বিৱৰ্ত্তনৰ পথত ভাৰতীয় সঙ্গীতৰ প্ৰচাৰ আৰু প্ৰসাৰ (নিবেদিতা হাজৰিকা)

পৃথিৱীৰ সুপ্ৰাচীন সঙ্গীত ধাৰা সমূহৰ এক অন্যতম ধাৰা হ’ল ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ধাৰা। বিভিন্ন উপাদানেৰে সমৃদ্ধ হৈ আছে ইয়াৰ ইতিহাস। প্ৰাচীন কালৰে পৰাই মানুহৰ মানসিক আৰু আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত সঙ্গীতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বেদৰ দৰেই সঙ্গীত কলাই ভাৰতীয় সমাজত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। বৈদিক যুগৰে পৰা বিভিন্ন ক্ৰমবিৱৰ্ত্তনৰ মাজেৰে আগবাঢ়ি আহি ভাৰতীয় সঙ্গীতে আজিৰ অৱস্থা পাইছেহি।

ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মত পোৱা যায়। বহুতৰ মতে এই কলাৰ উৎপত্তি দেৱতাসকলৰ দ্বাৰা হৈছে। তেওঁলোকৰ মতে এই কলা সৃষ্টিকৰ্ত্তাই শিৱক শিকালে, দেৱী সৰস্বতীক দিলে আৰু সৰস্বতীয়ে এই জ্ঞান নাৰদমুনিক দিয়াত নাৰদে স্বৰ্গৰ অপ্সৰা সকলক শিকালে। “সঙ্গীত দৰ্পণ” নামৰ পুথিৰ লেখক পণ্ডিত দামোদৰ দেৱৰ মতে সঙ্গীতৰ সৃষ্টি ব্ৰহ্মাৰ দ্বাৰা হ’ল আৰু ভৰত মুনিয়ে মহাদেৱৰ আগত সঙ্গীতৰ প্ৰয়োগ কৰি দেখুৱালে। সেয়ে হ’ল মুক্তিদায়ক মাৰ্গীয় সঙ্গীত।
আন এটা মত অনুসৰি পোৱা যায় যে পশু-পক্ষীৰ মাতৰ পৰাহে সঙ্গীতৰ সৃষ্টি হ’ল। যেনে-ম’ৰাৰ মাতৰ পৰা ষড়জ (সা), চাতকৰ মাতৰ পৰা ঋষভ (ৰে), ছাগলীৰ মাতৰ পৰা গান্ধাৰ (গা), কাউৰীৰ মাতৰ পৰা মধ্যম (মা), কুলিৰ মাতৰ পৰা পঞ্চম (পা), ভেকুলীৰ মাতৰ পৰা ধৈৱত (ধা) আৰু হাতীৰ মাতৰ পৰা নিষাদ (নি) স্বৰৰ সৃষ্টি হ’ল। কিন্তু এই মতসমূহৰ কোনো এটা মতেই নিশ্চিত ৰূপে নিৰ্দ্ধাৰিত হোৱা নাই।
ঐতিহাসিক যুগৰ পৰা বৰ্ত্তমানলৈকে ভাৰতীয় সঙ্গীতৰ ইতিহাসক চমুকৈ তিনিটা ভাগত ভগাব পাৰি। সেই কেইটা হ’ল-
প্ৰাচীন যুগ – (১০০০ খৃষ্টাব্দলৈ)
মধ্যযুগ – (১১০০ খৃষ্টাব্দৰ পৰা ১৮০০ খৃষ্টাব্দলৈ)
আধুনিক যুগ – (১৯০০ খৃষ্টাব্দৰ পৰা বৰ্ত্তমালৈ)
প্ৰাচীন যুগঃ বেদ, ৰামায়ণ, মহাভাৰত আদি যুগৰ সঙ্গীত প্ৰাচীন যুগৰ ভিতৰত ধৰা হয়। এই যুগতেই হিন্দু ধৰ্মৰ চাৰিখন বেদৰ ৰচনা হৈছিল বাবে এই যুগক বৈদিক যুগ বুলিও কোৱা হয়। এই যুগতেই ৰচিত কিছুমান গ্ৰন্থ আছে যি বৰ্ত্তমান প্ৰচলিত ভাৰতীয় সঙ্গীতৰ আধাৰ স্বৰূপ। এই গ্ৰন্থ সমূহৰ ভিতৰত “নাৰদী শিক্ষা”, “মাতুকী শিক্ষা”, “ভৰতৰ নাট্যশাস্ত্ৰ”, “সঙ্গীত মকৰণ্ড” আদিয়েই প্ৰধান। চাৰি বেদৰ ভিতৰত “সামবেদ” সঙ্গীতেৰেই ভৰা। মহাকবি কালিদাসো এই যুগৰে। তেওঁৰ লেখনিত নাট্য কবিতাৰ লগতে গীতো প্ৰচাৰ হৈছিল। এই যুগতেই সঙ্গীতৰ স্বৰ সমূহ বিকশিত হৈছিল। বৈদিক যুগৰ কিছু গ্ৰন্থত অনেক বাদ্য-যন্ত্ৰৰো উল্লেখ পোৱা যায়। যেনে – দুন্দুভী, বানস্পতি, আধাতী, কাঁড়বীণা, বাৰণ্যম, তুনব ইত্যাদি।
মধ্যযুগঃ এই যুগতেই ভাৰতীয় সঙ্গীতে যথেষ্ট উন্নতি সাধন কৰিলে। এই সময়ছোৱাত নতুন নতুন ৰাগৰ সৃষ্টি হ’ল আৰু গায়ক-বাদক সকলৰো আদৰ বাঢ়িল। এই যুগৰ প্ৰসিদ্ধ কবি আৰু সঙ্গীতজ্ঞ ‘জয়দেৱ’ উত্তৰ ভাৰতৰ প্ৰথম গায়ক আছিল। সংস্কৃত ভাষাত ৰচিত তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ “গীত গোবিন্দ” আজিও প্ৰখ্যাত হৈ আছে, য’ত ৰাধা-কৃষ্ণ সমন্ধীয় ভক্তি ৰসৰ গীত সমূহ পোৱা যায় আৰু সেইবোৰ আজিও তালত বান্ধি গোৱা হয়।
মধ্য যুগত ৰচিত আন আন গ্ৰন্থ সমূহৰ ভিতৰত “সঙ্গীত ৰত্নাকৰ”, লোচনৰ “ৰাগ তৰঙ্গীনী”, পণ্ডিত ৰামামাত্যৰ “স্বৰমেল কলানিধি”, পুণ্ডৰীক বিঠলৰ “সদ্ৰাগচন্দোদয়”, পণ্ডিত সোমনাথৰ “ৰাগ বিবোধ”, পণ্ডিত দামোদৰৰ “সঙ্গীত দৰ্পণ”, পণ্ডিত ব্যঙ্কতমুখীৰ “চৰ্তুদণ্ডি প্ৰকাশিকা”, পণ্ডিত অহোবলৰ “সঙ্গীত পাৰিজাত”, শ্ৰীনিবাস পণ্ডিতৰ “ৰাগ তত্ববোধ” আদিয়েই প্ৰধান।
এই যুগৰে এজন প্ৰসিদ্ধ গায়ক হ’ল আমিৰ খুচ্‌ৰু। তেওঁ বহু প্ৰকাৰৰ গীত, বাদ্য আৰু তাল অৱিষ্কাৰ কৰি থৈ গৈছে যি বিলাক আজিও প্ৰচলন হৈ আছে। ‘গজল’, ‘কাৱালী’, ‘তৰাণা’, ‘খেয়াল’ আদি গীতৰ প্ৰকাৰ, ‘ৰাত কি পুড়িয়া’, ‘বৰাৰী’, ‘তোড়ী’, ‘পূৰ্বী’, ‘ইমন’ আদি ৰাগ, ‘ঝুমৰা’, ‘আড়াচৌতাল’, ‘ফৰদষ্ট, ‘সৱাৰী’, ‘সুলফাক’ আদি তাল, ‘চেটাৰ’, ‘তবলা’ আদি বাদ্য আৱিষ্কাৰ কৰি এইজনা মহান সঙ্গীতজ্ঞই ভাৰতীয় সঙ্গীতলৈ তেওঁৰ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে।
এই যুগৰ আন এজন উল্লেখযোগ্য সঙ্গীতজ্ঞ হ’ল জৌনপুৰৰ বাদ্‌শ্বাহ চুলতান হুচেইন শৰ্কী। ‘কলাৱন্ত’, ‘খেয়াল’ আৰু বহুতো ৰাগৰ আৱিষ্কাৰক এই সঙ্গীত প্ৰেমী বাদ্‌শ্বাহ জনে আন আন সঙ্গীতজ্ঞ সকলকো উচিত আদৰ কৰিছিল। তেওঁৰ দৰবাৰত থকা প্ৰসিদ্ধ সঙ্গীতজ্ঞ সকলৰ ভিতৰত তানসেন, বৈজু বাওৰা, ৰামদাস, তানৰঙ্গৰ খাঁ আদিয়ে সঙ্গীত জগতখনৰ বহু উন্নতি কৰি থৈ গৈছে। তানসেনৰ আবিষ্কৃত ৰাগ ‘দৰবাৰী কানাড়া’ ‘মিঞা কী সাৰঙ্গ’, ‘মিঞা কী মল্লাৰ’ আদি আজিও অতি জনপ্ৰিয়। ইয়াৰ উপৰিও তেওঁ ‘ৰবাব’ নামৰ এটি বাদ্যও আৱিষ্কাৰ কৰি থৈ যায়। তানসেনৰ গুৰু হৰি দাস সেই সময়ৰ এজন বিখ্যাত সঙ্গীতজ্ঞ আছিল। সেই সময়তে গোৱালিয়ৰৰ ৰজা মান সিংহ তোমৰে ‘ধ্ৰুপদ গায়কী’ৰো আৱিষ্কাৰ কৰে।
মোগল বাদশ্বাহ মহম্মদ শ্বাহো অতি সঙ্গীত প্ৰেমী আছিল। তেওঁৰ দৰবাৰৰ প্ৰসিদ্ধ গায়ক ‘সদাৰঙ্গ’ আৰু ‘অদাৰঙ্গ’ই হাজাৰতকৈও অধিক খেয়াল গীতৰ ৰচনা কৰে। সেই গীত সমূহ আজিও প্ৰচলিত হৈ আছে। এই সময়তে সৌৰী মিঞা নামৰ এজন গায়কে ‘টপ্পা’ আৱিষ্কাৰ কৰে। মধ্যযুগ ভাৰতীয় সঙ্গীতৰ বাবে অতি মহত্বপূৰ্ণ আছিল। এই যুগতেই ভাৰতীয় ক্ৰিয়াত্মক সঙ্গীতে উন্নতিৰ উচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয়। কিয়নো এই কালচোৱাতে ভাৰতীয় সঙ্গীতৰ ব্যাপক প্ৰচলন হোৱাৰ প্ৰমাণ পোৱা যায়।
আধুনিক যুগঃ ভাৰত বৰ্ষত মুছলমান সকলৰ শাসন আৰু আধিপত্য কমি অহাৰ লগে লগে ভাৰতলৈ ইংৰাজ সকলৰ আগমণ হয় আৰু ভাৰতীয় সঙ্গীতৰ চৰ্চা কমি আহিবলৈ ধৰে। ইংৰাজ সকলৰ ভাৰতীয় সঙ্গীতৰ প্ৰতি থকা উদাসীনতাৰ বাবে সঙ্গীতৰ প্ৰচাৰ আৰু প্ৰসাৰত বাধা আহি পৰে। এই সময়তে লাহে লাহে ভাৰতীয় পৰিয়ালবোৰত সঙ্গীতৰ চৰ্চা কমি আহিবলৈ ধৰে আৰু সঙ্গীত কলাক নিম্ন দৃষ্টিভঙ্গীৰে চাবলৈ ধৰে। অৱশ্যে এই সময়তো সঙ্গীত সাধক সকলৰ চেষ্টাত বিভিন্ন ঘৰাণাৰ সৃষ্টি হ’ল যাৰ ফলস্বৰূপে সঙ্গীতৰ চৰ্চা আৰু সাধনা অতুত থাকিল। আনফালে ইংৰাজ সকলৰ মাজতো কেইজনমান গুণী লোক ওলাল যি সকলে ভাৰতীয় সঙ্গীতৰ মূল্য উপলদ্ধি কৰি সঙ্গীত চৰ্চাক উদগণি দিয়াৰ লগতে নিজেও চৰ্চা আৰু অধ্যয়ণ কৰিবলৈ লয়। কেপ্তেইন ৱিলৰ্ড নামৰ এজন সঙ্গীত প্ৰেমী ইংৰাজ লোকে হিন্দুস্থানী সঙ্গীত পদ্ধতিৰ ওপৰত “A treatise on the music of India” নামৰ কিতাপ লিখি উলিয়ায়। ইয়াৰ ফল স্বৰূপে উচ্চ শ্ৰেণীৰ লোকৰ মাজত সঙ্গীতৰ আদৰ ক্ৰমে বাঢ়িবলৈ ধৰে। এই সময়তে পাটনাৰ মহম্মদ ৰাজা নামৰ এজন ব্যক্তিয়ে ‘নগমাতে আসফি’ নামৰ কিতাপ লিখি উলিয়াই। ইয়াত তেওঁ ৰাগ আৰু ৩৬ ৰাগিণী মানি নিজৰ কিছু মতো প্ৰকাশ কৰে। ইয়াৰোপৰি এই সময়তে জয়পুৰৰ মহাৰাজা প্ৰতাপ সিংহৰ “সঙ্গীত সাৰ” কৃষ্ণানন্দ ব্যাসৰ “সঙ্গীত ৰাগ কল্পদ্ৰুম” আদি গ্ৰন্থও ৰচিত হয়।
যি সকল সঙ্গীতজ্ঞই ইংৰাজৰ শাসন কালত পাশ্চাত্য সঙ্গীতে গ্ৰাস কৰিবলৈ ওলোৱা ভাৰতীয় সঙ্গীতৰ ধ্বজা পুনৰ সমাজত গৌৰৱেৰে প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিল সেই সকলৰ ভিতৰত শ্ৰী বিষ্ণু দিগম্বৰ পলুস্কৰ আৰু শ্ৰী বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ বৰঙণি আটাইতকৈ বেছি। তেওঁলোক আছিল সঙ্গীতৰ একনিষ্ঠ সাধক। এই দুয়োজনা মহান সঙ্গীতজ্ঞই ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি সঙ্গীত কলাৰ উদ্ধাৰ কৰিলে আৰু ইয়াক প্ৰচাৰমুখী কৰি তুলিলে। তেওঁলোকৰ উদ্যেগতে সঙ্গীতৰ স্বৰলিপি পদ্ধতিৰ প্ৰচলন হয়। দুয়ো গৰাকী পণ্ডিতে বহুকেইখন সঙ্গীত গ্ৰন্থ ৰচনা কৰি উলিয়ায়। তাৰ ভিতৰত পলুস্কৰ দেৱৰ – ‘ৱালবোধ’ (৫য়েইল), ‘ৰাগ প্ৰৱেশ’ (২০ ভাগত), ‘ভজনামৃত’ (৫ ভাগত) আৰু ‘সঙ্গীত বাল প্ৰকাশ’ আদিয়েই প্ৰধান।
বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ সঙ্গীতৰ ক্ৰিয়াত্মক আৰু শাস্ত্ৰীয় উভয় বিষয়ৰ ওপৰত ৰচিত কেইখনমান মহত্ত্বপূৰ্ণ গ্ৰন্থ হৈছে – “ক্ৰমিক পুস্তক মালিকা”(৬ ভাগত), “অভিনৱ ৰাগ মঞ্জৰী”, “লক্ষ্মণ গীত”, “ভাটখাণ্ডে শাস্ত্ৰ”(৪ ভাগত) ইত্যাদি।
এই দুয়োজনা সঙ্গীতজ্ঞৰ উদ্যোগত লক্ষ্ণৌত “মেৰিছ কলেজ অৱ হিন্দুস্থানী মিউজিক”, গোৱালিয়ৰ চহৰত “মাধৱ সঙ্গীত বিদ্যালয়”, লাহোৰ আৰু মুম্বাইত “গন্ধৰ্ব মহাবিদ্য়ালয়” আদি স্থাপন হয়। সেই সময়ত স্থাপিত হোৱা লক্ষ্ণৌৰ ‘মেৰিছ কলেজ অৱ হিন্দুস্থানী মিউজিকে’ই বৰ্ত্তমানৰ “ভাটখাণ্ডে সঙ্গীত বিদ্যাপীঠ” নামেৰে জনাজাত। এই দুয়োজনা মহান সঙ্গীতজ্ঞই অক্লান্ত পৰিশ্ৰম কৰি সঙ্গীতৰ কঠোৰ নিয়মকো সৰ্বসাধাৰণ মানুহে বুজিব পৰাকৈ সহজ-সৰল কৰি তুলিলে। তেওঁলোকে সঙ্গীতৰ বহু নতুন নিয়ম আৱিষ্কাৰ কৰি সাধাৰণ মানুহৰ গ্ৰহণযোগ্য কৰি ভাৰতীয় সঙ্গীতক বৈজ্ঞানিক পদ্ধতিৰে প্ৰতিষ্ঠা কৰিলে।
বৰ্ত্তমান দেশজুৰি বহু সঙ্গীত সংস্থা আছে যি ভাৰতীয় সঙ্গীতৰ প্ৰসাৰৰ লগতে সঙ্গীতৰ শিক্ষাও দি আহিছে। যেনে – প্ৰয়াগ সঙ্গীত সমিতি-এলাহাবাদ, ভাটখাণ্ড সঙ্গীত বিদ্যাপীঠ-লক্ষ্ণৌ, প্ৰাচীন কলাকেন্দ্ৰ-চণ্ডীগড়, গন্ধৰ্ৱ সঙ্গীত বিদ্যালয়-পুণে, স্কুল অৱ ইণ্ডিয়ান মিউজিক-মুম্বাই, স্কুল অৱ ইণ্ডিয়ান মিউজিক-বড়োদা, মিউজিক কলেজ-কলকাতা, সৰ্বভাৰতীয় সঙ্গীত পৰিষদ-কলকাতা, বঙ্গীয় সহ্গীত পৰিযদ-কলকাতা, নিখিল ভাৰত সঙ্গীত বিদ্যালয়-গোৱালিয়ৰ, ইন্দিৰা সঙ্গীত কলাকেন্দ্ৰ-খৈৰাগড় ইত্যাদি।

(সহায়ক পুথি – সঙ্গীত কৌমুদী (হিন্দী ভাষাত) – প্ৰফেচৰ বি,এচ, নিগম)

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments