বুকুত সাঁচ বহুওৱা কথাবোৰ- নিবেদিতা কলিতা

 

ৰঙা মৰিচা দুমুঠিমান আৰু কেঁকোৰা- কেঁকুৰি ভোল কেইটামান প্লাষ্টিকৰ বস্তা এখনৰ ওপৰত লৈ বৃদ্ধ লোকজন বহি আছে৷ “খুৰা, ভোলকেইটা জহা নে?” “জহা ভোল মাই৷” মোৰ কথাটোৰ উত্তৰ দিয়াৰ লগে লগে তেওঁ পুৰণা পলিথিনৰ বেগ এটাত ভৰাবলৈও আৰম্ভ কৰিলে৷
“আপুনি দেখোন ভৰালেই৷” “ভাল ভোলকেইটা৷ লৈ যা৷ পঁচিশ টকা দিবি৷”
“ৰ’ব আকৌ, ভালদৰে চাই লওঁ৷ বুঢ়া হয় নেকি?”
“নহয় মাই, কালি ৰাতি আমাৰ এই ভাজিছিল৷ মই এই দিয়েই ভাত খালোঁ৷ সোৱাদ পাবি৷ লৈ যা৷”
মই যেতিয়া কোনো দোকানত বস্তু কিনোঁ, দোকানীয়ে তেওঁলোকৰ দোকানৰ বস্তুৰ উৎকৃষ্টতাৰ কথা বৰ্ণনা কৰিলে, মোৰ ল’ৰাই কাণে কাণে কয়, “মা তুমি বৰ সহজে দোকানীৰ কথা মানি লোৱা৷”
বৃদ্ধ বেপাৰীজনে যিদৰে উৎকৃষ্টতাৰ কথা কবলৈ ৰাতিৰ ভাতসাজৰ কথা ক’লে, মই ভোলকেইটা কিনি লৈ আনিম নে এৰি আহিম এনেকুৱা লাগিল৷ টকা দি কিনি আনিলেও যেন তেওঁৰ মুখৰপৰা কাঢ়ি আনিম এনে লাগিল৷ পঁচিশ টকাৰে কিনি অনাই হ’ল৷
সঁচাকৈয়ে সোৱাদ লগা ভোলকেইটা৷ কিন্তু বুকুৰ ক’ৰবাত খোঁচাখুচি কৰি থাকিল৷ হয়, কাৰোবাক কোনো কথাৰ বিশ্বাস দিবলৈ সঁচা কথাটোৱেই যথেষ্ট, ঠিক বৃদ্ধলোকজনৰ ৰাতিৰ ভাতসাঁজৰ কথাটোৰ দৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments