বিড়ম্বনা (সত্য কাহিনীৰ আলমত)–মৌচুমী বৰুৱা

 

      মালতিয়ে আজি তাই কাম কৰা ঘৰৰ মানুহ ঘৰত  ৰুটি চাহ দিম নেকি সোধাত “খাম দিয়ক” বুলি কলে। তাই আজিলৈকে কেতিয়াও কাৰো ঘৰত একো খোৱা নাই। কিবা এটা দিলেও নাখাই লৰা-ছোৱালী আৰু নিজৰ মানুহ জনলৈ লৈ যায় ।বিয়া পিছৰ পৰা মানুহ জনক এৰি বোলে তাই খাব নোৱাৰে ।মালতিয়ে মানুহ জন ঘৰত নেথাকিলে ঘৰত একো ভালকৈ  ৰন্ধা বঢ়া নকৰে। লৰা-ছোৱালী কেইটাকো আলু পিটিকা ভাত দি পাল মাৰি থৈ দিয়ে। মালতিৰ মানুহজনে  গেলা মালৰ দোকান এখনত কাম কৰে। মদো খাই লগতে চিনেমায়ো খুউব চাই। তাইক কেতিয়াবা ঘৰ চলাবলৈ টকা পইচা দিয়ে কেতিয়াবা নিদিয়ে।মানুহৰ ঘৰত কাম কৰি কৰি তাই ঘৰখন চম্ভালিছে লগতে লৰা-ছোৱালী কেইটাকো পঢ়ুৱাইছে। তাই আজিলৈকে তাই মানুহজনৰ ওপৰত কোনো আপত্তি কৰা নাই।
গেলা মাল দোকানখনত চেলচ্ মেন হিচাপে থকা আন লগৰ কেইটামানৰ লগত নিশা শ্বো চাই আহি  যেতিয়া মালতিৰ মানুহজন ঘৰ সোমাই ,আৰু চিনেমাৰ বগা বগা ছোৱালী বোৰৰ নিচিনা “তোৰ দেহাটো কিয় নহল” বুলি মালতিক কয় তেতিয়াও মালতিয়ে আপত্তি নকৰে। কেৱল লৰা-ছোৱালী কেইটাই সেইবোৰ কথা শুনিছে নেকি অলপ চিন্তা হয়।

কাৰণ ডাঙৰ লৰা টো অলপ বুজা হৈছে।

মদ এসোপা মান গিলি মালতিৰ মানুহজনে “তোৰ দেহাটো কিয় ইমান বগা নহল” বুলি কোৱা পিছদিনা মালতিয়ে ৰাতিপুৱা নিজৰ মুখ খন সৰু আইনা এখন আছে তাতে চাই। গা-ধোবৰ সময়ত ভোলৰ জালেৰে  ভৰি চফা কৰে। লগত সুমিত্ৰা বৰুৱাক মুখত টেঙা ৰস লগোৱা দেখি তাইও মুখত কাজী নেমু ৰস লগাই। মুখ খন সতেজ দেখি তাইৰ ভাল লাগে। কেনেবাকৈ বা তাইৰ প্ৰিয়জনৰো ভাল লাগে!!!

“মালতি চাহ ৰুটি খাবা”নেকি বুলি সোধাতো যেন সুমিত্ৰা  বৰুৱাৰ ফৰ্মেলেটি।সেয়ে আজি খাম বুলি কোৱাত ভালো পালে আৰু আচৰিতো হল!!!
মালতিক ৰুটি চাহ সুমিত্ৰা বৰুৱাই দিলে।
তাই খালে , মুখত ভোকৰ চিন নাই। কিন্ত বিষাদৰ চিন স্পষ্ট।
মালতিক কালি ওচৰৰ লাইন হোটেল এখনৰ পৰা মিঠাই কিনি আনিবলৈ কোৱাৰ পৰা মালতিয়ে মন মাৰি আছে। কামতো অন্যমনস্ক।
সুমিত্ৰা বৰুৱা ঘৰটো ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে। অলপ আগত হোটেল এখন আছে। তাতে চাহ,ৰুটি,পৰঠা,মাছ ,মাংস ভাত,মিঠাই সকলো পাই।
ৰাতি আৰু দিনৰ গুৱাহাটী অভিমুখী বাছ বিলাক যাত্ৰীয়ে চাহ ভাত খাবলৈ তাতেই ৰখাই।
আগতে যোৱা দৰে মালতি কালি হোটেল খনৰ পৰা মিঠাই কিনিবলৈ গৈছিল।কেতিয়াবা আলু চপ্ আদি সুমিত্ৰা বৰুৱাই কিনিবলৈ কয়। কালি কেৱল লালমহন আনিবলৈ কৈছিল।
তাইকো সুমিত্ৰা বৰুৱাই দি পঠিয়াই ,ঘৰত গৈ লৰা-ছোৱালী আৰু মানুহজনৰ লগত ভাগ কৰি খায়।

হোটেল খনলৈ সোমাই গৈয়ে মালতিয়ে শুনিলে কোনোবাই কৈছে – : ঐ  সুৰেণ তোৰ ৰাতিপুৱাই মাছে মঙহে খাবলৈ কিহে পালে”?
সুৰেণে ভাত,দাইল ,দাংগুটি ভাজি,মাছৰ জোল,ভজা মাছ ,মাংস লগৰ এটা লগত বহি খাই আছে।
সুৰেণে মাছৰ কাইট বাছি হাহিঁ হাহিঁ কৈছে- : ‘ঘৰত মানুহ এগাল,লৰা-ছোৱালী মখাক লৈ, মই গোটেই বোৰলৈ খৰচ কৰিব নোৱাৰো, সেয়ে অকলে খাব লগীয়া হয়” 
আনফালৰ পৰা আকৌ কোনোবাই কলে,  “থ পাই ক’ত নো এগাল মানুহ তোৰ ঘৰত, তোৰ সৈতে পাঁচটা হে”?
সুৰেণে মাংস এটোকুৰা মুখত ভৰাই আকৌ কলে, সেইদিনা চিনেমা খনৰ নাচনীজনী কোন আছিল অ,”?

মালতি আৰু ৰৈ নাথাকিল। একে কোবে  সুমিত্ৰা বৰুৱাৰ ঘৰ পালে।উভতি অহা টকা কেইটা তাই ঘূৰাই দিলে,লগতে কিনি অনা লালমহন। 
সুমিত্ৰা বৰুৱাই তাইক লালমহন কেইটামান দিলে। তাইও বৰকৈ নেলাগে নেলাগে নক’লে।
ঘৰলৈ বুলি খোজ তাইৰ খৰ হল। ওচৰৰ পাণদোকানৰ ঘুমটি  এখনত দেখিলে মৰাপাটৰ ৰচী এদালত চেনীকল কেইটামান ওলমি আছে। তাই কপাহী চাদৰৰ আগত বান্ধি থোৱা টকাৰে চেনী কল দুটামান নিলে। 
ঘৰত গৈ সুমিত্ৰা বৰুৱাই দিয়া লালমহন আৰু নিজে কিনা চেনীকল লৰা-ছোৱালীক দিলে। নিজেও ৰঙা চাহ একাপ বাকি খালে।
ডাঙৰ লৰা মুনে মাকক সুধিলে,”বাবাক এৰি খাম নে।” মালতিয়ে,’খা ,খা,আৰু তোৰ মন নাই যদি খাব আমাক দে,আমি খাম’।
চাহ মিঠাই খাই তাইৰ দুটা সৰু সৰু বাটিত পানী লৈ লৰালৰিকৈ কাষৰ মানুহ ঘৰৰ পৰা জালুকৰ গছৰ পৰা চিঙি অনা জালুক অলপ টিয়ালে,লগত ধনীয়া গুটি আৰু শুকান জলকীয়া কেইটামান। 
মুনক দোকানৰ পৰা চাৰিটা কণী কিনিবলৈ টকা দিলে। মুনে আকৌ সুধিলে, চাৰিটা কিয়, ?
মালতি খঙত কলে,”তোৰ আনিব মন নাই যদি মই আনোগৈ!
ওচৰৰ বৰশী বাই ঘূৰি ফুৰা লৰা দুটা মানৰ পৰা গৰৈ মাছ আৰু চেঙেলী মাছ কেইটামান ললে। 
মাছ কেইটা চাফা কৰি তেলত ভাজিলে। ভজা মাছৰ ওপৰত ভজা পিয়াঁজ দিলে। তাই কাম কৰা বঙালী মানুহ ঘৰত দেখিছে তেনেকৈ বনোৱা।
সিজাই লোৱা চাৰিটা কণী তাই তেলত ৰঙাকৈ ভাজি লে।  তিয়াই থোৱা সকলো মচলা পটাত পিচিলে। লগতে পিয়াজ ,আদা নহৰু। আলু-কণী আঞ্জা বনালে। 
একেবাৰে পেটমুচা সৰু লৰাটোলৈ তাই জ্বলা দিয়া আগত আঞ্জা কাঢ়ি থলে।
লৰা-ছোৱালী তিনিটাৰ সৈতে মালতি ভাত খাবলৈ বহিল। সৰুটোক  খুৱাই দিলে, মাছ বাচি দিলে। 
মাছ খোৱা বৰকৈ অভ্যাস নাই দেখি তাই লৰা-ছোৱালী কেইটাক লাহে লাহে  খাবলৈ কলে। কাঁইট লাগিলে শুকান ভাত খাবলৈ কলে। সৰুটোক কণী কুহুম আৰু বগা অংশ বেলেগ কৰি দিলে,কেনেবাকৈ ডিঙিত লাগি ধৰে বুলি।
মুনে আকৌ ভয়ে ভয়ে সুধিলে,”বাবা”?
মালতিয়ে এইবাৰ খঙত চিঞৰি দিলে,জোৰকৈ ৰাখি থোৱা  কান্দোন বাহিৰলৈ  অবশেষত ওলাই আহিল,
“ঐ লৰা তই বাপেৰ নহ’লে একো খাব নোৱাৰ নেকি”?
সেই বুলি কৈ মালতিয়ে ভাত খোৱা হলত,  কেৰাহীখন টানি আনি তাত লাগি থকা তেলত  শুকান ভাত কেইটামান সানি আকৌ খাবলৈ ল’লে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক