বিহ মেটেকাৰ ফুল (মৌচুমী দাস)

বিহ মেটেকাৰ ফুল

সুখলতা বৰুৱাৰ দুটি সন্তান আৰু গিৰিয়েক অনন্ত শইকীয়াৰ এখন সুখৰ সংসাৰ। সকলো ঘৰৰ কাম পৰাপক্ষত নিজেই কৰে,এটা সময়ত বনকৰা ছোৱালী ৰাখিছিল যেতিয়া দীপক আৰু পৰী সৰু হৈ আছিল। পিছে ইহঁতকেইটা ডাঙৰ হৈ অহাত স্থায়ীভাৱে আৰু বনকৰা মানুহ ৰখা হোৱা নাই।

হঠাতে কলিংবেলটো বাজি উঠাত সুখলতাৰ বেচিনত ধুই থকা হাতখন ৰৈ গ’ল। লৰালৰিকৈ হাতকেইখন ধুই তেওঁ ওলাই আহিল। দুৱাৰখন খুলি চাই দেখে মিচেচ গগৈ।

“কিবা কাম কৰি আছিল নেকি”?- মুখত এমোকোৰা হাঁহি লৈ মিচেচ গগৈয়ে সুধিলে
“নাই তেনেকুৱা বিশেষ একো নহয়। আহক”।- দুৱাৰখন ভালকৈ মেলি দিলে সুখলতাই।

ভাল বেয়া ইটো সিটো কথা পতাৰ পিছত মিচেচ গগৈয়ে ক’লে,
মিচেচ গগৈ: মই আপোনাক নিমন্ত্ৰণ জনাবলৈহে আহিলোঁ।
সুখলতা: কিহৰ নিমন্ত্ৰণ?

আচৰিত হ’ল সুখলতা।
মিচেচ গগৈ: এঞ্জেলিনাৰ বিয়া পাতিছোঁ।

একে আষাৰে ক’লে মিচচ গগৈয়ে।
সুখলতা: বিয়া? এঞ্জেলিনাৰ? হঠাতে? একে উশাহতে কেইবাটাও প্ৰশ্ন ওলাই গ’ল সুখলতাৰ।
মিচেচ গগৈ: অ’ আচলতে আমিও ইমান সোনকালে হ’ব বুলি ভবা নাছিলোঁ। এঞ্জেলিনাই নিজে পছন্দ কৰা দৰা। আগতে অৱশ্যে আমাৰ ঘৰলৈ দুৱাৰমান আহিছে। দেউতাকে ঘৰ দুৱাৰো চাই থৈছে। ল’ৰাটো থাকে বাঙ্গালোৰত। ইঞ্জিনীয়াৰ। আমাৰ আপত্তি কৰাৰ থল নাই। দিল্লীত তাইক লগ কৰি ল’ৰাটোৱে ক’লে বোলে এসপ্তাহমানৰ ভিতৰতে বিয়াখন পাতিহ লাগে। তাই কালি ৰাতিয়েই সকলোবোৰ সিদ্ধান্ত কৰি পেলালে। ক’লে মিচেচ গগৈয়ে।
সুখলতা: কেতিয়ালৈ বিয়াখন ঠিক হ’ল?
মিচেচ গগৈ: অহা সপ্তাহৰ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ। প্ৰথম আপোনাকেই নিমন্ত্ৰণ কৰিবলৈ আহিলোঁ জানে। আপুনি কিন্তু এইকেইদিন ক’লৈকো যাব নোৱাৰিব দেই।
সুখলতা: সেইটো আৰু ক’ব লাগিছেনে? তাইৰ বিয়াত মই কিমান আনন্দ কৰিম আপুনি দেখিলেহে গম পাব। মই কিমান বিয়ানাম জানো, কিমান ধুনীয়াকৈ নাচিব জানো আপোনালোকক দেখুৱাইহে এৰিম। কিন্ত বিয়াৰ সমস্ত যা-যোগাৰ ইমান সোনকালে…

কথাষাৰ সম্পূৰ্ণ নকৰাকৈ মিচেচ গগৈৰ মুখলৈ চাই ৰ’ল সুখলতাই।

এটা প্ৰাণ খোলা হাঁহি মাৰি মিচেচ গগৈয়ে ক’লে- “যা-যোগাৰ বুলি ব্যস্ত হ’বলগীয়া বিশেষ একো নাই। ছোৱালীৰ সকলোবোৰ বস্তু সাজু হৈ আছে। আচবাব বিচনা-পত্ৰ লগত একো দিব নালাগে। দেউতাকে ল’ৰাৰ হাতত দহ লাখমান টকা দিব। যি লাগে সিহঁতে কিনি ল’ব। পেণ্ডেল, ৰিচেপচন এইবোৰৰ জঞ্জালতো নায়েই। বিবাহ ভৱনত হোটেলৰ মানুহেই সকলোবোৰ কৰিব। মিচেচ গগৈয়ে যিমান পাৰি ইংৰাজী কমাই অসমীয়াত ক’বলৈ চেষ্টা কৰিলে। বোধকৰো সুখলতাৰ অসুবিধা হ’ব বুলি ভাবি। ইংৰাজীত এম.এ কৰা সুখলতাৰ হাঁহি নুঠা নহয়।

“মই এতিয়া আহোঁ” বুলি কৈ মিচেচ গগৈ গ’লগৈ।

বিয়াৰ নিৰ্দিষ্ট দিনটোত সুখলতা আৰু অনন্ত ওলাল বিয়া খাবলৈ। কিছু সংকোচ আৰু কিছু দ্বিধাৰ ভাৱ লৈ দুয়ো সোমাই গ’ল সুদৃশ্য বিবাহ ভৱনটিলৈ। হোটেলৰ বাহিৰখন গাড়ীৰে ঠাহ খাই পৰিছে। গিৰিহঁত নে আলহী ধৰিব নোৱাৰি ভৱনৰ সন্মুখৰ দুৱাৰখনৰ ওচৰত দুয়ো ৰওঁতেই মিচেচ গগৈয়ে হাঁহি মাৰি মাতি নি সজাই থোৱা চকীবোৰত নি বহুৱালেগৈ।
মিচেচ গগৈ আগবাঢ়ি আহি চফ দিলেহি। দুয়ো বিয়াৰ ওখল মাখলবোৰলৈ চকু দি বহি থাকিল। মিচেচ গগৈয়ে তেওঁলোক দুয়োকে একাপ চাহ খোৱাৰ অনুৰোধ কৰি সোঁফালে যাবলৈ মূৰটো ঈষৎ বেঁকা কৰি ইংগিত দিলে। তাৰ অলপ পাচত সুখলতা আৰু অনন্তই আগবাঢ়ি গৈ হাতে হাতে ডিচ্ লৈ টেবুলত সজাই থোৱা দেশী বিদেশী বিবিধ আহাৰৰ দুবিধমান লৈ খোৱাত লাগিল। খাই হোৱাৰ পাছত তেওঁলোক ওলাই আহিল।

সুখলতাই দুবাৰ মিচেচ গগৈ আৰু তেওঁৰ পৰিয়ালৰ মানুহখিনিৰ আগত অসমীয়া ৰীতি নীতিখিনি অলপ হ’লেও পালন কৰাৰ কথা কৈছিল। প্ৰথমবাৰ কোনেও বিশেষ গুৰুত্ব নিদিলে। দ্বিতীয়বাৰত বিয়াখনৰ তদাৰক কৰি থকা মিচেচ গগৈৰ আত্মীয় ভনীয়েক মিচ উইল্লি গগৈ (অসমীয়া প্ৰতিশব্দ বোধকৰো শ্ৰীমতী থেৰোঁগেৰোঁ গগৈ হ’ব নেকি?) গুজৰি উঠিল।
:আপুনি এইবোৰ কথাত বৰকৈ মাত নামাতিবচোন। আমি কি একোৱেই নাজানো নেকি? বেয়া পায় বুলিহে কোৱা নাছিলোঁ। আপুনি যিবোৰ পৰামৰ্শ দিছে সেইবোৰ মান্ধাতা যুগৰে। আমাৰ ছোৱালীক কইনা সজোৱাৰ নামত জ’কাৰ সাজিবও নোৱাৰোঁ আৰু পৰম্পৰাৰ নামত আনহাইজেনিক কাম কিছুমানো কৰিব নোৱাৰোঁ…
খঙতে ছোৱালীজনীয়ে হাত দুখন ওপৰলৈ তুলি কথা কওঁতে জোখতকৈ চুটিকৈ পিন্ধা চোলাটো বাৰে বাৰে খাই কঁকালৰ ওপৰৰ কিছু অংশলৈকে দৃষ্টিকটুভাৱে অনাবৃত হৈ লুকা-ভাকু খেলি আছিল। সেইবোৰলৈ তাই ভ্ৰূক্ষেপ কৰা নাছিল।

সুখলতাৰ দুচকু জলমল হৈ উঠিল। দুইখন গালত নিজে চৰিয়াই ল’বলৈ মন গৈছিল। চিঞৰি চিঞৰি ক’বলৈ মন গৈছিল, তোমালোকে আগবাঢ়ি যোৱাৰ নামত কেৱল দেহাটোলৈহে কিয় চকু দিয়া? মনটোৰে কিমান আগবাঢ়িছা? সাজপাৰেৰে আগবাঢ়িছা, পশ্চিমীয়া তিৰোতা হৈছা যদি মানসিকভাৱেও তেনে হোৱা। বেগত গৰ্ভ নিৰোধক বড়ি ভৰাই লোৱা। কাৰণ সেইবোৰ দেশত ক্ৰমে সাজপাৰ পিন্ধি যোৱাসকলে তেনেকৈয়ে প্ৰস্তুত হৈ যায়। কিন্তু তোমালোক পশ্চিমীয়া হৈ ময়ুৰৰ দৰে পেখম ধৰিবা আৰু ভাৰতীয় হৈ সতীত্বৰ আৰ্তনাদেৰে বাতৰিৰ শিৰোনামা দখল কৰিবা। সাজযোৰ পিন্ধিছা যদি ৰেল, বাছ, ট্ৰাম, ট্ৰাক চলাবলৈ সাজু হোৱা। আকাশত উৰিবলৈ সাজু হোৱা। ভূগৰ্ভত সোমাই কয়লা খান্দিবলৈ সাজু হোৱা। ক’তা মইতো দেখা নাই তেনে হোৱা? তোমালোকে পাকঘৰত মহাকাশ গৱেষণা কেন্দ্ৰ কিয় সাজিছা?

গাড়ীখন ৰৈ যোৱাত তাইৰ সম্বিত ঘূৰিল। অনন্তই এক দৃষ্টিৰে তাইলৈকে চাই আছে।

সুখলতা: আমি বাৰু এখন বিয়া খাই আহিলোঁনে?
অনন্ত: নহয়, আমি এখন হোটলৰ পৰাহে আহিলোঁ। পাৰ্থক্য মাথোঁ ইমানেই যে হোটেলত যিমান পইচা দিবা সিমান খাবলৈ পাবা কিন্তু ইয়াত ভাল খাবলৈ পোৱাৰ পিছত কিমান দিছা সেইটো কোনেও নুসুধে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments