বিহু নাচ, বিহু গীত, ঢেকী, তাঁতশাল ইত্যাদি – কিছু ব্যক্তিগত চিন্তা (প্ৰতিম প্ৰতাপ বৰুৱা)

আজিকালি বিহুটো বিহু গুচি ডিস্ক’ হে হ’ল। আজিকালিৰ ল’ৰা-ছোৱালীয়ে পিঠা-পনা চিনি নোপোৱা হ’ল। গছতলৰ বিহুৱে মঞ্চ পালেগৈ। বাপতিসাহোন বিহুনাচটোও কেনেকৈ নাচিব লাগিব তাৰ ওপৰত নিয়ম-নীতি বান্ধি দিয়া হ’ল। গাঁৱত অজিকালি ঢেকীৰ মাত, তাতশালৰ মাত শুনিবলৈ নাইকিয়া হ’ল। আগতে বিহু বুলি যিটো স্বতঃফূৰ্ত আনন্দ লাগিছিল সেইটো আজিকালি নোহোৱা হ’ল। বিহুটো বাণিজ্যকৰণ কৰা হৈছে। টকা দিলেই পিঠা-পনা, কপৌফুল সকলো পায়। ইত্যাদি ইত্যাদি। বিহুটো ওচৰ চাপি অহাৰ লগে লগে এইবোৰ কথাও শুনিবলৈ পোৱা যায়।

আমি ভাবোঁ বিহু এতিয়াও বিহুয়েই হৈ আছে আৰু থাকিবও। বিহুটো বিহু গুচি ডিস্ক’ হোৱা নাই। আগৰ গছতলৰ বিহুনাচ আৰু আজিৰ মঞ্চৰ বিহুনৃত্যৰ মাজত অলপ হ’লেও পাৰ্থক্য থাকিবই। আগৰ গছতলৰ বিহুনাম আজিকালিৰ মঞ্চত বিহুগীত হ’বই। এটা সংস্কৃতি সময়ৰ সৈতে পৰিবৰ্তন বা উৎকৰ্ষ সাধন হ’বলৈ নিদিয়াকৈ জোৰ-জবৰদস্তি ধৰি ৰাখিবলগীয়া বস্তু নহয়। পৰিবৰ্ত্তনশীল সময়ৰ লগে লগে এটা সংস্কৃতিৰো পৰিবৰ্তন আৰু উৎকৰ্ষ সাধন হবই। সেয়া অৱশ্যম্ভাৱী আৰু প্ৰয়োজনো। উদাহৰণ হিচাপে চকাৰ আবিস্কাৰে প্ৰথম বাৰৰ বাবে মানৱ সভ্যতাক এটা গতি দিলে। তাৰ পিছত আহিল জন্তুৱে টনা গাড়ী, তাৰ পিছত আহিল যন্ত্ৰচালিত গাড়ী। যন্ত্ৰচালিত গাড়ীবিলাকৰো আগৰ দিনৰ গাড়ীবিলাকৰ লগত আজিকালিৰ সাধাৰণ গাড়ীবিলাকৰে বহুত প্ৰাৰ্থক্য আছে, অত্যাধুনিক গাড়ীবিলাকৰ কথাই নকও। কিন্তু হ’লেও গাড়ীখনৰ মূল বৈশিষ্ট্যখিনি আৰু উদ্দেশ্যখিনি একেই আছে। অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগে তাহানিৰ জন্তুৱে টনা গাড়ীখন বেছি আৰামদায়ক, সুৰক্ষিত, আকৰ্ষণীয় আৰু বেগী কৰি তুলিছে। ঠিক তেনেদৰে আগৰ গছতলৰ বিহুনাচ আৰু বিহুনামে আজিৰ সময়ৰ আহ্বানত মঞ্চলৈ আহি বিহুনৃত্য আৰু বিহুগীতৰ ৰূপ ল’লে তাত বেয়া দেখিবলগীয়া একো নাই। মাত্ৰ যিমানেই মঞ্চলৈ নাহক, বিহুগীতত আৰু ঢোলৰ ছেওত আৰু পেঁপাৰ মাতত বিহুৰ মূল বৈশিষ্ট্য আৰু উদ্দেশ্যখিনি একেই থাকিব লাগিব। পৃথিৱীৰ য’তে হ’লেও সেই গীত, নৃত্য আৰু সেই ঢোল-পেঁপাৰ মাতে অসমীয়াক টানি আনিব পাৰিব লাগিব। আৰু লগতে বিহুক মঞ্চলৈ অনাৰ নামত চান্দা তোলাৰ দৰে (অপ)সংস্কৃতিয়ে সমাজত গা কৰি উঠিব নালাগিব।

বিহু যৌৱনৰ উৎসৱ। পাহোৱাল ডেকাটোৰ বিহুতলী ৰজনজনাই যোৱা ঢোলৰ ছেওত পূৰ্ণযৌৱনা নাচনীজনীয়ে উদ্দাম গতিত নাচিছে – ইয়াতকৈ সুন্দৰ দৃশ্য অসমীয়াৰ বাবে আন কি হ’ব পাৰে? আজিকালি মঞ্চৰ বিহুনৃত্যলৈ বহুত নিয়ম-কানুন আহি পৰিল যদিও বিহুনৃত্যৰ সেই বিজ্ঞসকললৈ ক্ষমা ভিক্ষাৰে ক’ম যে বিহুৰ স্বত্ব:ফূৰ্ত আনন্দক সকলো সময়তে নিয়মৰ বান্ধোনেৰে বান্ধিব বিচৰাটো উচিত নহয়। তাৰ লগতে আমি এইটোও ক’ম যে বিহুনৃত্য এতিয়া এটা সাধাৰণ নৃত্য হৈ থকা নাই। যথেষ্ট কষ্ট কৰি, পদ্ধতিগতভাৱে শিকি, অনুশীলন কৰি দৰ্শকৰ সন্মুখত পৰিৱেশন কৰিব পৰা নৃত্য হৈ উঠিছে। গতিকে গছতলৰ বিহু মঞ্চলৈ আহিল বুলি শুচিবায়ুগ্ৰস্ততাত ভোগাতকৈ সেই নৃত্যক আমি অসমীয়া জাতীয় সংস্কৃতিৰ অন্যতম চিনাকীৰে জগত মঞ্চলৈ লৈ যাবলৈহে চেষ্টা কৰা উচিত।

বহুতে আক্ষেপ কৰে যে আজিকালি কুলিৰ মাতে বহাগৰ আগজাননী নিদিয়ে। হয়, সেই আক্ষেপ আমাৰো আছে। হাবি-বননি কমি আহিছে, কুলিয়ে কণী পাৰিবলৈ কাউৰীৰ বাহ বিচাৰি নোপোৱা হৈছে। কিন্তু আজিকালি গাঁৱত ঢেকী আৰু তাতশালৰ মাত শুনিবলৈ নাইকিয়া হ’ল – এই আক্ষেপটো সম্বন্ধে আমাৰ কবলগা আছে।

এই আক্ষেপটো কোনে কৰে? চহৰৰ মানুহে। চহৰৰ মানুহ কোনবোৰ? আমিবোৰ। আমি চহৰত কেনেকৈ থাকোঁ? কাপোৰ ধোৱা যন্ত্ৰ, শীত-তাপ নিয়ন্ত্ৰণ কৰিব পৰা যন্ত্ৰ, খোৱা বস্তু গৰমকৈ বা ঠাণ্ডাকৈ ৰাখিব পৰা যন্ত্ৰ, ভাত ৰান্ধোতে ওলোৱা ধোঁৱাখিনি তৎক্ষনাত ঘৰৰ বাহিৰলৈ উলিয়াই পঠিয়াব পৰা যন্ত্ৰ ইত্যাদি – এই সকলোবোৰ আমাক সকলো সময়তে লাগিবই। নহ’লে আমাৰ জীৱন অচল। আধুনিক প্ৰযুক্তিবিদ্যাই দিয়া এই সকলো সামগ্ৰী আমি নিতৌ আমাৰ জীৱন-যাত্ৰাত ব্যৱহাৰ কৰিম। তাৰ মাজতে বছৰেকত এদিন বা দুদিনৰ কাৰণে আমি কোনোবা গাঁৱলৈ ভ্ৰমণ-বিলাস কৰিবলৈ যাম। সেই দুদিন গাঁৱত আমি বিচাৰিম যে ৰাতিপুৱা ঢেকীৰ মাতে আমাৰ কাণ জুৰ পেলাওক। যাতে উভতি আহি চহৰৰ নিজৰ ঘৰৰ এয়াৰ কণ্ডিছন্দ কোঠাত আৰামকৈ বহি, জ্যুছাৰৰ সহায়ত উলিয়াই লৈ ফ্ৰীজত ঠাণ্ডা কৰি ৰখা এগিলাছ ফলৰ ৰস হাতত লৈ আমি গাঁৱত শুনি অহা ঢেকীৰ মাতৰ বিষয়ে কথা পাতি অলপ সময় বিলাসিতা কৰিব পাৰোঁ। আমি নিজে এয়াৰ কণ্ডিছন্দ গাড়ীত অহা যোৱা কৰিম। কিন্তু আমি বিচাৰিম যে গাঁৱত মানুহে গৰুগাড়ী ব্যৱহাৰ কৰি থাকক। কাৰণ আমি যেতিয়া বছৰত এবাৰ গাঁৱলৈ ভ্ৰমণ-বিলাসত যাম তেতিয়া সেই গৰুগাড়ীখনে আমাৰ চকু জুৰ পেলাব। আমি বছৰত মাত্ৰ এখন গামোচা (তাকো সজাবলৈ) ব্যৱহাৰ কৰিম। কিন্তু আমি বিচাৰিম যে গাঁৱলৈ ভ্ৰমণ-বিলাসত যাওঁতে তাতশালৰ শব্দই আমাৰ মনটো জুৰ পেলাওক। কিয়? কিয় এই স্ববিৰোধিতা? আধুনিক প্ৰযুক্তিৰ সহায়ত জীৱন-যাত্ৰাৰ মান উন্নত কৰাৰ অধিকাৰ মাত্ৰ চহৰৰ মানুহৰহে থাকিব, গাঁৱৰ মানুহৰ নথাকিব – এইটো কেনে ধৰণৰ কথা?

আমি গাঁৱলৈ গৈ ঢেকীৰ মান শুনা নাপালোঁ বুলি আক্ষেপ কৰাতকৈ এইবুলিহে আক্ষেপ কৰা উচিত যে আজিৰ দিনতো সেইখন গাঁৱত এটা ধানবনা কল নাই, যন্ত্ৰচালিত তাতশাল নাই। এতিয়াও সেইখন গাঁৱৰ মানুহে ইমান কষ্ট কৰি আৰু ইমান সময় নষ্ট কৰি ঢেকীতহে ধান বানি আছে, চিৰা খুন্দি আছে – এইটোহে আমাৰ আক্ষেপ হোৱা উচিত।

বহুতে বিহুটো বাণিজ্যকৰণ কৰা হৈছে হামৰাও কাঢ়ে আৰু টকা দিলেই পিঠা-পনা, কপৌফুল সকলো পায় বুলি ইতিকিঙৰ সূৰত কথা কয়। আজিৰ পৃথিৱীত সমগ্ৰ মানৱ জীৱনকেই বজাৰ অৰ্থনীতিয়ে নিয়ন্ত্ৰণ কৰে। তেনেস্থলত বিহুকুঁৱৰীৰ বা ঢুলীয়াৰ প্ৰতিযোগিতাত আৰ্থিক পুৰস্কাৰ দিয়া, পিঠা-পনা, কপৌফুল আদিৰ কিনা-বেচা হোৱাটোত আপত্তি কিয় থাকিব লাগে? আৰু পিঠা-পনা, কপৌফুল অদিৰ কিনা-বেচা কোনে কৰে? অসমীয়া মানুহেই নকৰে জানো? কোনোবা অসমীয়া ডেকাই ব্যৱসায়িক ভিত্তিত কপৌফুল উৎপাদন কৰি বিক্ৰী কৰিলে বা কোনোবা অসমীয়া নাৰীয়ে ব্যৱসায়িক ভিত্তিত বিহুৰ পিঠা-পনা-লাড়ু উৎপাদন কৰি বিক্ৰী কৰিলে আমি তেওঁলোকক উৎসাহ যোগোৱাৰ পৰিবৰ্তে কিয় “টকা দিলেই পিঠা-পনা, কপৌফুল সকলো পায়” বুলি ইতিকিং কৰিব লাগে? এনেকৈ ইতিকিং কৰাৰ পিছত যদি আমি কও যে অসমীয়া লৰা-ছোৱালীৰ ব্যৱসায় কৰাৰ মানসিকতা নাই তেন্তে ইয়াতকৈ বেছি স্ববিৰোধিতা আৰু কি হ’ব পাৰে?

শেষত থাকিল আন এটা সততে শুনিবলৈ পোৱা আক্ষেপ – আগতে বিহু বুলি যিটো স্বত:ফূৰ্ত আনন্দ লাগিছিল সেইটো আজিকালি নোহোৱা হ’ল। বাপতিসাহোন বিহুটিৰ স্বত:ফূৰ্ত আনন্দ নোহোৱা হ’ল বুলি ব্যক্তিগতভাৱে আমি বিশ্বাস নকৰোঁ। কাৰণ বিহুৰ স্বত:ফূৰ্ত আনন্দ উপভোগ কৰিবলৈ এটা সৰল, নিৰ্মল অসমীয়া মন লাগিব।

এসময়ত মানুহৰ ঘৰে-ঘৰে হুচৰি গাইছিলোঁ। সুবিধা পালে এতিয়াও গাম। জীৱনৰ ৪৩ টা বসন্ত পাৰ হৈ যোৱাৰ পিছতো এতিয়াও ঢোলৰ মাত শুনিলে মনটো নাচি উঠে, পেঁপাৰ মাতে এতিয়াও মোক প্ৰথম যৌৱনৰ দিনবোৰলৈ উভোতাই লৈ যায়। এতিয়াও গুণগুণাও – “পিৰিতি পিৰিতি পিৰিতি পিৰিতি মিঠা চিৰা দৈ, পিৰিতি পিৰিতি পিৰিতি পিৰিতি বোৱা বোৱতি নৈ, পিৰিতি পিৰিতি পিৰিতি ওৰে জীৱন থাকিব বৈ।”

সকলোকে আগন্তুক ৰঙালী বিহুৰ ওলগ জনালোঁ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

পুৰণি বিহু হুচৰি কেইটামান বিচাৰি নাপাইহে (শিকিম বুলি ভাবি) হাবাথুৰি খাইছো ।এইবোৰ লিখিবলৈ নোৱাৰি নেকি।।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক