বি পজিটিভ্..(উজ্জ্বল ফুকন)

গৰমত ছাটি ফুটি কৰি কলিতা, দোকানৰ ভিতৰতে ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰি আছে।  এপাকত কঁকালত ওলমি থকা একমাত্র গামোছাখন খুলি গাৰ ঘাম মোচাত লাগিল। দোকানৰ এচুকত থকা চিনাকি নিগনিটোৱে কলিতাৰ সেই আদিম ৰূপটো দেখি লাজতে গাঁতত সোমাল । কলিতাই মাজে মাজে ভোৰভোৰাই থাকিল.. “কি হে যে পাইছিল এই গেলা গৰমত পাত-কঠালটো খাবলৈ !”  মদনে কৰবাৰ পৰা সৰু পাত-কঠাল এটা আনি কলিতাক দিছিল। ভাত খাই উঠা এঘন্টামান হৈছিলহে..কলিতাই কঠালৰ গোন্ধত আৰু ৰব নোৱাৰা হল। অলপ খাই বাকিখিনি ভতিজাকক দিম বুলি ভাবিয়েই কলিতাই কঠালটো খোৱা আৰম্ভ কৰিছিল। কিন্তু কঠালটো ইমানেই সোৱাদ আছিল যে ভতিজাকৰ কথা আৰু এবাৰলৈ মনলৈ নাহিল। গামোছাখনেৰে গাটো মোচি মোচি কলিতা মুঢ়াটোত বহি আছে। এনেতে গহীন আহি বৈয়ামৰ ওপৰেদি ভুমুকিয়াই কলিতাৰ সেই ৰূপ দেখি চিঞঁৰ মাৰি উঠিল ” হেই আজি সকলো পণ্ড হল ..ভাল কাম এটা আৰম্ভ কৰিম বুলি ভাবিছিলো..সকলো শেষ। ৰমেন আৰু মদন ..”কি হল..কি হল” বুলি কাষ চাপি আহিল। “যা চাগৈ..আমাৰ টাৰ্জানৰ ৰূপটো..! টাৰ্জানটো কিবা এটা পিন্ধিয়ে দৌৰি ফুৰিছিল..আমাৰজনৰ সেই ডোখৰো নাই ! “ কলিতাই এটাই গান জানে “জিলেলে..জিলেলে..” সেই কাৰণে সিহঁতে তাক ‘টাৰ্জান’ বুলিও মাতে ।
“ অ’ তেখেত আদিম মানৱ” |  “হেৰি নহয় কলিতা দা , আহঁত পাত এখনকে পিন্ধি লওঁক” ৰমেনে পাছফালৰপৰা মাত লগালে। কলিতাই ইতিমধ্যে খপজপকৈ গামোছাখন কঁকালত মেৰিয়াই গহীনক চাই ক’লে-“হেৰ’.. মানুহ হৈ ইমান মেকুৰী খোজেৰে কেনেকৈনো  আহিব পাৰ ? আৰু কিনো বেবিলনৰ বাগিছাখন দেখিলি যে চিঞঁৰি গোটেইমখাক মাতি আনিছ” ?
হঠাত গহীনক ভালকৈ লক্ষ্য কৰি কলিতাই মদনক ফুচঁফুচাই সুধিলে – “ কি অ’ মদন আজি দেখোন কাউৰী ময়ুঁৰ হৈ ওলাইছে”?
জিনছ, টি-চাৰ্ট আৰু চান গ্লাছেৰে গহীনক  সঁচাকৈ আজি দেখাত বেলেগ লাগিছে।
ৰমেনে পাছফালৰ পৰা মাত লগালে- “ আখৰা, কলিতা দা, আখৰা” ।
“ কিহৰ আখৰা অ’..ভাওনা হবলৈ দেখোন এতিয়াও বহুত বাকী । আৰু সি ৰাৱণ বধ কৰিবলৈ জিনছ পিন্ধি যাব নে কি ?  হিঃ হিঃ হিঃ ”
“ এহ ৰ’বা হে, কথাটো শেষ কৰিবলৈ দিয়া” – এইবাৰ মদনে কলিতাক বুজোৱাত লাগিল।
“ এয়া প্রেমৰ আখৰা , মানে এই উৎসৱ বোৰ আহি আছে নহয়, ধৰক, দুৰ্গা পুজা, দীপাৱলী , মাঘৰ বিহু আৰু শেষত আমাৰ বৌৰ পূজা, মানে সৰস্বতী পুজা। বৌৰ পূজাৰ দিনাই আমাৰ গহীনে প্রস্তাৱটো দিব , কিন্তু বৌকটো জানেই নামত হে সৰস্বতী , কামত স্বয়ং কালী গোসাঁনী , সেই কাৰণেই এই আখৰা , আমাৰ গহীন লাহে লাহে আগবাঢ়িব , মানুহটো মস্ত হলে কি দাল হব , লাজত সি বৌৰ চকুলৈ চাবই নোৱাৰে।  সেই কাৰণে তাক আজি চানগ্লাছ পিন্ধাই লৈ আহিছো , যাতে ভালকৈ বৌক চাব পাৰে” ।বাৰু কলিতা দা , সেইবোৰ বাদ দিয়ক ,কঠালটো কেনে পালে” ?
“ এহ ..! নকবি আৰু, সেইদাল খায়েই মোৰ এই অৱস্থা, তই পিছে ক’ৰপৰা কিনি আনিছিলি সেইটো” ?
“ কলিতা দা অ’, মদনে বৰ কম বস্তুহে কিনে, সেইটো আৰু তাৰ ভাই ককাই দুটা, মুঠতে তিনিটা কঠাল মহাজনৰ বাৰীৰ পৰা আনিলো। চিকটা মহাজনে গমেই নাপালে বাপেক্কে , এটা মই খালো , এটা তোমাক আৰু এটা বুধিন ককাক দিলো । সকলো বস্তু ভগাই খাব লাগে , কি কোৱা? আজি তেন্তে কলিতা দা তোমাৰ দোকানত দুখন চিনেমা , এখন তোমাৰ “ইমান গৰম কিয় লাগে” আৰু এখন গহীনৰ “ইমান মৰম কিয় লাগে”।
“ অস অস, কটা নিধক , সেইগাল চুৰ কৰি অনা বস্তু খুৱাই তই মোক পাপৰ ভাগী কৰিলি, জহনিতযোৱা” — কলিতা খঙতে ফাটি পৰিল ।
কঠালৰ বাকলিবোৰ খৰধৰ কৈ আনি মদনক খালত পেলাই দিবলৈ কলে , নহ’লে মহাজনৰ যি হে শেন চকু ,এটা কঠালৰ নামত কেই কেজি চাউল উঠাই নিয়ে ঠিক নাই ! মদনৰ মুখত বুধিন বৰাৰ নাম শুনি কলিতাই বৰ ভাল নাপালে। বুধিন বৰা আৰু কলিতাৰ অহি-নকুল সম্পৰ্ক। কিন্তু গহীনৰ লগত কলিতা ভাল। বুধিন বৰাৰ লগত বেয়া হোৱাৰো কাৰণ আছে। অলপ দিনৰ আগতে বাটত ঘুৰি ফুৰা কুকুৰ এটা আনি কলিতাই দোকানত ৰাখিছিল , সেইদিনা ৰাতি তিনিপাত্তি আড্ডাত কলিতাই ভাল জিকিছিল। মৰমতে কুকুৰটোক নাম দিলে “ জেকপট”।কিন্তু ৰাতিটোৰ ভিতৰতে বাটৰ কুকুৰ বাটত উঠিল আৰু ৰাতিপুৱা বুধিন বৰাই পাই লৈ গ’ল। সেইদিনাৰ পৰাই ‘জেকপট’ক বৰাই চোতালতে বন্ধা আৰম্ভ কৰিলে আৰু গহীনক কৈ জপনাত এখন “কুকুৰৰ পৰা সাৱধান” ফলক লগাই দিলে। কিন্তু কলিতাও জানো কম , এদিন ৰাতি ফলকৰ আগত বুধিন বুলি লিখি থৈ আহিল..”বুধিন কুকুৰৰ পৰা সাৱধান”।বুধিন বৰাই এই কথাটো জানিব পাৰি ৰাতিপুৱা খোজ কঢ়াৰ চলেৰে সদায় ‘জেকপট’ক কলিতাৰ দোকানৰ সন্মুখত তাৰ পিছঠেং খন ডাঙিবলৈ দিয়ে । ‘জেকপটে’ও পুৰণা মালিকৰ সন্মুখত অলপ স্মৃতি এৰি সান্তনা লভে। গহীনে গোটেই কাহিনীটো জানে যদিও সি এই কাজিয়াত নোসোমায় ।হঠাত দূৰত সৰস্বতী গেং লৈ আহি থকা দেখি সকলো সাজু হল। গহীনৰ নিজকে আজি অক্ষয় কুমাৰ যেন লাগিল। কিন্তু যিমানেই সৰস্বতী তাৰ ওচৰ পালেহি সিমানেই তাৰ হাত ভৰিবোৰ চেঁচা পৰি আহিবলৈ ধৰিলে। তাৰ কান দুখন ৰঙা হৈ অহা দেখি মদনে তাৰ কান্ধত হাত এখন থৈ কলে- “ বন্ধু , একো চিন্তা নাই …লাউ যিমানে ডাঙৰ নহওঁক কিয় সদায় পাতৰ আৰঁত ” ।
কলিতাই লাউৰ কথা শুনি দোকানতে থকা লাউটোলৈ চালে। ক’বটো নোৱাৰি মদনৰ কথা , কঠাল চুৰ কৰিছে যেতিয়া লাউ যে নিনিব তাৰ কি গেৰান্তি আছে । ৰমেনে গহীনক ক’লে – “ বৌক চাই এটা ৰোমান্তিক ‘মাৰডালা’  হাঁহি মাৰি দিবি , টেনচন নাই , সিহঁতকিজনীয়ে । দূৰৰ পৰাই তাহাঁতক দেখি ফিচিঙা ফিচিঙ কৰিবলৈ ধৰিলে । সৰস্বতী আহি একেবাৰে সন্মুখ পোৱাত গহীনৰ ক’ত যাওঁ  কি কৰো হ’ল। ৰমেন আৰু মদনে পাছফালৰ পৰা  তাক ধৰি থাকিল ,নহ’লে । সি কেতিয়াবাই পলাই গ’ল হয়।  সৰস্বতীয়ে গোটেই ঘটনাটো ভালকৈ বুজি পালে। তাই গহীনক ভৰিৰপৰা  মূৰলৈকে চাই সিহঁতে শুনাকৈয়ে ক’লে – “লাই শাক খাবলৈ নাপায় আৰু পাদে মিঠাই !” গহীনৰ সেই মুহুৰ্তত নিজকে মেকুৰী যেন লাগিল , তাকো ভিজা ! কলিতাই পাছফালৰ পৰা  চিঞঁৰিলে – “ফাট মেলা বসুমতী পাতালে লুকাওঁ”।
গহীনে নিজকে ভিজা মেুকুৰী নে সীতা দেৱী ভাবি নাপালে । ৰমেনে মদনক  ক’লে –“ বৌৰ মুখখন দেখি বুজি পাইছো আমাৰ গহীনৰ আহি থকা প্রজন্মটো বৰ চোকা হ’ব । মদনেও হয়ভৰ দি ক’লে- “বি পজিটিভ”…!  সিহঁতৰ আশাবোৰ গহীনৰ ব্লাড গ্রুপটোৰ লগত মিলি গল ।   হয় , বি-পজিটিভ !!
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments