বুকুৰ আপোন মানুহবোৰ (ৰঞ্জু শৰ্মা)

কিতাপখনৰ কথা ভালকৈ মনত নাই যদিও শ্ৰদ্ধেয়া মামনী ৰয়ছম গোস্বামী বাইদেউয়ে সেই কিতাপখনত লিখা কথাখিনিৰ সাৰমৰ্ম খিনিয়ে এতিয়াও মাজে মাজে মনলৈ আহি ভুমুকিয়াই থাকে৷ মানুহৰ মনৰ অভ্যন্তৰত সকলো সময়তে হেনো কিছুমান ভয়ে আহি খুন্দা মাৰি থাকে৷ …মৃত্যুৰ ভয়৷ … আপোনজনক হেৰুওৱাৰ ভয়. …প্ৰিয়জনক হেৰুওৱাৰ ভয়….নিজক হেৰুওৱাৰ ভয়৷ আমাৰ উশাহৰ স’তে বান্ধ খাই থকা মানুহবোৰ হঠাৎ যদি এদিন নোহোৱা হৈ যায়, নতুবা একেল’গে বাট বুলো বুলি হাত ধৰা সংগীজন যদি হঠাৎ এদিন হাত এৰি আঁতৰি যায়! ! ! কিতাপখনত উল্লেখ কৰা মতে শ্ৰদ্ধেয়া মামনী বাইদেউৰ মনতো হেনো সকলো সময়তে নিজৰ মাক দেউতাকক হেৰুওৱাৰ ভয় এটাই উকমুকাই থাকিছিলহি৷
বহুত সৰুতে ককাক দেখিছিলো, খুৱ ওখ মানুহজন কুজা হৈ লাখুটি এডালত ধৰি কপা কপা খোজেৰে চোতালতে ঘূৰি থাকে, লাহে লাহে, … ওখ চাপৰবোৰত ককালতে হাতখন দি খুৱ কষ্টকৈ উঠা ন’মা কৰে, , , দেহৰ প্ৰটিতো ভাজতে যেন আস: উস: আস্ফুট কেকনি৷ বাৰান্দাৰ এচুকৰ আৰামী চকীখনত বহি প্ৰায় অকামিলা হোৱা ঘোলা চকুহালেৰে জোৰকৈ মানুহবোৰ চিনিবলৈ চেষ্টা কৰে৷ .. তাৰ পিছত লাহে লাহে আৰু লাখুটিডালৰো কাম নোহোৱা হৈ আহে, বিছনাখনকে সাৰথি কৰি লৈ সেইখনতে শুই বহি থাকে দিনটো৷ প্ৰতিবাৰ ককাৰ ঘৰলৈ গ’লে অনুভৱ হয় ওখ পাখ ককাজন যেন লাহে লাহে সৰু হৈ আহিছে, গাটো যেন কোচ খাই আহি চুটি হৈ পৰিছে৷ বহলকৈ মেলি ধৰা চকুহালৰ শূন্য দৃষ্টিত যেন এটাই কাতৰতা…. ‘ হে ভগৱান মোক লৈ যোৱা’৷ … এনেকৈয়ে এদিন ককা শুই থকা সেই বিছনাখন উদঙ হয়, ঘৰখনৰ ভিতৰ-বাহিৰে গুনগুনাই থকা ককাৰ লাখুটিডালৰ টক টক শব্দবোৰ ও নোহোৱা হয়৷ ….
ককাক মোৰ জীৱনত বহুত ক’ম সময়ৰ বাবে ল’গ পাইছিলো, সেয়াও প্ৰায় অবুজন বয়সতে৷ সেয়ে ককাৰ সতে মোৰ মানসিক সম্পৰ্ক গঢ়ি উঠা নাছিল, ককাৰ মৃত্যুও পাহৰিলো অতি সোণকালে৷ কিন্তুু ককাক দেখাৰ পিছত বুঢ়া মানুহৰ সাঁচ এটি যেন মনতে ৰৈ গ’ল৷
বৰদেউতা আৰু বৰমা মোৰ বাবে ককা-আইতা সদৃশ৷ … তেওঁলোকৰ এটি এটি পল, এটি এটি ক্ষণৰ সান্বিধ্যৰ স’তে মই ডাঙৰ হৈছো৷ অন্তৰৰ প্ৰটিতো কোঁহে কোঁহে তেওঁলোকৰ উপস্থিতি অনুভৱ কৰো মই ঠিক মোৰ মা-দেউতাৰ দৰেই৷ .. আশীৰ্ধ বৰমা-বৰদেউতাক যেতিয়া মানুহে বুঢ়া বুলি কয়, হাহাকাৰ কৰি উঠে মন, সৰুতে দেখা ককাৰ বুঢ়া সাচঁখনত যে কেতিয়াও কল্পনাও কৰিব নোৱাৰো মই তেওঁলোকক৷ আনে নেদেখাকৈ মনে মনে লক্ষ্য কৰো, কপিছে নেকি বাৰু বৰদেউতা-বৰমাৰ খোজবোৰ, উশাহ নিশাহবোৰ বাৰু গধূৰ হৈ আহিছে নেকি, , ওখ-চাপৰবোৰত পাৰ হওঁতে ওলাই আহিছে নেকি বাৰু অন্যমনস্ক কেকনি একোটা৷ …মনটোৱে বুজিও নুবুজাৰ ভাও লয়, চকুহালে দেখিও যেন দেখিবলৈ নিবিচাৰে দেখিবলৈ নোখোজা কথাবোৰ৷ খঙ উঠিছিল বহুত সেই মানুহবোৰলৈ যিবোৰে আপোন মানুহবোৰক বুঢ়া বুলি কৈছিল৷
বিয়া হৈ বহুত আতঁৰলৈ গুছি অহাৰ পিছত প্ৰতিদিনেই ফোনত কথা পাতো, কথাবোৰতকৈও আচলতে তেওঁলোকৰ মাতবোৰ বুজিবলৈ চেষ্টা কৰো, যেন মাতটো শুণিলেই বুজি পাম কিমান বুঢ়া হৈছে তেওঁলোক৷ এদিন এনেকৈ্য়ে হঠাৎ বৰমা আঁতৰি গ’ল৷ মাতবোৰ কপা নাছিল, খোজবোৰতো কেকনি উঠা নাছিল, তথাপি বৰমা আতৰি গ’ল৷ বৰমা আতঁৰি যোৱা ঘা-ডোখৰ তেজাল হৈ থকাৰে পৰা বৰদেউতাৰ মাতবোৰ বেছি মনযোগেৰে শুণিবলৈ ল’লো৷ এটি এটি কথাৰ এটি এটি তৰংগ যেন খুলি খুলি চাম৷ কথাবোৰ ভাগৰুৱা হোৱাৰ দিনাখন শংকিত হৈ উঠে মন৷ অনিচ্ছাস্বত্বেও বৰদেউতাক ককাৰ বুঢ়া সাচঁখনত বহুৱাই তুলনা কৰো বাৰে বাৰে৷ আমাৰো যে মনবোৰ! ! সচাঁকৈয়ে ইমান আচৰিত৷ …সকলো জানিও সকলো বুজিও ইমান সহজতে ফুচুলাই থব পাৰি৷ ময়ো মনটোক ফুচুলাই থও, নাই বৰদেউতা এইয়াও বুঢ়া হোৱা নাই৷
অসমৰ বাহিৰলৈ থাকিবলৈ অহাৰে পৰা মা-দেউতাৰ সান্বিধ্য পাও বছৰত মাথো এবাৰ৷ ক্ষন্তেকৰ সান্বিধ্যৰ অনুভৱখিনি বুকুতে ভৰাই লৈ আহো বাকী গোটেই বছৰটোৰ বাবে৷ দুচকুত সানি লৈ অহা আপোনজনৰ প্ৰতিচ্ছৱিবোৰ গোটেই বছৰ খুলি খুলি চাও৷ প্ৰতিদিনে ফোনৰে হোৱা কথাবোৰৰ মাজত ঘুকুটিয়াই ফুৰো তেওঁলোকৰ কুশল বাৰ্তা৷
আজিকালি যেতিয়া দেউতাৰ স’তে ফোনত কথা পাতো কব নোৱাৰাকৈয়ে দেউতাৰ মাতবোৰ মোৰ বৰদেউতাৰ মাত যেন লাগে৷ অলপ যেন ভাগৰুৱা, অলপ কষ্টেৰে কৱ খোজা৷ দেউতাৰ কথাবোৰতকৈ যেন কথাৰ সুৰবোৰহে বেছি মনোযোগ দি শুণি থাকো৷ ককাৰ বুঢ়া সাচখন আকৌ মনতে আহি বাহ লয়৷ নাই, দেউতাক যে কেতিয়াও দুৰ্বল ৰূপত দেখাৰ অভ্যাসেই নাই! ! … দুৰু দুৰু ভয় এটা আহি অগা-দেৱা কৰি ফুৰে সকলো সময়তে, বৰদেউতা যদি ককা হৈ যায়! ! দেউতা যদি বৰদেউতা হৈ যায়! ! ! খুৱ মন যায় মাজে মাজে…প্ৰিয় মানুহবোৰক জীৱনলৈকে সাঁচি থব পৰা হ’লে! ! ..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments