বিৱৰ্তন (প্ৰাঞ্জল দাস)

গেইটখন বন্ধ কৰি মিনতি ওলাই আহিল৷ অলপ অলপ ঠাণ্ডা পৰিছে৷ দুদিনমানৰ পিছৰ পৰা গাত কাপোৰ এখন মেৰিয়াই লৈহে ওলাব লাগিব- তাই মনতে ভাবিলে৷ কেঁচা আলিবাটটোৰে তাই আগুৱাই গৈ থাকিল৷ কেঁচা আলিটো গৈ নতুনকৈ পিচ দিয়া পকা ৰাস্তাটোত লগ লাগিছেগৈ৷ মিনতি সেই ৰাস্তাটোৰে গৈ গৈ চাৰিআলিটোৰ ওচৰৰ পৰা উভতি আহিব৷ চাৰিআলিটোৰ পৰা অলপদূৰ আগুৱাই গ’লেই নৈ খন৷ শান্ত সমাহিত নৈখন দলঙখনৰ তলেৰে বৈ গৈ থাকে৷ অবিৰত প্ৰতিপল৷
দোকমোকালিতে খোজ কাঢ়িবলৈ ওলাই অহাতো মিনতিৰ নিয়মীয়া ৰুটিনৰ ভিতৰত পৰে৷ কেতিয়াৰ পৰানো এই অভ্যাসটো গঢ় লৈ উঠিল তাইৰ ভালদৰে মনত নপৰে৷ বোধহয় ঘৰলৈ উভতি অহাৰ পিছৰ পৰাই৷ “কিমাননো ঘৰখনতে সোমাই থাক’! অলপ ওলাই মেলি যা বাহিৰলৈ৷ তেহে মনটো মুকলি হ’ব৷ ”- মাকে সেইবোৰ দিনত প্ৰায়ে তাইক কৈছিল৷ তেনেকুৱা দিনবোৰতে এদিন ৰাতিপুৱা তাই ঘৰৰ পৰা ওলাই আহিছিল৷ উদ্দেশ্যবিহীন ভাৱে খোজ কাঢ়ি কাঢ়ি তাই বহুদূৰ পাইছিলগৈ৷ এসময়ত তাইৰ ভাগৰ লাগিল৷ মনটো মুকলি হ’ল নে নহ’ল নাজানিলেও দেহাটো কিন্তু্ত তাইৰ মুকলি মুকলি যেন লাগিল৷ তাৰ পিছৰে পৰা তাই সদায় ৰাতিপুৱা খোজকঢ়া অভ্যাসটো কৰিলে৷ আগফালৰ দৰ্জাখনৰ তলৰ হুকটো পেলাই লৈ বাহিৰ ফালৰ পৰা ঠেলা এটা মাৰি দিলে দৰ্জাখন বন্ধ হৈ যায়৷ সেইটো কায়দাৰে দৰ্জাখন বন্ধ কৰি থৈ তাই ওলাই আহে৷ ডেৰ কিল’মিটাৰমান আঁতৰৰ চাৰিআলিটোৰ ওচৰৰ পৰা তাই উভতি আহে৷ তাই ঘৰ আহি সোমোৱালৈ বৌৱেক সাৰ পায়৷ কোনোবাদিনা বৌৱেক সাৰ নাপালে তাই বাৰাণ্ডাতে বহুপৰ ৰৈ থাকে৷ ৰাতিপুৱা কেঁচা টোপনি ভাঙি ঘৰৰ মানুহবোৰক মাতিবলৈ তাইৰ ভাল নালাগে৷
অলপ দূৰ অহাৰ পিছতে তাইৰ আকৌ পলাশৰ ফোনকলটোৰ কথা মনত পৰিল৷ মনৰ পৰা হেজাৰবাৰ আঁতৰাই ৰাখিব খুজিলেও কালি গধূলিৰ পাছৰপৰা পলাশৰ সেই মাতকেইটা তাইৰ কাণখনত খুন্দা মাৰি আছেহি৷ কালি ৰাতি বিছনাত পৰাৰ পিছতো বহুতপৰ তাই একেটা কথাকে ভাবি আছিল৷ পলাশে তাইৰ ফোন নম্বৰ ক’ত পালে! নিশ্চয় সুনীতাই দিব লাগিব৷ সুনীতাৰ বাহিৰে অইন কাৰোৰে সৈতে তাইৰ যোগাযোগ নাই৷ সুনীতাক এবাৰ ফোন কৰি কথাটো সুধি চাবলৈ তাইৰ মন গৈছিল৷ কিন্তু্ত কিবা এটা ভাবি তাই ৰৈ গ’ল৷ সুনীতাৰ মুখতে তাই বহুত বাৰ পলাশৰ কথা শুনিছে৷ ইউনিভাৰ্চিটিত পঢ়ি থকা দিনত যিজনী ছোৱালীৰ লগত পলাশৰ ভাল সম্পৰ্ক আছিল, যিজনী ছোৱালীৰ সৈতে এদিন পলাশৰ বিয়া হ’বই বুলি তাহাঁতে বিশ্বাস কৰিছিল, সেই বিয়াখন হোৱা নাছিল৷ এইবোৰ মিনতিয়ে সুনীতাৰ মুখতে শুনা কথা৷ পলাশ আজিকালি অকলশৰে থাকে৷ তাৰ ভাল চাকৰি৷ গাড়ী-মটৰ, বন কৰা মানুহৰে ঘৰখন ভৰি আছে৷ কিন্তু্ত তাৰ মনটো খালী৷ সুনীতাৰ মতে পলাশৰ বৰ্তমানৰ এই অৱস্থা আৰু বিয়াখন নোহোৱা দুয়োটাৰে ঘাই কাৰণ সেই ছোৱালীজনী৷ পলাশৰ অলক্ষিতে প্ৰেমৰ সম্পৰ্ক ৰাখি অইন এজনৰ সৈতে তাইৰ এতিয়া সুখৰ সংসাৰ৷
মিনতিয়ে এইবোৰ কথালৈ মন কাণ দিব নিবিচাৰে৷ ফোনত কথাবোৰ শুনাৰ পিছতে তাই সেইবোৰ পাহৰি যবলৈ চেষ্টা কৰে৷ পলাশ, বিপুল, পল্লৱী, ৰূপালীহঁতৰ খা-খবৰবোৰ আৰু সুনীতাৰ ডাঙৰ ল’ৰা মিণ্টুৱে ছমহীয়া পৰীক্ষাত অংকত পোৱা নম্বৰৰ খবৰটো এই আটাইবোৰকে তাই একেটা শাৰীতে ৰাখিবলৈ চেষ্টা কৰে৷ সুনীতাৰ আগ্ৰহৰ বাবেহে তাই কথাবোৰ শুনি থাকে৷
পলাশক সেই ইউনিভাৰ্চিটিৰ দিনবোৰত কেনেদৰে পাইছিল তাইৰ ভালদৰে মনত নপৰে৷ যেতিয়া কেণ্টিনত কেইবাখনো টেবুল লগ লগাই তাহাঁত আটাইবোৰে আড্ডাৰ আমেজ লৈ আছিল, পলাশ তেতিয়া ক’ৰবাৰ এঠাইত অইন এখন পৃথিৱী সজোৱাত ব্যস্ত হৈ আছিল৷ সেইখন পৃথিৱীত মানুহ আছিল মাত্ৰ দুটা- পলাশ আৰু সেই ছোৱালীজনী!
ফোনত সদায় যোগাযোগ ৰাখিম, সময় সুবিধা মিলাই আটাইবোৰ মাজে মাজে লগ হৈ থাকিম বুলি তাহাঁত আটাইবোৰ এদিন ঘৰ সোমালহি৷ সেইবোৰ দিনতে পলাশ, ৰূপম, নৱ, সুৰজিতে চাকৰিত সোমাইছিল৷ ক্লাছৰ অইনবোৰ ল’ৰাই চাকৰি বিচাৰি বিচাৰি লাহে লাহে হতাশাত ভুগিছিল৷ ছোৱালী দুই-এজনীৰ বিয়া ঠিক হৈছিল৷ কাৰোবাৰ পুৰণি প্ৰেমিকবোৰৰ লগত৷ অইন কিছুমানৰ ঘৰৰ মানুহবোৰৰ হেঁচাত পৰি অচিনাকি অইন কাৰোবাৰ লগত৷
মিনতিৰ ক্ষেত্ৰত সেইবোৰ খেলিমেলি নাছিল৷ ককায়েকহঁতে ঠিক কৰা, মাক-দেউতাকে স্বভাৱ-চৰিত্ৰ ভাল দেখা দিগন্তৰ লগত তাই বিয়াত সোমাইছিল৷ তাইৰ বিয়াখনতে শেষবাৰৰ বাবে তাই লগৰ আটাইবোৰকে এবাৰ লগ পাইছিল৷
তাৰ পিছৰ দিনবোৰ সুখৰ আছিল৷ কৰবাত অকণ দুখৰ ডাৱৰে আৱৰি আহিলেও তাই সেইবোৰ আঁতৰাই লৈ মনৰ আকাশখনক মুকলি ৰাখিবলৈ চেষ্টা চলাইছিল৷ সেই মুকলি আকাশখনলৈকে এদিন ক’ৰবাৰ পৰা এক অনাকাংক্ষিত ধুমকেতু আহিল আৰু গোটেই আকাশখনকে বিকৃত ধূসৰ কৰি পেলালেহি৷
বিয়াৰ প্ৰথম কেইমাহমানৰ পিছতেই তাই অনুভৱ কৰিছিল ঘৰৰ পৃথিৱীখনৰ বাহিৰেও দিগন্তৰ যেন অইন এখন পৃথিৱীত অইন কিছুমান মানুহ আছে৷ সেইবোৰ মানুহক সি এইখন পৃথিৱীৰ পৰা আঁতৰাই ৰাখিব বিচাৰে৷ মিনতিয়ে প্ৰথমে সেইবোৰ মানুহক তাইৰ বাবে অনাৱশ্যকীয় বুলি ভাবি থৈছিল৷ কিন্তু্ত লাহে লাহে তাই অনুভৱ কৰিলে তাইৰ সৈতে সম্পৰ্কতকৈও বহুত বেছি মধুৰ সম্পৰ্ক দিগন্তই অইনখন পৃথিৱীৰ মানুহৰ সৈতে ৰক্ষা কৰি আহিছে৷ তাই ভাগি পৰিছিল৷ প্ৰথমে দিগন্তৰ ওপৰত, তাৰ পিছত তাইৰ নিজৰ ওপৰত আৰু শেষত এই বিয়াখন ঠিক কৰা তাইৰ পৰিয়ালৰ আটাইৰে ওপৰত তাইৰ প্ৰচণ্ড খঙ উঠিছিল৷
মনত অলেখ দুখ, ক্ষোভ, অপমান লৈ মিনতি এদিন এইখন ঘৰলৈ, নিজৰ উপজা ঘৰলৈ উভতি আহিল৷ সকলোৰে পৰা আঁতৰি তাই এইখন ঘৰৰ ভিতৰত অইন এটা খোলা সাজি ল’লে আৰু মনৰ ভিতৰৰ সেই খোলাটোৰ মাজত তাই কুৰুকি কুৰুকি সোমাই গৈ থাকিল৷
মাজে মাজে সুনীতাই তাইলৈ ফোন কৰে৷ দুটা সন্তানৰ মাক হোৱাৰ পিছতো তাই আগৰ সেই ৰঙচঙীয়া ৰূমমেটজনীয়ে হৈ আছে৷ হেজাৰ চেষ্টা কৰিও তাইক মিনতিয়ে আঁতৰ কৰি ৰাখিব নোৱাৰিলে৷ সুনীতাই তাইক খবৰবোৰ দিয়ে, অমুক এতিয়া অমুকত; তমুকৰ তাৰ সৈতে বিয়া হ’ল৷ পঢ়া-শুনা শেষ কৰা সময়ত লগৰবোৰক দিয়া কথা ৰাখি আক্ষৰিক অৰ্থতে সুনীতাই সকলোৰে সৈতে যোগাযোগ ৰাখি আহিছে৷
আৰু সেই সুনীতাৰ পৰাই হয়তো পলাশে মিনতিৰ ফোন নম্বৰ লৈছে আৰু কালি গধূলি তাইলৈ ফোন কৰিছে৷ সি তাইক লগ পাব বিচাৰে৷ ‘কিবা কথা আছে যদি ফোনতে কোৱা’ বুলি তাই বাৰে বাৰে কোৱাৰ পিছতো সি একেটা কথাতে লাগি থাকিল৷ সি এদিন অকলশৰীয়াকৈ মিনতিক লগ পাব বিচাৰে৷
কথাবোৰ পাগুলি থাকোতে কেতিয়ানো তাই আহি দলঙখনৰ ওচৰ পালেহি মিনতিয়ে গমকে নাপালে৷ দলঙখনত থিয় হৈ তাই এবাৰ নৈখনলৈ চাই পঠালে৷ দূৰৈৰ পৰা নৈখন সন্তপৰ্ণে বৈ আহি আছে৷ মাজৰ চাপৰিটোতে এডৰা কঁহুৱা লহপহকৈ ফুলি আছে৷ তাইৰ আচৰিত লাগিল৷ শেষৰ বাৰ যেতিয়া তাই এইখিনিলৈকে আহিছিল তেতিয়া ভৰবাৰিষাৰ নৈখন ফেনে ফুটুকাৰে উফন্দি আছিল৷ দুয়োপাৰৰ মাটি খহাই নদীখনে নিজকে বহল কৰি লৈছিল৷ নৈৰ মাজৰ চাপৰি ডৰাৰ কোনো চিন চাবে নাছিল৷ অথচ আজি কিমান নীৰৱে নৈখন বৈ আছে৷ পানীৰ মাজৰ পৰা মূৰ দাঙি উঠা চাপৰডৰা আজি কঁহুৱাৰে ভৰি উঠিছে৷
“চোৱা মিনতি৷ তোমাৰ কথাবোৰ মই শুনিছোঁ৷ বোধহয় তুমিও মোৰ কথাবোৰ গম পোৱা৷ দুয়োৰে এই অৱস্থা হোৱাত আমাৰ একো দোষ নাই৷ কিন্তু্ত আমাৰ জীৱনটোক আমি এই অৱস্থালৈ ঠেলি দিবলৈ অইনক সুবিধা দিয়াতো আমাৰ দোষ নহয়নে? ” পলাশে কালি তাইক কৈছিল৷
হয়তো হয়! হয়তো নহয়! তাই ভাবি ভাবি একো পাৰ পোৱা নাছিল৷ অইন এটা সপোন লৈ নতুন এটা বাটেৰে আকৌ খোজ পেলাবলৈ তাইৰ ভয় লাগিছিল৷ তাইৰ বিতৃষ্ণা জাগিছিল৷ সকলোৰে ওপৰত তাইৰ আকৌ এবাৰ খঙ উঠিছিল৷ কিন্তু্ত এটা সময়ত তাই বুজিছিল, মানুহবোৰৰ প্ৰত্যাহিক জীৱন যাত্ৰাৰ তলত ডুবি থকা তাইৰ এই খঙৰ কোনো মূল্য নাই৷ তাইৰ অভিমানক বুজাৰ চেষ্টা কৰিবলৈ এতিয়া কাৰো সময়ো নাই৷ সময় বৰ নিষ্ঠুৰ৷ সময়ৰ গতিত ভাঁহি মানুহবোৰে যদি কোনোবাদিনা তাইৰ ওপৰতে সকলো দোষ জাপে! তাই কি কৰিব তেতিয়া! কি উত্তৰ দিব তাই সকলোকে! উত্তৰ দিব পৰাকৈ মনৰ জোৰ থাকিবনে বা তাইৰ ওচৰত!
তাই আকৌ এবাৰ নৈখনৰ মাজলৈ চাই পঠালে৷ কহুঁৱাডৰা হালিছে৷ বতাহৰ কোবত দোঁ খাই খাই পৰিছে৷ কিন্তু যেন হাঁহিবলৈ এৰা নাই৷ বৰঞ্চ ঢৌ খেলি উঠা কঁহুৱাডৰাত বতাহে অইন এক মাদকতাহে সানি দি থৈ গৈছে৷ পলাশেও তাইৰ জীৱনলৈ যেন শাৰদী বা লৈ আহিছে৷ তাক তাই বাধা দিয়াৰ কিবা থল আছেনে! বাৰিষাৰ ওফন্দি উঠা নৈৰ তলত ডুবি ৰোৱাতকৈ শৰতৰ এই মুকলি চাপৰিডৰাত বেছি আশাৰ বতৰা নাই নে!
মিনতিৰ মনটো মুকলি মুকলি লাগিল৷ হঠাতে যেন তাইৰ মনৰ মাজৰ পৰা বৰ গধূৰ বোজা এটা আঁতৰি নাইকিয়া হৈ গ’ল৷ হয়তো পলাশে ঠিকেই বুজিছে৷ তাইৰ জীৱনটোক চেপি খুন্দি পেলাবলৈ অইনক সুবিধা কৰি দিয়াতো তাইৰ নিজৰহে দোষ৷ পলাশ তাইৰ ওচৰলৈ দোষৰ শুধৰণি হৈ আহিছে৷ তাক অৱজ্ঞা কৰা মানে তাই অইন এটা দোষ কৰা হ’ব৷ অইন এটা দোষ তাই কৰিব নোৱাৰে৷ এই দোষ তাই কৰিব নালাগে৷
হাতত লৈ থকা ম’বাইলটো লৈ তাই পলাশৰ নম্বৰ উলিয়ালে৷ গভীৰ প্ৰত্যয়েৰে নম্বৰটো কল কৰি তাই পলাশৰ মাতষাৰ শুনিবলৈ ব্যাকুল হৈ পৰিল৷ ৰাতিপুৱাৰ কোমল ৰ’দজাকে তেতিয়া তাইৰ মনৰ এন্ধাৰকণ নাইকিয়া কৰি নিছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments