বুধিয়ক সদাগৰ – মিতালী নাথ

জীৱনৰ সমস্যাসমূহ সহজভাৱে সমাধান কৰিব লাগে৷

এবাৰ এজন সদাগৰৰ ওচৰলৈ ঐশ্বৰ্য্যৰ দেৱী আৰু দৰিদ্ৰৰ দেৱী একেলগে আহিল সদাগৰে দুয়োকো প্ৰণাম জনাই অহাৰ কাৰণ জানিবলৈ বিচাৰিলে৷ দেৱী দুয়োগৰাকীয়ে নিজৰ পৰিচয় দি সদাগৰক কলে যে আপুনি বিচাৰ কৰি দিব লাগে আমাৰ দুয়োজনীৰ মাজত কোন বেছি ধুনীয়া?

কথা শুনি সদাগৰ বিবুদ্ধিত পৰিল৷ তেওঁ ভাবিলে যদি মই ঐশ্বৰ্য্যৰ দেৱীক ধুনীয়া বুলি কওঁ দৰিদ্ৰ দেৱীয়ে মোক সুদাই নেৰে৷ আকৌ যদি মই দৰিদ্ৰ দেৱীক বেছি ধুনীয়া বুলি কওঁ তেন্তে ঐশ্বৰ্য্যৰ দেৱীয়ে মোক লগ এৰিব৷ এনেতে তেওঁৰ চেতনা আহিল আৰু কলে মোৰ আপোনালোক দুইজনৰ প্ৰতি অশেষ ভক্তি আছে৷ কিন্তু বিচাৰ কৰিব লাগিলে মই দিয়া নিৰ্দ্দেশমতে আপোনালোকে কাম কৰিব লাগিব৷

দুয়ো গৰাকী দেৱীয়ে সদাগৰৰ কথাত মান্তি হ’ল৷ সদাগৰে তেতিয়া ঐশ্বৰ্য্যৰ দেৱীক ঘৰৰ দুৱাৰমুখলৈ গৈ ঘৰৰ ভিতৰলৈ সোমাই আহিবলৈ কলে আৰু দৰিদ্ৰ দেৱীক ইয়াৰ পৰা দুৱাৰ মুখলৈ যাবলৈ কলে যাতে দূৰৰ পৰা সদাগৰে তেওঁলোকক চাব পাৰে৷ দুয়ো দেৱীয়ে সদাগৰে কোৱাৰ দৰে কৰিলে৷ সদাগৰে তেতিয়া হাঁহি গতানুগতিক ভাৱে উত্তৰ দিলে, ঐশ্বৰ্য্যৰ দেৱী আপুনি যেতিয়া ভিতৰলৈ সোমাই আহিছিল তেতিয়া অতি ধুনীয়া দেখাইছিল আকৌ দৰিদ্ৰ দেৱী যেতিয়া ঘৰৰ বাহিৰ ওলাইছিল সেই সময়ত অতি ধুনীয়া দেখাইছিল৷

এনেদৰে বিচাৰ কৰি সদাগৰে কাকো অনুভূতিত আঘাত নিদি এক জটিল পৰিস্থিতিৰ সমাধান কৰিলে৷ দেৱী দুয়োগৰাকীয়ে সদাগৰৰ উপস্থিত বুদ্ধি আৰু জ্ঞানৰ প্ৰশংসা কৰিলে আৰু ঐশ্বৰ্য্যৰ দেৱী সদাগৰৰ ঘৰত থাকিব ললে আৰু দৰিদ্ৰ দেৱী সুখী মনেৰে ঘৰৰ বাহিৰ হল৷

নীতিশিক্ষা: আমি যেতিয়া এটা জটিল সমস্যাৰ সন্মুখীন হওঁ তেতিয়া আমি যদি শান্তভাৱে ভাৱো আশাৰ এটা ৰেঙনিয়ে আমাক বাট দেখুৱাই দিব৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments