বিৱৰ্তনৰ পথত ব’হাগ বিহু (লক্ষেশ্বৰ হাজৰিকা)

বিহু অসমৰ লোক উৎসৱ সমূহৰ ভিতৰত প্রধান হিচাপে পৰিগণিত হৈছে অসমৰ সংস্কৃতিৰ বহল পথাৰ খনত বিহুৱেই মুখ্য ভূমিকা গ্রহণ কৰি আহিছে। বিহু অসমৰ জাতীয় উৎসৱ; ই অসমীয়া জাতিৰ আয়ুসৰেখা, প্রাণ স্বৰূপ। অসমীয়াৰ বাপতি সাহোন বিহুৰ ঐতিহ্য, পৰম্পৰা অতি প্রাচীন । বিহুৰ উৎপত্তি কেতিয়া, ক’ত, কেনেকৈ হৈছিল-এইলৈ বিভিন্ন পণ্ডিতৰ বিভিন্ন মত দেখা যায়। কিন্ত্ত এট কথা ঠিক যে বিহু মূলতঃ কৃষিভিত্তিক এটা অনুষ্ঠান। বছৰৰ ভিন ভিন ঋতুত কৃষিৰ লগত সঙ্গতি ৰাখি তিনিটা বিহু অসমত পালন কৰা হৈ আহিছে। বসন্ত কালত কৃষিৰ প্রস্তুতিৰ সময়ত ব’হাগ বিহু বা ৰঙালী বিহু, কৃষি সামৰা সময়ত অৰ্থাৎ শৰৎ কালত কাতি বিহু বা কঙালী বিহু আৰু খেতিৰ ফচল চপোৱাৰ সময়ত অৰ্থাৎ শীত কালত উদযাপিত হৈ আহিছে ভোগালী বা মাঘ বিহু। মানুহে সভ্যতাৰ পথাৰত ভৰি থৈ যিদিনাৰ পৰা খেতি কৰিবলৈ ধৰিলে তেতিয়াৰ পৰাই বিহুৰ উৎপত্তি হৈছে বুলি ধৰিব পাৰি ।

অতীতত সৰহ ভাগ মানুহেই আছিল কৃষিজীৱী। জীৱিকাৰ তাড়নাত তেওঁলোকে মুকলি আকাশৰ তলত, মুকলি পথাৰত, নৈৰ পাৰত, পৰ্বত-পাহাৰৰ নামনিত নতুনকৈ খেতি-বাতি কৰিবলৈ শিকিলে। দিনটোৰ বেছি সময় মুকলি প্রকৃতিৰ বুকুত কৃষিকৰ্মত জড়িত থাকিব লগা হোৱাত তেওঁলোকৰ মনত প্রকৃতিৰ প্রভাৱ আছিল গভীৰ আৰু আন্তৰিকতা অপৰিসীম। নিজৰ কষ্টোপাৰ্জিত ফচল দেখি তেওঁলোক আত্মহাৰা হৈছিল আৰু আনন্দত নৃত্য কৰিবলৈ লৈছিল । প্রকৃতিৰ ৰূপ-লাৱণ্যত মতলীয়া হৈ ডেকা গাভৰু ঢাপলি মেলিছিল মুকলি আকাশৰ বুকুলৈ; উদ্দাম নাচ-গানেৰে পথাৰ মুখৰিত কৰিছিল । তেওঁলোকে ধাৰণা কৰিছিল এইদৰে নাচ-বাগ কৰিলে খেতি পথাৰ উৰ্বৰা হয়,শস্যসম্ভৱা হয়। এইদৰে নৃত্য-গীতৰ পৰাই আহিছিল বিহুৰ ধাৰণা ।

অসমীয়াৰ জাতীয় উৎসৱ বিহু মূলতঃ তিনিটা হ’লেও বসন্ত কালত উদযাপিত হোৱা ৰঙালী বিহু বা ব’হাগ বিহুৱেই মুখ্য স্থান অধিকাৰ কৰিছে। সেয়ে বিহুৰ কথা ক’লে ঘাইকৈ ব’হাগ বিহুৰ কথাই মনলৈ আহে। মূলতঃ কৃষিজীৱী সমাজত উদাৰতা আৰু সমন্বয়ৰ প্রতীক বিহুক অসমীয়া সমাজৰ অন্তৰ্ভুক্ত প্রতিটো জনগোষ্ঠীয় লোকে পলন কৰে। বিহুক বিভিন্ন জনগোষ্ঠীয় লোকে বিভিন্ন নামেৰে পালন কৰে । বড়ো-কছাৰীসকলে ব’হাগ বিহুক ‘বাইছাগু’(বৈশাগু), ৰাভাসকলে ‘বায়খু’ বা “বৈশাখ দোমাহী’, ডিমাচা সকলে “বুচু” হিচাপে বিহু পালন কৰে। গোৱালপাৰৰ হাজং সকলে “লেৱাটনা” বিহু পালন কৰে। মিচিং সকলেও বিহু পাতে, হুঁচৰি গায় যদিও তেওঁলোকৰ বসন্ত উৎসৱ আলি-আই-লৃগাংহে। একেদৰে তিৱা, দেউৰী, সোণোৱাল-কছাৰী,মৰাণ সকলেও নিজস্ব পৰম্পৰাৰে বিহু পালন কৰে। নামনি অসমৰ কোচ ৰাজবংশী সকলে বিহুক বিষুৱা হিচাপে পালন কৰে। বিহুক বা বসন্ত ঋতুৰ লগত জড়িত বসন্তোৎসৱক বিভিন্ন জনগোষ্ঠীয়ে যি বুলিয়েই পালন নকৰক কিয় এইবিলাক উৎসৱৰ লগত জড়িত ৰীতি-নীতি বা লোকাচাৰ সমূহ প্রায় সকলোৰে একে।

একালৰ বিহু আছিল স্বতঃস্ফূৰ্ত, প্রাণময়। উদ্দাম যৌৱনৰ পাৰ ভাঙি বাৰিষাৰ ধল বাগৰাদি ডেকা-গাভৰু ঢাপলি মেলিছিল বৰগছ-জৰিগছৰ তললৈ, মুকলি পথাৰলৈ, নৈৰ পাৰলৈ । অনাখৰী চহা কবিৰ কলমেৰে নিগৰি অহা বিহুগীত বোৰৰ পৰাই ইয়াৰ উমান পাব পাৰি। ডেকা –গাভৰুৱে বেলেগে বেলেগে মুকলি পথাৰত ৰাতি বিহু মাৰিছিল। ন-কুঁহিপাতে জাতিষ্কাৰ হৈ পৰা বৰগছৰ তলত বিহু মাৰি থকা গাভৰুজাকক কোনোবা দুষ্ট বিহুৱা ডেকাই জোকালে বিহুৱতী গাভৰুৱে তাৰ প্রত্যুত্তৰ দিছিল এনেদৰে-
“আহোঁ বৰতলে যাওঁ বৰতলে
বৰৰে ধপলা পাত;
বৰগছৰ তলতে জোকাই মোক নল’বি
ওলাব অমাতৰ মাত”।
বিহুগীত বোৰত পৰ্বত-পাহাৰ, নৈ-জান-জুৰি, হাবি-বন, গছ-বিৰিখ আদি প্রকৃতিৰ প্রায়বোৰ সম্পদৰ বৰ্ণনা পোৱা যায়। যেনে- পৰ্বতৰ ঢেকীয়া-লিহিৰিপতীয়া- দেখি ল’বৰ মন যায়; নৈৰ পাৰে পাৰে নলৰে গজালি-তাতে ক’লা গৰু চৰে; পাহাৰ বগাই বগাই কপৌফুল আনিছোঁ—- ইত্যাদি। এইবিলাকে এসময়ত বিহু গছতলত, নৈৰ পাৰ, পথাৰ, পাহাৰৰ নামনিত সীমাবদ্ধ থকা বুলি বুজিব পাৰি ।

সময়ৰ পৰিৱৰ্তনৰ সোঁতত হাতে হাত ধৰি সংস্কৃতিও আগবাঢ়ি যায়। সংস্কৃতিয়ে ৰূপ সলায়। এয়া চিৰা-চৰিত পৰিঘটনা। সময়ৰ সোঁতত বিহু আহি আহি বিৱৰ্তনৰ বিভিন্ন স্তৰ অতিক্রমি আজিৰ অৱস্থা পাইছেহি। স্বাধীনতাৰ আগৰ আৰু স্বাধীনোত্তৰ কালৰ বিহুৰ মাজত যথেষ্ট পাৰ্থক্য বিদ্যমান। সেইদৰে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি বিভিন্ন পটভূমিত বিহুৰ স্বকীয় বৈশিষ্ট্যত কিছু আঁচোৰ পৰাটোৱেই স্বাভাৱিক । এসময়ৰ গছতলৰ, মুকলি পথাৰৰ বিহু আহি ঘৰৰ চোতাল পালেহি। আহোম স্বৰ্গদেউ ৰুদ্রসিংহই প্রথমে পথাৰৰ, গছতলৰ পৰা বিহু বুটলি আনি ৰংঘৰৰ বাকৰি পোৱালেহি । এইদৰে বিহুৱে ৰাজকীয় মৰ্যাদা পালে আৰু তেতিয়াৰ পৰাই বিহু অসমীয়াৰ জাতীয় উৎসৱ হিচাপে পৰগণিত হৈ আহিছে। ৰংঘৰৰ বাকৰিৰ পৰা বিহু ক্রমে ৰজাঘৰ, ডা-ডাঙৰীয়া সকলৰ ঘৰ আৰু পিচত আনসকলো প্রজা ঘৰলৈ বিয়পি পৰিল। এইদৰে বিহু আহি ঘৰৰ চোতাল পালেহি। গৃহস্হই আদৰি ল’লে। কালক্রমত বিহু অসমীয়াৰ জাতীয় জীৱনৰ লগত একাত্ম হৈ পৰিল। কালক্রমত বিহু আহি মঞ্চ পালেহি। ১৯৫১ চনতে প্রথমে গুৱাহাটীৰ লতাশিল পথাৰত মঞ্চ বিহু উদযাপিত হয় বুলি কোৱা হয়। ক্রমে প্রসাৰ লাভ কৰি আজি অসমৰ সৰ্বত্রতে মঞ্চবিহু( বিহু সন্মিলনী)উদযাপিত হ’ব লাগিছে।

বিহু ঘৰৰ চোতালতে হওক বা মঞ্চতেই হওক বিহুৰ প্রকৃত ঐতিহ্য, পৰম্পৰা, ঐক্য, সংহতি বা তাৎপৰ্য কিমান দূৰ ৰক্ষিত হৈছে সেয়াহে আচল কথা। ব’হাগ বিহু বা ৰঙালী বিহু সাধাৰণ দৃষ্টিত ৰং-তামাচা,আনন্দৰ উৎসৱ হ’লেওই মূলতঃ কৃষিভিত্তিক উৎসৱ। ইয়াৰ লগত বহুতো ৰীতি-নীতি বা লোকাচাৰ জড়িত হৈ আছে। এইবোৰ পৰম্পৰাগত ভাৱে সমাজত চলি আহিছে। কিন্তু পৰিতাপৰ কথা যে পৰিবৰ্ত্তৰ বা-মাৰলিত বিহুৱে স্বকীয়তা বহু পৰিমাণে হেৰুৱাই পেলাইছে। বৰ্ত্তমান বিহু পালনৰ ছবি আৰু আমি সৰুতে দেখা বিহুৰ ছবিৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায়। আজিচোন গাত বিহু বিহু নালাগেই। আগৰ যি মাদকতা, বিহুৰ উখল-মাখল প্রস্তুতি সেয়া আজি নাই যেন ভাৱ হয়। যেন সকলোতে কৃত্রিমতা । বিহু যিহেতু কৃষি কৰ্মৰ লগত জড়িত, সেয়ে বিহুৱে সহজ-সৰল চহা জীৱনৰ এখন ছবিকে আমাৰ চকুৰ আগত দাঙি ধৰে । চহা জীৱনৰ সহজ- সৰল জীৱন যাত্রা প্রণালী, খেতি-বাতি, গৰু-ম’হ, ছাগলী, হাঁহ-পাৰৰে পৰিপূৰ্ণ এখন ঘৰ, বাৰীৰ পাণ-তামোল, লেটেকু-পনীয়ল, আম-কঁঠাল, বাঁহ- কাঠেৰে ভৰা এখন আদৰ্শৱান গৃহস্থালি য’ত থাকে এটা গাঁৱলীয়া শান্ত পৰিৱেশ তেনে এখন ছবিহে বিহুৱে প্রতিফলিত কৰে। চহা অনাখৰী কবিৰ বিহুগীত বোৰেও তাকেই বহন কৰি আহিছে।ব’হাগ বিহুৰ লগত জড়িত হৈ আছে খেতিয়কৰ নাঙল-গৰু, তাঁতশাল, ঢেঁকীশাল, বৰঘৰ, মাৰলঘৰ, চ’ৰাঘৰ, গোহালি ঘৰ, বাৰীৰ তামোল-পাণ,জেতুকা, মাখিয়তী, দীঘলতী; কপৌ, তগৰ, নাহৰ, কেতেকী আদি না না তৰহৰ ফুল; নৈ-জান-জুৰি আৰু কুলি-কেতেকী- বিহুৱতীৰ মন ভুলোৱা সুললিত মাত।

উৰুঙা ফাগুনৰ সুৰুঙাৰে ঋতুৰাজ বসন্তৰ আগমন ঘটাৰ লগে লগে গাঁৱৰ ডেকা গাভৰুৰ মনবোৰ কমোৱা তুলাৰ দৰে উৰো উৰো কৰে। সেয়ে বিহু গীতত কৈছে-“ঘৰতো নবহে মন সমনীয়া/পৰতো নবহে মন; কমোৱা তুলাবোৰ যেনেকৈ উড়িছে তেনেকৈ উড়িবৰ মন”। সোমাল চ’তৰ পৰাই বিহুৰ প্রস্তুতি চলে। বুঢ়া-মেথা, ডেকা সকলোৱে ঢোল পেঁপা, গগনা, টকা, সুতুলি, বাঁহী আদি তৈয়াৰ কৰাত লাগে। আমি ল’ৰাহঁতে হাবি পিতনিৰ পৰা বিচাৰি অনা তৰাৰে দেউতাহঁতে গৰুৰ বাবে নতুন পঘা তৈয়াৰ কৰাত লাগে। খেতিৰ আহিলা নাঙল, যুৱলি, মৈ আদি বনোৱা বা মেৰামতি কৰাত লাগে। বিহুলৈ কেইদিন মান থকাৰ পৰাই ডেকা-গাভৰুৱে বিহুৰ আখৰা কৰে। জীয়ৰী-বোৱাৰীহঁতে তাঁতশালত গামোচা লগাই ভমকা ফুল বাচি সপোন ৰচে। কেতয়াবা তাঁতৰ পাতত বহি প্রেমিক চেনাই আহিছে বুলি পদূলিলৈ চাওঁতে তাঁতত আউল লাগে। বহোঁ তাঁতৰ পাতত চকু আলিবাটত মাকো সৰি সৰি পৰে-অৱস্হা হয়। মৰমৰ দীঘেদি চেনেহৰ বাণিৰে-হেঁপাহৰ আঁচুৰে বোৱা বিহুৱান(গামোচা)খনি প্রিয়জনক বিহুৰ দিনা উপহাৰ দিব পৰাটো অসমীয়া শিপিনীৰ গৌৰৱৰ কথা। সেয়ে তাঁত ব’ব, ফুল তুলিব নজনা তিৰোতা সকলক একাজী বা থুপৰী বুলি উপহাস কৰা দেখা যায়। বিহুলৈ কেইদিনমান থকাৰ পৰাই ঘৰে ঘৰে ঢেঁকীত চিৰা, সান্দহ, পিঠা খুন্দাৰ ধুম উঠে। জ্যেষ্ঠজনক বিহুৰ দিনা শৰাইত গামোচা, তামোল-পাণ দি সেৱা জনাই হাতীখুজীয়া বাটিত ম’হৰ থমথমীয়া এঠাদৈ এবাটিৰে সুন্দৰ জলপান পৰিৱেশন কৰাটো এটা সুন্দৰ পৰম্পৰা আছিল। জ্যেষ্ঠসকলে সৰুক আশীৰ্বাদ দিছিল। ইয়াত এটা আত্মীয়তা, প্রীতি, শ্রদ্ধা, মৰম ফুটি উঠিছিল। আজিৰ ছোৱালীয়ে ৰোৱা-তোলাৰ লগত সম্পৰ্ক নাৰাখে, তাঁতশাল কি বস্তু চিনি নাপায়। আজিৰ কেৰিয়াৰ সন্ধানী নৱ-প্রজন্মই এইবিলাক শিকাৰ প্রয়োজন বোধ নকৰে। আজিৰ আভিজাত্যত উটি-ভাহি থকা নগৰীয়া বোৱাৰীয়ে জ্যেষ্ঠজনক সন্মান জনাই এখনি গামোচা শৰাইত দি সেৱা কৰিবলৈ দ্বিধাবোধ কৰে। এইবিলাকে বিহুৰ পৰম্পৰা ম্লান কৰিছে। আজি ঘৰে ঘৰে ঢেঁকীৰ গুমগুমনি শুনিবলৈ পোৱা নাযায়। কাৰণ ওচৰতে সহজলভ্য মিল আছেই যেতিয়া কোনে ৰাতি দূপৰলৈ ঢেঁকীত চিৰা, সান্দহ খুন্দি নাইবা পানী দিয়া বৰা চাউল উলিয়াই কষ্ট কৰিব? আজিকালি বেচিভাগ বজাৰৰ চিৰা, পিঠা, মিঠাইৰে বিহু পালন কৰা হয়। “বিহুৱান” খনো আহে বাহিৰৰ পৰাহে। আজি চ’ত মহীয়া “তাঁতৰ খিটখিটনি, মাকোৰ ঘিটঘিটনি , দোৰ্পতিৰ শুৱলা মাত” শুনা নাযায়। এতিয়া হয়তো ঢোলৰ মাত শুনি আমাৰ লাহৰীহঁত গছকত যঁতৰ ভাঙি যাবলগীয়া নহয়। “বহোঁ তাঁতৰ পাতত/ চকু আলিবাটত-মাকো সৰি সৰি পৰে” লেখিয়াও নহয়, কিয়নো আজিৰ জীয়ৰীহঁতে তাঁত ব’বই নাজানে। আজিৰ গাভৰুৱে হয়তো বাৰান্দাৰ ৰেলিঙত ধৰি বাইক লৈ বয়ফ্রেণ্ড আহিছেনে নাই তাৰ প্রতিহে চকু ৰাখিব। ঠিক তেনেকৈ আজিৰ ডেকাই নকয়-“হাললৈ লিখিলে মোকে ঐ লাহৰী-কোৰলৈ লিখিলে মোক; তিনি আঙুল কপালত বিধাতাই লিখিলে তোলৈ নিলিখিলে মোক”। আজিৰ ল’ৰাহঁতে হাল-কোৰ, নাঙল-যুৱলি এইবোৰৰ লগত সম্পৰ্ক নাৰাখে। হয় পঢ়া-শুনাত আগবাঢ়ি গৈছে, নহয় কোনোবাই ধিতিঙালি মাৰি কটাইছে। বৰ্তমান যুগৰ নগৰীয়া পৰিৱেশত বা গাঁৱত থাকিও নগৰীয়া ঢঙত থকা প্রায়বোৰ পৰিয়ালৰে নাই গৰু, নাই তাঁতশাল, নাই ঢেঁকী, নাই এখন ফল-মূল-তামোল-পাণেৰে নদন-বদন চৌহদ। জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক অগ্রসৰতাইও ইয়াত ইন্ধন যোগাইছে। আজিৰ নৱ-প্রজন্মই বিহুৰ লগত জড়িত পৰম্পৰা, লোকাচাৰবোৰৰ লগত পৰিচিত নহয় বা অন্ধবিশ্বাস বুলি উৰুৱাই দিয়ে। বিহু নচাটো আওপুৰণি প্রথা বুলি গণ্য কৰে । তেওঁলোকে পশ্চিমীয়া সংস্কৃতিৰ প্রতিহে বেচি আগ্রহী। গাঁৱে- ভূঞে হুঁচৰি গোৱা প্রথাও প্রায় উঠিয়েই গ’ল। আজিকালি মানুহে ল’ৰা-ছোৱালীৰ ভবিষ্যৎ কেৰিয়াৰ লৈ ব্যস্ত। সেয়ে বিহু কেতিয়া আহিল, কেতিয়া গ’ল গমকে নোপোৱাৰ দৰে হৈছে। ডেকা –গাভৰুৰ মনতো নাই উছাহ- উদ্দীপনা; নাই ৰাইজাই কৰা মন; উদ্দাম যৌৱনৰ পাৰ ভাঙি যোৱা মন উতলোৱা পৰিৱেশো নাই। বৰ্ত্তমান ঢোল- পেঁপা,
গগনা, বাঁহী, সুতুলি বজাব জনা বা বনাব জনা ডেকা গাভৰু পাবলৈ প্রায় নাইকিয়া হৈ আহিছে। বিহু সংস্কৃতিৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্র, চহাৰ কেকোঁৰা নাঙল-যুৱলি, শিপিনীৰ তাঁতশাল আৰু বিভিন্ন সঁজিলি যাদুঘৰতহে বিচাৰিব লগীয়া দিন আহিছে। অতিকৈ আদৰৰ গামোচা(বিহুৱান) খনো অনা অসমীয়াই বাহিৰৰ পৰা যোগান ধৰি আছে।

এইবিলাক দিশ বিচাৰ কৰি চালে দেখা যায় আজিৰ মঞ্চ বিহু বা বিহু সন্মিলন বিলাকে কৃত্রিমভাৱে হ’লেও ব’হাগৰ বতৰত বিহু সংস্কৃতি বা পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা চলোৱা দেখা যায়। মঞ্চত অসমীয়াৰ আদৰৰ গামোচা, জাপি, শৰাই, নাঙল-যুৱলি, কুলা-চালনী, ভঁৰালঘৰ, উঘা-চেৰেকী, জকাই-খালৈ; পদূলিমুখৰ নঙলা, তামোল-পাণৰ বাৰী আদি সজাই এটি চহা জীৱনৰ ছবি ফুটাই তোলা হয়। মঞ্চতে বৰগছ, জৰিগছৰ ডাল ৰুই তাত কপৌফুল বান্ধি গছতলৰ বিহুৰ পৰিৱেশ সৃষ্টিৰ প্রয়াস কৰা দেখা যায়। আজিৰ তথাকথিত বিহু সন্মিলনী বিলাকে লাখ লাখ টকা খৰচ কৰি ব’হাগী উৎসৱ, বসন্তোৎসৱ, ৰঙালী বিহু, ব’হাগী বিদায় যি নামেৰেই বিহু পালন নকৰ কিয় এইবিলাকত বিহুৰ প্রকৃত ছবিখন, সংস্কৃতি-পৰম্পৰা, ঐতিহ্য কিমান দূৰ ৰক্ষিত হৈছে সেয়া সন্দেহজনক। কিন্তু এটা কথা ঠিক যে আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত মানুহক এদিনৰ বাবে হ’লেও আনন্দ বা আমোদ দি মনৰ অৱসাদ দূৰ কৰিবলৈ সক্ষম হৈছে। এইফালৰ পৰা উদ্যোক্তাসকল শলাগৰ পাত্র। তথাপি উদ্যোক্তাসকল সমালোচনাৰ উৰ্দ্ধত নহয়। প্রায়ে অভিযোগ শুনা যায় উদ্যোক্তাসকলে ৰাজহুৱা ধনৰ অপচয় কৰে বা সঠিকভাৱে সঠিক সময়ত হিচাপ-নিকাচ দাখিল নকৰে। তেনে হোৱা অনুচিত। সংস্কৃতি ধৰি ৰাখিবলৈ গৈ অপসংস্কৃতিৰ আশ্রয় ল’ব নালাগে। বিহু হ’ল একতাৰ, সংহতিৰ প্রতীক। বিহুৱে যাতে ঐক্য, সংহতি আৰু প্রীতিৰ এনাজৰীডাল কটকটীয়া কৰি ধৰি ৰাখিব পাৰে তাৰ প্রতি লক্ষ্য ৰখা উচিত।
আজিকালি বিহু মঞ্চৰ উপৰিও কেছেট, চিডিত আৱদ্ধ হৈ পৰিছে । আগতে চ’তত কুলিয়ে মাতিলে, মাজৰাতি কেতেকীৰ বিননি শুনিলে, ঢেঁকীত চিৰা-সান্দহ খুন্দিলে, শিপিনীৰ তাঁতত গামোচাযুতি দেখিলে, মৰা গৰুৰ চালে বেবালে, শিমলু তুলা বোৰ উৰিলে বিহু বিহু লাগে; দেহা সাতখন আঁঠখন কৰে । আজিকালি বজাৰে-সমাৰে দোকানে- পোহাৰে মাঘ-ফাগুন মানৰ পৰাই কেছেট-চিডিত বিহু শুনা যায়; তথাপিচোন বিহু বিহু নালাগে গাত। বিহুৰ স্বতঃস্ফূৰ্ত আবেদন নাইকিয়া হৈ পৰিছে। কেছেট-চিডিত বিহুৰ আপুৰুগীয়া নাম সংৰক্ষিত হ’লেও প্রকৃত সুৰ- সঞ্চাৰ ধৰি ৰাখিব পৰা নাই। কিছুমান নাম বিকৃত হৈ পৰিছে। আজিকালি ভিচিডি বিলাকত বিহুৰ যি অভিনয়মূলক অনুষ্ঠান পৰিৱেশন কৰা হয়, তাত বিহু পালনৰ প্রকৃত ছবিখন দেখিবলৈ পোৱা নাযায়। আজিৰ নৱ-প্রজন্মই ভিচিডিত বিহুৰ কৃত্রিম ৰূপহে দেখা পাইছে। সেয়ে এইবিলাক প্রস্তুত কৰোঁতে এইবিলাক কথালৈ চকু দিব লাগে। কোনো কাৰণতে যাতে অপসংস্কৃতি প্রচাৰ নহয়, তাৰবাবে যত্নপৰ হ’ব লাগে। কাৰণ এইবিলাক প্রচাৰৰ একোটা মাধ্যম; অসমৰ বাহিৰতো এইবিলাক যায়। সেয়ে এইবিলাকে যাতে অসমৰ থলুৱা কলা- সংস্কৃতি, সাজ-পাৰকে ধৰি নিভাঁজ বিহুৰ চিত্র বহন কৰে তাৰ প্রতি লক্ষ্য ৰাখিব লাগে। মুঠতে বিহুৰ ঐতিহ্য, পৰম্পৰা, সাজ-পাৰ, নামৰ সুৰ-সঞ্চাৰ আৰু আচাৰ-নীতি সকলো অটুট ৰাখিব পাৰলেহে আজিৰ মঞ্চ বিহু, কেছেট বা ভিচিডি বিহু সংস্কৃতি পালন-পৰিৱেশন আৰু প্রচাৰৰ সাৰ্থকতা থাকিব। অন্যথা বিৱৰ্তনৰ চাকনৈয়াত বিহুৱে নিজৰ অস্তিত্ব হেৰুৱাই পেলাব। বিহু ঘৰৰ চোতালতে হওক, মঞ্চতে হওক বা কেছেট চিডিতে হওক আমি অসমীয়া হিচাপে চিনাকি দিবলৈ হ’লে আমি আমাৰ এই হিয়াৰ আমঠু, বাপতি সাহোন জাতীয় উৎসৱটি জীয়াই ৰাখিবই লাগিব। নহ’লে আমাৰ জাতি সত্বা, মান-সন্মান থাকিব ক’ত? সেয়ে বিহুগীতৰ ভাষাৰেই ক’ব পাৰি –

“ বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ প্রাণ;
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান”।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments