বীৰা পোহা পিতাইৰ কথা (টুৱাৰাম দত্ত)

৮৩’ ৰ অসম আন্দোলনৰ সময়ৰ কাহিনী। সকলোতে চি আৰ পি এফ, পুলিচৰ অকথ্য অত্যচাৰ। আন্দোলন দমনৰ নামত চৰকাৰী বাহিনীয়ে সহজ সৰল হোজা জনতাক বিশেষ কৈ গাঁৱৰ মানুহৰ ওপৰত সন্ত্ৰাস চলাই ভীতিগ্ৰস্থ কৰি তোলা সময়ৰ কথা। আমাৰ গাঁৱৰ মানুহবোৰ ৰাতিটো বাদেই দিনৰ পোহৰতো অগত্যা জৰুৰী নহ’লে কেনিও ক’তো ওলাই নাযায়। আমাৰ সৰুবিলাকৰটো স্কুল বন্ধৰ নিচিনাই। সেইফালৰ পৰা মনটো ভাল লাগিলেও ডাঙৰৰ মুখত চি আৰ পি এফ, পুলিচৰ অত্যাচাৰৰ সঁচা-মিছা কাহিনীবিলাক শুনি শুনি ভয়ত পেটতে হাত-ভৰি লুকায়।

মোৰ আকৌ সেই সময়ৰ আন্দোলনকাৰী দাদাবিলাকক দেখিলেও ভয় ভয় লাগে। কলেজৰ দুশ্ৰেণী মান পঢ়া দাদাবিলাকৰ মুখবোৰ গহীন, কথা কমাই কয়। পিতাইহঁতে ঘৰৰ দুই-এটা কাম কৰি থকা দেখিলে “দেশৰ এনে দুৰ্দিনত স্বাৰ্থপৰৰ দৰে ঘৰুৱা কাম কৰি কটালেই নহ’ব, দেশৰ আৰু দহৰ বাবে আত্মবলিদান দিব লাগিব” বুলি কটাক্ষ কৰে। মানুহবিলাকেও গাঁও এৰি অযথা কেনিও ক’তো ওলাই নাযায়। বেমাৰ-আজাৰ হ’লেও দূৰৈৰ চিকিৎসকৰ ওচৰলৈ যোৱাতকৈ পৰাপক্ষত ঘৰতে থাকি ভাল হয় যদি হওক তেনে ভাৱতেই থাকে। কাজেই ৰাইজৰ মাজত চিকিৎসকৰ চিকিৎসাতকৈ বেজ-জ্ঞানীৰ দৰৱ-জাতি, তাবিজ, জৰীৰ আদৰ বেছি হ’বলৈ পালে। আচল কথা বেজ-জ্ঞানী সহজলভ্য, কমখৰচী আৰু চিকিৎসকৰ দৰে ভেম-গপো নাই!

আমাৰ পিতায়েও তেতিয়া চাহ বাগানৰ চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ লৈ ঘৰতে আছিল। গছ-গছনি ভাল পোৱা চাহাব দুই এজনক বাগিচাৰ চাকৰিত কৰ্মসূত্ৰে লগ পাইছিল বাবে গছ-গছনিৰ ওপৰত অলপ ৰাপ বহিছিল। বহুত ঔষধী গুণ সম্পন্ন গছ-গছনি, লতাৰ ওপৰত তেওঁৰ জ্ঞান বাঢ়িছিল। গতিকে সৰু-সুৰা বেমাৰ-আজাৰত পিতাইৰ ঔষধ খাই ভাল হোৱা মানুহ ওলাবলৈ ধৰিলে। লাহে লাহে আমাৰ ঘৰলৈ মানুহ মানে বেমাৰীৰ অহা-যোৱা আৰম্ভ হ’ল। পিতায়ে বেমাৰীবোৰৰ গতি-গোত্ৰ চাই এটা কথা মন কৰিলে যে সৰহসংখ্যক মানুহকে আচলতে ঔষধতকৈ মানসিকভাৱে সাহসী কৰি তোলাটোহে বেছি প্ৰয়োজনীয়। মানসিক ভাবে দুৰ্বল মানুহবোৰেও ঔষধতকৈ তাবিজ, জৰী বেছি পছন্দ কৰে।

আমাৰ দদাইদেউ এজন আছিল অলপ চলপ অহংকাৰী স্বভাৱৰ। পিতাইৰ এই দুদিনীয়া কবিৰাজী সফলতাক লৈ তেওঁ ঘৰে-পৰে সকলোতে ফিতাহী মাৰি কথা কোৱা আৰম্ভ কৰিলে। তেওঁৰ ফিতাহী কথাৰ পাব্লিচিতিৰ বাবেই হওক বা বেলেগ কাৰণতেই হওক মানুহৰ মাজত পিতাইৰ বিষয়ে নানানটা কথা প্ৰচলন হবলৈ ধৰিলে। যেনে, পিতাইয়ে গভীৰ ৰাতি প্ৰায়ে শ্মশানৰ মাজত বহি ধ্যান কৰে। এটা বীৰা পুহি লগত ৰাখে আৰু তাৰ দ্বাৰা অসম্ভৱ কামো সম্ভৱ কৰি তোলে। কাৰোবাৰ ঘৰত ইচ্ছা কৰিলেই হাই- কাজিয়া লগাব পাৰে। কাৰোবাৰ হ’বলগীয়া বিয়াখন ভাঙি দিব পাৰে। কোনোবাই ধুনীয়া ছোৱালী এজনী পছন্দ কৰিছে, কিন্তু ছোৱালীয়ে সন্মতি দিয়া নাই; পিতাইৰ পোহনীয়া বীৰাটোৱে একেৰাতিৰ ভিতৰতে ছোৱালীৰ মন সলনি কৰি দিব পাৰে ইত্যাদি ইত্যাদি।

কথাবিলাক আন্দোলনকাৰী দাদাবিলাকৰো কাণত পৰিছিল। তেওঁলোকৰ দুজনমান আছিল সাংঘাতিক প্ৰগতিবাদী। বীৰা পোহাৰ দৰে অন্ধবিশ্বাসী কথবিলাক কোনোপধ্যেই মানি লব নোখোজে। তেওঁলোকৰ এজনৰ এদিন ফোঁপযহী দদাইদেউৰ লগত লাগিল নহয় খকা-খুন্দা। দদাইদেউৰ মতে ককাইদেউ অৰ্থাৎ পিতাইয়ে বীৰা লগাই সিহঁতক ভালকৈ এশিকনি দিব পাৰে। আন্দোলনকাৰীৰ মতে এইবোৰ চব মিছা। আন্দোলনকাৰী দাদাজনে বাজী ধৰিলে যে সিহঁতক পিতাইয়ে বীৰা দেখুৱাই হাতে কামে সঁচা-মিছাৰ প্ৰমাণ কৰিব লাগে। নহলে ৰাজহুৱা শাস্তি বিহা হব।

প্ৰথমে কথাবিলাক পিতায়ে জনা নাছিলে যদিও লাহে লাহে যেতিয়া গম পালে তেতিয়া জোঁৰ পুৰি হাত পালেহি। মানে আন্দোলনকাৰী দাদাসকলক প্ৰকৃত কথাৰ ভেদ ভাঙি বুজোৱাৰ সময় উকলি গ’ল। ইফালে ফোঁপযহী দদাইদেউটোও কম নহয়। নাও বুৰিলেও টিঙৰ পৰা ননমা দদাইদেউটোৱে পিতাইক আহি হাতে ভৰিয়ে ধৰিলে। বোলে ককাইদেউ কিবা এটা চমৎকাৰ কৰি দেখুৱা। সিহঁতবোৰক বীৰা দেখুৱাম বুলি কলোঁ যেতিয়া কিবা এটা ভেল্কি বাজি কৰি নাকটো এইবাৰলৈ বচা। পিতায়ে দদাইদেউক য’তে ত’তে ফিতাহী মাৰি কথা কোৱা স্বভাৱটোৰ বাবে বহুত গালি শপনি পাৰি তিৰস্কাৰ কৰিলে। কিন্তু আন্দোলনকাৰী দাদাবিলাকৰ কথাবিলাকেও অন্তৰত আঘাত হনা যেন পালে। প্ৰথম কথা তেওঁলোকে সেই সময়ত যাকে তাকে লঘু কথাতেই ৰাজহুৱা শাস্তি বিহা পৰম্পৰা এটা আৰম্ভ কৰিছে। সেই সময়ৰ আন্দোলনৰ বতাহজাকে তেওঁলোকক এনেকুৱাকৈ উন্মাদ কৰি তুলিছিল যে তেওঁলোকৰ কথাই আইন। তেওঁলোকে যি কয় তাক মানি লবলৈ সকলো বাধ্য। গতিকে তেওঁলোককো উচিত শিক্ষা এটা দিয়াটোও একেবাৰে বেয়া কথা হব নোৱাৰে।

পিতায়ে এদিন আন্দোলনকাৰী দাদাসকলক ঘৰলৈ মাতি পঠিয়ালে। আৰু বহুত তৰ্ক-বিতৰ্কৰ অন্তত ঠিক হ’ল যে ভৰ আঁউসীৰ দিনা মাজ ৰাতি বাৰ বজাৰ পিছত গাঁৱৰে এমূৰৰ শ্মশানৰ মাজত বহি ধ্যান কৰি বীৰা দৰ্শন কৰোৱা হ’ব। কিন্তু এটা চৰ্ত থাকিব বীৰা দৰ্শনৰ সময়ত ৰাইজসকল সম্পূৰ্ণ উলংগ হৈ ল’ব লাগিব। অন্যথা বীৰাই সাংঘাতিক অপকাৰ কৰিব পাৰে। তেতিয়া পৰিস্থিতি পিতাইৰ নিয়ন্ত্ৰনত নাথাকিব। দাদাহঁতেও চাই ল’ম ক’ৰ পানী ক’ত যায় ভাবেৰে সন্মতি দি বিদায় ললে।

যথা সময়ত ভৰ আঁউসীৰ ৰাতি পালেহি। পিতাইৰ ধ্যান আৰম্ভ হ’ল। আন্দোলনকাৰী দাদা সকলো সম্পূৰ্ণ উলংগ হৈ গোট খালেহি। আঁউসীৰ ঘোপমৰা অন্ধকাৰ বাবে কাৰোৰে সিমান লাজ লগা নাই। কোনেও কাকো ভালদৰে মনিবই পৰা নাই। পিতাইৰ মন্ত্ৰ পাঠ আৰম্ভ হ’ল। বহুত সময় মন্ত্ৰ মাতি মাতি এসময়ত পিতায়ে ‘জয় মহাকালী জয় মহাকালী’ বুলি কেবাবাৰো গগণভেদী চিঞৰিলে। লগে লগে শ্মশানৰ একোণত থকা আমগছ জোপাৰ ডালবিলাক জোকাৰ খাই উঠিল। এটা ডাল বহুতবাৰ জোকাৰণি খাই খাই ভাগি তললৈ পৰিল। দেখা গ’ল এটা ভৰিৰ পৰা মূৰলৈকে ঢাক খাই থকা বগা ছায়ামূৰ্তি! আন্দোলনকাৰী দাদাসকল ভয়ত ত্ৰস্তমান। ধীৰে ধীৰে ছায়ামূৰ্তিটো দাদাসকলৰ ফালে অগ্ৰসৰ হ’ল। দাদাসকলে কথা বিষম দেখি পিতাইক কাতৰভাৱে চিঞৰি চিঞৰি অনুৰোধ জনালে- “কাইটি মৰিম ঔ! মৰিলোঁ ঔ! কিবা এটা কৰা! কিবা এটা কৰা! আমাক আৰু একোৰে প্ৰমাণ নালাগে”। পিতাইয়ে সিহঁতৰ পৰা শপত বিচাৰিলে, আজিৰ পৰা ডাঙৰক সন্মান দিবলৈ, কথাই কথাই উদ্ধতালি নকৰিবলৈ। সিহঁতে পিতাইক কথা দিলে। পিতাই বেজে মন্ত্ৰ মাতি মাতি ছায়ামূৰ্তিক অহা বাটে উভতি যাবলৈ ক’লে। ধীৰে ধীৰে ছায়ামূৰ্তিটো উভতি গ’ল। শ্মশানৰ সীমা পাৰ হৈ অদূৰত থকা হোলাটোৰ পানীৰ মাজত খোজ দিলে। জপং…জপং…।

এৰা; সেইদিনা শ্মশানৰ আমজোপাত সন্ধিয়াৰ পৰা উঠি থাকি আমৰলি পৰুৱাৰ কামোৰ খাই খাই মাজ ৰাতিলৈকে মোৰ যিহে অৱস্থা হৈছিল, আজিও মনত পৰে!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক