“বিয়লিৰ বেলি” –সুভাষ শৰ্মা

(নলবৰীয়া কথিত ভাষাত কবিতা লিখিবলৈ মোৰ প্ৰথম প্ৰয়াস।)

তুমাৰ মনোত আছেনা চানামাই?
তুহাৰ আৰু আমাৰ খেতি কৰা পথৰ
আখানে আছিল।
মই আমাৰ মাটিত পথ্ৰোৰ আলি দিছলু
তুমি কাইন্ধাতে থাকা
তুহাৰ মাটিত ভূঁই ৰুইছ্লা।
তুমাৰ হাতখান বৰ খৰ আছিল হা চানামাই।
মইন্বাই নৰি
ইমান খৰ্কে ভূঁই ৰুইছ্লা তুমি!
সাদ্ধা লাগি যাই।
তুমি মোৰ ফালে আকবাৰো চ নাছলা
মই হলি তুমাৰ মুখখান বাৰে বাৰে চাইছ্লুহা
মনে মনে তুমি নেদ্খাকে।
মস্তো ঠৌগা দেইখ্ছিলুহা তুমাক।
তুমাক নিজোৰ কৰি
পাবাক লগি মস্তো ইচ্ছা হৈছিল।
তুমাক ভাল পাউঁ বুলি কবা
খুজিও কবা নইল্লু, সাহ নহল।
আকদিন তুমাৰ বিয়া হল।
মান্থোৰ মুখোত শুনছিলু
কিবা বোলে বহুত ডাঙাৰ অফিছাৰ আছিল হা
তুমাৰ বৰটু?
হবোএ দ্যা, ইমান ঠৌগা আপীটুৰ বৰটু
ডাঙাৰ অফিছাৰ হবাএ লাগ্বো।
মোৰ দৰে দুইখা চলি এটাৰ লগোত
কিয়ো বিয়া দিবো তুমাৰ মাএ পিতে
আৰু তুমিএ বা হবা কিয়ো?
পাছে এটা কথা হা চানামাই
কিয়ো কবা নৰু, তুমাৰ বিয়াৰ দিনা
মোৰ কিবা মস্তো দুখ লাইগছিল হা।
বুকখান ভাঙি য হান পাইছ্লু।
আটাহ পাৰি পাৰি কাইন্দবাৰ মন গেইছিল।
তুমাক কালোক লগি হৰৰ দুখে
মোক খুলি খুলি খাইছিল।
কইলজাটুত কিবা কাটাই বিন্ধা দিছিল।
মনোৰ কথাখেনি তুমাক কবা নাপে
ধৰফৰে মইচ্ছিলু মই।
বহুত বছ্ৰোৰ মূৰোত
সিদনা তুমাক দূৰেৰ পে দেখা পালু।
গটায় ঘৰ ঘৌৰাকে দেইখ্লুদ্যা।
বৰ ভাল লাগিল দেখি।
তুমাৰ চলি, বৰী আৰু তুমাৰ মানহুটুক।
আজি ইমান বছ্ৰোৰ মূৰোত
এটা সঁচা কথা কং শুনবা
তুমি আগোৰ দৰে ঠৌগা হৈএ আছহা চানামাই
মই জানু ইতা তুমাৰ বয়স হৈছি
মোৰো হৈছি।
পাছে তুমাক আগোৰ দৰেই
বৰ ঠৌগা দেইখলুহা।
শেষোত এটা কথা সুধু ৰবা
তুমাৰ কেইতাবা মনোত পৰেনা?
তুমি পথ্ৰোত ভূঁই ৰুই থাকাতে
কাষোত যি এটা চলি
আলি দি আছিল
লুকে লুকে মনে মনে তুমাক চাইছিল
তাৰ কথা কিবা মনোত পৰেনা?
তুমি জাননা?
সি আজিও সদায় তুমাৰ কথা ভাবে
দভগ ৰাতি সাৰ পাই
তুমি কাষোত নাথকা কথাটু অনুভৱ কৰে
তুমাক ভাল পাউঁ বুলি কবা নৰা কথাটু মনোত পল্লি
আজিও তাৰ বুকখান হমহম কৰে
কইলজাটুৰ ভিত্ৰোত কিবা হানা-খুচা কৰে।
আজিও সি তুমাক বহুত ভাল পায়হা চানামাই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments