বিহু – ভোগৰ উৎসৱ ভোগালী (নিবেদিতা হাজৰিকা)

Nibedita Hazarika

গিৰিৰাজ হিমালয়ৰ পৰা ওলাই অহা বৰলুইতৰ শীতল পানীয়ে অহৰহ চুই থকা অসমভূমিত বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ়ি উঠিছে সমন্বয়ৰ বাৰে ৰহণীয়া সংস্কৃতি। সেয়াই হ’ল বিহু। বিহু হ’ল ধৰ্মনিৰপেক্ষ ঋতু উৎসৱ। ঋতুৰ লগত সম্বন্ধ ৰাখিয়েই অসমত পালন হৈ আহিছে বিহু। বিহুৰ উৎপত্তি সম্পৰ্কে মতভেদ দেখা যায়। তাৰে জনপ্ৰিয় মতটো হ’ল যে ‘বিষুৱ’ শব্দৰ পৰাই বিহুৰ উৎপত্তি। আনহাতে আন এটা সবল যুক্তি মতে বিহু উৎসৱটো কৃষিজীৱী অষ্ট্ৰিক আৰু মঙ্গোলীয়সকলৰ সংস্কৃতিৰ পৰা আহিছে।

বিহুৰ উৎপত্তিৰ ক্ষেত্ৰত মতভেদ থাকিলেও এই কথাত কাৰো মতভেদ নাই যে অসমৰ তিনিওটা বিহুৱেই হ’ল কৃষি-কেন্দ্ৰিক ঋতু উৎসৱ। এই বিহুৰ লগত জড়িত হৈ আছে অসমীয়াৰ আবেগ-অনুভূতি, প্ৰেম-ভালপোৱা,ৰীতি-নীতি, আচাৰ-অনুষ্ঠান, জীৱন-যাত্ৰাৰ প্ৰণালী আৰু জাতীয় চেতনাবোধ। ঋতু আৰু কৃষিৰ লগত সামঞ্জস্য ৰাখি তিনিটা বিহুৱেই পালন কৰা হয়। শীতৰ অন্তত বসন্তৰ আগমনৰ লগে লগে অসমীয়া ৰাইজ সাজু হয় ৰঙালীক আদৰিবলৈ। চ’তৰ সংক্ৰান্তিৰ দিনা গৰুৰ বিহুৰে আৰম্ভ হয় ব’হাগ বিহু বা ৰঙালী বিহু। এই ব’হাগেই আনি দিয়ে কৃষিজীৱী ৰাইজৰ মনলৈ নতুন উদ্যমেৰে খেতিত নমাৰ প্ৰেৰণা। কাতি মাহত সাধাৰণতে খেতিয়কৰ ভঁৰাল উদং হয়। সেই বাবেই হয়তো কাতি বিহু সামান্য ভাৱে পালন কৰাৰ নিয়ম। এই বিহুত চোতালৰ আগত তুলসীৰ তলত চাকি জ্বলোৱাৰ লগতে ধাননি পথাৰতো চাকি,আকাশবন্তি আদি জ্বলোৱা হয়। কাতি বিহুৰ সময়ত গেঁৰ মেলিবলৈ ধৰা ধাননি পথাৰখন লাহে লাহে সোণোৱালী হ’বলৈ ধৰে আৰু আঘোণত লখিমী আদৰি আনি শইচেৰে ভঁৰাল ভৰাই কৃষিজীৱী ৰাইজ সাজু হয় মাঘ বিহু বা ভোগালীক আদৰিবলৈ। বহু কষ্টেৰে কৰা খেতিৰ ধান ভঁৰালত ভৰাই উৎপাদনৰ সফলতাত ৰাইজে সকলোৱে মিলিজুলি ভোজভাত খায় আনন্দ কৰে। সেয়ে মাঘ বিহুক ভোগালী বিহু বা ভোগ আৰু উলাহৰ উৎসৱ বুলি কোৱা হয়।

সূৰ্যই পুহ মাহৰ ধনু ৰাশি এৰি মাঘ মাহৰ মকৰ ৰাশিত প্ৰৱেশ কৰাৰ দিনা মকৰ সংক্ৰান্তি বা মাঘ বিহু পালন কৰা হয়। তাৰ আগদিনা উৰুকা। উৰুকাত ৰাইজে সমূহীয়াকৈ ভোজ-ভাত খাই আনন্দ কৰে। এই সমূহীয়া আনন্দই পৰোক্ষভাৱে সমাজত মিলা-প্ৰীতি বঢ়ায়, ঐক্য সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰি তোলাত সহায় কৰে। মাঘ বিহুৰ এটা বিশেষ নিয়ম হৈছে পুৱা সূৰ্য উদয় হোৱাৰ আগতেই মেজি জ্বলোৱাৰ নিয়মটো। কোনো কোনো ঠাইত সন্ধ্যাও মেজি জ্বলোৱা দেখা যায়। মেজি শব্দটো সংস্কৃত ‘মেধঃ’ বা ‘মেধ্য’ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে ‘হোম’। হোমযজ্ঞত যি দৰে বিভিন্ন নৈবেদ্যৰে আহুতি দিয়া হয় ঠিক সেইদৰে মেজি জ্বলোৱাৰ সময়তো পিঠা-লাড়ু,মাহ-কড়াই,তামোল-পাণ আদি আগবঢ়াই অগ্নিক সেৱা জনোৱা হয়।

বছৰৰ খেতি চপোৱাৰ পিচত চাৰিওফালে সুখ – স্বাচ্ছন্দ্যৰে ভৰি পৰে ; সেয়ে কৃষক সকলে আনন্দ মনেৰে ভোগালী বিহুত ভাগ ল’ব পাৰে। আনন্দমুখৰ পৰিবেশত সকলোৱে খেতিৰ নতুন শস্যৰে তৈয়াৰী বিভিন্ন ধৰণৰ পিঠা-পনা,জলপান আদি সুস্বাদু খাদ্য সম্ভাৰেৰে আলহী –অতিথিক আপ্যায়ণ কৰাটো ভোগালী বিহুৰ এক অন্যতম অংগ বুলিব পাৰি। বিহুৰ কিছুদিন আগৰে পৰাই গাঁৱৰ মহিলা সকলে উলহ-মালহেৰে এই খাদ্য সম্ভাৰ প্ৰস্ত্তত কৰাত ব্যস্ত হৈ পৰে। দুদিনমান আগৰে পৰাই গাঁৱৰ ডেকা সকলৰ মনতো উৎসাহৰ জোৱাৰ উঠে। তেওঁলোকেও মেজি সাজিবৰ বাবে, উৰুকাৰ ভোজ-ভাত খাবৰ বাবে বিভিন্ন কামত ব্যস্ত হৈ পৰে। উৰুকাৰ ৰাতি সকলোৱে মিলি এসাঁজ খাবৰ বাবে পাথাৰৰ মাজত খেৰ আৰু নৰাৰে ভেলাঘৰ সাজি উলিওৱা হয়। উৰুকাৰ দিনা এই ভেলাঘৰত নাম-কীৰ্ত্তন কৰাৰ লগতে ওৰে ৰাতি বিহু আদি গাই আনন্দ-ফূৰ্ত্তি কৰি কটোৱা হয় আৰু পিছদিনা মেজিৰ লগতে এই ভেলাঘৰো জ্বলাই দিয়া হয়। ফালি লোৱা শুকান কাঠ-বাঁহ,কেঁচা বাঁহ আদিৰে জাপ জাপকৈ বনোৱা মেজিৰ উপৰিও এডাল বাঁহত নৰা-খেৰ, কল-ঠৰুৱা,বাঁহৰ জেং আদি বান্ধি দ’লৰ আকৃতিৰ বহুত ওখকৈ মেজি সজা হয়। বিহুৰ দিনা সূৰ্য উদয় হোৱাৰ আগতে গা-পা ধুই মেজি জ্বলোৱা হয়। মেজি জ্বলোৱাৰ সময়ত… ‘অগ্নি প্ৰজ্বলিতং বন্দে চাৰ্তুব্বণ্য হুতাশনং । সুৱৰ্ণবৰ্ণং অমলং জ্যোতিৰূপায়তে নমঃ।।‘ এই মন্ত্ৰেৰে অগ্নিক প্ৰণাম কৰা হয় আৰু পিঠা,লাড়ু,তামোল-পাণ আদি অৰ্পণ কৰি সেৱা জনোৱা হয়। কোনো বৈজ্ঞানীক ভিত্তি নাথাকিলেও,মাঘৰ বিহুৰ আন এটা প্ৰচলিত নিয়ম হ’ল উৰুকাৰ দিনা ৰাতিয়েই ঘৰৰ বাৰীত থকা ফল-মূলৰ লাগনি গছবোৰ খেৰেৰে বন্ধা হয় । বিশ্বাস আছে যে এনে কৰিলে বছৰটো ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিব। মাঘৰ বিহুৰ আন কেইটিমান লেখত লব লগীয়া দিশ হ’ল –ম’হ যুঁজ, কণী যুঁজ,কুকুৰা যুঁজ ইত্যাদি। এই খেল-ধেমালিবোৰ অসমীয়া জাতীয় সংস্কৃতিৰ এৰাব নোৱাৰা অংগ তথা শাৰীৰিক উৎকৰ্ষ সাধনৰো পৰিচয়। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত মাঘ বিহুৰ উপলক্ষে হোৱা বুলবুলি চৰাইৰ যুঁজ এতিয়াও এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে। অসমৰ মাঘ বিহুৰ লগত প্ৰায় একে সময়তে পালন কৰা পঞ্জাৱৰ ‘লোহৰি’ আৰু দক্ষিণ ভাৰতৰ ‘পোংগাল’ উৎসৱৰ মিল দেখা যায়। এই দুয়োটাও প্ৰধানকৈ কৃষিভিত্তিক উৎসৱ।

সময়ৰ পৰিৱৰ্ত্তনৰ লগে লগে বিহুৰ নীতি-নিয়ম সমূহো কিছু এৰা-ধৰা কৰিব লগা হৈছে। তথাপিও এই আপুৰুগীয়া কৃষ্টি প্ৰতিজন অসমীয়াৰ তেজে তেজে প্ৰৱাহিত হৈ আছে। কেতিয়াবা বিহুক অপসংস্কৃতিয়ে গ্ৰাস কৰা বুলি সমালোচনা, বিতৰ্ক আদিৰ সূত্ৰপাত হ’লেও কিন্তু বিহুৰ লগত আমাৰ যি আত্মিক সম্বন্ধ সেয়া প্ৰতিজন অসমীয়া মাত্ৰেই অনুভৱ কৰে। জীৱন-প্ৰণালীৰ পৰিৱৰ্ত্তন আৰু বিভিন্ন সুবিধা-অসুবিধাৰ বাবে নগৰ অঞ্চলত বিহুৰ প্ৰকৃত নিয়ম সমূহ পালন কৰাৰ ক্ষেত্ৰত কিছু শিথিলতা আহি পৰিলেও কিন্তু একেবাৰে নোহোৱা হৈ যোৱা নাই ; নগৰ অঞ্চলত বাস কৰা ৰাইজেও নিজৰ সুবিধা আৰু সামৰ্থৰে যেনেকৈ পাৰে আজিও অতি আন্তৰিকতাৰে বিহু কেইটিক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টাত ব্ৰতী হৈ আহিছে। আনহাতে গাঁৱৰ ৰাইজে এই পৰম্পৰা এতিয়াও সুন্দৰ ভাৱে অটুত ৰাখিছে। বিহু হ’ল সমন্বয়ৰ উৎসৱ ; সেয়েহে বিহুৱে অসমত বাস কৰা সকলো ভাষা, ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। ব্ৰহ্মপুত্ৰই সকলো নৈ-উপনৈক নিজৰ বুকুত আঁকোৱালি লৈ মহাসাগৰক সমৃদ্ধ কৰাৰ দৰে বিহুৱেও সকলো সৰু-বৰ সংস্কৃতি সামৰি বিশ্বৰ আগত আমাৰ কৃষ্টিৰ বৰঘৰ সদায়েই শুৱনি কৰি ৰাখিব বুলি আমাৰ দৃঢ় বিশ্বাস।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments