বীৰেন বৰকটকীৰ কবিতাত বিষয়ৰ ভিন্নতা (ভাস্কৰজ্যোতি দাস)

১৯৮৬ চন। অসম সাহিত্য সভাৰ ৫২ তম কামপুৰ অধিৱেশন। সেইবাৰ সভাপতিৰ আসনত আছিল শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ এজন অৱসৰপ্ৰাপ্ত অধ্যক্ষ। সম্পূৰ্ণ নাম বীৰেন্দ্ৰনাথ বৰকটকী। দেখাই শুনাই সাধাৰণযেন লগা এই মানুহজনৰ ব্যক্তিত্বৰ আগত যেন সকলোবোৰ নিষ্প্ৰভ হৈছিল। ছাত্ৰ অৱস্থাৰে পৰা সাহিত্যৰ বিভিন্ন শিতান যেনে গল্প, প্ৰৱন্ধ, উপন্যাস, কবিতা, নিবন্ধ, নাটক আদিসমূহত মানুহজনৰ এক ভাল দখল আছিল। লগতে তেখেত আছিল এজন নিষ্ঠাবান সাংবাদিক, এজন সুদক্ষ শিক্ষাবিদ, এজন সমালোচক তথা অভিনেতা। মূলতঃ সমাজবাদী ধাৰাটোক লগত লৈ ফুৰা এইজনা সাহিত্যিকে যিকোনো সৃষ্টিৰেই পাঠকৰ মনত স্বদেশ চেতনাৰ বীজ ৰোপণ কৰিব পাৰিছিল। এইক্ষেত্ৰত সহজভাৱে ল’ব পৰা এটা উদাহৰণ হ’ল তেখেতৰ কবিতাৰাজি।

১৯৫৯ চনত বৰকটকীদেৱৰ প্ৰথম কবিতা সংকলন “মন্বন্তৰ” প্ৰকাশ পায়। ইয়াৰ পাছত প্ৰায় একুৰিমান বছৰৰ বিৰতিত তেখেতৰ দ্বাৰা ৰচিত কবিতাপুথি “চিৰন্তন” প্ৰকাশিত হয়। একেদৰে ১৯৮৬ চনত তেখেতৰ কবিতাপুথি “চিনাকী পৃথিৱী” আৰু “ওপজা মাটিৰ মৰম” প্ৰকাশিত হয়। অঘৰী, দুষ্কৃতি, অৰণ্য, সমুদ্ৰ ইত্যাদিবোৰ শব্দৰ বহু অৰ্থত কৰা প্ৰয়োগ বৰকটকীদেৱৰ কবিতাৰ এক চকুতলগা বৈশিষ্ট্য।
দুষ্কৃতিৰ কুৰুক্ষেত্ৰ জিনি
সুকুমাৰ কৃষ্ণৰ জন্ম হয়
অথবা,
সুন্দৰৰ মনে পতা সেউজী মাটিত
সাধনাৰ পদুম মৰহে
কঠীয়া গজাদি গজে
দুষ্কৃতিৰ অগণন কুঁহিলা গজালি। ……………………….(প্ৰাণ বন্দৰ)
একেদৰে বৌদ্ধ দৰ্শনৰ প্ৰতি থকা কবিৰ অনুৰাগ ভালেকেইটা কবিতাত প্ৰকাশ পাইছে। বোধিদ্ৰুম, বুদ্ধগয়া আদি শব্দচয়ন তাৰে একো একোটা উদাহৰণ। একেদৰে বৰকটকীৰ কবিতাত এক চিনাকী সুৰ হ’ল “মানৱতা”। মানৱতাৰ এই ধাৰাটোক সাধনাৰে সংযুক্ত কৰি বৰকটকীদেৱে স্বদেশানুৰাগ, জনগণৰ প্ৰতি থকা স্নেহ, সাংস্কৃতিক সমন্বয় আৰু ঐতিহ্যৰ প্ৰতি থকা শ্ৰদ্ধা ‘এই ছবি’ নামৰ কবিতাটোত প্ৰকাশ কৰিছে। অমলিন এই ছবিখন। কিবা কাৰণত ছবিখন বিৱৰ্ণ হ’লেও উদিত সূৰ্যৰ পোহৰত ছবিখন আকৌ যেন উদ্ভাসিত হ’ব। চেষ্টা কেৱল গণ দেৱতাৰ প্ৰাণৰ মাজত ইয়াক সযতনে সংৰক্ষিত কৰি ৰখাৰ:
এই ছবি পৃথিৱীৰ মুক জনতাৰ
প্ৰাণৰ ৰঙৰে তাৰ তুলিকা তিয়াই
সাধনাৰ ৰ’দ কাচলিত
আঁকিলে এখন ছবি,
নাম তাৰ দিলে মানৱতা। ………………………………..(এই ছবি)
অসম তথা ভাৰতৰ ইতিহাসৰ চৰিত্ৰবোৰত থকা বৈশিষ্ট্যৰ বুকুত বহি কবিজনাই কবিতাৰ দীঘ-বাণিবোৰত ইয়াৰ চৰিত্ৰ, শব্দ, চিত্ৰ তথা ধ্বনিক সংযোজন ঘটাইছে। মহাকাব্যৰ এই বৈশিষ্ট্যবোৰ তেওঁৰ কবিতাত সততে দেখিবলৈ পোৱা যায়।
তাত মাথো জায়দ্ৰথী মন্ত্ৰণাৰে
অভিমন্যু নিধনৰ মাথোঁ আয়োজন। ……………………(বুদ্ধগয়া কিমান দূৰত?)
জীৱন সম্পৰ্কে কবিৰ ধাৰণা উপনিষদীয় যেন লাগে। জীৱন অৰণ্যত ভ্ৰমি ফুৰা কবিক ইয়াৰ উতলা সঙ্গীতে সততে ব্যাকুল কৰে। গ্ৰাম্য জীৱনৰ পটভূমিত দিখৌৰ পৰা ভৰলীলৈকে প্ৰৱাহিত হৈছিল বৰকটকীদেৱৰ আত্মানুসন্ধানৰ ধাৰা। সেয়ে তেওঁৰ চেতনাত দোলা দিয়া দিখৌৰ প্ৰাণৱন্ত ৰূপ, মেটেকাঘাটৰ বৰজহা গাঁৱৰ ডুখৰীয়া ছবি ইত্যাদিবোৰে তেখেতৰ কবিতাৰ দলিচাত বুটাফুলৰ দৰে আত্মপ্ৰকাশ ঘটাইছিল:
মেটেকাঘাটৰ উচ্ছল জীৱনধাৰা এতিয়া নাই,
অচিনাকী মুখৰ মাজত হঠাতে হেৰাই গ’ল
জীউৰাম বায়নৰ পিছৰ পুৰুষ। ……………………………..(মেটেকাঘাট)
একেদৰে আৰ্থসামাজিক পৰিৱৰ্তনবোৰতো কবিয়ে কবিতাৰ উপাদান বিচাৰি পাইছিল। উদাহৰণস্বৰূপে তেখেতৰ এতিয়া গধূলি হ’ল কবিতাটো ল’ব পাৰি য’ত কবিয়ে লিখিছে-
ৰূপৰ টকাটো দিলে ঘিঁউ সেৰ পোৱা
চাউলৰ ভাৰখন দুকুৰি সেৰৰ
বজাৰত বেচি আহে ঘৰৰ মানুহে
হাঁহি হাঁহি সিকা ৰূপ মাথোঁ দুটি লয়। ………………………….(এতিয়া গধূলি হ’ল)
কবিৰ অন্তৰত জাগি উঠা মনোৰম, উমাল তথা অনুভূতিসিক্ত কল্পচিত্ৰই তেখেতৰ কবিতাক প্ৰদান কৰিছে এক অনন্য মাত্ৰা। এইসমুহতো কবিয়ে পৰিৱৰ্তনৰ ধুমুহাজাক দেখিছে। সলনি হোৱা সময়ৰ বুকুত বিলীন হৈ গৈছে একো একোটা পুৰুষ, একো একোটা সত্বা। কিন্তু তাৰ মাজতো জীৱন্ত হৈ আছে পৰম আত্মীয় দিনবোৰ, সেই দিনবোৰত প্ৰকৃতিয়ে দিয়া সাঁচবোৰ। তাৰেই প্ৰকাশ “চিনাকী দিন” নামৰ কবিতাটো:

বতাহে হেঁচুকি যোৱা
কহুৱাৰ ফুলবোৰ,
নীৰলে টোপনি যায়
লুইতৰ নিজান পাৰত,
চাপৰিৰ বিলৰ মাজত
তৰাণিত মেল মাৰে
কথা কোৱা বিধে বিধে আলহী চৰায়ে,
ঠিক যেন বহুত দিনৰ মুৰত
লগ হোৱা এজাক ছোৱালী ………………………………………(চিনাকী দিন)

কবিৰ অভিজ্ঞতা তথা ভাৱজগতৰ এই চিত্ৰণত আছে সুবিমল বৰ্ণময় সৌৰভ। কোনোটো কবিতাত যদি অসমৰ সাস্কৃতিক ঐতিহ্যৰ নিটোল প্ৰকাশ ঘটিছে কোনোটোত আকৌ প্ৰকাশ পাইছে সমন্বয় তথা সংহতিৰ উদাত্ত আহ্বান। এইদৰে কবিৰ মন-মণিকোঠাত সযতনে ৰাখি থোৱা, মাটিৰ ঘ্ৰাণ থকা গ্ৰামীণ জীৱনৰ, সময়ৰ তথা সংস্কৃতিৰ অনাবিল কথকতাই সমৃদ্ধ কৰিছে বৰকটকীৰ কবিতাৰাজিক।

প্ৰসংগ পুথি:-
“চিৰন্তন”, “ওপজা মাটিৰ মৰম”, “চিনাকী পৃথিৱী” (বীৰেন বৰকটকীৰ কবিতাপুথি)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments