বিহু গীতৰ স্বকীয়তা সংৰক্ষন অসমৰ শিল্পীৰ নৈতিক দায়িত্ব : প্রিয়ংকু নাৰায়ন বৰুৱা

 

বিহু অসমীয়াৰ বাপতি সাহোন।এই বিহু সংস্কৃতিৰ পৰম্পৰা ঐতিহ্য সংৰক্ষনৰ দায়িত্ব প্রতি অসমীয়াৰ।সেয়া নিশ্চয় বাৰে বাৰে কোনোৱে সোৱঁৰাই দিবলগীয়া বিষয় হোৱাটো উচিত নহয়।অন্যার্থত আপোন সংস্কৃতিৰ সংৰক্ষনৰ দায়িত্ব আপোনাৰ বুলি ক’বলগীয়া হোৱাটো নিত্যান্তই লজ্জাজনক অধ্যায় আখ্যায়িত হ’ব।কিন্তু কার্যত:অসমত সেয়াই ঘটে যিবোৰ সততে ঘটিব নালাগে।পৰিৱর্তিত সময়ত স্বাভাৱিক পটভূমিত পথাৰৰ বিহুৱে মঞ্চ বিহুৰ ৰূপ পৰিগ্রহন কৰিছে,ই এক সৰল প্রক্রিয়া।হয়,সংস্কৃতিক চেতনাৰ পৰিশীলিত আৰু পৰিমার্জিত বিন্যাস সাপেক্ষে যি পৰিৱর্তন হয় তাক অগ্রাহ্য কৰাটো কট্টৰ পন্থী চিন্তা হ’ব কিন্তু যদি মূল বা শিপা বিচ্ছিন্নতা অভিমুখী হয় তেন্তে তাক অগ্রাহ্য কৰি শিপা কটকটীয়া কৰাৰ দায়িত্বও কিন্তু প্রতিজন সংস্কৃতিপ্রেমীয়ে লব লাগিব?বিগত প্রায় এটা দশকৰ পর্যবেক্ষনৰ অন্তত: আমি এটা সিদ্ধান্তত উপনীত হৈছো যে অসমৰ বিহুৰ ঐতিহ্য সম্প্রতি অৱনমিত হোৱাৰ পথত।বিহুগীতৰ নামত বিহুসুৰীয়া নৃত্য-গীতৰ ভি.চি.ডি তৈয়াৰ কৰি অসমৰ নৱপ্রজন্মক ভিন্ন ৰূপত চিনাকি কৰাই দিয়া হৈছে আপোন সংস্কৃতিৰ সৈতে।তাহানিৰ জনপ্রিয় বিহু গীতবোৰৰ অধিকাংশই এলাগী হৈ পৰিল নতুন প্রজন্মৰ তালিকাত।যি সকলে দুই এটা পুৰণি জনপ্রিয় গীত পৰিৱেশনৰ প্রয়াস কৰে তেওঁলোকক নিৰাশ কৰে উচ্ছৃংখল দর্শক এচামে।এক কথাত আপোন সংস্কৃতিৰ বিজতৰীয়া ৰূপ সৃষ্টিত শিল্পী,দর্শক,কলা-কুশলী সকলোৱে হাত উজান দিয়াটো সবাতোকৈ পৰিতাপৰ বিষয় বিবেচিত হৈছে।সম্প্রতি বিহু মঞ্চ আৰু কোনো বাণিজ্যিক প্রতিষ্ঠানৰ দ্বাৰা “commercial promo”ৰ উদ্দেশ্যে আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ যেন পার্থক্য নোহোৱা হ’ল।লক্ষনীয় আৰু চিন্তনীয় নহয়নে! অপৈনত বয়সতএমাহজুৰি বা তাতোধিক সময় চলি থকা [জুনৰ প্রথম সপ্তাহ পর্যন্ত চলি থাকে কোনো কোনো ঠাইত বহাগী বিদায়?] বিহু মঞ্চ আখ্যায়িত বিভিন্ন মঞ্চত উদ্দাম নৃত্য গীতৰ অনুষ্ঠান সমূহ পুৱতি নিশা পর্যন্ত উপভোগ কৰি চালুকীয়া আনন্দ পোৱা যায় যদিও গভীৰ ভাৱে চিন্তা কৰিলে দেখা যায় যে অসমৰ সংস্কৃতিক সৎকাৰ কৰাৰ অঘোষিত প্রতিযোগিতাত যেন নামি পৰিছো আমি সকলোৱে।কি যুক্তিত চলি থাকিব লাগে মঞ্চ বিহুৰ নামত তথাকথিত এনে সাংস্কৃতিক অনুষ্ঠান সমূহ ডেৰ-দুইমাহ পর্যন্ত?অসমৰ বহাগ বিহু সাতদিনহে উদযাপিত হয়!কথাটো আমি পাহৰিলো নেকি?কিহৰ তাড়নাত সুদূৰ মুম্বাইৰ শিল্পী লক্ষাধিক টকা ব্যয় কৰি এৰাতিৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে আনিব লগীয়া হয়?অসমৰ থলুৱা গীত বাদ্য,শিল্পী কলা-কুশলীৰ অভাৱ নেকি? সাংস্কৃতিক অনুষ্ঠানবোৰ কিয় আৰম্ভ হয় দহ বজাৰ পিছতহে,কিয় চলে পুৱতি নিশালৈ?সদ অর্থত ক’বলৈ হ’লে অসমৰ বিৰাট সম্ভাৱনা পূর্ণ সংস্কৃতিৰ সংৰক্ষনৰ বাবে সুচর্চা আৰু সু পৰিকল্পনা সহ এক সাংস্কৃতিক জাগৰণৰ প্রয়োজনীয়তা আছে।অসমৰ কলা-কুশলী,শিল্পী আৰু দর্শক সকল হ’ব লাগিব ৰূপান্তৰৰ মন্ত্রেৰে দীক্ষিত।নৈতিক অর্থত আক্ষেপ হয়; যি সকলৰ হাতত অসমৰ মহান সংস্কৃতি ৰক্ষাৰ গুৰু দায়িত্ব অর্পিত সেইসকলক আকৌ কোনোৱে কিয় সকিঁয়াই দিবলগীয়া হ’ল তেওঁলোকৰ কৰণীয় কি? আমি আশা কৰিম,অসমৰ মাটি-পানী-বায়ুৰ গোন্ধ সংপৃক্ত শব্দবোৰৰ সংস্পর্শত পৰিপূর্ণ হৈ উঠক হৃদয়, জীপাল হৈ উঠক অসমীয়া মন-প্রাণ।আপোন বিহুটিৰ সময়ছোৱাত অন্তত:অন্তৰ খোলা পৰিবেশত প্রাণভৰি আপোন কৃষ্টি-সংস্কৃতি গীত-বাদ্যৰ চর্চা হওঁক।এনে বহু ইতিবাচক পদক্ষেপ গ্রহনেৰে বিতাড়িত কৰা হওঁক নেতিবাচক সংর্কীণতা,খাম খেয়ালি। সকলোৱে সংকল্প লওঁক আপোন কৃষ্টিৰ সুস্থ বিন্যাসৰ হকে।।

প্রসংগক্রমে উল্লেখনীয় যে শেহতীয়াকৈ অসমত আলফাই হিন্দী নৃত্য-গীতৰ অনুষ্ঠান বিহু মঞ্চত পৰিৱেশনত বাধা আৰোপ কৰাক লৈ বিভিন্ন মহলত সৰৱ চর্চা চলিল।ব্যক্তিগত নিউজ চেনেল কেইটাই বিশিষ্ট বুদ্ধিজীৱি,সাহিত্যিক,শিল্পী,পণ্ডিত শ্রেষ্ঠৰ বৰ বৰ হৰফৰ মন্তব্য প্রচাৰ কৰিলে।কিন্তু এই পৰিস্থিতিৰ উদ্ভৱ হ’ল কিয়?আবেগ সর্বস্ব অসমীয়াৰ তথাকথিত আবেগৰ তাৎক্ষনিক বহি:প্রকাশৰ নামান্তৰ নহয়নে?যদি মানি লোৱা হয় যে নিষিদ্ধ ঘোষিত আলফাৰ সেনাপ্রধানৰ আহ্বান শিল্পীসত্বাৰ অপমান,শ্রুতলিপি প্রদান অনৈতিক আৰু শিল‌পীৰ স্বাধীনতাত হস্তক্ষেপৰ অপপ্রয়াস তেন্তে এয়াও নিশ্চয় সমীচিন নহয় যে বিহুৰ দিনাখন দৈ,চিৰা-লাৰু পিঠাৰ সলনি পোলাও-মাংস খোৱা সদৃশ কাৰবাৰ চলক! হয়,এগৰাকী শিল্পীৰ পৰিধি কোনো বিশেষ গণ্ডীত আৱদ্ধ নহয়।অসমৰ শিল্পীয়ে অন্য ভাষাটো গীত গাই অসমৰ নাম যশ বৃদ্ধি কৰাটো অসমৰ বাবেই গৌৰৱৰ বিষয়।জনপ্রিয় শিল্পী জুবিন গার্গৰ হিন্দী গীত সমূহ ৰাষ্ট্রীয় প্রেক্ষাপটত সমাদৃত হৈছে, সেয়া নিশ্চয়কৈ আনন্দৰ খবৰ।শিল্পীয়ে ভিন্ন ভাষাত গীত গাব পাৰে,তাহানি ড০ ভূপেন হাজৰিকাদেৱেও একাধিক ভাষাত গীত লিখিছিল,গাইছিল।কথা হ’ল আলফাই হিন্দী নৃত্য-গীতৰ অনুষ্ঠান বিহু মঞ্চত নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰাৰ প্রয়োজন আহিল হেতেন নে যদিহে জনপ্রিয় শিল্পী কলা-কুশলী সকলোৱে মিলি এক উমৈহতীয়া আলোচনাৰ মাজেৰে ইতিপূর্বেই জাতিটোৰ বৃহত্তৰ স্বার্থত সিদ্ধান্ত ললে হেতেন যে বিহু অনুষ্ঠানত অন্তত: অসমীয়া গীত-মাত,থলুৱা সংস্কৃতিৰ চর্চা কৰিব।।বিভিন্ন সময়ত একাংশ অভিজ্ঞ শিল্পীয়ে যদিও বিহু মঞ্চত অসমীয়া গীত-মাত,থলুৱা সংস্কৃতিৰ চর্চা কৰাৰ দাবী কৰিছিল সেই আহ্বানে আজিও সহাঁৰি নাপালে?ভাবি আচৰিত হওঁ কিদৰে আমি অসমীয়াই বছৰৰ বিহুটোও বাণিজ্যকীকৰণৰ সমল ৰূপে প্রক্ষেপিত হোৱা দৃশ্য চাই থাকিব পাৰিছো নীৰৱ-নিতাল ভাৱে? ইমানেই বিকলাংগ হৈ পৰিলনে আমাৰ চিন্তাশৈলী?এটা অঞ্চলত বছৰৰ বিহুটো সকলোৱে মিলি কেন্দ্রীয়ভাৱে উদযাপন কৰিব কিয় নোৱাৰি?খেল ভেদে এটা অঞ্চলত যিদৰে ভিন্ন নামঘৰ হ’ল ঠিক সেইদৰে এটা সৰু অঞ্চলতে আজিকালি ৰুচিভেদে,আয়োজকৰ মত ভেদে,বয়স ভেদে বহুকেইখন বিহু পতা হয়? একেখিনি মানুহৰ পৰাই বাৰে বাৰে বৰঙনি সংগ্রহ কৰা হয়?এইবোৰ নেকি অসমীয়া সমাজৰ ঐতিহাসিক মূল্যবোধ সংৰক্ষন,সম্প্রীতিৰ নিদর্শন?জাতিটোৰ সংকটৰ সর্বদিশৰ আগ্রাসী ক্ষণত নিজৰ মাজত খোৱা কামোৰাৰ অর্থ জাতি ধ্বংসী যজ্ঞত পূর্ণাহুতি দিয়া সদৃশহে হ’ব।অসমৰ শিল্পী সকলে জাতিৰ গৌৰৱ আমাৰ সংস্কৃতিৰ যথার্থ মূল্যায়নৰ তাগিদা হুদয়ৰে অনুভৱ কৰিলে নিশ্চয় আলফাৰ
শ্রুতলিপিৰ প্রয়োজনেই নাথাকিব।।

 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক