বিয়া – নিতুল বৰা

বিয়া

নিতুল বৰা

যৌৱনৰ আগলি বতাহে কঁপাই যোৱা দেহা

(ইয়াত এগৰাকী কুমাৰীৰ দেহত যৌৱনৰ আগমন আৰু তোলনি বিয়াৰ কথা প্ৰকাশ কৰা হৈছে।)

উলাহত নাচি-বাগি ফুৰোঁতে কেতিয়া, কেনেকৈ আহি যে যৌৱনে কনমানি ছোৱালী এজনীৰ জীৱনত ভুমুকি মাৰেহি কোনোৱে তলকিবই নোৱাৰে। চাওঁতে চাওঁতে এপাহ এপাহকৈ যেন নানা ৰঙৰ বহুফুলেই ফুলিবলৈ ধৰে কনমানিজনীৰ দেহত। যৌৱনৰ আগলি বতাহে গাত কাপোৰ নোলোৱা আইজনীৰ মনত অচিনাকি আউল লগায়। চকুত হীৰা কি মুকুতা উজ্বলে, অবুজ ভাৱৰ লুকাভাকু, হাত-ভৰিত জিলিকি উঠা লাৱণ্যলৈ চকু ফুৰাই মাক চমকি উঠে। এইবোৰ একোৰে উমান নোপোৱা ফ্ৰক পিন্ধি লৰি-ঢাপৰি ফুৰা বাৰ-তেৰ বছৰীয়া ছোৱালীজনীক এইসময়ত মাক-দেউতাকে গা-চাই ফুৰিবলৈ কয়, দূৰলৈ থকাকৈ পঠিয়াবলৈ মনত ভয় ভয় ভাৱ।
তথাপি অচিন পৃথিৱীত অচিন পৰিস্থিতিত পৰি ভয় আৰু সংকোচে পেঁপুৱা লগা কন্যাৰ মাকে আলেঙে আলেঙে নিৰীক্ষণ কৰি সদ্য পুষ্পিতা বুলি জনাৰ পাছত ঘৰখনত খদম্‌দম্‌ লাগে। লৰালৰিকৈ ঘড়ীত কেইটা বাজিছে সময়টো চাই জানি থৈ ওচৰৰ অঙহী-বঙহী আৰু আয়তী কেইগৰাকীমানক মাতি পঠিয়ায়। পুষ্পিতা হোৱা ছোৱালীয়ে চন্দ্ৰ-সূৰ্য্য, গৰু-গাই, পুৰুষ মানুহ চাব নাপাই বাবে লৰালৰিকৈ আছুতীয়া কোঠা এটাত ছোৱালীজনীক দুৱাৰ মাৰি থৈ মাকে ধানখেৰৰ বিছনা এখনৰ আয়োজন কৰে। পৰিয়ালৰ মহিলা সকলে বা কোনো আয়তীয়ে সোণে-পোৱালে বণিয়াই সৰুকৈ মণি এধাৰি গাঁঠে। চুবুৰীৰ আয়তীসকলে পুৰঠ ডালিম এটা গছৰ পৰা আনি, বা ডালিম নাপালে ডিমৰু তিনিটা বা তামোল তিনিটাকে ঠাৰিৰে সৈতে চিঙি আনি তাত ছিগা চুলি দুডালমান আৰু ৰঙা-বগা এঁৱাসূতা মেৰিয়াই, নতুনকৈ গঁথা মালা তাতে পিন্ধাই দি খৰিকা পাঁচডালেৰে সৈতে একেলগ কৰি নতুন গামোচা এখনত টোপোলাৰ দৰে কৰি উৰুলি দি কনাই (পুষ্পিতা ছোৱালীৰ হাতত দিয়া কেইবিধমান বস্তুৰ এটা টোপোলা) বান্ধে। তাৰ লগে লগে দুৱলিত চাউল, তামোল-পাণ আৰু মিঠাতেলৰ চাকি সজায়। কাঁহৰ ফুলকটা লোটাৰে এলোটা পানী ভৰাই লোটাটোৰ ডিঙিত এঁৱাসূতা মেৰিয়াই মুখত আমদালি দি ছোৱালী শুবলৈ বুলি ঠিক কৰা বিছনাখনৰ শিতানৰ (যিফালে মূৰ দি শুৱে সেই ফালক বুজাই)ফালে মাটিতে ঠাইখন মচি উৰুলি দি চাউল কেইটামান ছটিয়াই তাৰ ওপৰত ধান খেৰেৰে কোমলকৈ লগতে দা বা কটাৰী এখনো তলতে দি মাকে বিছনাখন কৰি দিয়ে। খেৰৰ বিচনাত কইনাক বহিবলৈ দি কনাইটো ছোৱালীৰ হাতত দি দুৱলিৰ চাকি আৰু লোটাৰ আমদালিৰে আমসাৰ, চাকিসাৰ দিয়াৰ পাছত সেই বেলাৰ বাবে ছোৱালীজনীক একো খাবলৈ দিব নালাগে বুলি মাকক চুবুৰীয়া আয়তীয়ে দিহা দিয়ে। ছোৱালীজনীকো কনাইটো অনবৰতে হাতত বা কোঁচ লৈ থাকিবলৈ দিহা দি তামোল-ছালি খাই সকলো ঘৰা-ঘৰি যায়গৈ। পৰিয়ালৰ কোনো এজনৰ হাতত তামোল-পাণ আৰু পইচাৰ মাননি এটা দি পুষ্পিতা হোৱাৰ সময়টো জনাই পুৰোহিত বা গোসাঁইৰ ওচৰত ছোৱালীজনীৰ কিনো যোগ পালে সেই কথা পঞ্জিকা চাই জানি আহিবলৈ খৰ-খেদা লগাই। লগতে চাৰিদিনৰ দিনা কইনাক গা ধুৱাবৰ বাবে শুভক্ষণ কোন সময়ত আছে তাকো জানি আহিবলৈ দিয়ে।
চুবুৰীয়া কোনোবা ঘৰে নজনাকৈ আছিল যদিও বেলাটোৰ ভিতৰতে বাতৰিটো ইকাণে-সিকাণে বিয়পি পৰে। পুষ্পিতা হোৱাৰ দিন ধৰি তিনিদিন দুই সন্ধ্যা মাত্ৰ ফলাহাৰহে খাব পৰা ছোৱালীজনীলৈ গৰুৰ গাখীৰকে আদিকৰি, কল-আপেল,মগু-বুট লৈ ওচৰ চুবুৰীয়া সকলে ছোৱালীজনী চাই মাত লগাই যোৱাটো নিয়ম। তিনিদিনৰ দিনা ৰাতি সাধৱা মাকে আখৈৰ খোলা পাতি ছোৱালীজনীৰ নাম লৈ আখৈ ফুটুৱাটো নিয়ম, কাৰণ চাৰিদিনৰ দিনা ৰাতিপুৱাতেই আখৈ লাগিব। আখৈ নুফুটাতো শুভ লক্ষণ নহয় বুলি লোক বিশ্বাস আছে। আখৈ ফুটাই থাকোতে যদি গোটা গোটা হয় তেনেহলে পুষ্পিতা ছোৱালীজনীৰ বিবাহিতা জীৱনত লৰা সন্তান জন্ম হ’ব আৰু পাহি মেলা হয় তেনেহলে আগলৈ ছোৱালীৰ হ’ব বুলি আগৰে পৰা এটা লোক বিশ্বাস এটা ঠায়ে ঠায়ে আছে।
চাৰিদিনৰ দিনা শুভক্ষণৰ সময়মতে প্ৰথম ঋতুস্নানৰ শুভকৰ্ম ভাগ ওচৰ-চুবুৰীয়া আইসকলে আহি কৰেহি। পূবমুৱাকৈ বাৰীৰ পিছফালে ইকৰা বা কুহিয়াৰ বা কলথোৰ তিনিডালেৰে সজা বেইখনৰ কাষত আলুৰে সৈতে পীৰি খান্দি অনা জীয়া লহপহীয়া কলপুলি এটা আলফুলকৈ ঘৰৰ কোনোৱা এজনে ৰুই দিয়ে। এই কলপুলিটো মৰি গলে বা গৰু-ছাগলীয়ে খালে বেয়া বুলি লোক বিশ্বাস আছে, সেয়েহে কইনা নোৱাই তোলনী বিয়াৰ পাছত পুলিটো নি সহজে চকুত নপৰা ঠাইত আছুতীয়াকৈ বেৰ দি কলপুলিটো ৰুই থোৱা হয়। বৰ বিয়াৰ আচল দৰাই কলপুলিৰ এই প্ৰতীক দৰা চাব নাপায় বুলি বিশ্বস কৰা হয়। বেইৰ তলত তামুলীপীৰা এখন পাৰি বটা-মাহ-হালধিৰ বাটি এটা আৰু তেলৰ চিচাঁটো কাষতে থয়। মাকে ছোৱালীজনী ভিতৰৰ পৰা আচঁলত ধৰি উলিয়াই আনি বেইৰ তলত বহুৱাই আৰু আগতীয়াকৈ যতনাই থোৱা ঔ টেঙাৰ বীজেৰে প্ৰথমেই মূৰটো ধুৱাই লৈ পাছত মূৰত তেল দি মাহ-হালধি সানি  আয়তীৰ লগে লগে পাঁচ বা সাত কলহ পানী ঢালি গা ধুৱাই দিয়ে। মাহ-হালধি সানি কনাইটোকো ধুওৱা হয়। গা ধুই উঠি বেইৰ তলতে ওলোৱা-সোমোৱা অপৰাধ নহ’বৰ বাবে সূৰ্য্যলৈ চাই ছোৱালীজনীয়ে সেৱা কৰে, বাৰীৰ তামোল এথোকলৈ চালে, তাৰ পাছত মাক বা আয়তীলৈ চাই সেৱা কৰিলে। এইখিনিতে কলপুলিৰ দৰাক পিন্ধাবলৈ দুগদুগী বা চিপাতমণি এধাৰ আনি কইনাৰ হাতত দিয়ে। তিতা তিয়নীৰে থকা কইনাই কলপুলিটোৰ গাত মণিধাৰ পিন্ধাই, আগতেই আঁতৰাই ৰখা মাহ আৰু হালধিৰে, সোঁহাতেৰে মাহ আৰু বাওঁহাতেৰে হালধি লৈ আঁঠুকাঢ়ি কলপুলিটোৰ গাত তলৰ পৰা ওপৰলৈ তিনি চোঁচা মাৰি আয়তীৰ উৰুলিৰ লগে লগে সানি পানী একলহ ঢালি নোৱাই অঁতোৱাৰ পাছত আগৰাতি ভজা এমলা আখৈ আৰু পুৱাতে খুন্দি দিয়া এমলা কেঁচা পিঠাগুড়ি দুয়োখন হাতে লৈ আঁঠুকাঢ়ি কলপুলিটোৰ গুৰিত ঢালি সেৱা কৰিব লাগে। হৰগৌৰীৰ বসতি হওক বুলি দিয়া আইসকলৰ আশীৰ্বাদ লৈ ঋতুমতী কইনাই খমখমীয়া ৰঙা কেছ বছা ৰিহা-মেখেলা পিন্ধি ন যৌৱনক ওলগ ও আদৰণি জনায়।
বেইৰ তলৰ পৰা নি ভিতৰৰ কোঠা এটাতে চাউল এছাটি মাৰি পাটী এখন পাৰি ছোৱালীক বহুৱাই দিয়া হয়। পৰিয়ালৰ কোনোৱা এগৰাকীয়ে কইনাৰ মূৰটো ধুনীয়াকৈ আঁচুৰি সেন্দুৰৰ ফোঁট এটা দি ছোৱালী জনীক সজাই পৰাই দিয়ে। এই আগৰ কেইদিনৰ অশুচি বিছনাৰ খেৰ আদি পুৰি কানি-কাপোৰ তিয়াই ঘৰটো মচি-কাচি গা-ধুই মাকো আজৰি হৈ আহে। ছোৱালীৰ সন্মুখত দুৱলিটো আৰু আমদালি এটাৰে নতুন পানী এলোটা সজাই দিয়ে, মাহ-প্ৰসাদৰ শৰাই এখন ধূপ-ধুনা আৰু বন্তি এগছি ঠাইখন মচি কাষতে থয়। পূবলৈ মুৱাকৈ বহা কইনাক আমসাৰ, চাকিসাৰ মাকে দিয়াৰ পাছত শৰাইখনৰ পিনে আঁঠুকাঢ়ি মাক-জীয়েকে দৈৱদোষ, গ্ৰহদোষ খণ্ডনৰ বাবে ভগৱানৰ ওচৰত মূৰ দোঁৱায়।
চাৰিদিনৰ দিনা পৰা সাতদিনলৈ দিনত আখৈ, চিৰা, পিঠাগুড়ি আদি খোৱাৰ নিয়ম আৰু জোন-তৰা ওলালে ৰাতি চৰু জুৰি হাতেৰে তিনি পিঠি চাউল লৈ তেল-হালধি নিদিয়াকৈ মগুমাহেৰে সৈতে একেলগে ৰান্ধি সন্ধক লোণেৰে এসন্ধ্যা ভাত খাব পাৰিব বুলি ছোৱালীক আয়তীসকলে দিহা দিয়ে। সুভগা, পতিব্ৰতা আদি ভাল যোগ পালে সাতদিনৰ দিনাই ৰাতিলৈ ছোৱালীয়ে উপবাস ভাঙি মাছেৰে ভাত খোৱাৰ নিয়ম আছে আৰু যদিহে দুৰ্ভগা, পতিহীনা আদি বেয়া যোগ পায় তেনেহ’লে যোগ অনুসৰি পোন্ধৰ দিন, সাতদিন, ডেৰমাহ পৰ্যন্ত ছোৱালীয়ে উপবাস কৰি উপবাসৰ শেষত দান-দক্ষিণা কৰিহে উপবাস ভাঙিব পাৰে বুলি আইসকলে দিহা দিয়ে।
সাতদিন পালেহিয়েই, সাতদিনৰ দিনা মঙ্গল, শনিবাৰ পৰিলে, ন দিনৰ দিনাহে নোৱাই তোলনি-বিয়া তোলাৰ নিয়ম। সাতদিনৰ দিনা ছোৱালীক মাকে পুৱাতেই এনেয়ে গা ধুৱাই, চাৰিদিনৰ পাৰ ছোৱালীয়ে শোৱা বিছনা-কাপোৰ তিয়াই ঘৰ-দুৱাৰ মচিব লাগে। চোতালতে এবেলাৰ বাবে ৰভা এখনো দিয়া হয়, চাৰিটা কলপুলিৰে মড়ল সাজি, আমদালি দি তাত গোসাঁইৰ ছবি এখনো থোৱা হয়। নিমন্ত্ৰণ জনোৱা আইসকলক মুখ-হাত ধুৱাবৰ বাবে জা-জলপানৰো চুৰ্চুৰীয়াকৈ আয়োজন কৰা দেখা যায়। ঘৰৰ সৰুবোৰে দুৱাৰত আৰু কলুলিৰে ধুনীয়াকৈ সজা বেইত আমদালি আৰি দিয়ে। আবেলি আয়তীসকল গোটখাই আচল বিয়াৰ দৰে নাম-গুণ গাই মাক হতুৱাই ওচৰৰে কাৰোবাৰ ঘৰৰ পুখুৰীত ছোৱালী সমজুৱাকৈ নোৱাবলৈ পানী তুলে। চাৰিদিনীয়া গা ধুওৱাৰ দৰেই মাহ-হালধি সানি কইনা, কনাই আৰু নতুন কলপুলিৰ দৰাক উৰুলি আৰু জাত জাত নামেৰে গা ধুওৱা হয়। গা ধুওৱাৰ পাছত চাৰি দিনৰ দিনাৰ দৰেই আকৈ আৰু পিঠাগুড়ি দুমলা দি কলপুলিটো সেৱা কৰোৱাৰ পাছত ছোৱালীক আশীৰ্বাদ দি মাকৰ হতুৱাই আমসাৰ, চাকিসাৰ দিয়াই পাটৰ কাপোৰ এযোৰ পিন্ধাই ৰভাতলীলৈ কইনা উলিয়াই লৈ আহে।
ৰভাৰ তলত মড়লৰ কাষতে পাটী পাৰি বহুৱাই কইনাক সজাই-পৰাই, তেল-সেন্দুৰৰ ৰেখাৰে তমস্কাৰ কৰি আখৈ এবাটিত কনাইটো বহুৱাই এইবাৰ ছোৱালীৰ কোঁচত দিয়ে। সোণৰ আঙঠিয়েই বা ৰূপৰ টকাই হওক কইনাৰ হাতত দি প্ৰথমেই মাকে ছোৱালীৰ হাতৰ পৰা আখৈৰ বাটিটোৰে সৈতে কনাই নিজৰ কোঁচলৈ নিয়ে, আকৌ ছোৱালী জনীৰ কোঁচলৈ দিয়ে। এইদৰে তিনিবাৰ অনা-নিয়া কৰি আখৈখিনি মাকে নিজৰ কোঁচত বাকি এইবাৰ কেঁচা পিঠাগুড়ি বাটিটোত ভৰাই তাৰ ওপৰত কনাইটো বহুৱাই ছোৱালীজনীৰ হাতত দিয়ে। ছোৱালীজনীৰ হাতৰ পৰা কনাই লবলৈ এইবাৰ পৰিয়ালৰ আন মহিলা সকল আহে। প্ৰত্যেকেই সিকি, আধলি, টকা যি পাৰে দি আগৰ নিয়মৰেই তিনিবাৰ প্ৰত্যেকে কোঁচ পাতি পাতি কনাই কোঁচত লওতে জোৰা নামৰ জাউৰিত বাৰুকৈয়ে ফূৰ্তি হয়। তাৰোপৰি কনাই লওঁতাৰ মুখত পাছফালৰ পৰা হঠাতে পিঠাগুড়ি সানি গোটেই মুখ একেবাৰে বগা কৰি পেলাই হাঁহি খিকিন্দালিৰে আনন্দ বঢ়াই তোলে। কোঁচত বাকী অনা আখৈ বা পিঠাগুড়ি নেখাই কঙাল বা চণ্ডালক দি দিয়াৰহে নিয়ম। কনাই লোৱাৰ আগতেই ছোৱালীজনীৰ হতুৱাই তিনিগৰাকী বা পাঁচগৰাকী আয়তীক সেন্দুৰৰ ফোট দিওৱা হয়। কনাই সকলোৱে লৈ অঁতোৱাৰ পাছত ধুনীয়া লৰা বা ছোৱালীক কোঁচত লৈ চুমা খাই হাতত লাডু একোটা দি উঠি কইনাই এইবাৰ ভগৱন্তৰ ওচৰত মূৰ দোঁৱাই। সুখে আৰু শান্তিৰে, সন্তান-সন্ততিৰে ভৰপূৰ এখন সংসাৰ হ’বলৈ আইসকলে আশীৰ্বাদ জনাই হাঁহি-মাতি বিয়া ভাঙি সকলো ঘৰা-ঘৰি যায়গৈ।

উদুলি-মুদুলি বিয়া ঘৰ

(ইয়াত এজনী ছোৱালীয়ে নিজৰ জন্মৰ ঘৰখন, নিজৰ আপোন মানুহবোৰক এৰি কি প্ৰক্ৰিয়াৰ মাজেৰে নতুন ঘৰ এখনত নিজকে খাপ খুৱাই ল’ব লগা হয় তাকেই প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে, লগতে বিয়াঘৰৰ পৰিবেশটোৰ সম্যক আভাস এটা দিবলৈ চেষ্টা কৰা হৈছে।)
এক নৱ-জীৱনৰ পাতনি বিবাহ। এক নতুন জীৱন, নতুন আশা, কল্পনাৰে ভৰা দুটি প্ৰাণ যেন এক হোৱাৰ স্থলী বিয়া ঘৰ। মনত ভয়, সংকোচ, লাজ লাজ ভাৱ লৈ এনে এটা দিনৰ সন্মুখীন হ’ব লগা হয় প্ৰতিজন ডেকা-গাভৰু। চাওঁতে চাওঁতে সেই নিৰ্দিষ্ট দিনটো আহি পাই কেনেকৈ উমানেই পোৱা নাযায়। এয়াই পৰম্পৰা, কেতিয়াও নেদেখা, কেতিয়াও নজনা এজনে আনজনক চিৰ-জীৱনৰ সংগী কৰি লোৱাৰ মূৰ্হুত এয়া। এক নতুন অনুভুতি, এক নতুন অভিজ্ঞতা।
বিয়া; গাঁৱৰ কাৰোবাৰ ঘৰত বিয়াৰ ঘিটিং কৰিলেই সকলো ওচৰ-চুবুৰীয়াই উপযাচি গৈ ৰভা-খোলা দিয়াত ব্যস্ত হৈ পৰে, মিতিৰ-কুটুমৰ কোনোৱে বাকচটো, কোনোৱে কাঁহী-বাটি, কোনোৱে গহণা-গাঁঠৰি, কোনোৱে কাপোৰৰ সাজ দি সহায় কৰে। গাঁৱৰ ৰাইজক বিয়াৰ দিনা কিদৰে সোধ-পোছ কৰিম বুলিও মূৰে-কপালে হাত দি জোপোকা মাৰি বহি থাকিব নালাগে। কিনো কথা, শক্তি চাই ভক্তি। তামোল এখন দি সুধিলেও গাঁৱৰ ৰাইজে হৰ-গৌৰী বসতি হওক বুলি আশীৰ্বাদ দি যাবহি।
এফালে কইনাৰ ঘৰ আৰু আনফালে দৰাৰ ঘৰ। সাত-আঠ গৰাকীমান মানুহৰে সৈতে দৰাৰ মাকে শুভক্ষণ মতে দুপৰীয়াৰ কোনো নিদিষ্ট সময়ত জোৰোণলৈ কইনাৰ ঘৰৰ আমদালি অঁৰা কলপুলি পোতা পদূলিত উপস্থিত হয়হি। দৰা-ঘৰীয়া পদূলিমুখ আহি পালেহি বুলি শুনিলেই কইনাৰ ঘৰত আয়তীৰ উৰুলি জাকি মাৰি উঠেই। উখল-মাখল কইনাৰ মাকৰ হাতত মছলা, তামোল-পাণৰ বঁটা শৰাই-ঢকাৰে ঢাকি দি আনখন হাতত নতুন গামোচাৰে ঢকা বিচনী দি জাঁত জাঁত নামেৰে আয়তী সকলে আমদালি অঁৰা দুৱাৰ পাৰ হৈ জোৰোণ আদৰিবলৈ ওলাই আহে। দৰাৰ মাকৰ হাততো তেনে তামোল-পাণ, মছলা শৰাই। দুই বিয়নীয়ে পদূলিৰ কলৰ তলতে দয়োখন শৰাই তিনিবাৰ সলনা-সলনি কৰে। কইনাৰ মাকে দূৰৰ পৰা ভাগৰে-জোগৰে অহা বিয়নীক তিনিবাৰ বিছনীৰে বিচি, সাৱটি ধৰি, চুমা খাই ভিতৰৰ ৰভাতলীলৈ আনি মড়লৰ কাষতে দৰাঘৰীয়াৰ বাবে আছুতীয়াকৈ থোৱা দলিচাত আটাইকে বহুৱায়। কলচীত ফুলপাত ৰাখি, ৰঙীণ কাপোৰেৰে সজোৱা ময়দা, নীল, সেন্দুৰ, হালধি, চাউলেৰে আগত ডাঙৰ দাপোণ আৰু গোঁসাইৰ ছবিৰে উজ্বলি থকা মড়লৰ আগত দৰাঘৰৰ পৰা অনা পাটী পাৰি কইনাক বহিবলৈ দিয়ে। ভিতৰত আড়ৈ চাউল, এঁৱা সূতা, আমপাত, তামোল-পাণেৰে সজোৱা দুটি সৰু মাটিৰ ঘট আলফুলকৈ উলিয়াই দৰাৰ মাকে মড়লৰ ভিতৰত থাকে। ঘটৰ ভিতৰৰ দুটামান চাউল পাটীখনৰ ওপৰত উৰুলিৰে ছটিয়াই দিয়াৰ পাছত কইনাক ওৰণি-বাৰণি দি ভিতৰৰ পৰা কইনা বুলনেৰে আনি পাটীৰ ওপৰত বহুৱাই দিয়ে আৰু লগে লগে গোপিনী সকলে জাউৰিয়ে জাউৰিয়ে বিয়া নাম গায়—-
“মাৰাৰ অলঙ্কাৰ থোৱাহে আইদেউ,
দেউতাৰাৰ অলঙ্কাৰ থোৱাহে,
ৰামে দি পঠাইছে সুৱৰ্ণৰ অলঙ্কাৰ আজি মুৰ দোঁৱাই লোৱাহে”।।
উ…….লু…… উ……লু…… উ….লু….. উ….লু……. উ……..লু……….

এইদৰে বিভিন্ন সুৰৰ বিয়ানামে ৰভাতলী সুখৰিত কৰি তোলে। দৰাৰ মাকে লগত অনা বাকচ খুলি অলঙ্কাৰ, সেন্দুৰ, আৰ্চী, ফণী, ৰুমাল আৰু বনকৰা এসাজ, পাতলিবছা এসাজ, উকাপাতৰ কেছবছা ৰিহাৰ এসাজ আৰু নোৱনি সাজ বুলি অনা মুগাৰ ৰিহা-মেখেলা আৰু গুণাৰ পাৰী বছা আশী সূতাৰ চাদৰ—ভাগে ভাগে ব্লাউজ, পেটিকোট, আদিৰে সৈতে উলিয়াই শৰাইৰ ওচৰত থয়। লগতে ৰূপৰ তামোল-কটাৰী দুযোৰ আৰু গাঁঠিয়ন মাহ-হালধিৰ টোপোলা দুটাও। এযোৰ তামোল-কটাৰী, গাঁঠিয়ন মাহ-হালধিৰ টোপোলা এটা, আৰু এযোৰ চেকেলীৰ এটা, দৈ-পানী ছটিয়াবৰ কাৰণে নিয়া সৰু সৰু টেকেলী দুটাৰ ভিতৰত এটা কইনাক চোৱাই দৰাৰ বাবে ওভোতাই নিব লাগে। আই সকলৰ এগৰাকী আইয়ে ঘটৰ ভিতৰৰ চাউলেৰে কইনাৰ বাবে দুৱলি সজায়। দৰা ঘৰৰ পৰা অনা মাটিৰ চাকিগছো দৰাঘৰৰ তেলেৰেই জ্বলাই দুৱলিৰ ভিতৰত তামোল-পাণ-পইছাৰে সজাই দিয়া হয়। প্ৰথমেই তামোল কটাৰীৰ তামোলটো কইনাৰ শিৰত থৈ তাৰ ওপৰত জোৰোণৰ বাবে নিয়া আঙঠি দি সুগন্ধি তেল তিনিবাৰ দৰাৰ মাকে কইনাৰ মূৰত দি সেই আঙঠিৰে সেন্দুৰ শিৰত পিন্ধাই দিয়ে। এখন্তেকতে উৰুলিৰ ধ্বনিৰ মাজত এজনী পাট-গাভৰু ছোৱালী বোৱাৰীলৈ ৰূপান্তৰিত হৈ পৰে এইদৰেই। তাৰ লগে লগে আঁতৰৰ পৰা আলেঙে আলেঙে চাই থকা কইনাৰ মাকৰ দুগালেদি দুধাৰি চকুলো বৈ আহে সকলো বাধা অতিক্ৰম কৰি- আজিৰ পৰা তাই (কইনাজনী) লোকৰ হৈ গল আৰু।
দৰাৰ মাকে কইনাৰ আগৰ অলঙ্কাৰ খুলি এপদ এপদকৈ দৰাঘৰীয়া অলঙ্কাৰ পিন্ধোৱাৰ লগে লগে জোৰা-নামৰ ধেমালিৰ জোৱাৰ উঠি পৰে। কইনা ঘৰীয়া আয়তীয়ে বিয়া নাম দিয়ে—
“কিনো সাজে কাপোৰ আনিলা শাহু আই
আইদেউৰ গালৈকে নাটেহে” ।।
এনেতে দৰাঘৰীয়া আয়তীয়ে কইনাঘৰীয়াক উদ্দেশ্যি বিয়া নাম গায়—-
“ৰাম কৃষ্ণ—কেলৈনো তুলিলা
ৰাম কৃষ্ণ-ৰূপহী জীয়েৰাক,
হৰি মোৰ ঐ
লোকে বনে কৰাই খাব “।।
উ…….লু…… উ……লু…… উ….লু….. উ….লু……. উ……..লু……….

বুলি নানা ধৰণৰ জোৰা-নামেৰে দৰাঘৰীয়াক জোকাই থকা-সৰকা কৰে। এয়া সকলো ধেমালিৰ ভাৱেৰে কৰা হয়। কোনেও ইয়াত কাকো বেয়া নাপায়। এয়াই যে নিয়ম। কইনাক সজাই-পৰাই হোৱাৰ পাছত মড়লত থকা গোসাঁইৰ মূৰ্ত্তিৰ ফালে আঁঠু লোৱাই কইনাক আশীৰ্বাদ দিয়ে।
তাৰ পিছত দৰাঘৰীয়া আৰু কইনাঘৰীয়া বয়সস্থসকলক ভাগে ভাগে সেৱা কৰাই হোৱাৰ পিছত সকলোৱে চিৰা দৈ, চাহ-জলপান, মিঠাই খোৱাৰ পৰ্ব আৰম্ভ কৰে। কইনাৰ মাকক দৰাঘৰৰ পৰা অনা সাৰ কাপোৰ এযোৰ আৰু দৰাৰ নোৱনি কাপোৰ, দৰাৰ বৰণ কাপোৰ বুলি কইনাঘৰৰ পৰা চুৰীয়া গামোচা,চাদৰ এযোৰ দিয়া হয়। দৰাঘৰৰ পৰা নিয়া নাৰিকল দুটাৰ এটা কইনাঘৰে ৰাখি আনটো কইনাই চুই দৰাঘৰলৈ দি পঠোৱা নিয়ম। সকলো ঠিকে-ঠাকে হোৱাৰ পাছত বাকী ঘট, মাহ-হালধিৰ টোপোলা আদি (কইনাই হাতেৰে চুই দিয়া)লৈ দৰাঘৰীয়া মানুহ সকলো হাঁহিমাতি যাবলৈ ওলায়। কইনাৰ মাকৰ লগতে কইনাইও দুখোজমান আগুৱাই গৈ আগবঢ়াই দিয়া নিয়ম কৰে।
জোৰোণৰ দিনা সন্ধিয়া পানী তুলি কইনা নোৱাবলৈ ওচৰৰ আইসকল আহি গোট খায়। ঢোল, পেঁপা, তাল বজাৱা, দুৰলিঘট সজোৱা, লগতে পানী তুলিবলৈ দৈৱকীকে উলিওৱা বুলি বিয়া নামৰ জাউৰিয়ে ঢুলীয়াৰ ঢোলৰ ছেওত আনন্দৰ ধলহে উঠাই। ভিতৰৰ পৰা কাষত ঘট লৈ দৈৱকী ওলাই পানী তুলিবলৈ। জ্বলি থকা চাকিৰে দুৱলিটো কোনো এজনী সৰু ছোৱালীয়ে ধৰি কাষে কাষে যায়। ৰাজহুৱা নামঘৰৰ পুখুৰীত এদিন,  বৰপুখুৰীত এদিন আৰু বিয়াৰ দিনা নৈত পানী তোলা নিয়ম। পানীলৈ নামি লগত নিয়া থুৰীয়া তামোল চাৰিখন চাৰিদিশে কইনাৰ মাকে দলিমাৰি দিলে। গোটা তামোলপাণ এযোৰ পইচাৰে পানীলৈ দলিয়াই পানীত সেৱা কৰি লগত নিয়া কটাৰীৰে পানীত তিনি আয়তীয়ে ধৰি (মাকৰ সৈতে)পানী কাটে।
এনেতে আয়তীয়ে বিয়া নাম গাই—
লাই-হালে-জালে—ফুল চন্দন তুলসী,
আবেলি বতাহে ফুল চন্দন তুলসী,
লফা হালে জালে পাতে হেই—ফুল চন্দন তুলসী
ভৰিল নে নভৰিল—ৰাধা তোমাৰ কলচি।।
উ…….লু…… উ……লু…… উ….লু….. উ….লু……. উ……..লু……….

পানীত কটাৰীৰে পূৰণচিন দি দি উৰুলিৰ মাজে মাজে এগৰাকী আয়তীয়ে কইনাৰ মাকক সুধে—
কি দেখি আহিলা ?
-“ধুঁৱলি-কুঁৱলি, সীতাৰ নিৰ্মালি, আইদেউৰ পানী কাটো কটাৰী ধৰি”।
উ…….লু…… উ……লু…… উ….লু….. উ….লু……. উ……..লু……….

এইদৰে তিনিবাৰ সোধাৰ পাছত উৰুলি দি দি অলপ অলপকৈ তিনিবাৰে ঘটটো ভৰাই পাছলৈ উভতি নোচোৱাকৈ “দৈৱকী” ঘৰমুৱা হয়। ঘৰ পায়েই প্ৰথমে চাললৈ পানী সোঁহাতেৰে ছটিয়াই, ভিতৰলৈ গৈ কইনাক আঁচলত ধৰি চাৰিজোপা কলপুলিৰে সজা বেইত মাকে সাতবাৰ ঘূৰাই বেইৰ ভিতৰৰ চামৰ পীৰাত পূব-মুৱাকৈ বহুৱাই দিয়ে। সৰু ছোৱালী এজনীয়ে পাছে পাছে  কইনাক দৈ-পানী ছতিয়াই যায়। কইনাঘৰীয়া এগৰাকীয়ে বেইৰ কাষতে হাঁহ-কণী, তামোল-পাণ, পইছা আৰু ভোজনী এটা সজাই ৰখাটো নিয়ম। পীৰাৰ কাষত আগলি কলপাত এখনত খেৰৰ জুমুঠি দুটা, শিলগুটি এটাও থয় আৰু কইনাই তাত ভৰি দিহে পীৰাত বহাৰ নিয়ম আছে। ইয়াৰ পাছত দৰাঘৰৰ পৰা দি যোৱা মাহ-হালধিৰে কইনাক গা-ধুৱাই, কইনাৰ মাকে সেইদিনা দুৱলিৰ চাউলেৰে কইনাৰ মূৰত তিনিবাৰ চাউল দিয়ে। তাৰ পাছত আমসৰা আৰু চাকিসাৰ তিনিবাৰ দি অঁতোৱাৰ পাছত দাংকোলাকৈ কোনো এজন পুৰুষে কইনাক মড়লৰ কাষত বহুৱাই দিয়েহি।
জোৰণৰদিনাৰ পৰা কইনা দাতা, কইনাৰ মাক আৰু কইনাই উপবাসে থাকিব লাগে। ৰাতিলৈ অধিবাস আৰু গাঁঠিয়নৰ উখল-মাখল লাগে। কইনা নোওৱা-ধুওৱা হৈ যোৱাৰ পাছত, নাম-গুণ গাই অধিবাস শেষ হোৱাত মড়লৰ কাষত শিলৰ পটা এখনত গাঁঠিয়ন (গাঁঠিয়ন হৈছে বহুত গাঁঠিযুক্ত এবিধ সুগন্ধি শিপা), মুঠা, গন্ধ বিৰিণা থৈ কইনাক ধৰি সাতগৰাকীয়ে  পটাগুটি ধৰি উৰুলি আৰু নামৰ মাজে মাজে আনন্দৰে গাঁঠিয়ন খুণ্ডে। খুণ্ডা গাঁঠিয়ন তেলত ডুবাই দূবৰিৰ আগেৰে কইনাৰ মূৰত দিব লাগে। পাছদিনা দোক-মোকালিতে দৈয়ন (বিয়াৰ দিনা দৰা-কইনাৰ মুখ আৰু শৰীৰ দৈৰে স্পৰ্শ দিয়া নিয়ম) দিবৰ বাবে কাঁহী এখনত দৈ, তিল আৰু কেইখিলামান পাণ জোগাৰ কৰি সকলো আয়তী ঘৰাঘৰি যায়।
পাছদিনা বিয়াৰ দিনা, কাউৰী-কুকুৰা মাটিত নপৰোতেই দৈয়ন দিয়াৰ উখল-মাখল লাগে। শোৱা কোঠাৰ দুৱাৰ-দলিৰ মুখতে পীৰা এখন পাৰি কইনাক দাংকোলাকৈ আনি পীৰাত বহুৱাই দিয়েহি। আগদিনা ৰাতিয়েই যতনাই থোৱা দৈয়নৰ কাঁহীত আগগুৰি নকটা পাণকেইখিলা জুবুৰিয়াই সমুখৰ পৰ্দাৰ দুই কাষে হাত মেলি কইনাৰ মুখৰ পৰা ভৰিলৈকে উৰুলি দি দি তিনিাৰ দৈ সানি দিয়ে। এই উৰুলিৰ জোকাৰত বিয়া ঘৰৰ সকলো টোপনিৰ পৰা সাৰপাই নিজ নিজ কামত লাগেগৈ। ইয়াৰ লগে লগে ন-পুৰুষৰ শ্ৰাদ্ধও পতা নিয়ম আছে। নিয়মবোৰ ঠাই বিশেষে বেলেগ বেলেগ হোৱা দেখা যায়।

আবেলিৰ পৰা আলহীৰ লানি নিছিগা সোঁত বোবলৈ আৰম্ভ কৰাৰ লগে লগে দৰাঘৰৰ পৰা দিয়া জোনবিৰি, গামখাৰু, চিক আৰু কপালীৰে কইনাক ন-সাজ পিন্ধাই সজাই-পৰাই তোলা হয়। ৰঙা-নীলা লাইটৰ চিকমিকনিত ৰভাতলী দলদোপ-হেন্দোলদোপ হৈ থাকে। মড়লৰ ওচৰত পাটীত বহি তামোলৰ বঁটা আগতলৈ কইনাঘৰীয়া দুই-এজনী আলহীক সুধিবলৈ সাজুহৈ থাকেই। তাতেই গোপিনী সকলে কথাৰ মহলা মাৰি থাকে, ক’ত কেনেকৈ কোনখন বিয়াত যাদু কৰা দৰা লুটি খাই পৰিল, কাৰ ঘৰৰ বিয়াত জোৰা-নাম গাওঁতে দৰাঘৰীয়াৰ লগত তুমুল খকাখুন্দা লাগিল, আৰু কত যে কি কথা ওলাই। আলহী সুধি থকাৰ মাজতে উৰুলি আৰু নামেৰে পানী তোলা কামফেৰাও কৰিব লগিয়া হয়। কইনা নোওৱাৰ পিছত বেইৰ তলতে কইনাৰ মূৰৰ ওপৰত চাদৰ এখন দুগৰাকী আয়তীয়ে পূবা-পশ্চিমাকৈ ধৰে, দুয়ো গৰাকী উত্তৰ-দক্ষিণ ফালে থিয় দি থাকিব লাগে। খাৰৰ টোপোলা এটা কাপোৰ খনত দি সোঁ-বাওঁফালৰ আয়তীয়ে পাতি থোৱা আঁচলৰ ফালে তিনিবাৰ টোঁৱাই ওপৰলৈ কাপোৰখনেৰে ছাটি মাৰি পেলাই দিয়ে। তাৰ পাছত সোণৰ চেইন এডাল কাপোৰ খনত পেলাই দি তেনেকৈয়ে সোঁৱে-বাঁৱে দুয়োফালে তিনিবাৰ টোঁৱাই বাওঁফালৰ আঁচলত দিয়ে। সাত গৰাকী আয়তীয়ে মূৰত চাউল দিয়া নাম গাই গাই মূৰত চাউল দিয়াৰ পাছত আমাসাৰ, চাকিসাৰ মাকে দিব লাগে। চাৰিখন থুৰীয়া তামোল আধাচোবোৱাকৈ খাই কলপুলি চাৰিটাৰ গুৰিয়ে গুৰিয়ে কইনাক পেলাবলৈ দিয়া হয়। তাৰ পাছত কইনাক দাঁতত খৰিকা লবলৈ দি সেইদিনাৰ পৰাই খাই উঠি দাঁত খৰিকা লোৱাৰ নিয়ম যে কৰিব লাগিব সেই কথা আই সকলে সোঁৱৰাই দিয়ে। তাৰ লগে লগে যেন সকলোৱে দৰা অহালৈ বাট চাইহে থাকে। তেনেতে আয়তীৰ মাজৰ পৰা দিয়ে বিয়া নাম—-
আমডালি পাৰিছে—দুৱাৰতে আৰিছে,
কেতিয়া আহিব দৰা—উগুল-থুগুল লাগিছে।।
উ…….লু…… উ……লু…… উ….লু….. উ….লু……. উ……..লু……….
এটা সময়ত ৰাতি দৰা আহি কইনাঘৰৰ পদূলিত উপস্থিত হয়হি,দৰাই মুখত ৰুমালেৰে মুখ টিপি থাকে আৰু সখীয়েক বা ছাতি ধৰাই দৰাৰ মূৰৰ ওপৰত নতুন ছাতি এটা মেলি ধৰি থাকে। দৰাঘৰীয়া বেণ্ড বজা শুনিলেই কইনা ঘৰৰ সকলোৰে ব্যস্ততা দুগুণে বাঢ়ি যায়। জাউৰিয়ে জাউৰিয়ে আয়তীয়ে উৰুলি দিয়ে। কন্যাদাতা জন আগবাঢ়ি আহি বিষ্ণুৰূপী জোৱাঁইক চন্দনৰ ফোঁট দিয়ে, ধূপেৰে আদৰে, নতুন সাজ আগবঢ়াই দি মালা পিন্ধাই পদূলিৰ আমপাত অঁৰা কলপুলিৰতলৰ চামৰ পীৰাত তোলাৰ লগে লগেই —
লোকৰে পদূলিত থিয় হৈ আছাহি,
ভিক্ষা বা মাগিছা কিয়হে,
বুলি দৰাক কইনা ঘৰীয়া আয়তীয়ে জোকাবলৈ আৰম্ভ কৰি দিয়ে। সেইখিনি সময়তে কইনাৰ ভায়েক বা ভনীয়েকে লোটা, চৰিয়া, গামোচা আনি দৰাৰ ভৰি ধুৱাই যায়হি। দৰা অহাৰ পাছতহে সুৱাগ তোলাৰ নিয়ম। সৰু কুলা এখনত এমুঠি আখৈ, এমুঠি পিঠাগুড়ি, চাৰিখন থুৰীয়া তামোল, ৰঙা, কলা আৰু বগা সূতা কেইডালমান, চাৰিডালমান খৰিকা, এগছ চাকি আৰু চাৰিটা লাড়ু লৈ কেইবাগৰাকী আয়তীয়ে কাষত নোৱনী ঘটেৰে কইনাৰ মাকক লৈ দৰাৰ কাষেদিয়েই দৰালৈ চাউল ছটিয়াই সুৱাগুৰি তুলিবলৈ যায়। জ্বলি থকা সাতোটা চাকিৰে এখন থাল, দুৱলি আৰু এবাটি পানীও লগতে নি ওচৰৰে আলিৰ কাষত আটাইকেইজনী জুম বান্ধে। আলিৰ কাষৰ ধুলিৰে কইনাৰ সুৱাগুৰিত দল সজা আৰু দৰা ঘৰৰ সুৱাগুৰিত পুখুৰী খণ্ডা নিয়ম। ধুলিৰে অকন মানকৈ দলৰ নিচিনা কৰি তাৰ চাৰিওদিশে খৰিকা চাৰিডাল পুতি, প্ৰতিডাল খৰিকাৰ কাষে কাষে লাড়ু, থুৰীয়া তামোল, আখৈ আৰু পিঠাগুড়ি দিয়ে। চাকিগছ জ্বলাই লগত নিয়া নোৱনী ঘটৰ পানী তাৰ কাষে কাষে অকণ অকণকৈ দি দলটোৰ ওপৰত ঘটটো বহুৱাই দিয়ে। প্ৰতিবাৰ উৰুলিৰে কামখিনি শেষ কৰাৰ পাছত কইনাৰ মাকে পূবফালে মুখ কৰি থিয় হৈ নিজৰ ভৰিৰ তলেদি তিনিচোঁচাই গোটেইখিনি বস্তু পশ্চিমফাললৈ পেলাই দিয়ে আৰু চাকিটোও ভৰিৰে লুটিয়াই দিয়ে, তাৰ পাছত বাল্টিৰ পানীতে পানী কাটি ঘট ভৰাই, কথা ক’ব নোৱাৰাকৈ অলপ পানী মুখত লৈ আহি কইনাৰ মাকে ঘৰৰ ছালত পানী দি, ভিতৰলৈ গৈ কইনা থকা ঘৰৰ কোঠালিৰ খুটাত মুখৰ পানী পেলাই কইনাৰ কাণত সা-কৈ দিয়াৰ নিয়মো আছে। এইখিনি কৰাৰ পাছতহে কইনাৰ মাকৰ দৰা আদৰাৰ সময় আহে।
এখন থালত তিনিটা লাড়ু, তিল, পাণ, দৈৰে দৈয়নৰ বাটি, চন্দন, মালা, সাতটা চাকিৰ থাল, দুৱলি আৰু বিচনী লৈ কইনাৰ মাকক আগবঢ়াই দি উলাহেৰে সকলোৱে দৰা আদৰিবলৈ যায়। প্ৰথমে দূৰৰ পৰা অহা দৰাক বিচনীৰে বিচি ঘটৰ আমপাতেৰে আমসাৰ দি, দুৱলিৰ চাউল মূৰত ছটিয়াই, সাত চাকিৰ থালৰ চাকিসাৰ দিয়া হলে চন্দন ফোট আৰু মালা পিন্ধাই দিয়ে, দৈয়নৰ দৰে দৈৰে আদৰি, লাড়ু তিনিটা নাকত শুঙাই তিনিফালে তিনিটা দলিয়াই দিয়ে। এইখিনি হৈ যোৱাৰ পাছত কইনাৰ মাকে দৰাৰ মূৰত চুমা খাই জোঁৱাইৰ চাদৰত ধৰি পীৰাৰ পৰা তিনিখোজ মাটিলৈ নমাই দিব লাগে। ঠিক তেনেকুৱাতে আয়তীয়ে জোকাই বিয়া নাম দিয়ে। তাৰোপৰি দৰাৰ লগতে দৰা-ধৰা, সখীয়েক আৰু লগত অহা সকলোকে উদ্দেশ্যি নাকনি-কাণনি দেখাকৈ জোৰা নামবোৰ কইনা ঘৰৰ ছোৱালী, বোৱাৰীহঁতে আখৈ ফুটাদি মাতি যায়, বিয়া নাম নহলেনো কিহৰ বিয়া।
দৰাঘৰীয়াই তামোল-পাণৰ শৰাই দি ৰভাতলত কইনা খুজিলেহে হোমৰ গুৰিলৈ কইনাঘৰীয়াই কইনা উলিয়াই দিয়া নিয়ম আছে। এচিৰা ধান, টকা, গোটা তামোল-পাণ বান্ধি কনাই সাজি গামোচা এখনত নুৰিয়াই কইনাৰ হাতত দি পঞ্চামৃত খুৱাই হোমৰ গুৰিলৈ কইনা উলিয়াই অনা হয়। আঁৰ চাদৰ এখনৰ ওপৰেদি দৰাৰ হাতলৈ তিনিবাৰ কনাই দলিয়াদলি কৰি মুখ-চন্দ্ৰিকা নভঙালৈকে দৰা কইনাই দেখাদেখি কৰাৰ নিয়ম নাই। পুৰোহিতে (বামুণ বা দেউ) মন্ত্ৰ উচ্চাৰণৰ লগে লগেই মালা প্ৰদান, হোমাগ্নিত আখৈৰ আহুতি দিয়া, লগুণ গাঁথিৰ বন্ধন, সপ্তপদী গমন আদি সকলো শুভকাৰ্য্য শেষ হোৱাৰ পাছত কইনাই দৰাক সেৱা কৰি নিজক সৰ্ম্পূণভাৱে উচৰ্গা কৰে।
বিয়া ভগাৰ পাছত কইনাৰ মাকে লগুণ গাঁঠি বন্ধা অৱস্থাতে জী-জোঁৱাইক ভিতৰৰ মড়লৰ ওচৰত নি বহুৱাই আমসাৰ,চাকিসাৰ দিয়ে। দুয়োকে একেলগে খাবলৈ দিয়ে। কইনাৰ মাকে খাবলৈ দিয়া পায়সৰ বাটি দুটা ইটোৱে সিটোৰ বাটি সলনা-সলনি কৰি লব লাগে। এনেকৈ সলাওতে বাটিয়ে বাটিয়ে নলগাকৈ সলাব লাগে, কেনেবাকৈ বাটিয়ে বাটিয়ে খুণ্ডা লাগিলে আগলৈ দৰা-কইনাক কাজিয়া হয় বুলি লোক বিশ্বাস আছে। তাৰ পাছত দৰাই কইনাঘৰীয়াক আৰু কইনাই দৰাঘৰীয়াক সেৱা কৰে। বৰঘৰ শুৱনি জীয়াৰী ছোৱালী, লোকৰ ঘৰ শুৱাবলৈ ওলাই যাবগৈ। কইনাৰ মাকে লক্ষ্মী স্বৰূপা জীৰ ভৰি দুখন ধুৱাই ভৰি ধোৱা পানীখিনিৰ অলপ আচল ঘৰৰ খুঁটাত ঢালি দিয়ে। বিয়া দিয়া ছোৱালীৰ লগত যাতে মাকৰ ঘৰৰ লক্ষ্মী আনৰ ঘৰলৈ গুছি নাযায়, তাৰ বাবে ছোৱালী (কইনাৰ) কোচত ধান আৰু মাটিমাহ কেইটামান দি সেইখিনি ঘাইঘৰৰ ভিতৰত চাৰিওফালে চাৰি ছাটি কইনাক মাৰিবলৈ দিয়া হয়। কইনাৰ মাকৰ বুকু ভাঙি ওলাই আহিব খোজা কান্দোন ধৈৰ্যৰে চেপামাৰি ধৰি দুৱাৰধৰি দিবলৈ মাক আগবাঢ়ি আহিব। পৰ্দাৰ সিপাৰে ঠিয় দি থকা মাকৰ বাওঁ কাষলতিৰ তলে মুখ কৰি সোঁহাতৰ তলেদি কইনাক উলিয়াই উৰুলি দি মঙ্গল কামনা কৰি নতুন যাত্ৰাৰ বাবে সকলোৱে আগবঢ়াই দিয়া নিয়ম।
(বৰঘৰত কান্দিলে নেওঠনী যঁতৰে মাৰলত কান্দিলে ভনী) দৰা-কইনাক সূৰ্য্য উদয় নোহোৱা পৰ্য্যন্ত বিদায় দিয়া নিয়ম নাই। আকাশত ধলপুৱাৰ পোহৰ দেখাৰ পাছত দৰা-কইনাৰ সহিতে সকলো দৰাঘৰীয়াক তথা বিবাহযাত্ৰীক বিদায় জনোৱা হয়।
দৰাই কইনাক লৈ ঘুৰি আহি ঘৰৰ বাটচ’ৰাতে ৰ’বলগীয়া হয়। ঘৰলৈ লক্ষী আহিছে, দৰাৰ মাকে আদৰিবলৈ উথপ-থপ লগাই। হাতত এখন থালত চাকি-বন্তি, দৈয়ন দিয়া দৈৰ বাটি, থুৰীয়া তামোল,বিচনী লৈ আগবাঢ়ি আহে লখিমীক আদৰিবলৈ, আহিয়েই পুত্ৰক (দৰাক) প্ৰথমে ৰং-ধেমালিৰে সোধা নিয়ম এটা আছে। দৰাৰ মাকে পদূলিমুখতে পুতেকক সুধিব- “বোপাই কালিৰ পৰা তই ঘৰত নাই ক’লৈ গৈছিলি” ? ধেমালিৰ সুৰতে দৰাৰূপী পুত্ৰইও সকলোকে হঁহুৱাই কয়- “ছোৱালী, ছোৱালী এজনী আনিবলৈ গৈছিলোঁ। আপোনাৰ কষ্ট দেখি মোৰ সহ্য নহয়, সেয়ে ৰাতিয়েই গৈ অমুকৰ জীয়েকক লগত লৈ আহি এইৰাতিপুৱাহে ঘৰ পালোঁহি”। সকলোৱে এনেকৈ হাঁহি-ফুৰ্তি কৰি দৰা-কইনাক আদৰে। ৰভাতললৈ আদৰি আনি, দুয়োকে চাউল ভৰ্তি এটি ডাঙৰ চৰিয়া বা খৰাহিত আঙঠি খেল খেলিবলৈ দিয়া হয়। সোণৰ আঙঠি এটা চাউলৰ মাজত লুকুৱাই কোনে সেইটো আগতে বিচাৰি উলিয়াব পাৰে তাৰেই প্ৰমাণ চোৱা হয়। এনেকৈ তিনিবাৰ দৰা-কইনাক আঙঠি লুকুওৱা খেল খেলিবলৈ দিয়া হয়। তাৰ পাছত কইনাৰ কাম কৰাৰ প্ৰমাণ ধেমেলীয়াকৈ লোৱা হয়। ইয়াৰ বাবে দৰাঘৰীয়া আয়তী সকলে কেঁচা তামোলত সৰিয়হৰ তেল সানি দি বদোৱা কটাৰীৰে তামোল কাটি খুৱাবলৈ দিয়া নিয়ম। এয়া একপ্ৰকাৰৰ ৰং-ধেমালিহে।
(তাৰোপৰি বিয়া ঘৰত সাধাৰণতে দেখা পোৱা দৃশ্য কেইটিমানঃ- বিয়াঘৰৰ গাভৰুহঁতে ইজাকে সিজাকৰ মেখেলাৰ পাতলি, চাদৰৰ আঁচল, হাতৰ ঠাৰি, কাণৰ লতিলৈ নোচোৱা ভাও ধৰি চায়, বোৱাৰীহঁতে ওৰণি টানি কাৰ কেঁচুৱাটোৰ কিমান দিন হল, আমনি কৰেনে নকৰে, আঁঠ বাতি বব তাঁতখন কেনেকৈ বব পাৰি- ফুচফুচাই ইজনীয়ে সিজনীক সোধা দেখা যায়। বুঢ়া সকলে সকলোৰে দোষ ধৰে, ওফোন্দ-ওফোন্দি হয়, ভিতৰলৈ দহ বাৰ মাতিলেও নুঠেহে নুঠে, পাছত সেওমনা যেন দেখিলেই উঠি গৈ জলপান খাই, খোৱা মজিয়াতে ৰগৰ তুলি তেতিয়াও আকৌ নুঠেহে নুঠে। এইদৰেই বিয়াত বিভিন্ন ধৰণৰ আনন্দৰ সোৱাদ পোৱা যায়)।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments