বীৰ চিলাৰায় চলচ্চিত্ৰ আৰু আমাৰ ইতিহাস চৰ্চ্চাৰ প্ৰাসঙ্গিকতা (ডা: অজিত কুমাৰ পটঙ্গীয়া)

বীৰ চিলাৰায় চলচ্চিত্ৰ আৰু আমাৰ ইতিহাস চৰ্চ্চাৰ প্ৰাসঙ্গিকতা

যিদিনা সৌন্দৰ্য্যৰ উপাসক প্ৰাচীন শিল্পীয়ে তেওঁৰ চাৰিওকাষে থকা জগত খনৰ বৈচিত্ৰতা আৰু অপৰূপ সৌন্দৰ্য্যত মুগ্ধ হৈ ৰং-তুলিকাৰ মূৰ্চ্ছনাত দৃশ্যমানক দৃশ্যপটত ধৰি ৰখাত ব্ৰতী হৈছিল, সিদিনা চলমান ৱাস্তৱৰ গতিক ইজেলৰ ওপৰত দৃশ্য পৰম্পৰাৰে জীৱন্ত কৰাৰ কল্পনা হয়তোবা আছিল অলীক৷ শিল্পীয়ে বাছি লৈছিল কোনো এটি বিশেষ দৃশ্য বা কল্পনাৰ অভিনৱ কোনো ছন্দ, খেয়াল – তাৰ পিছত সি প্ৰস্ফুটিত হৈছে কেনভাচৰ পৰিসৰত৷ চিত্ৰকলাৰ ব্যপ্তি,  বিকাশ তথা উন্নতিৰ ক্ৰমপৰ্য্যায়ৰে এদিন বিজ্ঞানৰ পাৰদৰ্শিতাত কেমেৰা আহিছে৷ চকুৰ সন্মুখত ঘটি যোৱা কোনো একোটা বিশেষ ঘটনামূহূৰ্ত্তক চিৰকালৰ বাবে চিত্ৰবন্দী কৰি ৰখাৰ সুযোগ পাইছে মানুহে৷ কিন্তু আগুৱাই যোৱাৰতো কোনো শেষ নাই, নাই কোনো সীমা৷ পৃথিবীয়ে হঠাৎ এদিন অবাক হৈ দেখিলে কোনোবা এজন গ্ৰিফট নামৰ লোকৰ কেমেৰাই চিত্ৰক চলমান কৰি তুলিছে৷ ঘটি যোৱা ঘটনাপঞ্জীক কেমেৰাৰ লেন্সত হুবহু ধৰি ৰখা হৈছে ফিল্মৰ পাতল আবৰণত৷ ইয়াৰ পিছত যিমানবাৰ সেই ফিল্ম তীব্ৰ গতিত আলোকৰ সন্মুখত ঘূৰোৱা হব, ৰূপালী পৰ্দাৰ ওপৰত সিমানবাৰ ভাহি উঠিব সেই ধৰি ৰখা চলমান বাস্তৱ৷ চিত্ৰৰ পৰা চলচ্চিত্ৰ, উত্তৰণৰ এই সাফল্যই কেৱল যে ঘটনাৰ বিবৰণকেই চলমানৰূপে নথিবদ্ধ কৰি ৰখাত সাহাৰ্যৎ কৰিছে সি নহয়, শিল্প-সংস্কৃতিৰ বিকাশৰ সন্মূখতো আনি দিছে এক বিৰাট সম্ভাৱনা৷

দৃশ্যশ্ৰাব্য সংস্কৃতি মাধ্যম বুলিলে ইমানদিনে একাধিপত্য আছিল নাট্যমঞ্চৰ৷ এইবাৰ যেন তাৰ সেই একক ৰাজত্বৰ শেষ হ’ল৷ চলচ্চিত্ৰৰ চিত্ৰই জীৱনৰ অভিনৱ ৰূপক আৰু বাপ্যকতাৰে তথা বাস্তৱসন্মত ভাবে শিল্পসুষমাত তুলি ধৰাৰ এই সুযোগ শিল্পীয়ে হেঁৰুৱাব নিবিছাৰিলে৷ বাপ্যক পৰীক্ষা-নিৰীক্ষাৰ পথেৰে আগুৱাই আজিৰ চলচ্চিত্ৰই কাৰিকৰী উৎকৰ্ষতাৰ এনেকুৱা শিখৰত উপনীত হৈছে যি হয়তোবা সেই শতাব্দীৰ আৰম্ভনিতে গ্ৰিফট অথবা তেওঁৰ সমসাময়িক কোনেওঁ ভাবিব পৰা নাছিল৷

প্ৰশ্ন হয় – আজিৰ অসমীয়া চলচ্চিত্ৰত আমাৰ অসমীয়াৰ জীৱন কিমান খিনিয়েই বা ফুটি উঠিছে?  জীৱনক সুন্দৰ

কৰাৰ বাবেইতো সংস্কৃতি৷ মনোৰঞ্জন, বিনোদন, আমোদ-প্ৰমোদ এই সকলোবোৰৰ প্ৰয়োজনতো কেৱল জীৱনক উন্নতৰ পৰা উন্নততৰ ৰূপ দিয়াৰ প্ৰচেষ্টাত৷ যি মানুহে এদিন অন্ধকাৰ গুহাৰ বেৰত পাথৰৰ টুকুৰাৰে বন্যপশুৰ ছবি আঁকিব বিছাৰিছিল, সেইদিনাও মনত আছিল একেই কামনা৷ জীৱনৰ প্ৰয়োজন, গোষ্ঠীৰ প্ৰয়োজন, সমাজৰ প্ৰয়োজন – এই সামাজিক প্ৰয়োজনবোধেই যুগে যুগে শিল্পীক, সাহিত্যস্ৰষ্টাক মহৎ সৃষ্টিৰ প্ৰেৰণা দি আহিছে৷ সামাজিকবোধ য’ত নাই, জীৱনৰ প্ৰকৃত প্ৰয়োজনক জনাৰ, বুজাৰ প্ৰয়াস য’ত অৱহেলিত হৈছে, শিল্পও তাত হৈছে সাধাৰণ গতানুগতিক চিন্তাৰ ফচল, হয়তো কিছুমান অদ্ভূদ অসাৰ্থক খেয়ালৰ নামান্তৰ৷ এই সাধাৰণ সূত্ৰ চলচ্চিত্ৰৰ ক্ষেত্ৰতো সমানভাৱে প্ৰযোজ্য৷ এজন চলচ্চিত্ৰকাৰে যি যুগত বাস কৰি, শিল্প চৰ্চ্চাৰ অঙ্গ হিচাপে চলচ্চিত্ৰক বাছি লৈছে, সেই যুগটোক, যুগৰ প্ৰয়োজনক, সভ্যতাৰ গতিপথক,  মানুহৰ স্নেহ, মায়া-মমতা, পাৰস্পৰিক সম্পৰ্কৰ স্তৰ, চৰিত্ৰ, বিন্যাস ইত্যাদিক ঠিকমতে যুগচেতনা অনুযায়ী ধৰিব পাৰিলেই তেওঁৰ সৃষ্টি হ’ব এটা নিৰ্দ্দিষ্ট ৰূপাশ্ৰয়ত জীৱন সত্যৰ ৰসোত্তীৰ্ণ প্ৰকাশ৷ সেয়ে জীৱনসত্য বা ভৱিষ্যতৰ সত্যৰ উপলদ্ধিয়েই হ’ল শিল্প সৃষ্টিৰ প্ৰধান নিয়ামক৷ ইয়াৰ পিছত আহিব কাৰিকৰী দিশ,  উপস্হাপনৰ কাৰুকাৰ্য্য, সুক্ষ্ম শিল্পাবেগ সৃষ্টিৰ ক্ষমতা ই্ত্যাদিৰ ওপৰত নিৰ্মাতাৰ দখলৰ প্ৰশ্ন৷

অন্য সকলো কলাৰ দৰে চলচ্চিত্ৰৰ গুণাগুণ বিচাৰত তাৰ ‘কন্টেন্ট’ অৰ্থাৎ বিষয়গত দিশটোৱেই প্ৰাধান্য পায়৷ শিল্পীয়ে কি কৈছে বা কবলৈ বিছাৰিছে তাকেই প্ৰথমে বিচাৰ কৰি চোৱা হয়৷ তাৰ পিছত তেওঁৰ উপস্থাপনৰ ৰীতি অৰ্থাৎ তেওঁ কেনেদৰে কৈছে সেইয়া চোৱাতো আৱশ্যক৷ ফ্ৰয়েদে চালভাদোৰ ডমিনগ’ ডালিক কৈছিল,  “আপোনাৰ শিল্পৰ অসচেতন নহয়, সচেতন সত্তাটিয়েহে মোক কৌতুহলী কৰি তোলে |” কলা হিচাবে চলচ্চিত্ৰৰ পৰিধি, প্ৰভাৱ তথা প্ৰয়োগ এই কাৰণেই ব্যাপক যে ইয়াৰ মাজেদি নানা ধৰণৰ দৃৰ্শ্যশ্ৰাব্য কাৰুকাৰ্য্যৰ একত্ৰিকৰণৰ দ্বাৰা আকঙ্খিত বাস্তৱক চলমান বাস্তৱ হিচাবে সজাই তুলি মনৰ অন্ত:পুৰত বিনা বাধাই প্ৰবেশ কৰাব পাৰি৷ অৰ্থাত্ বাস্তৱক বা বাস্তৱজাত-কল্পনাৰ বাস্তৱায়নক সঠিক ৰূপত অনাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ প্ৰায় কোনো বিকল্প নাই৷ বিশ্ব চলচ্চিত্ৰ আন্দোলনৰ অন্যতম পুৰোধা চেৰগেই

আইজেনষ্টেইনৰ ভাষাত ক’ব পাৰি – “নাটক সৃষ্টিৰ নান্দনিক ভিত্তি হিচাবে চলচ্চিত্ৰই কেৱল মানব দেহৰ স্থিৰ অৱস্হান আৰু ক্ৰিয়া-কলাপৰ গতিময়তাকেই লৈ গঢ়ি নুঠে, মানুহৰ বহুমুখী গতি-প্ৰকৃতি, চিন্তা তথা অনুভূতিৰ পৰিবৰ্ত্তনক অত্যন্ত বৃহত্তৰ পটভূমিত প্ৰক্ষেপিত কৰে৷ ই কেৱল মানুহৰ ক্ৰিয়া-কৰ্ম্ম আৰু ব্যৱহাৰক ৰূপালী পৰ্দাত বৰ্ণনা কৰাৰ অৱলম্বন মাত্ৰ নহয়, ই হৈছে তাৰ সৃষ্টিৰ পৰিসৰ যাৰ মাজত বৰ্হিজগত আৰু বাস্তৱ সন্বন্ধে সচেতন অনুধাৱন বিস্তৃত থাকে৷”

গতিকে চলচ্চিত্ৰৰ যোগেদি সমাজ প্ৰগতিৰ বাবে এটা সুস্থ বাৰ্ত্তা দৰ্শকলৈ কঢ়িয়াই লৈ যাব বিচাৰিলে যিদৰে চলচ্চিত্ৰই এটা বিৰাট সম্ভাৱনাৰ দ্বাৰ উন্মুক্ত কৰিব পাৰে, ঠিক তেনেদৰে সমাজ প্ৰগতিৰ পৰিপন্থী কোনো বক্তব্য দাঙি ধৰাৰ ক্ষেত্ৰতো চলচ্চিত্ৰ মাধ্যমৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ৷ বৰ্ত্তমান সময়ত দেখা গৈছে অসমীয়া ভাষাত নিৰ্মিত গৰিষ্ঠ সংখৎক চলচ্চিত্ৰ আৰু টিভি চিৰিয়েল বাস্তৱবৰ্জিত স্থুল মানসিকতাৰ বম্বেমাৰ্কা হিন্দী চলচ্চিত্ৰৰ অক্ষম নকল, য’ত আছে মাথোন কাৰিকৰী চাতুৰ্য্য, নাই কোনো সঁচা মাটিৰ গোন্ধ, যিবোৰ অসমীয়া সমাজৰ বাবে তেনেই খাপচাৰা৷ তেনেবোৰ চিনেমা-চিৰিয়েলে আমাৰ সমাজত নৈতিকতা আৰু সংস্কৃতিৰ মান নিম্নগামী কৰি অত্যন্ত ক্ষতিকাৰক কু-প্ৰভাৱ পেলাইছে বিশেষকৈ নব প্ৰজন্মৰ ওপৰত৷অকল উন্নত বৈজ্ঞানিক আৰু কাৰিকৰী বিদ্যাৰ সু-প্ৰয়োগৰ অৱলম্বনৰেই নহয়, লগতে যুগপোযুগী উন্নত নীতি-নৈতিকতাৰে পৰিচালিত এটা জাতিয়েহে উন্নতিৰ পিনে আগবাঢ়ি যাব পাৰে৷ এগৰাকী মনিষীয়ে কৈছিল – “খাবলৈ নাপালেওঁ এটা জাতি জাগ্ৰত হ’ব পাৰে যদি তাৰ নৈতিক মেৰুদণ্ড ঠিক থাকে৷” ক’লে বেয়া শুনাই যে এনেবোৰ চলচ্চিত্ৰ-চিৰিয়েলে অসমীয়া জাতিৰ নৈতিক মেৰুদণ্ড ইতিমধে্য যথেষ্ট কোঙা কৰি পেলাইছে৷ বৰ্ত্তমান হিন্দী চলচ্চিত্ৰ আৰু তাতোকৈয়ো বহুউন্নতৰ ইংৰাজী চলচ্চিত্ৰৰ কাৰিকৰী চমকৰ ওচৰত বিস্ময়াভূত হোৱা অসমৰ দৰ্শকৰ ওচৰত এনে সময়তে আহিছে বীৰ চিলাৰায় নামৰ এখন বৃহৎ বাজেটৰ অসমীয়া চলচ্চিত্ৰ৷ নকলেওঁ হ’ব চিলাৰায়ৰ দৰে এজন মানবীয় প্ৰমূল্যবোধৰে একাকাৰ বিৰল প্ৰতিভাশালী স্বপ্নদ্ৰষ্টা ও বহুমুখী ব্যক্তিৰ বৰ্ণাধ্য জীৱনক হাতী মাৰি ভুৰুকাত ভৰোৱাৰ প্ৰয়াস কৰিছে চলচ্চিত্ৰখনৰ পৰিচালকজনে৷ চলচ্চিত্ৰ খনৰ বিষয়গত দিশ আজি অসমৰ পৰিস্থিতিত অতি প্ৰয়োজনীয় আৰু চলচ্চিত্ৰৰ এজন সাধাৰণ দৰ্শক হিচাবে অনুভৱ কৰো যে উপস্থাপনৰ ৰীতি অৰ্থাৎ তেওঁ কেনেদৰে কৈছে তাক বিচাৰ কৰিলে চলচ্চিত্ৰখন চিলাৰায়ৰ সমন্ধে একেবাৰে নজনা এজন মানুহৰ ওচৰত খুউব এটা সাৱলীল নহ’লেওঁ সমৰেন্দ্ৰ নাৰায়ণ দেবৰ দৰে এজন জোষ্ঠ্য পৰিচালকৰ নিৰ্দেশনাত প্ৰায় সকলো অভিনেতা-অভিনেত্ৰীৰ পৰা বাস্তৱসন্মত অভিনয়ৰ সোৱাদ পোৱা গৈছে৷৷ কিন্তু বৃহৎ বাজেটৰ চলচ্চিত্ৰ খনৰ কাৰিকৰী দিশ, সঙ্গীত আদি আজিৰ দৰ্শকক আকৰ্ষিত কৰিবলৈ হ’লে আৰু বেছি উন্নত তথা আকৰ্ষণীয় কৰাৰ থল আছিল৷

পৃথিবীৰ এজন নমস্য চিন্তাবিদ তথা সমাজ বিপ্লবৰ ৰূপকাৰ, নতুন চীন গঢ়োতা মাওঁজে দংঙে কৈছিল -“তুমি যদি নতুন চীন গঢ়িব খোজা তেনেহ’লে চীনৰ ইতিহাস অধ্যয়ন কৰা, কাৰণ যোৱা কালিৰ পুৰণি চীনৰ পৰাইতো আজিৰ নতুন চীন গঢ়ি উঠিছে৷” সেয়েহে আজি যিসকলে সততাৰে আৰু আন্তৰিকতাৰে অসমৰ সকলো ধৰ্ম্ম-জাতি-উপজাতি-জনগোষ্ঠীৰ মানুহৰে এখন শোষণহীন সমৃদ্ধিশালী সুন্দৰ ঐক্যবদ্ধ নতুন অসম গঢ়িব খোজে, তেওঁলোকে অসমৰ পুৰণি ইতিহাস অধ্যয়ণ কৰাতো একান্তই আৱশ্যক| বিশেষকৈ যি সময়ত অসমৰ বিভিন্ন জনগোষ্ঠী সমূহৰ এচাম ক্ষমতা আৰু ধনলোভী ৰাজনৈতিক নেতাৰ ৰাজনৈতিক আকাঙ্খা চৰিতাৰ্থ কৰিবলৈ সিহঁতৰ কূটিল প্ৰৰোচনাত অসমৰ সাধাৰণ জনগণ বলিৰ পঠা হৈ জাত-পাত, ধৰ্ম্ম-ভাষাৰ ভিত্তিত ভাগ ভাগ হৈ পৰিছে| যিবোৰ অসমৰ আদিম জনগোষ্ঠী-সম্প্ৰদায় কঁচাৰী, আহোম,  চুতিয়া,  কোঁচ,  ৰাভা,  মিচিং ইতৎাদিক লৈ বৃহত্তৰ অসমীয়া জাতি গঠন হৈছিল, অসমীয়া জাতিৰ সেই উপাদান সমূহ ভাঙি ভাঙি একোটা একোটা জাতিৰ নাম ল’লেচোন অসমীয়া জাতি নামৰ কোনো জাতিয়েই ভৱিষ্যতে এই পৃথিবীত নাথাকিব৷ আজি এই কঠিন সময়ত অসমত চুকাফা,  শ্ৰীমন্ত শঙ্কৰদেৱ,  চিলাৰায় আৰু লাচিত বৰফুকনৰ দৰে মহৎলোক সকলৰ জীৱন পৰিক্ৰমা আৰু অতীতৰ প্ৰগতিশীল কাৰ্য্যাৱলী চৰ্চ্চাৰ পৰা পোৱা শিক্ষাইহে অসম তথা পূব ভাৰতক পুনৰ একতাৰ ডোলৰে বান্ধিবলৈ সঠিক পথ নিৰ্দ্দেশনা দিব পাৰিব৷ উদাৰ দৃষ্টিভঙ্গীৰে এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সকলোকে সামৰি ৰাজ্য গঠনৰ পাটনি মেলা চুকাফাক আজি অসমীয়াই পাহৰিলে ভৱিষ্যতলৈ একতাৰে আগবাঢ়িবলৈ প্ৰেৰণা পাব কেনেকৈ?  কল্পনা কৰক আজিৰ পৰা ৬০০ বছৰ আগতে কুসংস্কাৰ-অনাচাৰেৰে পৰিপূৰ্ণ ভাৰতৰ পূব দিশৰ বাৰে মিহলি জনজাতি আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত চলি থকা বিভিন্ন অন্ধবিশ্বাস দূৰ কৰি ঠেক জাত-পাত-বৰ্ণৰ ব্যৱধানৰ উৰ্দ্ধত একতাৰ ডোলেৰে বান্ধিবলৈ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা মানবতাৰ বহল প্ৰমূল্যসমূহ নিহিত ভক্তি আন্দোলন একশৰণীয়া নাম ধৰ্ম্মই অকল অসম ভূখণ্ডতে নহয়,  সমগ্ৰ পূব ভাৰততেই হেজাৰ হেজাৰ ভক্তৰ সৃষ্টি কৰি প্ৰগতিৰ বাট দেখুৱাইছিল৷ সেই একে সময়তে প্ৰেম, দয়া,  ধৰ্ম্মনিৰপেক্ষতা,  সহনশীলতা ইতৎাদি মানবীয় গুণৰে সংপৃক্ত চিলাৰায়ৰ দৰে এজন গুণী,  জ্ঞানী,  আৰু দুদ্ধৰ্ষ কৌশলী সেনাপতি-যোদ্ধাই অতীৱ দূৰদৃষ্টিসম্পন্ন ব্যক্তি হিচাবে যোগা-যোগৰ কোনো ব্যৱস্থা নথকা পশ্চাদপদ অনুন্নত পূবভাৰতৰ বিভিন্ন জাতি-উপজাতি-জনজাতি-সম্প্ৰদায়ক একতাৰ ডোলৰে বান্ধি এখন সমৃদ্ধিশালী,  ঐক্যবদ্ধ আৰু সংস্কৃতিসম্পন্ন পূৰ্বভাৰতৰ সপোন দেখিছিল৷ পৃথিবীৰ খ্যাতি সম্পন্ন সামৰিক বুৰঞ্জীৰ কৰ্তৃত্বশীল বৃটিছ গৱেষক ও ইতিহাসবিদ ছাৰ আৰ্নল্ড টয়নবীৰ মতে মহান লক্ষ্য, সাংগঠনিক ক্ষমতা, নেতৃত্ব দিব পৰা গুণ, যুদ্ধক্ষেত্ৰত বিৰল পাৰদৰ্শিতা,  সামৰিক নীতি আৰু কৌশলৰ ফালৰ পৰা বিচাৰ কৰিলে পৃথিবীৰ ভিতৰতেই ভাৰতবৰ্ষৰ চিলাৰায় (১৫১০-১৫৭১)আৰু ছত্ৰপতি শিৱাজী (১৬৩৯-১৬৮০)আৰু ফ্ৰান্সৰ সেনাপতি নেপোলিয়ন ব’নাপাৰ্ট (১৭৬৯-১৮২১)অসামান্য সমৰবিদ৷ চিলাৰায়ৰ পূবভাৰত সামৰিক অভিযান সমূহৰ প্ৰতি সেই সময়ত জয় কৰা অঞ্চলসমূহৰ জনসাধাৰণৰ স্বত:স্ফূৰ্ত সমৰ্থনে প্ৰমাণ কৰে এই অভিযান সমূহ সম্প্ৰীতিৰ বতৰা কঢ়িওৱা এক উন্নত সংস্কৃতিক আন্দোলন আছিল৷ কাৰণ চিলাৰায়ে জয় কৰা অঞ্চলসমূহ কোঁচ ৰাজ্যৰ লগত সংযুক্ত কৰি এখন বিশাল কোঁচ সাম্ৰাজ্য গঢ়াৰ সপোন দেখা নাছিল,  তাৰ পৰিবৰ্ত্তে সেই অঞ্চলসমূহৰ নৃপতি সকলৰ লগত সন্ধি কৰি অন্য বিজেতাৰ দৰে পৰাজিত কৰা অঞ্চলসমূহৰ জনসাধাৰণৰ ওপৰত লুটপাত, অত্যাচাৰ কৰাৰ পৰিবৰ্ত্তে আলি-পদূলি আৰু উপাসনাস্থল নিমাৰ্ণ, বৃক্ষৰোপন, পানীখোৱা পুখুৰী খন্দা, কৃষিক্ষেত্ৰৰ উন্নয়ণৰ বাবে আঁচনি, কুটীৰ উদ্যোগক উদগনি দিয়া আদি কৰি নানা উন্নয়ণমূলক কামৰ জৰিয়তে সুন্দৰ শাসন ব্যৱস্হা স্থাপন কৰি পুনৰ কোঁচবিহাৰলৈ উভতি গৈছিল৷ তেওঁ নিজে সমৰ্থন নকৰা বেলেগ ধৰ্ম্ম,  বিশ্বাস আদিকো সন্মান প্ৰদৰ্শন কৰি প্ৰকৃত ধৰ্ম্মনিৰপেক্ষতাৰ পৰিচয় দিছিল৷ তেওঁৰ অসাধাৰণ নেতৃত্বকাৰী গুণাৱলী,  কূটনৈতিক কৌশল,  জ্ঞানপিপাষুমন,  অগাধ পাণ্ডিতৎ,  সাহিতৎ-সংস্কৃতিৰ পৃষ্ঠপোষকতা, ধৰ্ম্মপৰায়ণ মনোভাৱ,  সদাচাৰ,  চিকিৎসা শাস্ত্ৰ জ্ঞান ইত্যাদিৰ বাবে সমসাময়িক বহুপণ্ডিত আৰু সাহিত্যিকে ভূয়সী প্ৰশংসা কৰি গৈছে যদিও বেছিভাগ সাধাৰণ অসমীয়াই তেওঁৰ বিষয়ে আজি পৰ্যৎন্ত ভালদৰে নাজানে৷ বহুতেই নাজানে শক্তিপূজাৰ বিশ্ববিখ্যাত কামাখ্যাধাম গৌড় দেশৰ অত্যাচাৰী সেনাপতি কালাপাহাৰে ধ্বংস কৰাৰ পাচত চিলাৰায়ে ভাতৃ মহাৰাজ নাৰায়নৰ লগত আলোচনা কৰি পূব ভাৰতৰ সমূহ ৰাজ্য জয় কৰি উপহাৰ হিচাবে পোৱা অজস্ৰ সোণ, ৰূপ আৰু মণি-মুকুতা খৰছ কৰি আজিৰ ৰূপত পুনৰ নিৰ্ম্মাণ কৰিছিল৷ সৰ্ব্বকালৰ শ্ৰেষ্ঠজন অসমীয়া ও কালজয়ী যুগনায়ক শ্ৰীমন্ত শঙ্কৰদেৱে কিছুমান দুষ্টলোকৰ চক্ৰান্তত আহোম ৰাজ্য এৰি বিছ বছৰৰো অধিক কাল কোঁচৰাজ্যত কটোৱা সময়ছোৱা হৈছে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি-সভ্যতালৈ নতুন প্ৰগতিশীল চিন্তা- চেতনা কঢ়িয়াই অনা গৌৰৱাজ্জল সোঁণালী অধ্যায়৷ সেইয়া সম্ভৱ হৈছিল নৰনাৰায়ণ আৰু চিলাৰায়ৰ দৰে মহানুভৱ বিশাল হৃদয়ৰ সাহিত্য-সংস্কৃতিৰ প্ৰতি প্ৰৱল ভাবে অনুৰক্ত লোকৰ ৰাজকীয় পৃষ্ঠপোষকতাৰ বাবেহে৷ সেইয়া নহ’লে অসমীয়াই হয়তো সেই যুগত সৃষ্টি হোৱা বহুমূলীয়া সাহিত্য-সংস্কৃতিৰ সম্ভাৰৰ পৰা বঞ্চিত হ’লহেতেন৷ চিলাৰায় আৰু নৰনাৰায়নে বহুপণ্ডিত নিয়োগ কৰি পুৰাণ আৰু মহাকাব্যসমূহ সাধাৰণ মানুহে পঢ়িব পৰাকৈ সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰাইছিল৷ গুণীয়েহে গুণীৰ মোল বুজে৷ চিলাৰায় নিজেও তেখেতৰ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰেই আছিল এক সৰ্ব্বগুণী মহান বিচক্ষণ পুৰুষ৷ সংস্কৃত ভাষাত বিৰাট দখল থকা চিলাৰায়ৰ সকলোতকৈ উল্লেখযোগ্য সাহিত্য কৰ্ম্ম বাৰ শতিকাত জয়দেৱে ৰছনা কৰা বিশ্ববিশ্ৰুত “গীতাগোবিন্দ”ৰ ওপৰত সুগভীৰ নান্দনিক দৃষ্টিভংগীৰে লিখা “সাৰৱতী টীকা” যাৰ সমন্ধে ডঃ সত্যেন্দ্ৰ নাথ শৰ্মাই দেবে লিখিছিল -“শুক্লধ্বজ (চিলাৰায়) যে এগৰাকী বিৰাট পণ্ডিত,  ৰসজ্ঞ,  শিল্পী তথা জ্ঞানী উ্যসাহী ৰাজকীয় ব্যক্তি আছিল সাৰৱতী টীকাই সুন্দৰকৈ প্ৰমাণ কৰিছে৷” পূব ভাৰতৰ অতীতৰ গুণী-জ্ঞানী অসাধাৰণ লোকসকলৰ কৃত্বিত্বৰ প্ৰতি সততে এই অঞ্চলৰ বাহিৰৰ সৰ্ব্বভাৰতীয় ইতিহাসবিদ আৰু বুদ্ধিজীৱি সকলে সদায়েই অৱজ্ঞা অনীহাৰ মনোভাৱ লৈ আহিছে৷ সেয়েহে আমিয়েই এই অঞ্চলৰ জনগণৰ ওচৰত উন্মোচিত কৰিব লাগিব আমাৰ সেই মহান লোক সকলে গঢ়ি থৈ যোৱা সমন্ময়ৰ ইতিহাস যাৰ প্ৰেৰণাৰে আমি আকৌ গঢ়িব পাৰিম অতীতৰ বৰ অসম হিচাবে নহ’লেও সকলোৰে ভাতৃত্ববোধ আৰু সমানাধিকাৰৰ ভিত্তিত ঐক্যবদ্ধ পূব-ভাৰত৷ আমি মনত ৰখা উচিত অসম সহ পূব-ভাৰত ভাগ ভাগ হৈ এশখন ৰাজ্যত পৰিণত হ’লেওঁ দিল্লীৰ শাসক গোষ্ঠীৰ কোনো অসুবিধা নহয়, বৰং আমাক হেলাৰঙে শাসন আৰু শোষণ কৰিবলৈ তেওঁলোকৰ সুবিধাহে হ’ব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments