বিয়া, বিহু আৰু সপোন : কুলেন্দু বৰদলৈ

বিয়া, বিহু আৰু সপোন

কুলেন্দু বৰদলৈ

চকুৰ পচাৰতেই বিয়া খন পাৰ হৈ গ’ল! যোৱা চ’তৰ ২৩ তাৰিখ, ইং ৬ এপ্রিলৰ দিনাই যেনেতেনে মোৰ বিয়া খন পাৰ হ’ল যেনিবা। কিনকিনীয়া বৰষুণজাকে অলপ অসুবিধা কৰিছিল যদিও ভালে-কুশলেই পাৰ হৈ গ’ল। ঘৰৰ উৎপাততে যেনিবা অতি সোনকাল হ’ল বিয়া খন। জীবিকাৰ সূত্রে থাকোঁ কলিকতাত। কোম্পেনীৰ চাকৰি। অ’ট’মোবাইলৰ বিভিন্ন পাৰ্টচৰ চেলচ মেনেজাৰ। ৫ বছৰ ধৰি কাম কৰি আছোঁ তাতে। বিয়ালৈ বুলি ছুটী লৈ আহিছোঁ। কোম্পেনীৰ চাকৰি, ছুটী পোৱাটো বৰ টান হয়। তথাপি ১৫ দিনৰ ছুটী মঞ্জুৰ কৰি আহিলোঁ।
যোৱাবাৰ ঘৰলৈ আহিছিলোঁ, ছমাহৰ আগতেই আঘোণমহীয়া, পথাৰৰ ধান চপাওতেই। তেতিয়াই মাৰ উৎপাততে চাবলৈ গৈছিলো তেওঁক। কলেজত থাকোঁতে যদিও এজনীৰ লগত প্রেমত পৰিছিলোঁ, কিন্তু একপক্ষীয়ভাৱে মইহে তাইক ভাল পাইছিলোঁ, তাই মোক ভাল পোৱা নাছিল! তথাপি এটা ক্ষীণ আশা মনতে পুহি ৰাখিছলোঁ। পিছে তাই এবছৰৰ আগতেই বিয়া হৈ গ’ল। তাৰ পিছত ঘটকৰ খবৰ পোৱামতে এওঁৰ (মোৰ হ’বলগা পৰিবাৰ) ঘৰলৈ গৈছিলোঁ, এওঁকে চাবলৈ।
কত সপোন যে দেখিছিলোঁ আগতে! চিনেমাৰ নায়িকাৰ দৰেই হ’ব লাগিব মোৰ মানুহ জনী! মোৰ মানসপটত ভাঁহি আহে যাৰ হৰিণী চকু, মেঘালী চুলি, ডালিমগুটীয়া দাঁত, লাহী কঁকাল আৰু মোৰ প্রিয় মাগুৰ বৰণৰ এগৰাকী নাৰী! কিন্তু বাস্তৱত তেনেটো আজিলৈকে নহ’ল! কোনো এজনী ছোৱালীয়েই মোৰ প্রেমত নপৰিল৷ গতিকে এনে আশা আৰু বাদ দিয়া হ’ল। ঈশ্বৰে যি মিলায়, এনে এটা ভাব লৈয়ে ওলাইছিলোঁগৈ ছোৱালীৰ ঘৰ! মাগুৰ বৰণীয়া ছোৱালীজনী, যদিও বাকী গুণবোৰ নাই, তথাপি সন্মতি সূচক বাৰ্তা এটাই দি আহিলোঁ। তেওঁৰ লগত কথা পাতোঁতে কিয় জানো ভাল লাগি গৈছিল আৰু বেলেগ ছোৱালী চাই থাকিবলৈ নাইদেই! গতিকে মাৰ আগত আহি আগবাঢ়িবলৈ কৈ দিলোঁ।
তাৰ পিছত সম্পূৰ্ণ ৬ মাহ মোবাইলত বাৰ্তালাপ, লাহে-লাহে প্রেমালাপ আৰু তেনেকৈয়ে এতিয়া তেওঁ মোৰ মানুহজনী হ’লহি!
বিয়াৰ পিছত এতিয়া বিহু সমাগত। গাঁৱৰ মানুহ বিলাকৰ মিলা-প্রীতিবোৰ দেখিলে সঁচাকৈয়ে ভাল লাগেদেই! এতিয়াও মানুহে নিঃস্বাৰ্থভাৱে এনেদৰে আনক সহায় কৰে। বিয়াৰ কেইদিন, প্রায় সকলো মানুহেই আহি হাতে-কামে লাগি যি সহায় কৰে, ঘৰখন সঁচাই বহুতো উপকৃত হয়। এয়া এক ডাঙৰ দৃষ্টান্ত!
প্রায় তিনি বছৰৰ মূৰত এই ব’হাগ বিহুটি পাম! আগতে বিহু সমিতিৰ হুঁচৰি, বিহু গাওঁতে, ভাল বিহুৱা বুলিয়েই নাম আছিল। এতিয়া আকৌ ইমান দিনৰ পাচত পাম বিহুটো আৰু হুঁচৰি গাম বুলি ভাবিয়েই মনটো ভাল লাগি যায়। মুখৰ ভিতৰত গুণ-গুণাই আহে,
“ককাদেউতা অ’, অ’ আইতা
তোমালোকৰ আমি নাতি ল’ৰা;
ঢোলেটি কান্ধত লৈ, ওলালোঁ বিহুলৈ,
চুলি চিঙি আশীৰ্বাদ কৰা!”
অজানিতে এটা মিচিকিয়া হাঁহি মোৰ ওঁঠত বিৰিঙি উঠে! বিহুলৈ যাম, ভাবিলেই দেখোন মনটো ৰাই-জাঁই কৰি আহে। তাতে নতুন বোৱাৰীৰ আগত বাঃ! কি যে মজা লগা কথা! ওচৰৰ মানুহে খৱৰ ল’বলৈ আহিয়েই আছে; নতুন বোৱাৰী চাবলৈ। তাতে দিনটো বৰ কষ্ট হ’ল, ইটো-সিটো কাম কৰা! নিশা সোনকালে টোপনি গ’লো……
বিহু বিহু বিহু! আজি গৰু বিহু! শুই উঠিয়েই গোহালিটো চালোঁগৈ। অৱশ্যে মই যোৱাৰ আগতেই দেউতা গৈ গৰুৰ ওচৰত আছেগৈ। তাৰ পাচত লাগি গলোঁ লাও, বেঙেনা, থেকেৰা, হালধি কাটিবলৈ। এহাল গৰু, গতিকে চাট্ মাৰিও দুডালেই সাজিলোঁ আৰু বাকীখিনি কলপাতত মেৰিয়াই দুয়োটাকে খুৱালোঁ। মা আৰু তেওঁ মাহ-হালধি পিচিছে। গৰু দুটাক মাহ-হালধি, তেল-টেঙা সানি, লৈ যোৱা হ’ল গা ধুৱাবলৈ, ওচৰতে থকা কলঙলৈ। বাটটো চিঞৰি চিঞৰি বিহু গাই গৈছোঁ, বহুত দিনৰ মূৰত লগ পোৱা লগৰকেইটাৰ লগত। বাঃ! এক বৰ্ণনা কৰিব নোৱৰা আনন্দ লাগিছে মনত!
গা ধুৱাই চাটৰ পৰা লাও, বেঙেনা, থেকেৰাৰটুকুৰা গৰুৰ গাত মাৰি লগাই দিলোঁ,
“লাও খা, বেঙেনা খা,
বছৰি বছৰি বাঢ়ি যা,
মাৰ সৰু, বাপেৰে সৰু,
তহঁত হবি বৰ গৰু”।
দীঘলতি আৰু মাখিয়তি লৈ কোবালোঁ,
“দীঘলতি দীঘল পাত
মাখি মাৰোঁ জাত-জাত”।
তাৰ পিছত, মাহ-হালধি গাত সানি গা ধুলোঁ। ঘৰত আহি মনে মনে সাবটি ধৰি পিচা মাহ-হালধি অলপ সানি দিলোঁগৈ, মানুহজনীৰ গালত। মাৰ আগত তেওঁ লাজেই কৰিছিল। গোটেইজনী ৰঙা হৈ পৰিছিল একেবাৰে! “অলপ লাজ-চৰম কৰিবিচোন? লুকাই-চুৰ কৈ যি কৰ কৰিবি, মোৰ আগততো অলপ লাজ-চৰম কৰ”। মাৰ মিচিকিয়া হাঁহিৰে ধমকিটো পাই ভালেই লাগিল। বিশেষকৈ তেওঁৰ মুখখন যে চাব লগীয়া হৈছিল।
আবেলি গৰুকেইটাক তৰালি পঘাৰে বান্ধি পদূলিৰ পৰা গামোচা,বিচনীৰে বিচি বিচি গোহালিলৈ আনিলোঁ। ইতিমধ্যে পৰম্পৰাগত ভাবে ১০১ বিধ শাক-পাচলিও যোগাৰ হ’ল। মানে ব’হাগ বিহু সঁচাই ৰঙালী দেই! সৰু সৰু ল’ৰা-ছোৱালীবিলাকে আজিয়েই হুঁচৰি জুৰিছে। ভাল লাগিছে, চাৰিওফালে হুঁচৰি, বিহু শুনিবলৈ পাইছোঁ। দিনটো যেনেতেনে পাৰ হ’ল, খাই বৈ বিচনাত পৰিলোঁ।
আজি আমাৰ বিহু! শুই উঠিয়েই চাহৰ লগত মাৰি দিলোঁ একবাটি সান্দহ আৰু দুখন তিলপিঠা। বঢ়িয়া লাগিল খাই। খাই-বৈ বাইকখন লৈ ওলাই গ’লো তিনিআলি ফালে। ৰাস্তাত লগ পোৱা মানুহবোৰে বিয়াৰ শুভেচ্ছা অভিনন্দনে উপচাই পেলাইছে! এনে মৰম-চেনেহ, অভিনন্দন-শুভেচ্ছা আগতে কেতিয়াও পোৱা নাছিলোঁ মই! মনত বৰ স্ফুর্তি লাগি আছে। ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰে গৈ আছোঁ মই। ৰাস্তাটো পাৰ হ’ব লাগে, দুয়োফালে চাই লৈছোঁ। নাই গাড়ী-মটৰ নাই, পাৰ হ’ব পাৰি। পাৰ হ’ব লৈছোঁ, হঠাতে এটা ডাঙৰ শব্দ “ঠাচ”………
পথৰ দাঁতিত পৰি আছোঁ মই, কোনো সাৰ-সুৰ নাই! লৰচৰ কৰিবৰ চেষ্টা কৰিছোঁ, পৰা নাই চোন! মূৰটো অত্যন্ত বিষাইছে। আহ! মানে মোৰ এক্সিডেণ্ট হৈছে, মানে মই মৰিম এতিয়া! মৃত্যুৰ সৈতে যুঁজি আছোঁ মই এতিয়া। কথাবোৰ এফালৰ পৰা মনলৈ আহিছে। মানুহজনীলৈ বৰকৈ মনত পৰিছে, কি হ’ব তেওঁৰ গতি? এইকেইদিন তেওঁৰ গাত পোৱা কইনা-কইনা গোন্ধটো নাকত লাগিয়েই আছে! কইনা গোন্ধটো নৌযাওঁতেই তেওঁ অকলশৰীয়া হ’বই এতিয়া। আহ! বৰকৈ বিষাইছে। তেওঁক দুবাহুত আঁকোৱালি লৈ আমাৰ ভৱিষ্যতৰ সপোনবোৰ কল্পনা কৰিছিলোঁ এক হৈ! মাৰ মুখখনলৈয়ো মনত পৰিছে। “ন-ছোৱালীক তয়েই ৰাখিবি দে মা। এজনী বোৱাৰী লাগে লাগে বুলি কৈ আছিলি নহয়, এতিয়া ল, ৰাখ তেওঁক”। বুকুখনত যেন কিহবাই হেঁচিহে ধৰিছে! লাহে লাহে উশাহ প্রায়েই নাইকিয়া হৈ আহিছে। মই এই মৰিবলৈ ওলাইছোঁ। গোটেই পৃথিৱীখনেই আন্ধাৰ হৈ আহিছে। চেহ্ কি যে হৈ গ’ল নহয়! তথাপি মনৰ জোৰতে ডাঙৰ কৈ চিঞৰিবলৈ চেষ্টা কৰি আছোঁ। আহ! উস্!…।।
কোনোবাই মোক জোকাৰিছে। চকুত অলপ পানী মাৰি দিয়াতহে সাৰ পালোঁ। ওচৰত দেখিছো মা-দেউতা আৰু তেওঁলোক ভয়ে-ভয়ে ৰৈ আছে। মানে মই এটা মস্ত ভয়ানক সপোনহে দেখি আছিলোঁ। গম পালোঁ উৰুকা কাইলৈহে!!
গোটেই সপোনটোৰ কথা ক’লোঁ মাহঁতৰ আগত। মাই ক’লে, “ তই এইবিলাক মিছা-মিছি চিন্তা কৰি থাক হ’বলা। সেই বাবেহে এনেকুৱা সপোনবোৰ দেখা পাইছ। যা যা, গা-পা ধুই, গোঁসাই ঘৰত সেৱা এটা কৰগৈ”।
উস! কি যে ভয়ানক সপোন দেখিলোঁ!!
কাইলৈ উৰুকা! তাৰ পিছত বিহু, ব’হাগ বিহু!!!
“অতিকৈ চেনেহৰ মুগাৰে মহুৰা,
তাতোকৈ চেনেহৰ ঐ মাকো।
তাতোকৈ চেনেহৰ, বহাগৰ বিহুটি ঐ
নাপাতি কেনেকৈ থাকোঁ”।

***********************************
“বিহুৰেনো বিৰিণা অ’ আইতা
কেৰু, মণি, থুৰীয়া,
তাতে সমনীয়া অ’ আইতা
তুমি আমাৰ যুৰীয়া
ব’হাগতে পাতি যাওঁ বিয়া অ’
অ’ আইতা কেৰু, মণি, গেজেৰা
নেমাৰিবা কেটাৰা
চায়ে নো চাই থাকিবৰ মনে অ’
অ’ আইতা চায়ে নো চাই থাকিবৰ মন”

“কুমলীয়া কঁকালটি চিয়াঁ ঐ মইনা
কুমলীয়া কঁকালটি চিয়াঁ;
তুমি কুমলীয়া মইনো কুমলীয়া
পাতি যাওঁ ব’হাগত বিয়া।”
***********************************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক