বিহ-উঃ! (ডলি কাকতি)

ৰাতিপুৱাৰে পৰা ল’ৰা-ছোৱালীহালে থেনথেনাই আছে বিহুৰ কাপোৰ কিনিবলৈ বজাৰলৈ নিব লাগে । দেওবাৰৰ দিনটো দহোবন সামৰি দুপৰীয়াৰ ভাতসাঁজখাই মেলি আজৰি হও মানে বেলা ভাটিয়েই দিয়ে । হওতে পাৰ্ট্-টাইম কাম কৰা বাইএজনী নথকা নহয় । পিছে তেখেতো মহীয়সী । ক্ষণে তুষ্ট , ক্ষণে ৰুষ্ট ! সপ্তাহটোৰ সাতোটা দিনৰ তিনিদিন তেওঁৰ নিজৰ জেং মাৰোঁতেই যায় । বাকী চাৰিদিন তেখেতৰ বদান্যতাত আমি শিৰনত কৰি চলিব লাগে । মন গ’লে দৰ্শন দিয়ে , তাকো তেখেতৰ স্বনিৰ্ধাৰিত সময়মতেহে । ৰাতিৰ সাঁজৰেই বাচন-বৰ্তনেৰে কেতিয়াবা দুপৰীয়ালৈ বেছিনটো ঠাহ খাই থকে । ভিতৰৰ পৰা আকৌ নিত্য ব্যৱহাৰ্য্যখিনিৰ বাদে ওপৰঞ্চিকৈ থকা বাচনখিনি উলিয়াই পুৱাৰ ভাগৰ ৰন্ধা-বঢ়া , খোৱা-লোৱাৰ শেষত ভাগে  ভাগে অফিচ স্কুললৈ পঠিয়াই আটাইসোপা বাচন ধুই শেষ কৰোঁ, ওঁঠত তামোলৰ সেলেঙি লগাই মহাশয়াই আহি ইস-আসখন কৰে- “ এঃ এঃ বাইদেৱেনো কিয় ধুব লাগে ?  মই আহিলোৱেইহেঁতেনে নহয় ।” সমস্ত ক্ষোভ সমৰি নিজকে চম্ভালি কোনোমতে কওঁ, “আহিবা জানিয়েই ধুই থ’লোঁ ! নহ’লে ৰাতিৰ সাঁজলৈ যোগাৰ কৰিবলৈ মোৰ আৰু বেলেগ বাচন নাই নহয় ।”

তেওঁলোকৰ এই স্বেচ্ছাচাৰিতাৰ কৈফিয়ত পিছে আপুনি বিচাৰিব নোৱাৰে । যিমান মোলয়েম সুৰতেই আপুনি নোসোধক কিয়, ভেকাহি মাৰি তেওঁলোকেহে উঠিব । গৰজ পৰিলে তেওঁলোকেহে আপোনাক এৰিব, আপুনি নহয় । গতিকে নীৰৱে তেওঁলোকৰ লগত সহাৱস্থান কৰাই ভাল । পিছে তেওঁলোকৰ চাহিদা অনুসৰি যোগান ধৰাটোহে দুৰ্বিষহ হৈ পৰে কেতিয়াবা ।

–      “এঃ বাইদেউ, আজিকালিনো আৰু নাৰিকলৰ বাকলিৰে বাচন মাজেনে ক’ৰবাত ! স্টীলঊল আনিব ।”

–      “ হাঁ? এইটো আকৌ কি?”

–       “ বজাৰত পায় কিনিবলৈ, ‘বিগ বজাৰ’তে পাব ।”

নেজানিছিলোৱেই নহয় । বৰ বৰ পিতলৰ টৌ, হাড়ী, কেৰাহী,কাঁহৰকাঁহী, বাতি মাহঁতে চোন নাৰিকলৰ বাকলি আৰু ছাইৰে মাজিয়েই চিক্-মিকাইৰাখিছিল ।

-“অমুকৰ ঘৰত যে কাপোৰকেইখন হ’লে বৰ চাফা হ’ব লাগে, পিছে  চাৰ্ফ দিব যি চিকুটহে ।” সেয়ে ভয়তে নিজৰ ঘৰত গোটেই পেকেটটোৱেই উলিয়াই দিওঁ  । এওঁলোক আকৌ বৰ সৰবৰহী ; বৈদ্যুতিক তাঁৰতকৈও ক্ষিপ্ৰ । অলপ হেৰফেৰহ’লেই, আপোনাৰ ঘৰৰ আবুৰ খহাই পেলাব । এওঁলোকৰ যহত অমুকৰ ঘৰৰ শাহু-বোৱাৰীৰ কথা তমুকৰ ঘৰৰ আখলঘৰৰ আড্ডা, তমুকৰ ঘৰৰ শোৱনিকোঠাৰ কাহিনী ভুছুকৰ ঘৰৰ দুপৰীয়াৰ সাঁজৰ চাটৃনি হয়গৈ ।

চেহ্ ! ময়ো যে কিবাখনহে বকলা মেলিছোঁ । উৰহৰ খং ভগাঢাৰিত জাৰিছোঁ । মানে আজিও সেই একেখন ভাওনাৰে পুনৰাবৃত্তি । দেওবাৰ বুলিয়েই শ্ৰীমানৰ অফিচলৈ নিয়া কাপোৰ, সিহঁতহালৰ স্কুলৰ কাপোৰেই, ইখন সিখনকৈ মুঠতেএদ’ম কাপোৰ চাৰ্ফত তিয়াই ৰাতিপুৱাৰে পৰা ৰৈ আছোঁ । বেলি মূৰৰ ওপৰত উঠিল, মহাশয়াৰ আগমনৰ কোনো লক্ষণেই নাই । শেষত খঙে বিৰক্তিয়ে গৈ কঁকালৰ বিষটোকো নেওচি ধম্ ধমকৈ কাপোৰসোপা এচাৰি শেষ কৰাৰ পিছতহে মহাৰাণীয়ে গপচত পদাৰ্পণ কৰিলেহি । সেইসোপা সেইদৰেই থেকেচা মাৰি এৰি ঘৰৰ ইটো-সিটো লাপি-লুপা, চাফ্-চাফাই শেষ কৰি ভাত-পানী ৰান্ধি-বাঢ়ি খাই বৈ আজৰি হৈ বিচনাৰ ওচৰ পাইহে এতিয়া কঁকালখন পোনাব নোৱৰা হ’লোঁ । আঁৰ চকুৰে শ্ৰীমানলৈ চাই দেখিলো চকুত চশমা, হাতত মেলা প্ৰান্তিক মেলাই লৈ দিন-দুপৰতে নাক বজাইছে । এঘুমটি মাৰি লও বুলি ময়ো বিচনাত বাগৰিছোহে, সিহঁতহালে জপটিয়াই ধৰিলেহি । অগত্যা শ্ৰীমানকো দিবানিদ্ৰাৰ সুখৰ পৰা বঞ্চিত কৰি সপৰিয়ালে বিহুৰ বজাৰ কৰিবলৈওলালোঁ ।

বজাৰখনত বিৰ দি বাট পাবলৈ নাই! নাই ক’তো গাড়ী পাৰ্কিং কৰাৰ সুবিধা । পৰুৱাৰ নিচিনা লানি নিছিগা ভিৰ ফালি বৰলোকৰ গাড়ী-ঘোঁৰাৰ ফাঁকে-ফাঁকে আমিও পদব্ৰজে আগবাঢ়িছোঁ । ইখনৰ পিছত সিখন দোকান বগাই ফুৰিছোঁ, পিছে পুত্ৰধনৰ কাপোৰ পছন্দ নহয় হে নহয় । আও! এইকণ পেন্দুকণা ল’ৰাই ক’তনো ইমান বৰ বৰ দোকানৰ নামবোৰ জানিলে, তাকো একেবাৰে ঠিকনা সহিতে!

-“আমাৰ ক্লাছৰ অমুকে তমুক দোকানখনৰ পৰা কিনিছে নহয়, ব’লা তালৈ ।”

অ’ এতিয়াহে বুজিলোঁ পুত্ৰধনৰ ভৌগলিক জ্ঞান আহৰণৰ উত্স ! পিছে তালৈ গৈয়ো একেই ওজৰ-আপত্তি-

” এনেকুৱা নহয়, ইয়াতে ইমান ডাঙৰ ড্ৰেগনৰ ফটো থকা, মুখেৰে জুই ওলাই থকা…..ৰাউন্ড গলৰ টি-চাৰ্ট…..।”

হাঁ ?? ঘিউৱে, মৌৱে হেজাৰ খুৱালেও জঁকাটোত মঙহ ধৰিবলৈ নিশিকা জেং খৰি যেন দেহটো কোনোমতে কাপোৰেৰে বোজাই মানুহৰ ৰূপ দিবলৈ চেষ্টা কৰোঁ । বপুৰাক আকৌ কামিহাৰ গণিব পৰা বুকুখনত ড্ৰেগনৰ ফটো লাগে । ইয়াতো, তাতো, ক’ত-ক’ত যে পকেট নথকা জিন‌‌‌‌‌‌‌‌চ পেন্ট ! কোনো জোখৰেই পেন্টে কঁকালত খোপনি পুতিব নোখোজে । এইবাৰ আকৌ চিলাই ফটা কেঁথাৰ দৰে চাৰিওকাষে সুতা ওলাই থকা ‘ঝাক্কাছ’ ডিজাইনৰ বেল্ট লাগে । পুত্ৰৰ যহতে আজিকালি আমাৰ ভাষা জ্ঞানো বাঢ়িছে নহয় । অভিধান বহিৰ্ভূত নতুন নতুন অসমীয়া (!) শব্দবোৰৰ তাৰ জৰিয়তেই আমাৰ ঘৰলৈ আমদানি ঘটে । দিনচেৰেক আগতে এটা শব্দৰ বৰ পয়োভৰ ঘটিছিল- “চ্ছালিয়া” ! অৰ্থটো বুজি বাজি লও মানে আন এটা শব্দই দখল দিলেইনহয়- “ঝাক্কাছ” ! ধোনীয়ে ছিক্স মাৰিলেও ঝাক্কাছ , মাকে মাংস বনালেও ঝাক্কাছ , পৰীক্ষাও হয় বোলে ঝাক্কাছ । তাৰ মুখতে শুনিছোঁ, এইবেলি বিহুও হ’ব বোলে ঝাক্কাছ !

কি কয় ? অৰ্থ নাজানে আপুনি ? এঃ ঝাক্কাছ !

কোনোমতে পুত্ৰধনক সন্তুষ্ট কৰি এইবাৰ চাৰিবছৰীয়া ছোৱালীজনীৰ কাপোৰ কিনিবলৈ গৈহে বিচুৰ্তি খালোঁ । স্কাৰ্ট যেন কিবা এটা হাতততুলি লৈ শুধিলোঁ এইটোৰনো টপটো কেনি গ’ল ? মোৰ অজ্ঞানতাক পুতৌ কৰি ছেলছবয়জনে উত্তৰ দিলে- “বাইদেউ, এইটো ডিজাইনেই ।”

কি কোৱাহে দেও ! এইটোনো আকৌ কি ডিজাইন হ’লহে ? স্কাৰ্টৰ ওপৰভাগটো সমুখৰফালে ডিঙিলৈকে ফিটা এডালেৰে ডিঙিত ওলমাই ৰাখিছে, পিঠিখন গোটেই উদং । অ’ বুজিছোঁ বুজিছোঁ । এইহেন ফেশ্বনৰ যুগত আপোনাৰ কণমানিজনীক এতিয়াৰ পৰাই অৰ্ধউলংগৰ বেশত নসজালে পিছলৈ গৈ তাই কেটৰিনা, মালাইকাহঁতৰ ভেশ ল’ব কেনেকৈ ? পিছে ইমান উচ্চাকাংক্ষী মই নহয় আৰু ল’-ছালিহালকো কৰিব খোজানাই ! দীগ দি দি বেছি ওপৰলৈ হাত মেলোঁতে ক’ৰবাত ভৰিৰ তলৰ খোপনি হেৰুৱাই ওলোমা বাদুলি হৈ ওপঙি থাকিব লগা নহওক বুলি তাৰপৰা ওলাই আহিব খুজিহে হাহাকাৰ ! ছোৱালীক  সেইসাজ কাপোৰেই লাগে ; টিভিত পিন্ধে বোলে । কৰা এতিয়া কি কৰা ! শ্ৰীমান নিৰ্বিকাৰ । মানুহজন তেনেই নিমাখিত । হাঁহেৰেও চলে, মাহেৰেওচলে । যি হাতত তুলি দিও তাকেই নিৰ্বিবাদে গ্ৰহণ কৰে । তেওঁৰ পৰা সহায় আশা নকৰি  শেষত চোঁচৰাই অনা দি তাৰপৰা উলিয়াই আনি তাইক কোনোমতে ফুচুলাই মেলি ফুটফুটীয়া ফ্ৰক এটিৰে সেই পৰ্বৰ সামৰণি মাৰিলোঁ ।

বজাৰ সমাৰ শেষ কৰি ভাগৰি জুগৰি ঘৰ আহি পাই চাহ একো কাপকে কৰো বুলি পাকঘৰত সোমালো । চাহৰ পানী উতলিবলৈ লৈছিলহে , কলিং বেলৰ শব্দশুনি দুৱাৰ খুলি দিবলৈ গৈ দেখো ওচৰৰে ক্লাৱটোৰ ল’ৰাকেইজন বিহুৰ চান্দা তুলিবলৈ আহিছে । বহিবলৈ কৈ লৰালৰিকৈ আৰু দুকাপমান পানী তুলি দিলোঁ । পিছে লাড়ু-পিঠাৰে প্লেটখন সজাই চাহ যাচিবলৈ গৈ যিটোহে চৰ্চৰণি  খালোঁ নকৈ নোৱাৰোঁ । শ্ৰীমানৰ পৰা মোটা অংকৰ অংকৰ বৰঙণি এটা সৰকাই শ্ৰদ্ধাত গদগদ হৈ বিহুৰ শেষত অকণ স্ফূৰ্তি-তামাছা কৰিবলৈও নিমন্ত্ৰণ দিছে তেওঁক !

ঘাইকৈ কৃষিভিত্তিক হ’লেও আমাৰ জাতীয় জীৱনৰ সংগ্ৰাম, আশা-আকাংক্ষা জড়িত হৈ আছে বিহুটিৰ লগত । বছৰজোৰা কৰ্মব্যস্ততাৰ অন্তত ন-উদ্যমেৰে নতুন বছৰটোক আদৰিবলৈ খেতি-খোলাৰ পৰাও বিৰতি লৈ ৰং-ৰহইচ কৰিবলৈয়ে অতীজৰে পৰা এই উত্সৱ পাতে । পিছে ঢোলৰ চেও, নাচনীৰ নাচকো নেওচি স্ফূৰ্তি কৰিবলৈ তেৰাসৱক আকৌ বিহুৰ শেষত বেলেগে ভোজ-ভাত এটা লাগে ! লগভাত আমাৰ ভোগালীৰহে দস্তুৰ আছিল যেন পাওঁ ! এওঁলোকৰ কৃপাত কেতিয়ানো ৰঙালীলৈও প্ৰমোচন পালে গমেই নাপাও দেহি ! লগতে সেই বৈদিক যুগৰে পৰা প্ৰচলিত যাগ-যজ্ঞ সকলোতে অপৰিহাৰ্য্য সোমৰস টুপি ! এৰা, প্ৰসাদ বোলা বস্তু নহ’লে কেনেকৈ হ’ব । আমিনো তাৰ কি মোল বুজিম ! চৰ্চৰণিটো বেছি দকৈ সোমাই ডিঙিটোত সোপা মাৰি ধৰিলে যেতিয়া লোকেল দাদাজাতীয় এজনে আঞ্চলিকতাবাদৰ সুৰ টানি মোলৈ তিৰ্যক বাণ এৰিলে- “বৌদেউ, আপোনালোকেতো দূৰৈৰ লতাশিল, চানমাৰিৰ ডাঙৰ বিহুহে চাবলৈ যায় । আমাৰ লোকেল বিহুতো পাক এটা মাৰি লোকেল টেলেন্টবোৰকো উত্সাহ দিবচোন ।”

প্ৰতিবছৰে আমাৰ ইয়াত স্থানীয় ক্লাৱটোৰ ল’ৰাবোৰে দুদিনীয়াকৈ ব’হাগী বিদায় পাতে । সেই দুই নিশাৰ কথাই নাই ; মঞ্চ সজাবলৈ আৰম্ভ কৰাৰে পৰা দিনে নিশাই মাইকত যিহে কিৰীলি, বিহুগীতৰ নামত পেনপেনীয়া হুলস্থূলৰ কেছেট বজোৱাৰ প্ৰকোপ, তিনিমূৰীয়া বুঢ়াৰ গধুৰ কাণো পাতল কৰি দিব । মূৰৰ বিষ থকাসকলে ডিছপ্ৰিন্, নাইচ যোগাৰ কৰি ৰখা ভাল । বিহুৰ কাৰ্যসূচীৰ ভিতৰত বিধে বিধে মদাৰ্ণ ডান্স, ডুৱেট, গ্ৰুপ ডান্স, মিউজিকেল মিউজিকেলচেয়াৰ প্ৰতিযোগিতা । নিশালৈ গীতৰ নামত আস্ফালন, নৃত্যৰ নামত যি লম্ফ-জম্ফ সেয়া সংহাৰ মূৰ্তি শিৱৰ তান্ডৱ নৃত্যই নে গোঁসানী লম্ভা দেওধানী নৃত্যই, নটৰাজ মূৰ্তিসকলৰ অংগি-ভংগিলৈ চাই ঠাৱৰ কৰাই টান । তাতে আকৌ চোলা সোলোকাই ঠেও ধৰা এচাম দৰ্শকৰ নৃত্য আছেই ! এনে বিহু দেখুৱাবলৈ ল’ৰা-ছোৱালী লৈ ওলাই যাবলৈ নিজেই নিৰুত্সাহিত হওঁ দেখোন । ক’বলৈ বহু কথাই মনটোত উকমুকাই আছিল যদিও চুবুৰীয়ে চুবুৰীয়ে লোকেল বিহু পাতি স্ফূৰ্তি কৰা আমাৰ উত্তৰসুৰীৰ হাততেই বাপতি সাহোন ৰক্ষাৰ গুৰুভাৰ এৰি নিশব্দে ওঁঠৰ ফাঁকেৰে সেমেকা হাঁহি এটা নিগৰাই সেমেনা-সেমেনিকৈ তাৰ পৰা প্ৰস্থান কৰিলোঁ ।

 

———————————————**********************————————————-

 

“ভাল অসমীয়া নহলে ভাল ভাৰতীয় হ’ব নোৱাৰি আৰু ভাল ভাৰতীয় নহলে বিশ্বৰ শৰীৰত পংগু অংগৰ স্হান নাই।” – ড°ভূপেন হাজৰিকা।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
জ্যোতি প্ৰকাশ নাথ
9 years ago

এক দম ঝাক্কাছ !