বিহ্বল বসন্ত – মধু মণি কলিতা


মই নাজানো মোৰ খোজবোৰে
মোক ক’লৈ নি আছে
মই কেৱল গৈ আছোঁ
গৈ থাকিবৰ বাবে খোজ দিয়া হয় নে
খোজ দিয়াৰ খাতিৰত গৈ থকা হয়
এইকথা মই নাজানো, মুঠেই নাজানো!

মই মোৰ দৰে বুলি যদি পৃথিৱীয়ে
ভাবি নলয়
তাত মোৰ কি দোষ?
মই এনেও বুজি পাওঁ চিঁচাৰ দৰেই
এই জীৱনো বৰ ক্ষণভঙ্গুৰ৷

যেন এডাল শৃংখলত জোঁট খাই আছোঁ
যি নিৰন্তৰ মোৰ বাটৰ বিপৰীতে
টানি আছে মোক
অৱশ্যে এইটোও সঁচা
বৰ কঠিন হ’লেও
হাতৰ মুঠিতে মই হেৰুৱাই আছোঁ
শৃংখল চিঙাৰ অসংখ্যাত সহজ সুযোগ৷

লোৱা মোৰ হাতত ধৰি লৈ যোৱা মোক
এই বেগৱতী নদীৰ তুমুল উজানৰে
মই জানো কেৱল তুমিহে পাৰিবা
এই সোঁতৰ বিপৰীতে আগুৱাব
এদিন নি দেখুৱাব মোক
মোৰ ইচ্ছাৰ শেষ শান্ত প্ৰান্তৰ৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments