বুকুত সংগোপনে ঠাই লোৱা কেইজনমান বিদেশী মানুহ (- তিৰুজ্যোতি বৰা দাস)

জীৱনটোত কিমান মানুহকযে লগ পোৱা যায় ।বাচি বাচি ভাল লগা অনু্ভূতিৰে ,মনটোক ভৰাই তোলা কিছু ক্ষণে জীপাল কৰি ৰাখে কিছু লোকক মনৰ মণিকোঠাত ।আজি তেনে কিছু লোকৰ কথাই লিখিবলৈ ওলাইছো ।এইসকল বিদেশী লোক,ভিন্ন ভাষা, ভিন্ন সংস্কৃতিৰ মানুহ ।  তেওঁলোকক লগ পোৱা কিছু মূহূর্তৰ কথা লিখিবলৈ লৈছো । কিছু সৰু সৰু কথা ,কিছু সৰু সৰু অভিজ্ঞতা ।

ৰিকার্ডোৰ কথাৰে:
নিউজার্চিৰ মৰিচটাউনত (Morristown) অসমীয়া মানুহ এঘৰ আছে,জ্যোতিদা আৰু মণি বাইদেউ(জ্যোতি ৰায়চৌধুৰী)।ওচৰতে ঘৰ বাবে আমাৰ সঘন  আহ যাহ । তেওঁলোকৰ ঘৰতে ৰাতিৰ ভাতসাজ খাবলৈ যাওঁতে লগ পাইছিলো  ব্ৰাজিলৰ পৰিয়াল এটিক ।তেওঁৰ নাম আছিল ৰির্কাডো,জ্যোতিদাৰ বন্ধু । লগত আহিছিল পত্নী ফার্ণানডেজ ৰ’জ আৰু তেওঁৰ মাক ।আমাৰ লগত গৈছিল জার্চিচিটিৰ (Jersey city) ৰ আন দুটা পৰি্য়াল। ফার্ণানডেজ ৰ’জ আৰু তেওঁৰ মাক আছিল আমাৰ গোঁসানীৰ দৰে ধুনীয়া মানুহ । ৰির্কাডো আৰু ফার্ণানডেজ ৰ’জৰ প্ৰেম বিবাহ । বিয়াৰ একবছৰ আগতে এক পথ দূর্ঘটনাত ফার্ণানডেজ ৰ’জে নিজৰ ভায়েকক হেৰুৱাই আৰু সেই দূর্ঘটনাতে তেওঁৰ শৰীৰো অকামিলা হৈ পৰে ।শৰীৰৰ ওপৰ অংশৰ মুখ  আৰু আৰু বাওহাতখনৰ বাহিৰে বাকী প্ৰায় সকলোবোৰ অংগই তেওঁৰ অচল হৈ পৰিল ।ইমান ধুনীয়া মানুহগৰাকীৰ এতিয়া নিত্যসংগী হৈছে হুইলচেয়াৰ ।স্বামী ৰির্কাডোয়ে তেওঁৰ সকলো কাম কৰি দিব লাগে । নিজৰ অফিচৰ কাম ,ঘৰুৱা কাম আৰু পত্নীৰ পৰির্চয্য ৰ সকলোবোৰ কামেই ৰির্কাডোয়ে কৰিব লাগে ।এইয়াই হয়তো প্ৰেম ।নিয়তিৰ নিষ্ঠুৰ আঘাটৰ পিছতো ইজনে সিজনক আৱৰি ৰাখিছে আগৰদৰেই ।ৰির্কাডোয়ে ফেচবুকত তেওঁলোকৰ বিয়াৰ আৰু বিয়াৰ পিছৰ কিছু মধূৰ মূহূর্তৰ ফটো আৰু ভিডিঅ আমাক দেখুৱালে ।খুউৱ সুখী তেওঁলোক । ৰির্কাডোয়ে খুউৱ সুন্দৰ গীটাৰ বজায় ।সন্ধ্যাৰ সময়খিনি ৰির্কাডোৰ গীটাৰ আৰু পর্তুগীজ গীতে মোহনীয় কৰি তুলিলে ।এৰা সচাকৈ্য়ে সংগীতৰ কোনো দেশ নাই ,জাতি নাই । পর্তুগীজ ভাষা নুবুজিলেও ৰির্কাডোয়ে গোৱা সংগীতৰ মূর্চনাই আমাৰ সকলোকে আপ্লুত কৰি তুলিলে ।উচ্চশিক্ষাৰ বাবে ভাৰতলৈ যোৱাৰ ইচ্ছা ৰ’জ ফার্ণানডেজৰ ।ভাৰতীয় সংস্কৃতিৰ বিষয়ে প্ৰচুৰ জ্ঞান আছিল ৰ’জ ফার্ণানডেজৰ মাকৰ ।তেওঁ ইংৰাজী ক’ব নাজানিছিল । পর্তুগীজ ভাষাত তেওঁৰ ক’বলগা কথাবোৰ তেওঁ কৈছিল আৰু ৰির্কাডোয়ে কথাবোৰ ইংৰাজীলৈ অনুবাদ কৰি দিছিল ।আমাৰ অসমীয়া ভাষাৰ বহু কিছু শব্দৰ লগত পর্তুগীজ ভাষাৰ শব্দৰ মিল দেখা পালো । আমি যেনেদৰে চাহ, কাজু(কাজুবাদাম) উচ্চাৰণ কৰো ঠিক তেনেদৰেই তেওঁলোকে চাহক চাহ আৰু কাজুবাদামক কাজু বুলিয়েই কয় ।তেওঁলোক তিনিওয়েই অসমীয়া শিকিবলৈ আগ্ৰহী হৈ পৰিল (ৰির্কাডোৰ অসমীয়া শিকাৰ আগ্ৰহৰ কথা জ্যোতিদাৰ মুখত আগৰপৰাই শুনি আছিলো )। ৰ’জ ফার্ণানডেজে ক’লে ,কেবল মুখেৰে কলেই নহ’ব লিখিও দেখুৱাব লাগিব ।লিখাৰ কামটোৰ ভাগ পৰিল মোৰ ভাগত ।দৈনন্দিন জীৱনত ব্যৱহৃত সৰু সৰু কিছু বাক্য প্ৰথমে ইংৰাজীত লিখি তাক অনুবাদ কৰি ৰোমান লিপিত লিখিলো আৰু তাৰপিছত তাক অসমীয়া লিপিত লিখি দেখুৱালো ।অসমীয়া লিখি থাকোতে ৰির্কাডো হতভম্ব হ’ল ,তেওঁ ভাবিলে মই ধেমালী কৰিছো আৰু আখৰ লিখাৰ সলনি ছবি আঁকি আছো ।আমাৰ হ্ৰস্ৰ ই কাৰ ,দীর্ঘ ই কাৰ চন্দ্ৰবিন্দু আদিবোৰ দেখাৰ বাবেই তেওঁৰ তেনে ধাৰনা হৈছিল ।ফার্ণানডেজ ৰ’জ আৰু তেওঁৰ মাকে নিজৰ নিজৰ নামকেইটা অসমীয়া আখৰত দেখি বৰ ভাল পালে ।ফার্ণানডেজ ৰ’জৰ মাকে অসমীয়া লিখা কাগজ কেইখন আটোমটোকাৰীকৈ লৈ বেগত ভৰালে ।আমাৰ অসমীয়া আখৰ কেইটাই আদৰ পাই যে বিদেশী সুন্দৰী মহিলাৰ বেগত সোমাব পাৰিলে সেই ভাবি মনটো ভাল লাগি গ”ল। আমিও পতুগীর্জ ভাষাৰ দুই এটা সৰু সৰু বাক্য শিকি ললো ।
জ্যোতিদাৰ সর্ম্পকীয় মানুহৰ বিয়াত কইনাই পিন্ধা সোণৰ অলংকাৰ সোপা দেখি তেওঁলোকৰ চকু কপালত উঠিল।তেওঁলোকে বিশ্বাসেই কৰিব পৰা নাছিল যে সেইয়া আচল সোণৰেই অলংকাৰ ।বিয়াত হোৱা অতিথীৰ সংখ্যা আৰু খৰচৰ পৰিমান শুনিও তেওঁলোক আচৰিত হ’ল ।যাবৰ পৰত ৰ’জ ফার্ণানডেজৰ মাকে  আমাৰ আহিবলগা সন্তানৰ মংগলৰ বাবে প্ৰার্থনা কৰিলে ।মোৰ উঠি অহা পেটত হাত বুলাই বুলাই পর্তুগীজ ভাষাত উচ্ছাৰণ কৰিলো কিছু কথা ,জোঁৱায়েক ৰির্কাডোয়ে সেইয়া ইংৰাজীলৈ অনুবাদ কৰি দিলে ।তাৰ সাৰমর্ম এনে আছিল, ‘ভগৱানে তোমাৰ আহিব লগা সন্তানটিৰ কুশল কৰক,তাক সুস্বাস্থ্য দিয়ক ,তুমিও এটা নতুন জীৱনলৈ আগবাঢ়িছা ,তাক সুন্দৰ কৰি তোলা ।শিশুটিৰ আগমনে তোমালোকৰ জীৱন হাঁহিৰে ভৰাই তোলক’।ৰির্কাডোহঁতক লগ পাইছিলো চেপ্টেম্বৰৰ ১০ তাৰিখে আৰু তাৰ ন দিন পিছতেই আমাৰ পৃথিৱীখন ভৰাই তুলিলেহি আমাৰ কণমানীটোৱে ।

আৰলিন ডি লিয়নৰ কথাৰে :
আৰলিন  আচলতে ফিলিপাইনছৰ মানুহ,কিন্ত তেওঁ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰি বহুবছৰ ধৰি ইয়াতে নিগাজিকৈ আছে ।  আৰলিনক লগ পোৱাৰ আগলৈকে কোম্পানীৰ তথাকথিত বছসকলৰ প্ৰতি মোৰ ভুল ধাৰনা আছিল ।তেওঁক লগ পোৱাৰ পিছত মোৰ সেই ধাৰনা সলনি হৈছিল । তেওঁক প্ৰথম লগ পাইছিলো মোৰ স্বামীৰ বন্ধু এজনৰ ঘৰত ।সহজ সৰল আৰু খোলা মনৰ মানুহগৰাকীক প্ৰথম দিনাই বহু দিনৰ চিনাকী যেন লাগিল ।এদিন তেওঁলোক আমাৰ ঘৰত ৰাতি ভাত খাবলৈ আহিছিল ।দুবাৰমান ভাৰত ভ্ৰমন কৰি আহি তেওঁ ভাৰতীয় খাদ্যৰ বৰকৈ প্ৰশংসা কৰিছিল ।সেয়েহে তেওঁৰ ৰুচিমতেই সেইদিনা আখলত ভাৰতৰ বিভিন্ন ঠাইৰ খোৱাবস্তৰ লগতে আমাৰ অসমৰ মাহৰ দাইল আৰু মাছৰ টেঙাও ৰান্ধিছিলো । মনত অলপ সংকোচো আছিল কিনো কথা পাতিম তেওঁৰ লগত ।পিছে আৰলিন  আহিয়েই পাকঘৰত সোমাল ,মোক সহায় কৰি দিলে পাকঘৰত । তেওঁৰ লগত আহিছিল স্বামী কাৰলোচ আৰু ১০ বছৰীয়া ছোৱালী জেচমিন । আমাৰ বাবে নিজহাতে বনাই আনিছিল বার্বি কিউ পর্ক ৰিব । এবাৰ শ্ৰীমানে ৰেষ্টুৰেন্টত পর্কৰিব অর্ডাৰ কৰোতে আৰলিনে সুধিছিল ,তেওঁনো কিয় পর্ক ৰিব অর্ডাৰ কৰিছে ;এইয়াছোন ঘৰতে বনাব পাৰি । তেতিয়া শ্ৰীমানে কৈছিল যে তেওঁ এইয়া বনাব নাজানে ।এই সৰু কথাটোৱেই মহিলাগৰাকীয়ে মনত ৰাখি থৈছিল আৰু আমাৰ ঘৰত আহোতে তেওঁ সেইয়ে বার্বি কিউ পর্ক ৰিব লৈ আনিছিল । আমাৰ সৰু খোৱা টেবুলখন খাদ্যসামগ্ৰীৰে ভৰি পৰাত তেওঁলোকে কাঠৰ মজিয়াত বহি আহাৰ গ্ৰহণ কৰিছিল । ৰাতি এক বজালৈ আমাৰ কথাৰ মহলা চলিছিল ,জেচমিনে মাজতে গানো গাইছিল ।মহিলাগৰাকীৰ ব্যক্তিত্বত মই অভিভূত হৈছিলো ।তেওঁ আমাৰ বিয়াৰ এলবাম চাইছিল আৰু অসমীয়া সংস্কৃতিৰ বিষয়ে জনাৰ চেষ্টা কৰিছিল । আমাৰ পাটৰ কাপোৰসাজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল তেওঁ ।তেওঁ মোক খোৱাৰ ৰেচিপি শিকাইছিল আৰু মইও তেওঁলৈ আমাৰ অসমীয়া খাদ্যৰ ৰেচিপি মেইল কৰি পঠাইছিলো । ইয়াৰ পিছৰ সময়ছোৱাত আৰলিনক বহুবাৰ লগ পাইছো ।আমাৰ প্ৰতিটো সুখ দুখৰ সময়ত তেওঁ আমাৰ খৱৰ লৈছিল ,সহায় কৰিছিল । আমাৰ অসমত কেচুৱা গর্ভত থাকোতে পঞ্চামৃত বা গোপিনী সবাহৰ দৰে যেনেদৰে কিছু নিয়ম থাকে ঠিক সেইদৰে এই দেশৰ লোকসকলেও বেবি চাৱাৰ (baby shower ) নামৰ এক অনুস্থান কৰে । তাতে সকলোৱে আহি সন্তান সম্ভৱা মহিলাগৰাকীক উপহাৰ দিয়ে আৰু আর্শীবাদ কৰেহি । আৰলিনে নিজে প্ৰজেক্টৰ সকলো মানুহক গোট খূৱাই মোৰ বাবে এই নিয়ম কৰি দিছিল । মোক আগতীয়াকৈ  ঘূণাক্ষৰেও জানিবলৈ নিদিয়াকৈ এখন গ্ৰীক ৰেষ্টুৰেন্টত কৰা এই বেবী চাৱাৰ মই কেতিয়াও পাহৰিব নোৱাৰিম ।

ডাইনীৰ কথাৰে :
নামটো শুনি প্ৰথমে বৰ আচহুৱা লাগিছিল মোৰ ।অকলশৰীয়া আমেৰিকান মহিলা ,আমাৰ ওচৰ চুবুৰীয়া ।এই দেশত জীৱ জন্তবোৰক মানুহে নিজৰ ল’ৰা ছোৱালীৰ দৰে মৰম কৰে ।সন্ধ্যা কুকুৰবোৰক লৈ তেওঁলোকে খোজকাঢ়ে ,লগত সদায় পলিথিনৰ কেৰীবেগ কঢ়িয়াই সকলোৱে ।কুকুৰে ৰাস্তাত লেতেৰা কৰিলে লেতেৰাবোৰ তেনেদৰে এৰি থৈ নাযায় ।লগত অনা কেৰীবেগত ভৰাই লৈ যায় ডাষ্টবিনত পেলাবৰ বাবে ।ডাইনীৰ পোহনীয়া জন্ত নাই যদিও চুবুৰীয়া কুকুৰ মেকুৰীবোৰক খুউব মৰম কৰা দেখো ।তেওঁ সদায় পার্কিপ্লেচত ঘুৰি ফুৰি কের্কেটুৱাবোৰক খুৱাই থকা দেখো । আনকি ঠান্ডা দিনত প্ৰচুৰ বৰফ চাফা কৰি তেওঁ কের্কেটুৱা বোৰক খুৱাবৰ বাবে ঠাই উলিয়াই লয় ।ইমান ঠান্ডাটো ওভাৰকোট ,টুপী .স্নবুট ,হাতমোজা পিন্ধি কের্কেটুৱাবোৰক খুৱাই থকা ডাইনীক দেখি মই আচৰিত হওঁ ।তেওঁ এই কামটো সদায় আবেলী কৰিছিল । তেওঁক দেখিলেই কের্কেটুৱাবোৰ তেওঁৰ আগে পিছে ঘুৰা আৰম্ভ কৰে ।কাজুবাদাম,ষ্টবেৰী ,আখৰোটৰ কৃপাত আন ঠাইৰ কের্কেটুৱাতকৈ এই অংশৰ কের্কেটুৱাবোৰ  খুউৱ নোদোকা ।ভদ্ৰমহিলাই কের্কেটুৱাবোৰক বিভিন্ন নামো দিছে ,যেনে গাৰ ৰং সামান্য বৰফৰ দৰে বগাটোৰ নাম স্নৱী ,সামান্য পহুৰঙৰটোৰ নাম ব্ৰাউনী এনেধৰনৰ ।পার্কিপ্লেচত কাগজৰ টুকুৰা পৰি থকা দেখা পালে তেওঁ সেইয়া ডাষ্টবিনত পেলাই থৈ যায়হি । মানুহগৰাকীয়ে দেখা পালেই আগবাঢ়ি আহি কথা পাতে ।কিবা কাৰনত সহায়ৰ প্ৰয়োজন হ’লে তেওঁৰ ঘৰলৈ যোৱাৰ কথা কয় । যোৱাবছৰ তেওঁ এনে সময়তে ভৰিত দুখ পাই বিচনাত থাকিব লগা হৈছিল । সেই অবস্থাটো তেওঁ ঘৰৰ ওপৰৰ পৰা খিৰিকীৰে কের্কেটুৱাবোৰক খুৱাই থকা দেখিছিলো ।

ৰ’জৰ কথাৰে :
আমি এবাৰ ডাকযোগে কিছু বস্ত মগাইছিলো । বস্তখিনি  আহি পাবলগা দিনটোত আমি নায়েগ্ৰা যাবলগা হৈছিল ।দুদিনৰ পিছত উভটি আহি ভাবিলো আমাৰ বস্তখিনি চাগৈ কোনোবাই লৈ গ’ল । পিছে মনৰ সেই ভাবৰ বাবে লজ্জিতহে হ’লো । আমি আহি পোৱাৰ দহমিনিটমানৰ পাছতেই আমাৰ কাষৰ এপার্টমেন্টৰ পৰা ৰ’জ নামৰ আফ্ৰিকান আমেৰিকান মহিলাগৰাকীয়ে আহি আমাৰ দুৱাৰত টোকৰ মাৰিলেহি আৰু ডাকযোগে আহি পোৱা বস্তখিনি আমাৰ হাতত দিলে । তেওঁ ক’লে যে আমি নথকা বাবে তেওঁয়েই আমাৰ বস্তখিনি ডাকোৱালৰ পৰা ৰাখি থৈছিল । এই মহিলাগৰাকীয়ে সন্ধ্যা প্ৰায়েই বিয়েৰৰ বটল এটা লৈ আগফালৰ চিৰিত বহি থাকে ,সেই সময়তে বেছিভাগ তেওঁৰ লগত মোৰ কথা হয় । তেওঁ কয় তেওঁৰ ল’ৰাছোৱালীৰ কথা ,নাতি নাতিনীৰ কথা । আমাৰ দুয়োৰে আগফালৰ চোতালখন একে । সন্মূখত দুজোপা মেপল গছ আছে বাবে ঠান্ডা দিনৰ বাহিৰে বাকী সময়ত প্ৰচুৰ গছৰ পাত সৰি থাকে । সেই ঠাইখিনি কেতিয়াবা ৰ’জে চাফা কৰে আৰু কেতিয়াবা মই কৰো । যেতিয়া মোৰ সন্তান অহাৰ খৱৰটো তেওঁ জানিলে তেতিয়া তেওঁ মোক ক’লে যে এতিয়া মই নিজৰ শৰীৰৰ যত্ন ল’ব লাগে ,আগফালৰ চোতালখন আজিৰপৰা তেওঁয়েই সাৰিব । মাজে মাজে চোতালখন মই চাফা কৰো যদিও দেখা পাইছিলো তেওঁ মোতকৈ আগতেই সেই ঠাই সাৰি মচি পৰিস্কাৰ কৰি ৰাখে ।

এইবিলাক খুউব সৰু সৰু কথা ,জীৱনটোত আমি কিমানযে এনে মানুহক লগ পাওঁ যাক সহজতে বহুত আপোন যেন লাগে ।তেনেলোকেই খুউব সংগোপনে আমাৰ বুকুত সাঁচ পেলায় । এষাৰ আদৰৰ মাত ৰ বাবেই হয়তো  মই এইসকল লোকক কেতিয়াও পাহৰিব নোৱাৰিম ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments