বিয়া (হেমন্ত কাকতি)

পুৰুষ মহিলা নিৰ্বিশেষে সমগ্ৰ মনুষ্য জাতিয়ে এই কথাষাৰত সন্মতি প্ৰদান কৰিব বুলি মই নিশ্চিত যে মানুহ যেতিয়া অত্যধিক সুখী হয়, তেওলোকৰ মনত এক তীব্ৰ স্পৃহা জাগে যে কেনেকৈ সেই সুখক ধ্বংস  কৰিব পাৰি৷ তেতিয়া তেওঁলোক এনে কিছুমান কামতেই লিপ্ত হয়, যেনে ধৰক, বিয়া পতা ৷ এই বিয়া পতাৰ এটা অন্যতম চাইদ ইফেক্ট হ’ল যে আপুনি এগালমান অঙহী-বঙহী ফ্ৰীতে লাভ কৰিব৷ এতিয়া ৰিলেটিভ হ’ল ঠিকে আছে বাৰু কিন্তু তেখেতসকলো জানো এনেই বহি থাকিব? বিয়া পাতিবই৷ বিয়া পাতক বাৰু ঠিকেই আছে কিন্তু আপোনাক নিমন্ত্ৰণ কৰিবই৷ এতিয়া নিমন্ত্ৰণ আহিল যেতিয়া শুদাহাতেনো কোনখন মুখ লৈ বিয়া খাবলৈ যায়? কিনক এসোপামান দামী দামী গিফট্৷ লাজ-চৰম কাটি কৰি বাটিৰ চেট এটাও দিব পাৰে, কিন্তু পেকেটটো ডাঙৰ কৰক৷ পিচে আজিকালি বিয়াত ভিডিঅ ৰেকৰ্ডিঙৰ যুগত আপুনি ধৰা পৰি যোৱাৰ পুৰা চান্স আছে ৷ নতুনকৈ বিয়া হোৱা যদি খুলশালীকিজনীয়ে পুৰা মনত ৰাখিব “ভিনদেউয়ে দিয়া ডাঙৰ নীলা পেকেটটো খুলি চাচোন, কি আছে?” এতিয়া বাটি-চেট ওলাল যদি আপুনি ফিনিচ! দুনাই সেইখন ঘৰলৈ যোৱাৰ কথা কল্পনাই নকৰিব ৷

ইফালে ভুতৰ ওপৰত দানহ পৰিবলৈ আছেই৷ আলমিৰাটো খুলি দহ-বাৰযোৰমান কাপোৰ উলিয়াই লৈ ‘তেওঁ’ক সোধক কোনযোৰ পিন্ধিম? যোৱা ৰবিবাৰে মামণিৰ বিয়াত পিন্ধাযোৰ নে পৰহি কিনাযোৰ? পিংক কালাৰৰযোৰ নে যোৱা চেমিনাৰত পিন্ধাযোৰ? লগতে এইটোও শুনি লওক যে বিয়াত পিন্ধিবলৈ হয়তো কাপোৰেই নাই৷ মানিছো যে আপুনি জীৱনত এতিয়ালৈকে বহু অসাধ্য সাধন কৰিছে৷ কিবা ডাঙৰ গৱেষণা কৰি হয়তো কাৰো পৰা ভূয়সী প্ৰশংসাও লাভ কৰিছে৷ আপোনাৰ কামত সন্তুষ্ট হৈ আপোনাৰ কেবাটাও প্ৰমোচন হৈছে বা নহ’লে আপুনি নিজৰ অধ্যৱসায়ৰ জোৰত এজন প্ৰভাৱশালী ব্যক্তিলৈ ৰূপান্তৰিত হৈছে৷ কিন্তু মনত ৰাখিব এইধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে প্ৰচণ্ড ৰিস্ক আহি যাব পাৰে৷ যদি মামণিৰ বিয়াত কি পিন্ধিছিলে বা তেখেতৰ কেইযোৰ কাপোৰ কি কি ৰঙৰ আছে সেয়া আপুনি বহুত চেষ্টা কৰিও মনত পেলাব পৰা নাই আপুনি নিশ্চিতভাৱে এখন মাইনফিল্ডত ভৰি থৈছে৷

“আপুনি আজিকালি মোক লক্ষ্যই নকৰে!” জাতীয় মন্তব্য এটা ভীষণ জোৰে উফৰি চিটিকি আহিব পাৰে৷ কম প্ৰাবল্যৰ মন্তব্যকো নেওচি নাযাব৷ আফটাৰ-অল সংসাৰখন হাঁহি-ধেমালিৰে চলাই নিয়াৰ গুৰুদায়িত্ব লৈ থোৱা নাই জানো?

পিচে সেই সময়ত আপুনি গোকাট মিছা কথা এষাৰ কলে স্বয়ং চিত্ৰগুপ্তইও পাপ বুলি ডায়েৰীত নিলিখে৷ আপুনি কাপোৰ এযোৰৰ নাম লওক আৰু কওক যে সেইযোৰে তেওঁক কিম্মান ভাল দেখায় আৰু পাৰিলে এইটোৱো লগাই দিয়ক যে সিদিনা এই কাপোৰযোৰৰ বাবেই আপোনালোকৰ ওচৰৰ মালবিকাই তেওঁক ঘুৰি ঘুৰি চাই আছিল৷

ধুমুহা জানো অকলে আহে? লগত শিল বৰষুণ অনাৰ দৰে আপোনালৈ উলিয়াই থোৱা তেওঁৰ পচন্দৰ পাটৰ চোলাটো নিপিন্ধিলেও জানো সংসাৰ চলাই ৰাখিব পাৰিব? সেইটো পিন্ধি নিজকে বিয়াখনৰ অফিচিয়েল ক্লাউন বুলি পৰিচয় নিদিলেও গাজনি-ঢেৰেকনি অহাৰ সম্ভাৱনা প্ৰচুৰ ৷

যি নহওক, বহুতৰ দৰে মোৰ এইবোৰ সমস্যা নাই৷ কৰ্মক্ষেত্ৰৰ বিপুল দাবীত সপ্তাহৰ ছটা দিনেই ঘৰৰ বাহিৰত কটাবলগীয়া হোৱাত দিনবোৰ এই ধৰণৰ অভিজ্ঞতাৰ পৰা প্ৰায়ে বঞ্চিত হৈ থাকে ৷ মোৰ চোঙত (hide out) কোনো মনে নিবিচৰা আলহীয়ে গৈ মোক বিচাৰি উলিওৱা অসম্ভৱেই নহয় অবাস্তৱ! পিচে এদিন মোৰ এই দৰ্প-চুৰ্ণ কৰি এজন বীৰ পুৰুষ ওলালগৈ নহয়! আগমনৰ উদেশ্য হ’ল, জীয়েকৰ বিয়ালৈ নিমন্ত্ৰণ! নগলে হেনো খুবেই বেয়া পাব৷ এওঁৰ সম্বন্ধীয় মাহীয়েকৰ জীয়েকৰ বিয়া৷

বিয়াৰ দিনা আবেলিতে এওঁ ফোন কৰি আদেশ জাৰি কৰিলে যে ৰাতি যেনে-তেনে বিয়ালৈ এপাক মাৰিবাই৷ দুৰ বাবে তেওঁ আহিব নোৱাৰিব কিন্তু মোৰ উপস্থিতি অত্যন্ত জৰুৰী কাৰণ সিহঁতে আমাৰ বংশ-পৰিয়ালৰ কোনো এখন বিয়াই মিছ্ কৰা নাই৷ ওচৰতে থাকিও দেখা নিদিলে বৈদ্য বেয়া পাব ৷

সিদিনা গধুলি অলপ ‘সোনকালে’ই (মানে প্ৰায় ন বজাত) কামৰ পৰা উভতিলো৷ দাঢ়ি খুৰাই অলপ দীঘলীয়াকে গা-পা ধুই অলপ ভালকে ৰেডি হৈ যাওঁ বুলি পচন্দৰ কাপোৰ এযোৰ পিন্ধি ড্ৰেচিং আইনাৰ মুখত ঠিয় হলোঁ৷ ভিজা চুলি খিনি চেটিং কৰি অলপ বেচিকৈয়ে বডিস্প্ৰে’ আৰু আফটাৰ চেভ লোচন লগাই নিজকে চল্লিছৰ তলৰ যেন ‘ফিল’ এটা আনি ওলালো বিয়ালৈ ৷ নিজা গাড়ীৰে গ’লে বিয়াঘৰ প্ৰায় পোন্ধৰমিনিটৰ বাট৷

বিয়া ঘৰ পাওঁ মানে প্ৰায় দহ বাজিছে ৷ আশাকৰা ধৰণেৰে দেখিলো যে ল’ৰা-ছোৱালী পুৰুষ-মহিলাৰে বিয়াঘৰ গিজগিজাই আছে৷ কিন্তু চিনাকী বুলিবলৈ কোনোৱেই নাই৷ দুৱাৰমুখত ল’ৰা-ছোৱালীবোৰে চকীবোৰ বগৰাই ঠেলি-হেঁচি খেলি আছে৷ অলপ ভিতৰলৈ গৈ কইনাক মাত লগাই ‘গিফট’টো দিলো৷ গিফটৰ পেকেটটো অলপ ডাঙৰকৈয়ে আনিছিলো যদিও ভিতৰত কি আছিল সেইটো ৰাজহুৱা নকৰো৷ মই সোমোৱাৰ পৰা বিয়াৰ অফিচিয়েল কেমেৰামেন কেইজনে মোৰ পিচ এৰা নাছিল৷ যেনেকে জেমচ বণ্ডৰ চিনেমাত বণ্ড ০০৭ৰ যাকে-তাকে ‘কিল’ কৰাৰ লাইচেন্স আছে ঠিক একে ধৰনেৰে এই ভিডিঅ’ কেমেৰামেনৰো যদিহে ভাল এংগোল এটা নাপায় যাৰে-তাৰে ভৰি গচকি দিয়াৰ লাইচেন্স থাকে৷ গতিকে ভিৰভাৰ জেগাৰ পৰা আঁতৰি চুক এটাতে বহি লৈ বিয়াৰ ৰেহৰূপ চোৱাত লাগিলো৷ অলপ পৰ কাৰো মাতবোল নেদেখি ‘খানা’ হৈ থকা স্থান ডোখৰৰ অক্ষাংশ-দ্ৰাঘিমাংশ চোৱাত লাগিলো৷

এখন পৰ্দাৰ তলেৰে কিছু লোক সেৰেঙাকৈ ওলোৱা-সোমোৱা দেখি সিফালেই কিবা হৈ আছে বুলি উঠি গলো৷ গেটতে ধুনীয়া ছোৱালী এজনীয়ে “বিবাহিত পুৰুষৰ মুখলৈকো চোৱা পাপ” জাতীয় চাৱনি এটা দি কলে- “খানা শেষ! অলপ ৰ’ব লাগিব ৷ দৰা পাৰ্টিৰ খানা ৰেডি কৰা হৈ আছে ৷ পিচত আহক!”

ময়ো হ’ব পিচত হলেও হ’ব (ক’তনো ৰণ কৰিবলৈ যাম! ) বুলি ভদ্ৰভাৱে হাঁহি এটাৰে কৈ ঘুৰি আহিলো৷ আহি দেখো মোৰ জেগাত চকীখন নাই৷ আচলতে দৰা অহাৰ সময় হৈছিল৷ বহিবলৈ ‘খেপ’ দি থকা ল’ৰা-ছোৱালীবোৰে হয়তো মোৰ খন্তেকীয়া অনুপস্থিতিৰ সুযোগ লৈ সেইখনত নিজৰ দখলাধিকাৰ সাব্যস্ত কৰিলে৷ দুৰৈৰ পৰা ভাঁহি অহা সুস্বাদু খাদ্য সম্ভাৰৰ গোন্ধত ভোকত মোৰ পেটত পেপটিক ৰসৰ ধাৰা প্ৰবাহিত হ’বলৈ আৰম্ভ হৈছিলেই৷

ক্ষন্তেক আৰু সময় অতিবাহিত কৰো বুলি চিগাৰেট এটা জলাবলৈ টয়লেট বিচাৰি অন্য এটা চুকৰ ফালে ওলালো (চিগাৰেট খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ)৷ দেখিলো অন্য এটা কোঠাৰ বাৰান্দাৰ আগেৰে টয়লেটলৈ যোৱাৰ পথ৷ এইবাৰ বয়সস্থ মহিলা এগৰাকীয়ে আগভেটি ৰখালে৷ মহিলা গৰাকীৰ চকুত সন্দেহৰ চাৱনি৷ তিনি বছৰৰ পৰা ষাঠি সত্তৰ বছৰীয়া সকলো পুৰুষ যেন সন্দেহৰ আৱৰ্তত! কোনো সাৰি যাব পৰা নাই৷

“ৰ’ব! ক’ত যায়? মহিলাই কাপোৰ বদলাই আছে!”
বুজিলো, মহিলাৰ সমুহীয়া শাৰী, মেখেলা চাদৰ ‘চেঞ্জিং চেৰিমনি’ চলি আছে৷ এনে বিয়া সবাহত একেজনী মহিলাক এক-ডেৰ ঘন্টাতকৈ বেছি সময় একাধিকবাৰ একেটা ড্ৰেছত দেখাতো পাপেই নহয় অক্ষমনীয় অপৰাধ! এই নাৰীধম পাপী সকলৰ বাবে চিত্ৰগুপ্তই হেনো নৰকত বেলেগকৈ চৰুত তেল গৰম কৰি ৰাখিছে। চিগাৰেটটো হোপাৰ আশা পুৰণ নোহোৱাত পুনৰ ঘুৰি আহি চকী এখন পুনৰোদ্ধাৰ কৰি বহি পৰিলো৷

প্ৰায় দহমিনিট মান মোবাইলটো পিটিকি থাকোতেই এসময়ত মহিলা এগৰাকী আহি সুধিলে -অহ! আপোনাৰ খোৱা-বোৱা হ’ল নে?
-নাই, হব৷ বহিছো বাৰু!

মহিলাগৰাকীলৈ চাই সবিনয়ে উত্তৰ দিলো৷ অকলে থকা বাবেই সংগ দিবলৈ নে কি ধৰিব নোৱাৰিলো, মহিলাগৰাকীয়ে চকী এখন টানি ওচৰতে বহি ললে৷ অলপ চিনাকি  যেনো লাগিল কিন্তু বহুত চেষ্টা কৰিয়ো নামটো মনত পেলাব নোৱাৰিলো৷ শেষত মোৰ চিন্তাৰ যতি পেলাই তেখেতেই আৰম্ভ কৰিলে-
– মোৰ নাম মনালিছা বৰুৱা ৷ ওচৰতে থাকো৷ আপুনি ক’ত থাকে?
-ময়ো ওচৰতেই থাকো! বিয়া বুলিয়েই ওলাই আহিলো অলপ ৷
-অ’ ভালেই হল দিয়ক ৷ বাকী চাকৰি-বাকৰি কত?…………, কি কৰে, দৰ্মহা কিমান ইত্যাদি জাউৰিয়ে জাউৰিয়ে প্ৰশ্ন আৰম্ভ হল৷ প্ৰশ্নবাণ আশা কৰাতকৈ বেচি হোৱাত কিবা-কিবি সংক্ষেপে উত্তৰ দিয়াটোৱে ভাল বুলি ভাবি “কাটি” খাবলৈ চেষ্টা কৰিলো৷ কিন্তু তেখেতো নাচোৰবান্দা৷ নেৰে৷ যেন মই এচটা শিল, তেওঁ কুঠাৰ এখন ধাৰ দিবলৈহে আহিছে৷ এপাকত বিয়া-বাৰু হল নে সেইটোও সুধি দিলে৷ প্ৰশ্নটো শুনি অলপ আমোদো নোপোৱাকৈ নাথাকিলো৷ ভিতৰি-ভিতৰি “আনন্দ” এটায়ো খুন্দিয়াব লাগিল -মানে এতিয়াও মোক বিয়া হল নে নাই ধৰিব নোৱাৰি নেকি বাৰু?

মহিলাৰ কথাক উপেক্ষা কৰাটো কিমান ভয়ঙ্কৰ পৰিণতি সেয়া ভাবি বিখ্যাত ইংৰাজী বাক্য এষাৰি মনত পৰিল ৷
“Hell hath no fury like a woman scorned” – মই তেখেতৰ মোৰ লগত মাৰি থকা মুখ চুপতিৰ উদ্দেশ্য বিচাৰি পুনৰ হায়ৰাণ হলো৷ মোৰ লগত ‘ফ্লাৰ্ট’ কৰিবলৈ চেষ্টা কৰা নাইতো? নাহ! তেনেকে ভবাটো ভুলো হব পাৰে৷ সকলো তেনেকুৱা নহবওতো পাৰে৷ মোৰ লগত অলপ বেছিকৈ হাঁহি হাঁহি কথা পাতিলে বুলিয়েই ফ্লাৰ্ট কৰা বুলি ভাবিম জানো? অকৃত্ৰিম বন্ধুত্বভাৱাপন্নওতো হব পাৰে৷ ‘বেনিফিট অৱ ডাউট’টো তেওঁৰ পক্ষতেই দি থলো৷ ইতিমধ্যে মোৰ অজানিতেই টেষ্টোষ্টেৰ’ন হৰম’ন আৰু পেটৰ ক্ষুধাৰ মাজত ভিতৰি-ভিতৰি অঘোষিত যুদ্ধ এখন আৰম্ভ হৈ গৈছিল৷ কোনে আগতে কাক আয়ত্বলৈ আনিব পাৰে সেই সিদ্ধান্ত তেতিয়ালৈকৈ হোৱা নাই! মোৰ সকলো আশাত এবাল্টি চেঁচা পানী ঢালি তেওঁ কৈ গল,
-কোনোবাই আপোনাক এম ৱে ৰ কথা কিবা কৈছেনে? মই তেনে এটা বস্তুৰ লগত আছো ৷ খুউব ভাল৷ অতি সোনকালে আপোনাৰ দৰে মানুহ বহুত ওপৰলৈ উঠিব পাৰিব৷ তাতে অকলশৰীয়া মানুহ৷”

এম ৱেৰ নাম শুনি মোৰ অৱস্থাটো শিল পৰা কপৌ হেন হ’ল! জেগাতে ত্ৰাহি মধুসুদন স্মৰিলো৷ অৱশেষত একেআষাৰে মোখনি মাৰো বুলি বুকুত এচটা শিল লৈ চিধাই কলো-
-নেলাগে দিয়ক, মোৰ বেচি ধনী হবলৈ মন নাই ৷ বেয়া নেপাই যদি কও, ব্যৱসায় কৰা মানুহেই মই নহয়৷ দুবাৰো এইটোৰ চক্কৰত পৰি জইন কৰা পইচাকিটাও ডুবিছে ৷ ঘৰত তেল-চাবোনৰ পৰা গাড়ী ধোৱা চেম্পুটোও এম ৱেৰেই ব্যৱহাৰ কৰি আছো৷
তেখেতেও ম্লান হাঁহি এটা মাৰি উঠি গ’ল ৷ যাওতে কৈ গ’ল- আপুনি চাগে ভাত খোৱাই নাই!
-হয়, পাৰে যদি চাওকচোন! মহিলা এপাকত অন্তৰ্ধান হল৷ ময়ো স্বস্তিৰ নিশ্বাস পেলালো৷ প্ৰায় দহমিনিট ৰৈ ভাবিলো, ওলাই গৈ ৰুমতে মেগী এপেকেট সিজাই খাই শুই থাকোগৈ ৷

ওলাও বুলি ঠিয় হওঁতেই, আকৌ মনালিছা বৰুৱাৰ আবিৰ্ভাৱ হল৷ এইবাৰ মুখত এমোকোৰা হাঁহি!
-আহক, আপোনাৰ খানা ৰেডি!
এটা কৃতজ্ঞতাৰ ভাৱ লৈ তেখেতৰ পিছে পিছে গলো৷ মোৰ বাবে ডাইনিং হলৰ এমুৰত এখন টেবুলত খানা থৈ দিয়া আছিল৷ মাংসৰ আঞ্জা আৰু তৰকাৰীবোৰ প্ৰায় গোন্ধাই গৈছে৷ ভাত আৰু ডাইলৰ বাহিৰে বাকী এখনো হজম কৰিব পৰা অৱস্থাত নাছিল৷ হয়তো বৰযাত্ৰীৰ খানা ৰেডী হবলৈ তেতিয়াও বহুত বাকী৷

‘খোৱালোৱা’ শেষ হবলৈ হওঁতেই তেখেত মাত দিবলৈ আহিল-
“এবাৰ আকৌ ভাবিব চোন!”

একো উত্তৰ নিদি ওলাই আহিলো৷ দুৱাৰ মুখত ওভতি আহোঁতে মোৰ ‘আত্মীয়’ জনৰ লগত পুনৰ বাৰ ভেটাভেটি হল ৷ কৃত্ৰিম হাহি এটা ওঁঠলৈ আনি নমস্কাৰ দি সুধিলে-
“খোৱা লোৱা হ’লনে?”
“হয় হয়, বৰ ভাল লাগিল দেই!” ময়ো তেখেতকৈয়ো বেছিকৈ এমুখ কৃত্ৰিম হাঁহিৰে প্ৰতি নমস্কাৰ দি গুচি আহিলো৷ ৰুম আহি পাওঁ মানে টোপনিয়ে হেঁচা মাৰি ধৰিছিল ৷

ৰাতিপুৱা শুই উঠিয়ে এটা কথাই মনটোত খুদুৱনি লগাইছিল – যোৱা কালি মই যদি চল্লিছটকীয়া বাতি দুটা নিদি এওঁৰ কথা শুনি প্ৰেচাৰ কুকাৰটো দি আহিলোহেঁতেন ইমান সুন্দৰ টোপনি আহিলহেঁতেন নে?
☆★☆

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 months ago

সুন্দৰ !