বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘সীমাই আমনি কৰে’ – ড: দীপক কাকতি

প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ঔপন্যাসিক, গল্পকাৰ, কবি, সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাহিত্যৰ আনবোৰ সম্ভাৰৰ উপৰি অসমীয়া ভ্ৰমণ সাহিত্যলৈও অৱদান আগবঢ়াই থৈ গৈছে৷ ১৯৭৫ চনত প্ৰকাশিত ভট্টাচাৰ্যৰ ‘সীমাই আমনি কৰে’ নামৰ পুথিখনি অসমীয়া ভ্ৰমণ সাহিত্যৰ এক আপুৰুগীয়া সৃষ্টি। ১৯৬৮ চনত ভাৰত চৰকাৰৰ ‘সাংস্কৃতিক বিনিময় আঁচনি’ অনুসৰি ভট্টাচাৰ্যই কাশ্মীৰী লেখক আখতাৰ মহিউদ্দিন চাহাবৰ লগত একেলগে এমাহৰ বাবে ৰুছদেশ ভ্ৰমণ কৰে৷ অৱশ্যে আখতাৰ মহিউদ্দিন ভাৰতলৈ ঘূৰি অহাৰ পিছতো ভট্টাচাৰ্যই অকলে তিনি সপ্তাহৰ বাবে পোলেণ্ড ভ্ৰমণৰ বাবে যায়৷ সেই ভ্ৰমণ অভিজ্ঞতাৰ ভিত্তিতেই ভট্টাচাৰ্যই ’সীমাই আমনি কৰে ’নামৰ গ্ৰন্থখন ৰচনা কৰে৷ লেখকে দিনলেখাৰ আৰ্হিত গ্ৰন্থখন ৰচনা কৰিছে৷ ৰুছ দেশৰ অভিজ্ঞতাক কেন্দ্ৰ কৰি অসমীয়া সাহিত্যত হেম বৰুৱাৰ ’ৰঙা কৰৱীৰ ফুল ’, অমলেন্দু গুহৰ ’ছোভিয়েট দেশত এভূমুকি ’, চৈয়দ আব্দুল মালিকৰ ’মাজত মাথোঁ হিমালয় ’, সুৰেন্দ্ৰ মোহন দাসৰ ’টলষ্টয়ৰ দেশত ’আদি কেবাখনো ভ্ৰমণ কাহিনী ৰচিত হৈছে৷ লেখাটো দীঘলীয়া হোৱাৰ ভয়ত ’সীমাই আমনি কৰে ’গ্ৰন্থখনৰ সামগ্ৰিক ভাৱে আলোচনা নকৰি গ্ৰন্থখনিত বৰ্ণিত ৰুছ দেশৰ ৰাজনীতি, শিক্ষা ব্যৱস্থা, ৰাষ্ট্ৰীয় সমস্যা, বাতৰি কাকত, খাদ্যাভাস আদি নিৰ্দিষ্ট কেইটামান দিশৰ ওপৰত এটি চমু আভাস লেখাটিৰ জৰিয়তে দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ল৷

সমাজবাদত বিশ্বাসী ৰুছৰ জনসাধাৰণৰ সাংবিধানিক গণতন্ত্ৰত বিশ্বাস নাই৷ ৰাজনীতিৰ কথা ক’লেই যেন তেওঁলোক নীৰৱ হয়৷ দুই এজন কমিউনিষ্ট বুদ্ধিজীৱীৰ বক্তব্যৰ পৰা লেখকে ধাৰণা কৰি লৈছে যে ‘ডেম’কটিক চেণ্টেলিজম’ আৰু ‘একদলীয় শাসন নীতি’ তেওঁলোকে পৰিহাৰ কৰিব নোখোজে৷ ৰাষ্ট্ৰ আৰু দলৰ বিলুপ্তি ঘটাৰ আশা কমিউনিষ্ট সকলৰ মনত দৃঢ়ভাৱে সোমাই আছে৷ লেখকৰ মতে সমাজবাদী নেতা লেনিনৰ ব্যক্তিত্বই তেওঁলোকৰ জীৱন আচ্ছন্ন কৰি ৰাখিছে৷ সেয়েহে তাত লেনিনক দেৱতাৰ শাৰীলৈ তুলিব বিচাৰিছে বুলি লেখকে ক’বলৈকো দ্বিধাবোধ কৰা নাই৷

ৰুছদেশৰ শিক্ষা পদ্ধতি বিশেষকৈ প্ৰি-প্ৰাইমাৰী শিক্ষা বৰ সুন্দৰ৷ তাত ল’ৰা-ছোৱালীবোৰক খেতি-বাতিৰ পৰা আৰম্ভ কৰি যন্ত্ৰ-পাতিলৈকে সকলোবোৰ শিক্ষাই দিয়া হয়৷ ছোভিয়েট দেশত বিদেশী সাহিত্যতকৈ বিদেশী ভাষা শিক্ষাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হয়৷ আদৰ্শ শিক্ষা দিয়াৰ ওপৰত কৰ্ত্তৃপক্ষৰ চোকা নজৰ দেখা যায়৷

ৰুছদেশৰ ৰাষ্ট্ৰীয় সমস্যা হৈছে ‘ব্ৰেইন ড্ৰেইন’ৰ সমস্যা৷ কটকটীয়া ৰাষ্ট্ৰ নিয়ন্ত্ৰণে ৰুছ নাগৰিক সকলক সহজতে বিদেশলৈ যোৱাৰ সুবিধা বা অনুমতি নিদিয়ে৷ তাত নিবনুৱা সমস্যা নাই বুলি ক’লেও ভুল কোৱা নহয়৷ অৱশ্যে এলেহুৱা তিৰোতা এগৰাকীয়ে লেখকৰ ওচৰত হাত পতাৰ কথা তেওঁ এই গ্ৰন্থখনত উল্লেখ কৰিছে৷

ৰুছদেশৰ বাতৰি কাকত সমূহৰ স্বাধীনতা প্ৰায় নাই। বাতৰি কাকত সমূহৰ বাতৰি পৰিবেশন নীতিও ভিন্ন ভিন্ন৷ তাৰ বেছিভাগ সংবাদ পত্ৰই ৰাষ্ট্ৰ বা দলৰ নিয়ন্ত্ৰণত থাকে৷ সকলোবোৰ বাতৰি কাকতৰ ৰাজনৈতিক মত থাকে৷ সংবাদ পত্ৰবোৰত আন্তৰ্জাতিক খবৰতকৈ স্থানীয় খবৰৰ ওপৰতহে বেছি প্ৰাধান্য দিয়া হয়৷ চৰকাৰক সদায় প্ৰতিখন কাকতেই সমৰ্থন কৰিব লাগিব৷ তাত গণতান্ত্ৰিক স্বাধীনতা একেবাৰেই অভাৱ যেন ভাব হয়৷

ৰুছদেশত ভডকা বৰ প্ৰিয় পানীয় খাদ্য৷ মদ অবিহনে তেওঁলোকৰ কোনো উৎসৱেই যেন সম্পূৰ্ণ নহয়৷ ৰুছ সমাজৰ এইটো এটা পৰম্পৰাগত নীতি৷ অবশ্যে চাহ, কফি, বিয়েৰ, মিনাৰেল ৱাটাৰ আদিহে তেওঁলোকৰ নিত্য ব্যৱহৃত প্ৰিয় পানীয় বস্তু৷ আঙুৰ, কিচমিচ, ৰুটি, ভাতৰ লগতে ৰুছদেশীয় শিক কাবাব আৰু ট্ৰাউট মাছৰ সোৱাদৰ কথাও লেখকে এই গ্ৰন্থত পাঠকক জানিবলৈ সুযোগ দিছে৷ ৰুছদেশত ছেলফ ছাৰ্ভিচ বাৰৰ বাহিৰে আকাশী জাহাজ, থিয়েটাৰ, অপেৰা হাউছ, চাৰ্কাছ, ক্লাব, ৰেষ্টোৰা আদিত প্ৰবেশ কৰোঁতে অভাৰ কোট, টুপী আদি খুলি থোৱাৰ দৰে আন কিছুমান বাহ্যিক নিয়মৰ কথাৰ পুথিখনৰ কেইবা ঠাইতো উল্লেখ পোৱা যায়৷ বহু সংখ্যক মহিলা পুলিচ সেই ঠাইত থকাৰ কথা লেখকে উল্লেখ কৰিছে৷ গ্ৰন্থখনত লেখকৰ প্ৰগতিশীল দৃষ্টিভংগীৰ পৰিচয় পোৱা যায়৷ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণনা দিবলৈ যাওঁতে লেখকে ক’ৰবাত ক’ৰবাত উজুটি খাই বৰ্ণনীয় বিষয়ৰ যোগসূত্ৰ হেৰুৱাইছে যাৰ ফলত গ্ৰন্থখন অধ্যয়নৰ সময়ত ৰসভংগ হৈছে৷ অৱশ্যে লেখকে ভাষা আৰু বেছি ৰসপূৰ্ণ কৰি পুথিখনৰ জনপ্ৰিয়তা বঢ়াব পাৰিলেহেতেন৷ তথাপি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ’সীমাই আমনি কৰে’ গ্ৰন্থখন ভ্ৰমণ কাহিনী হিচাপে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত এক বিশেষ স্থান অধিকাৰ কৰিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক