নিশ্চয় আমাৰ কাম্য হ’ব নোৱাৰে। আজি আমি দেখিবলৈ পাইছোঁ যি বিহু কৃষি সমাজত জন্ম হৈছিল সেই বিহু নগৰ-চহৰৰ মঞ্চত উঠিছে । আনকি গাঁৱলীয়া অঞ্চলতো ই মঞ্চৰ বাদে আন ঠাইত দুর্লভ হৈ পৰিছে। ইয়াৰ লগে লগে বাঢ়ি গৈছে চান্দা তোলাৰ অপসংস্কৃতি আৰু এই বিহু পৰিৱর্তিত হৈছেগৈ কোনো কোনোৰ বাবে এক বৃহৎ ব্যৱসায়। ইয়াতকৈও অতি লজ্জাজনক তথা দুখৰ কথা হ’ল – বিহুৰ প্রতি আমাৰ অনীহা। আমাৰ সৰহ সংখ্যক যুৱকে ভাল পায় – METEL, RAPE SONG ইত্যাদি ইত্যাদি । মই গুৱাহাটীত বৰ্তমান ছাত্রাবাস এখনত থাকি অধ্যয়ন কৰি আছোঁ । ছাত্রাবাসৰ কেইজনমান লৰাৰ আগত বিহু গীত বজালেই , সিহঁতে মোক ঠাট্টা কৰে অথবা গান বন্ধ কৰিবলৈ কয় । সিহঁতৰ চিন্তাধাৰা শুনক আকৌ – বিহু গান ও শুনে নেকি !!! আমাৰ জাতিটোৰ বাবে ইয়াতকৈ লজ্জাজনক কথা কিবা হ’ব পাৰে নেকি বাৰু !!
আমি এই বিহুক বিশ্বৰ দৰবাৰত প্রতিষ্ঠিত কৰাবলৈ প্রচেষ্টা কৰা উচিত। কিন্তু আমাৰ জাতিটো ইমান ঠেক মনোবৃত্তিৰ যে আমি আচলতে অসমীয়া হোৱাৰ যোগ্য নহয়। ২০০৫ চনত কেইজনমান উদ্যোগী যুৱকে পোন প্রথমবাৰৰ বাবে “আয়া বিহু ঝুমকে” নামেৰে এখন হিন্দী বিহু গীতৰ কেছেট সমগ্র ভাৰতবর্ষতে মুক্তি দিছিল। য’ত নাছিল কোনো উচ্ছৃংখলতা, এয়া নিশ্চয় শলাগ ল’বলগীয়া কাম। কিয়নো এনে প্রচেষ্টাৰ জৰিয়তে আমাৰ বিহুৱে বিস্তৃতি লাভ কৰিব । কিন্তু কি হ’ব বিখ্যাত ! বিখ্যাত !! অসমীয়া !!! সমালোচকসকল যেন হাতত কাগজ কলম লৈ সাজু হৈ থাকে ক্রিটিচাইজ কৰিবলৈ ।নিশ্চয়কৈ আমি আমাৰ মনবোৰক বহল কৰাৰ প্রয়োজন আহি পৰিছে।
ইমানবোৰ টনা আজোৰাৰ মাজত এটা আশাৰ সঞ্চাৰকাৰী খবৰ হ’ল যে বিহুক সর্বভাৰতীয় প্রেক্ষাপটত প্রতিষ্ঠা কৰিব বিচৰা অসমীয়া সকলে যেন কিছু পৰিমানে সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত সৰ্বপ্রথমে নাম লব লাগিব মাননীয় খগেন গগৈ দেবৰ । এখেতে ইতিমধ্যে পৃথিবীৰ বিভিন্ন দেশত বিহুনাম পৰিৱেশন কৰি সফলতা ও খ্যাতি অৰ্জন কৰিছে । অলপতে আগশাৰীৰ জনপ্রিয় টিভি চেনেল MTV য়ে আয়োজন কৰা COKE STUDIO নামৰ ফিউজন অনুষ্ঠানটিত ভাৰতৰ বিখ্যাত সংগীতজ্ঞ শংকৰ মহাদেবনৰ লগত খগেন গগৈদেৱে বিহু পৰিবেশন কৰি বিহুৰ মূল্য পুনৰ প্রতিপন্ন কৰাত সফল হয় । খগেন গগৈৰ লগতে অনুষ্ঠানটিত অসমৰ বিহু সম্রাট খগেন মহন্তৰ সুযোগ্য সন্তান অংগৰাগ মহন্তৰো অৰিহনা প্রণিধানযোগ্য ।
এয়া সময়ৰ তাগিদা। এনেধৰনৰ আধুনিকীকৰন আমি নিশ্চয় মানি লব লাগিব । কেৱল ৰক্ষণশীল হৈ আঁকোৰগোজ মনোভাব লৈ থাকিলে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। সময়ৰ লগত খোজ মিলাই যোৱাটোৱেই পৃথিৱীৰ নিয়ম। এয়া কোনো অপসংস্কৃতি নহয়। ইয়াতকৈ ডাঙৰ অপসংস্কৃতি আমাৰ চাৰিওপিনে বিৰাজ কৰি আছে। গতিকে আজি সময় থাকোতেই আমি আমাৰ মনবোৰক, পৰিৱেশক শুদ্ধ পথেৰে নিব নোৱাৰিলে এদিন অকল বিহুৱেই নহয় সমগ্র জাতিটোৱেই বিলুপ্ত হৈ যাব লাগিব। সেয়েহে আহক আমি আজিয়েই সংকল্প লও অপসংস্কৃতিক বন্ধ কৰাৰ আৰু বিহুক পুনৰ লৈ যাওঁ দূৰ দিগন্তলৈ। য’ত থাকিব কেৱল উলহ–মালহ, আনন্দ আৰু একতা ।
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments