বুকু হম হম কৰে (গৌতম কাশ্যপ)

“বুকু হম হম কৰে
মোৰ আই
কোনে নিদ্ৰা হৰে
মোৰ আই…”
আজি যেনিয়ে ঢাপলি মেলিছোঁ এই গানটিয়ে যেন মোৰ পিছ এৰা নাই। অৱশ্যে আপত্তি কৰিব লগা কোনো বিশেষ কথা নাই, কাৰণ গানটি সৰুৰে পৰাই মোৰ অতিকে প্ৰিয়। তাহানি দেউতাৰ কোলাত বহি ৰেডিঅ’ত এই গানটি শুনাৰ স্মৃতিকণ আজিও মনত সজীৱ হৈ উঠে মাজে সময়ে। ভূপেন হাজৰিকা দেৱৰ “বুকু হম হম কৰে”, বিস্তীৰ্ণ পাৰৰে”, “মানুহে মানুহৰ বাবে” ইত্যাদি বহুকেইটা গানেই শুনা পাইছিলোঁ ৰেডিঅ’ত। আৰু মাজে সময়ে দেউতাৰ কণ্ঠত। কিন্তু এই সকলোবোৰ গানৰ মাজত “বুকু হম হম কৰে” গানটিয়ে যেন মনত এক বিশেষ স্থান দখল কৰিছিল। দেউতাৰ দৰে মাৰ তেনে গানৰ চখ নাছিল যদিও মায়েও মাজে সময়ে এই গানটি গুণগুণাই থকা শুনা পাইছিলোঁ।…
সৌটো মোহন। অফিছৰ চকীদাৰ। তাৰেই মোবাইলত বাজি আছিল “বুকু হম হম কৰে”। তাৰ মোবাইলত পুৰণি অসমীয়া গান বাজি থকা দেখা পাই আচৰিত হ’লোঁ। কুমাৰ চানু, উদিত নাৰায়ণৰ হিন্দী গীত শুনি ভাল পোৱা মোহনে কেতিয়াৰ পৰা পুৰণি অসমীয়া গান শুনিবলৈ ললে। তাৰ মুখলৈ চাই পঠালোঁ। মলিন। এচপৰা কলীয়া ডাঁৱৰে যেন আৱৰি আছিল তাৰ মুখমণ্ডল। মনটো কেনেবা লাগিল। মাত দিবলৈ লৈও সেয়ে নিদিয়াকৈ আঁতৰি আহিলোঁ তাৰ কাষৰ পৰা। লাহে লাহে ওলাই আহিলোঁ চৌহদটিৰ বাহিৰলৈ।
মনটো অতীতলৈ উৰা মাৰিলে। ৰেডিঅ’ত শুনি শুনি আৰু দেউতাৰ পৰাও অলপ অচৰপ শুনি লাহে লাহে গানটি গাবলৈ শিকিলোঁ। তৃতীয় নে চতুৰ্থ শ্ৰেণীত এবাৰ গানটি গাই প্ৰথম পুৰষ্কাৰ পাইছিলোঁ। সিদিনাই গানটিৰ প্ৰতি এক মোহ সোমাইছিল মনত। তাৰ পিছতো বহু প্ৰতিযোগীতাত প্ৰথম বা দ্বিতীয় হৈছিলোঁ এইটো গানেই গায়। ঘৰলৈ অহা কোনো আলহীয়ে যেতিয়া কৈছিল “ধন, গান এটা গায় শুনোৱাচোন”, মইও অতি উৎসাহেৰে গাইছিলোঁ-
“বুকু হম হম কৰে
মোৰ আই
কোনে নিদ্ৰা হৰে
মোৰ আই…”
বিনিময়ত আলহীৰ পৰা পাইছিলোঁ কেতিয়াবা দুটিমান লুজেন, নাইবা সিকি এটা আৰু কেতিয়াবা দুয়োখন গালত এটাকৈ তপত চুমা…..
লালনৰ চেলুনখন পাৰ হৈ আহিলোঁ। চেলুনখনত যথেষ্ট ভিৰ। দীঘল শাৰী গ্ৰাহকৰ। সদায় ভোজপুৰী গীত বাজি থকা চেলুনখনৰ পৰা “বুকু হম হম কৰে” ভাঁহি অহা কথাটিয়ে মোক উৎসুক কৰি তুলিলে। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছৰ কেইদিনতে যি এনেকৈ সকলোতে তেওঁৰ গান বজাই থোৱা শুনা পাইছিলোঁ। চুবুৰিৰে শৰ্মা কেৰাণীয়ে সেইকেইদিনত মোৰ পৰা দহ বাৰটা মান গান লৈ গৈছিলহি শুনিবৰ বাবে। আৰু ৰিপিট কৰি কৰি উচ্চ ভলিউমত চুবুৰিৰ সকলোকে কেইবাদিন মানলৈ শুনাইছিল গান কেইটি। অসমীয়া নিউজ চেনেল কেইটাত ভূপেন দাৰ শেষকৃত্য সমাপনৰ সম্প্ৰচাৰণ যেতিয়ালৈ চলিল তেতিয়া লৈ শৰ্মাৰ ঘৰতো বাজি থাকিল গান কেইটি। আজিকালি বাটে ঘাটে বৰকৈ তেওঁৰ গান শুনা মনত নপৰেছোন। এইকেইদিনত হয়তো ভূপেনদাৰ জন্ম জয়ন্তী নাইবা মৃত্যুবাৰ্ষিকী আছে, মনতে ভাৱিলোঁ। নহলেনো বাকী সময়ত কেইজন মানুহে পুৰণি গান শুনে। মোৰ দৰে বহু কম মানুহেই ওলাব যি পুৰণি গান সমূহৰ মোহত আৱদ্ধ হৈ থাকি নতুন ধাৰাৰ গান সমূহক আদৰি লব পৰা নাই এতিয়াও। দেউতায়ো পৰা নাই, মইও হয়তো নোৱাৰিম কোনোদিনে….
ৰাস্তাৰ সিপাৰে নাতিদূৰত সৌটো শিৱ মন্দিৰ। মা ওলাই আহিছে, সোমবাৰ আছিল নেকি আজি, মনতে ভাবিলোঁ। পূজা কৰিবলৈ আহিছিল হবলা। মায়ে মোলৈ খন্তেক চাই ৰ’ল। আৰু একো নোকোৱাকৈ আগবাঢ়ি গৈ থাকিল আগলৈ। মোক দেখা নাপালেই নেকি? মা গৈ থকাৰ দিশে ৰাওনা হ’লোঁ। কাষৰ দোকান এখনৰ পৰা ভাঁহি আহিল-
“পুত্ৰ হৈ মই কি মতে তৰোঁ
আই তোৰে হৈ মই মৰোঁ…”
গানটিৰ লগত মোৰ জীৱনৰ কিবা এটা বিশেষ সংযোগ আছিল। এল পি স্কুলৰ পৰা গৈ এম ই আৰু তাৰ পিছত হাই স্কুল পালোগৈ। কিন্তু মোৰ শৈশৱ আৰু কৈশোৰকালটি দেউতাৰ সেই ৰেডিঅ’টিক লৈয়ে কেন্দ্ৰীভূত হৈ থাকিল। জুহালৰ কাষত বহি দেউতাই ককাইদেউ আৰু মোক প্ৰায়েই ভূপেন হাজৰিকাৰ গানবোৰৰ সৃষ্টিৰ আঁৰৰ পটভূমিৰ কথা কৈছিল। দেউতাই সাধুকথা কোৱাৰ দৰেই বৰ্ণনা কৰিছিল ভাৰত চীনৰ যুদ্ধৰ সময়ত ভূপেনদাই কি পৰিস্থিতিত “বুকু হম হম কৰে” গানটি ৰচনা কৰিছিল। তেওঁ তেতিয়া অসমৰ বাহিৰত। নিজৰ মাতৃ আৰু অসম মাতৃৰ বাবে উদ্বিগ্ন হৈ ভূপেনদাই তেতিয়াই ৰচি উলিয়াইছিল এই গানটি। আমি দুয়ো সেইবোৰ শুনি সাধুকথাৰ দৰেই ৰস পাইছিলোঁ।
মেট্ৰিক পাছ কৰাৰ পিছত ঘৰখনলৈ এটা নতুন সম্পদ আহিছিল। টেপ এটা, আৰু লগত কেইখনমান কেছেট। সময় যোৱাৰ লগে লগে কেছেটৰ সংখ্যা বৃদ্ধি পাইছিল। কিন্তু পুৰণি ৰেডিঅ’টিৰ আদৰ কোনোকালেই নকমিল ঘৰখনত। বেয়া হৈ যোৱা কেছেটৰ চিকচিকিয়া ৰীলবোৰ শাক-পাচলিৰ বাৰীত সৰু সৰু বাঁহৰ খুটিত দীঘল দীঘলকৈ বান্ধি ৰাখিছিলোঁ।
পিছফালৰ পৰা কোনোবাই “ধন” বুলি মতা শুনা পালোঁ। দেউতাৰ মাত যেন লাগিল। ঘূৰি চাই কিন্তু কাকোৱেই দেখা নাপালোঁ। দেউতাৰ মাতটো কিন্তু ৰিণি ৰিণিকৈ কাণত বাজি থকা যেন লাগিল.. বহু দেৰিলৈ…
কলেজখনত কিবা অনুষ্ঠান পাতিছে। ছাত্ৰ-ছাত্ৰীসকল আয়োজন কৰাত ব্যস্ত। হাই-হুৰুমি নাই। সকলো যেন নিজৰ নিজৰ কামত ব্যস্ত। সৌৱা চোধুৰী চাৰ। যোৱা দুটা দশকৰ পিছত দেখা পাইছোঁ হঠাৎ তেওঁক। বাৰ্দ্ধক্যৰ চাপ বিৰাজমান শৰীৰ আৰু মুখমণ্ডলত। চালবোৰ শোঁতোৰা পৰিছে। খোজবোৰো দুৰ্বল যেন লাগিছিল। কলেজীয়া জীৱনত চাৰৰ সান্নিধ্য লাভ কৰি ধন্য হৈছিলোঁ। তেখেতৰ সান্নিধ্যত থকাৰ বাবেই ইংৰাজী সাহিত্যৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জাগি উঠিছিল। চাৰক এবাৰ মাত লগাবলৈ বুলি আগুৱাই গলোঁ, কিন্তু তেওঁ মোৰ দিশে নোচোৱাকৈয়ে আঁতৰি গ’ল।
দুটি দশক পাৰ হৈ গ’ল এইখন কলেজৰ পৰাই স্নাতক হৈ উলাই যোৱা। ইয়াত পাৰ কৰা প্ৰতিটো মুহূৰ্ত দৃষ্টিপটত ভাঁহি আহিল। সিদিনা কলেজ উইকত এইটো গান গায়েই প্ৰতিযোগীতাৰ বিজয়ী হৈছিলোঁ, আৰু বিজয় সাব্যস্ত কৰিছিলোঁ তাইৰ হৃদয়ৰ চুক এটিত। সময়বোৰ কেনিবা হেৰাই গ’ল, আৰু সময়ৰ সোঁতত হেৰাই গ’ল তাইও…
“পুত্ৰ হৈ মই কি মতে তৰোঁ
আই তোৰে হৈ মই মৰোঁ”
– ডেকা বয়সত গানটিত সোমাই থকা দেশপ্ৰেমৰ ভাৱকণ মোৰ বুকুতো উথলি উঠিছিল। ককাইদেউৰো উঠিছিল চাগৈ..মোতকৈ বহুগুণে বেছিকৈ হয়তো… এদিন সি আইক স্বাধীন কৰাৰ মানসেৰে ওলাই গৈছিল ঘৰৰ পৰা। আৰু কোনোদিন উভতি নাহিল। দেউতালৈ এখনেই চিঠি লিখিছিল সি। তাৰ হাতত লাগি ৰোৱা নিৰপৰাধৰ তেজৰ দাগবোৰৰ বাবে দেউতাক ক্ষমা খুজিছিল। চিঠিখন পঢ়ি ফালি-ছিৰি পেলাইছিল দেউতাই। মাৰ কান্দোনলৈও ভ্ৰূক্ষেপ নাছিল তেওঁৰ অলপো। ঘৰৰ কাষৰে দূলাল চেতিয়াৰ পুতেকো গৈছিল হাবিলৈ। এদিন সি উভতি আহিল। গাৱঁৰ ৰাইজে গামোচা পিন্ধাইছিল তাক সিদিনা, দেউতা কিন্তু যোৱা নাছিল কোনোদিন তাৰ কাষলৈ ককাইদেউৰ খবৰ সুধিবলৈ…
সৌৱা কৃষ্ণচুড়া জোপাৰ তলৰ পৰা মোৰ ফালে চাই আছে মায়ে। মই সেইফালে চোৱাত লাহে লাহে মা আগুৱাই যাবলৈ আৰম্ভ কৰিলে দূৰলৈ। বেগেৰে মাৰ দিশে ৰাওনা হ’লোঁ। মনটো অশান্ত হৈ পৰিছিল মোৰ। কলেজ খনৰ প্ৰেক্ষাগৃহৰ পৰা ভাঁহি আহিছিল-
“দেশৰে চন্দ্ৰমা
কাল এন্ধাৰে আৱৰে…”
আজিও ঘৰত নাইবা বন্ধু-বান্ধৱৰ ঘৰত কিবা অনুষ্ঠা‍ন পাতিলে মই ভূপেনদাৰ দুই এটি গীত গাওঁ বন্ধুবৰ্গ আৰু সহকৰ্মী সকলৰ এচামে আমনি পাই এইবোৰ গান গালে। পত্নীয়ে লাজ কৰে তাকে লৈ। সহকৰ্মী কোনোবাই গীটাৰ বজাই জয়ন্ত হাজৰিকাৰ গীত গোৱা শুনিলে কিন্তু তেওঁ প্ৰশংসা কৰে। ল’ৰা দুটি এইবোৰ গানৰ পৰা বহুযোজন দূৰৈত। সিহঁতৰ স্পীকাৰৰ উচ্চ ভলিউমত বাজি থকা পশ্চিমীয়া ৰক-প’পৰ আগত ম্লান পৰি ৰয় ভূপেনদাৰ “বিক্ষুব্ধ বিশ্ব কণ্ঠ”। পুৰণিকলীয়া আউটডেটেড মানুহ আমি, পত্নীয়ে অভিযোগ কৰে। নীৰৱ হৈ ৰওঁ। আবেলি দেউতাৰ কাষত বহি পুৰণি গীতৰ সোৱাদ লওঁ সদায় এতিয়াও। দৈনন্দিন অভ্যাস…নিচা… এৰিব নোৱাৰোঁ।
ভৱেনদাৰ গুমটি সৌখন। হাইস্কুলত পঢ়োঁতে বিৰতিৰ সময়কণত চাহ আৰু মটৰ-ঘুগনী খাইছিলোঁ ইয়াত। আঠ অনা আছিল এক প্লেট মটৰৰ দাম। মটৰৰ ওপৰত সৰু সৰুকৈ পিয়াঁজ কুটি দিছিল তেওঁ। এটি প্ৰকাণ্ড ৰেডিঅ’ আছিল ভৱেনদাৰ। চাইকেলত তেওঁ ওলমাই লৈ ফুৰিছিল সেইটো। ভৱেনদালৈ চালোঁ। মলিয়ন মুখ, বয়সৰ আঁচোৰ পৰিছে। গুমটিখন আজিকালি তেওঁৰ বিয়া নোহোৱা জীয়েকে চলাই, তেওঁ লগতেই থাকে। ৰেডিঅ’টি আজিও একেই স্থানত ওলমি আছিল। বাজি আছিল ভূপেনদাৰ গলগলীয়া কণ্ঠৰ
“বুকু হম হম কৰে
মোৰ আই..”
মনটো অশান্ত হৈ পৰিছিল। সৌৱা মা, চিনাকি বাছ ষ্টপেজ টোত। বাছ খন মাৰ কাষত আহি ৰ’লহি। মায়ে মোৰ ফালে এবাৰ ঘূৰি চালে। ভাৱলেশহীন চাৱনী… মাৰ দিশে ৰাওনা হ’লোঁ। কোনোবাই যেন পিছফালৰ পৰা চিঞৰি মাতিছিল। মা ইতিমধ্যে বাছত উঠিছিলগৈ। মইও লৰালৰিকৈ উঠিলোঁ।
খালী বাছ.. জনশূন্য ৰাজপথ.. ভাগৰুৱা অনুভৱ কৰিলোঁ। চিন্তাবোৰ যেন অসংলগ্ন হৈ পৰিছে। বাছখন চলিবলৈ আৰম্ভ কৰিলে। কোনোবাই যেন পিছফালৰ পৰা ৰিঙিয়াই মাতিছে। উভতি চালোঁ খিৰিকীৰে… সৌৱা দেউতা, ভৱেনদাৰ গুমটি খনত। লগত মোৰ মেট্ৰিক পৰীক্ষাৰ পিছত কিনা টেপটো। কাষতচোন সেয়া মোৰ পত্নী সন্তান দুটিৰ সতে। বাছখন ক্ৰমশ তেওঁলোকৰ পৰা আঁতৰি গৈ আছে আৰু লগত আঁতৰি গৈছোঁ মই..
আকাশখন হঠাৎ অন্ধকাৰাচ্ছন্ন হৈ পৰিবলৈ আৰম্ভ কৰিলে। দূৰৈত ৰিণিকি-ৰিণিকিকৈ বাজি আছিল –
“কোনে নিদ্ৰা হৰে
মোৰ আই..”
হঠাৎ সেয়াও যেন স্তব্ধ হৈ পৰিল।
——————————–
টেপটো বন্ধ কৰি বৃদ্ধজন মৌন হৈ ৰ’ল খন্তেক। আশীৰ ওচৰা-উচৰি হব তেওঁৰ বয়স। চকুযোৰ চলচলীয়া হৈ পৰিছিল তেওঁৰ। কাষত দুটি পোন্ধৰ-ষোল্ল বছৰীয়া কিশোৰৰ সৈতে এগৰাকী চল্লিছ বছৰীয়া মহিলা। সকলোৰে নয়নেৰে চকুলো নিগৰি আহিছিল।
ডাক্তৰজনে কলমটোৰে স’তে ফাইলটো আগবঢ়াই দিলে তেওঁৰ ফালে। যোৱা তিনিমাহ ধৰি পেচেণ্ট জন ক’মাত আছিল। আৰ্টিফিছিয়েল লাইফ ছাপোৰ্টৰ সহায়ত হে জীয়াই ৰখা হৈছিল তেওঁক। চিকিৎসকে ঘোষণা কৰিছিল তেওঁ বচাৰ কোনো সম্ভাৱনা নাই বুলি। অৱশেষত ঘৰৰ সকলোৰে সন্মতিক্ৰমে লাইফ ছাপোৰ্ট বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল.. কঁপা কঁপা হাতেৰে কাগজখনত চহীটো কৰি ফাইলটো পুণৰ ডাক্তৰ জনৰ ফালে আগবঢ়াই দিলে তেওঁ…
বৃদ্ধজন লাহেকৈ চকীৰ পৰা উঠিল.. হাতত সেই পুৰণি টেপটো। শেষৰ বাৰৰ বাবে তেওঁ আজি পুত্ৰৰ সতে তেওঁলোক দুয়োৰে প্ৰিয় গানটি শুনিলে… হঠাৎ হুকহুকাই কান্দি উঠিল বৃদ্ধ জনে…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments