বিয়লিৰ ৰং – গীতাঞ্জলী হাজৰিকা

আজিও আহিল যে আপুনি? কিবা কাম আছিল বৰ্মনদা? ••••মানুহজনৰ হাতৰ টিফিন বেগটোৰ গধুৰ টোপোলাটো এতিয়াও আছে, একেদৰেই৷

– এ, মই এচ এ ডিক্ লেগি আইছ্লোং দ্যক৷ ইফালে দেখা কৰি যাম বুলি আইলোং আৰু৷ ভালনা তোমাৰ? ••••সদা সৰল হাঁহিটো মাৰি মানুহজনে সুধিলে৷

-ভালে আছো, আপুনি বহক৷ —-মই মোৰ কামত মনোনিৱেশ কৰিলোঁ৷ বেছি সময় দিব নোৱাৰোঁ তেওঁক, অজস্ৰ দায়িত্বৰ তাগিদা৷

মানুহজনে অৱসৰ লোৱা আজি এসপ্তাহ হ’ল৷ বিভিন্ন বিভাগত পিয়নৰ চাকৰি কৰি অৱশেষত মই থকা বিভাগটোৰ পৰা অৱসৰ গ্ৰহণ কৰিলে যোৱা সপ্তাহত৷ বিদায় বেলাৰ সেইদিনটোত ষাঠিৰ দেওনা গৰকা মানুহজনে আমাৰ সকলোৰে সন্মুখত হুকহুকাই কান্দি উঠিছিল৷ হয়, ঠিক আপোন কন্যাক আনৰ হাতত চিৰদিনলৈ সমৰ্পণ কৰি উঠি দায়িত্বশীল পিতৃজনে যিদৰে শেষ মূহুৰ্ত্তত ধৈৰ্য্যৰ সকলো বান্ধ খুলি উচুপি উঠে, ঠিক তেনেকৈ! ৷ চাকৰি কাৰ্যকাল চিৰদিনলৈ সামৰি হৰকান্ত বৰ্মন নামৰ বয়সে গৰকা মানুহজনেও যেন সিদিনা কোনো আপোনজনকহে চিৰদিনলৈ এৰি যাবলৈ সাজু হৈছিল৷ আমাৰ চকুবোৰো অজানিতে সিক্ত হৈ পৰিছিল৷

তাৰ পিছৰ পৰা মানুহজন প্ৰায় প্ৰতিদিনেই আহিছে, সেই সদায় লৈ অহা টিফিন বেগটোত এসোপা কাগজ ভৰাই লৈ৷ বেংকৰ কামত, পেন্সন সংক্ৰান্তত আহি তেওঁ সদায় আমাৰ ওচৰত আহি খা খবৰ লয়, অলপ সময় বহে৷ মোৰ ওচৰলৈ আহি কয়- বৰ মনত পৰি থাকে৷ একেবাৰে নিঃসংগ হৈ পৰিলোঁ মই৷

মানুহজনৰ কথাবোৰে মোকো ভবাই তোলে৷ মনত পৰে ভৱ খুড়ালৈ৷ অৱসৰৰ পিছত দিনে ৰাতিয়ে ওচৰ চুবুৰীয়া মানুহ কেইঘৰত হোৱাই – নোহোৱাই লেকচাৰ দিছিল৷ আমাক দেখিলেই ৰখাই লৈ এসোপামান উপদেশ, নিজৰ সৰু কালৰ কথা কৈছিল৷ অৱশেষত মানুহবোৰ বিৰক্ত হৈছিল, খুড়াক দেখিলেই মুৰ পোলোকা দি লুকাইছিল৷ ভৱখুড়া খুড়াৰ পৰা বুঢ়াটো হৈছিল, কথাবোৰত নতুনত্ব নোহোৱা হৈছিল, পুৰণি হৈছিল খুড়া৷ পুৰণি বস্তুৰ দৰেই খুড়া এলাগী, নিঃসংগযেন হৈ পৰিছিল৷ সেই নিঃসংগতাক সাৱতি এদিন খুড়া গুচি গৈছিল, চিৰদিনলৈ, এই জীৱনৰ পৰাই অৱসৰ লৈ৷ ভৱখুড়াৰ কথা মনত পৰিলে মই আজিও নিজৰ ভৱিষ্যত অৱসৰ জীৱনক লৈ শংকিত হৈ পৰোঁ৷ আমাৰ দিনততো ইঘৰ- সিঘৰ বুলিবলৈও কোনো নাথাকিবগৈ!

এনেবোৰ শংকা আহিলেই মনৰ মাজত এক দুশ্চিন্তা আহে৷ কিন্তু বৰ্তমানক বাদ দি ভৱিষ্যতৰ শংকাত থাকিলে জানো হব? মোতকৈও বয়োজেষ্ঠ মেধিদা মানুহজনে আকৌ অলপ বেলেগকৈ চিন্তা কৰে৷ কাৰ্যালয়ৰ বাহিৰত তেঁওৰ এক ভিন্ন পৃথিৱী আছে৷ নিজে নেখেলিলেও তেওঁ স্থানীয় স্পৰ্টচ ক্লাৱৰ সতে জড়িত৷ তেওঁ কয়-সৰু -ডাঙৰ সকলোৰে সতে মই মিলি যাওঁ৷ নিজে যিকোনো পৰিৱেশতে চাৰিওফালে এখন সমাজৰ সৃষ্টি কৰি লৈ তাত সক্ৰিয়ভাৱে যোগদান কৰোঁ৷ এইবোৰৰ বাবে মই কেতিয়াও নিঃসংগ নহও আৰু অৱসৰৰ পাছৰ জীৱনক লৈও মোৰ সেয়ে দুশ্চিন্তা নাই৷

মেধিদাৰ কথাই মোক সাহস দিয়ে৷ হয় কথাতো৷ কেৱল নিজৰ মাজত ব্যস্ত মানুহ বিলাকৰ মাজতে বেছিকৈ এনেদৰে নিঃসংগতাই অৱসৰ জীৱনক মেৰিয়াই ধৰা দেখা যায়৷ ময়ো ভাবো, এতিয়াৰ পৰাই কিবা এটাত নিজকে ব্যস্ত কৰি ল’ম৷ কাৰ্যালয়ৰ পৃথিৱীখনৰ বাহিৰত, এখন নতুন পৃথিৱী অকণ অকণকৈ ৰচিম, যি পৃথিৱীত মই জিৰণিৰ দিনবোৰ আমনি নলগাকৈ, অকলশৰীয়া অনুভৱ নকৰাকৈ উপভোগ কৰিম৷ কিন্তু কি কৰিম! আজিলৈকে দেখোন তাকেই থিৰাং কৰিব পৰা নাই৷ আৰম্ভ কৰা দূৰৈৰ কথা৷ অৱশ্যে এলেহুৱা বুলি মোৰ নাম এটাও নথকা নহয়! নিজৰ এই এলেহুৱা স্বভাৱৰ বাবেই বহু কিবা কিবিয়েই হেৰুৱাইছো এতিয়ালৈকে৷

তোমালোকৰ মুখবোৰলৈ শুই উঠিয়েই মনত পৰে বুজিছা৷ •••••••••••বৰ্মনদাৰ মাতত মই তেওঁলৈ মন দিলোঁ৷ মানুহজনৰ এই এসপ্তাহতে যেন বয়স কেইমাহমান বাঢ়ি গ’ল৷ হয়তো চাকৰি কৰি থাকোতে নিজৰ কামৰ প্ৰতি তেওঁ ইমান মোহ কোনোদিনেই অনুভৱ কৰা নাছিল! হয়তো তেওঁ নিজৰ অজ্ঞাতে কেতিয়াবা নিজৰ কৰ্তব্য পালনত অৱহেলাও কৰিছিল৷ কৰ্মজীৱনৰ কোনো কঠিন মুহূৰ্ত্তত হয়তো চাকৰিটোৰ প্ৰতি তেওঁৰ বিৰাগো জন্মিছিল! কিন্তু সময়ে আঁতৰাই নিয়া সেই কৰ্মথলীৰ প্ৰতিয়েই আজি তেওঁ অনুভৱ কৰিছে প্ৰচণ্ড মোহ৷ হয়তো নিৰ্জনতাৰ প্ৰতিটো পলতেই তেওঁ সপোন দেখে এৰি যোৱা কৰ্মথলীখনৰ৷ স্মৃতিহৈ আমনি কৰোঁ আমিবোৰে৷ ভৱখুড়াৰ দৰেই হয়তো কাৰোবাৰ আগত আমিবোৰ তেওঁৰ কাহিনীৰ নায়ক হওঁ৷ কব নোৱাৰো কিমান দিনলৈকে তেওঁৰ কাহিনীবোৰ মনোযোগ দি তেওঁৰ আপোনজনে শুনিব! শ্ৰোতাৰ অভাৱ হোৱাৰ আগতেই তেওঁ বিচাৰি ল’ব লাগিব নতুন কাহিনীৰ নতুন পটভূমি৷ আমাৰ স্থান পূৰাব পৰাকৈ নতুন বন্ধু- বান্ধব৷ সেই সকলোবোৰ আধ্যাত্মিকেই হওক কিম্বা আন ধৰণৰেই হওক৷ তেওঁ ৰৈ যাব নালাগিব কেৱল স্মৃতিৰ মাজত! নতুনকৈ আৰম্ভ হোৱা জীৱনৰ সেই শেষ অধ্যায়ৰ দিনবোৰো তেওঁ উদযাপন কৰিব লাগিব, প্ৰতিদিনে, নতুন হেপাহেৰে৷

কলমটো সামৰি মই তেওঁৰ ফাললৈ অলপ ঘূৰি লৈ মাত দিলো- এতিয়া পিছে আপুনি কি কৰিম বুলি ভাবিছে বৰ্মন দা? – ——– ’জানো, মোৰ কাম বহুত আছে! তথাপিও, এই সময়ত মই নিশ্চয় দহমিনিট সময় দি তেওঁক অকণমান গুৰুত্ব দি তেওঁৰ সতে এষাৰ কথা পাতিব পাৰো৷ কিবা এটা দিহা তেওঁ নললেও দিবলৈ চাম৷ তেওঁ নিশ্চয় সুখী হ’ব৷ এইসময়ত মই এয়াও এক দায়িত্ব বুলিয়েই ধৰি লৈছোঁ৷
■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক