বুদ্ধ পূৰ্ণিমা – অসমী গগৈ

আলিবাটটোৰ সিপাৰে ওচৰা-ওচৰিকৈ দুজোপা পলাশ। ডাল ভৰি ভৰি ফুলিছে। ঠিক যেন দুকুৰা জুইহে জ্বলিছে আকাশক ধিয়ায়। তাকেই চাই চাই আনদিনাৰ দৰে আজিও মানুহহাল বহি আছে আহল বহল বাৰান্দাখনত, নিজ নিজ ভাৱ-সাগৰত ডুব গৈ! এনেদৰে আবেলি বাৰান্দাত বহি থকাটো তেওঁলোকৰ নিয়মৰ দৰেই হৈছেগৈ। কেনেবাকৈ নবহিলে কিবা এটা কাম থাকি যোৱাৰ দৰে লগা হ’ল তেওঁলোকৰ।

আজিও পলাশে জুই সিঁচি থোৱা আকাশখনলৈ চাই থাকোঁতেই বুকুৰ গভীৰৰ পৰা কান্দোন এটাই উজাই আহি ডিঙিটোত সোপা মাৰি ধৰিলেহি মানুহজনীক। দুহাতেৰে মুখখন সোপা মাৰি ধৰি তাই কান্দোনটোক বাট ভেটিবলৈ চেষ্টা কৰিলে। কিন্তু চকুহাল!! চকুহাল আজিকালি বৰ অবাধ্য হ’ল। অকণো নুশুনা হ’ল তাইৰ কথা। যেতিয়াই তেতিয়াই য’তে ত’তে তাইক অস্বস্তিত পেলায়। এতিয়াও তাই বাধা দিয়াৰ পাছতো গোঁৱাৰ চকুহালে নামানিলে তাইৰ কথা। নিজ বাটে বাট বুলি মুখত সোপা দি থকা দুহাতত খুন্দিয়াবলৈ ধৰিলে বাৰে বাৰে। কাষতে বহি থকা মানুহজনে দেখে বুলি তাই ভৰিত পৰা মহ এটা মাৰিবলৈ লোৱাদি তললৈ হাউলি দিলে। তেনেকুৱাতে মাটিত পৰি থকা বহীখনত হাত লাগিল। কৌশলেৰে চকুপানী মচি তাই বহীখন তুলি ল’লে হাতত। আজিকালি সকলো সময়তে মানুহজনৰ হাতত বহীখন থাকেই। যেতিয়াই যি মনলৈ আহে, লিখি যায় মানুহজনে। আজিও লিখি আছিল মানুহজনী আহি ওচৰ পোৱাৰ আগলৈকে। মানুহজনীয়ে আহি কোৱা কথাবোৰ শুনি থাকোঁতে কোনোবা পাকত সৰি পৰিল চাগে বহীখন!

“হ’ব,  পাছত চাম কি লিখিছে, লিখিয়ে থাকে যি টি..!”- বুলি থৈ দিবলৈ লওঁতেই কিবা এটাই দুচকু টানি নিলে…

“আজি বুদ্ধ পূৰ্ণিমা… আজি বুদ্ধ পূৰ্ণিমা………!”

সৰু ল’ৰা এটাই লিখাৰ দৰে তিনি চাৰিবাৰকৈ ঘঁহাই ঘঁহাই লিখিছে একেকেইটা কথাকে কেইবাবাৰো। হয়তো বহুত সময় লাগিছে লিখিবলৈ! দৌৰি যোৱাদি আঁতৰি গ’ল মানুহজনী মানুহজনক তাতে অকলে এৰি।

মানুহজনীক প্ৰকৃতিষ্ঠ হ’বলৈ সময় লাগিল, ভালেখিনি সময়। মুখ হাত ধুই এসোঁতা কন্দাৰ চিন-চাব নোহোৱা কৰি আকৌ ওলাই আহে মানে মানুহজন টি ভিটোৰ আগত। ওচৰতে দূৰ সম্পৰ্কীয় ভতিজাকটো। লগ এটা লাগে বাবে তাক আনি লৈছে তেওঁলোকে। আজিকালি ওচৰত কোনোবা এজন নহ’লে নহয়েই মানুহজনৰ। অথচ এইজন মানুহেই এটা সময়ত দপদপাই ফুৰিছিল সৰু চহৰখনত। ৰঙা এনফিল্ড খনেৰে ওখ পাখ মানুহজন আছিল চহৰখনৰ এটা চিনাকি চৰিত্ৰ। দুৰ্দান্ত মানুহ, সকলোৱে সমীহ কৰা। মাৰিম বুলি ক’লে মাৰিব পৰা, কাটিম বুলিলে কাটিব পৰা। পৰাপক্ষত মানুহজনৰ পৰা আঁতৰত থাকিব পাৰিলেই সকাহ পোৱা যেন পায় মানুহে। সেইজন মানুহৰে মটৰ চাইকেলৰ পিছত এদিন এজনী দীপলিপ ছোৱালী বহি যোৱা দেখি চহৰখন তধা লাগিছিল। এইটো মানুহেও প্ৰেম কৰিব পাৰেনে!!! প্ৰেম কৰি ছোৱালী আনিব পাৰে!!! 

সৰু চহৰখন চেপা উত্তেজনাৰে ভৰি পৰিছিল। আৰু মানুহে মুখৰ আঁৰত, চকুৰ আঁতৰত বু বু বা বা কৰি থাকোঁতেই মানুহটো বাপেক হৈছিল। আৰু তাতো মানুহে ৰহস্যৰ গোন্ধ পাইছিল। মানুহজনে কিন্তু দায়বদ্ধতাৰে দুগুণ ঘূৰা-পকা কৰি কৰি সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰি তুলিলে। জিৰণি ল’বলৈ সময় নাই। মানুহজনীয়ে কেতিয়াবা ক’লেও কয়-

“সময়ৰ কাম সময়ত, জিৰণি ল’বলৈ বহুত সময় পাম, আগতে ইহঁতহালৰ বাবে, তোমাৰ বাবে কিবা এটা কৰি লওঁ, কাইলৈ মই নাথাকিলে যাতে বিপদত নপৰা……!”

মৰমত পমি যায় মানুহজনী।

আজিও মানুহজনীৰ নিজকে মানুহজনৰ প্ৰেমত গলি যাবলৈ মন গ’ল। সৰহকৈ গাখীৰ দি কৰা চাহ একাপ মানুহজনৰ হাতত তুলি দি ওচৰতে বহিল মানুহজনী। ভতিজা ল’ৰাটো পঢ়া টেবুলত বহিলগৈ। অকলে এৰিব নোৱাৰি মানুহজনক। এৰা নাই মানুহজনীয়ে এদিনো। সেই যে এদিন ঘৰৰ অমতত মানুহজনে মেলি দিয়া হাতখন ধৰি ওলাই আহিছিল সেইদিনাৰ পৰা মানুহজনী ছাঁ হৈ আছে মানুহজনৰ। আৰু এতিয়া ভয়ংকৰ পথ দূৰ্ঘটনাটোৰ পৰা কোনোমতে জীউটো বচোৱা মানুহজনক এৰি ক’ৰবালৈ ওলাই যোৱাৰ কথা ভাবিবই নোৱাৰি। বিদেশত থকা ল’ৰা  ছোৱালীহালে মাতিয়ে থাকে তাইক, মানুহজনকো। আজি যাম কাইলৈ যাম কৈ যোৱা নহয়গৈ কোনোদিনেই, আৰু এতিয়া! হুইল চেয়াৰত দিন কটোৱা, ভালকৈ কথা ক’ব নোৱাৰা মানুহজনৰ বাহিৰে তাই আৰু আন কি ভাবিব পাৰে!!!  কেনেকৈ এৰিব তাই!!!        

চাহ খাই থকা মানুহজনৰ ওচৰত বহি তাই কথাৰ নদীখনৰ বান্ধ খুলি দিলে-

“আপোনাৰ মনত আছেনে বাৰু! সেই যে আমি এদিন…… !”

অনৰ্গল কথা কৈ গ’ল মানুহজনীয়ে! এপাকত মানুহজনে বহীখন খেপিয়ালে। বিচাৰি নাপাই কুঁ কুঁৱাই উঠিল।

“এতিয়া আকৌ একো লিখিব নালাগে। বলক আমি এপাক ফুৰি আহোঁ। আজি বুদ্ধ পূৰ্ণিমা। জোনটো এতিয়া পূৰাকৈ ওলাইছে।” 

দেউতাকৰ দূৰ্ঘটনাৰ খবৰ পাই দৌৰি অহা পুতেকেই সকলোবোৰ ব্যৱস্থা কৰি থৈ গৈছিল। হুইল চেয়াৰত বহি মানুহজন হস্পিতেলৰ পৰা ঘৰ আহি পোৱাৰ আগতেই বাৰান্দাৰ খটখটীবোৰ সমান হৈছিল। তেনেদৰেই চোতালখনো সমান কৰি পকী কৰাই পেলোৱাইছিল। দেউতাকৰ শুশ্ৰুষাৰ বাবে দিনতিয়াকৈ এগৰাকী নাৰ্চৰো ব্যৱস্থা কৰি গৈছিল। বাহিৰা কামৰ বাবে মানুহৰ অভাৱ নাছিল।

মসৃণ বাটটোৰে মানুহজনীয়ে মানুহজনক বাহিৰলৈ লৈ আহিল। তেতিয়াই জোনবাইজনীয়ে শুকুলা চাদৰৰ আচলটো মেলি ধৰিছিল ধৰাত। পূৰ্ণিমাৰ জোনৰ জুৰ লৈ লৈ মানুহজনীয়ে কথাৰ পাতনি তৰিলে,-

আপুনি বাৰু মই পাহৰিলো বুলি ভাবিছিল নেকি!! কি যে ভাবে নহয় আপুনি!! কেনেকৈ পাহৰিম বাৰু!! এনেকুৱা এটা বুদ্ধ পূৰ্ণিমাৰ নিশাতে আমি এখন ঘৰ কৰাৰ কথা পাতিছিলোঁ। ভাওনা চাই ঘূৰি আহোঁতে আমাৰ গাঁৱৰ গছবোৰৰ ফাঁকেৰে সৰি পৰা জোনাকৰ বৰষূণত তিতি তিতি আমি যে কিমান কথা পাতিছিলোঁ!! মনত আছেনে আপোনাৰ???  তাৰ পাছতো যে কিমানটা এনেকুৱা জোন গলা উজাগৰী ৰাতি পাৰ হৈ গৈছিল আমাৰ! আপুনি যে মোৰ হাতৰ মুঠিটো এৰিকে নিদিছিল এনেকুৱা নিশাবোৰত, ভিতৰ সোমাবলৈ মন নোযোৱা নিশাবোৰত…!”

হুইল চেয়াৰখন ঠেলি ঠেলি অনৰ্গল কথা কৈ কৈ সাধাৰণতে বৰকৈ কথা নোকোৱা  মানুহজনীয়ে মানুহজনক চোতালখনত ঘূৰাই ফুৰালে। জোনটো তেতিয়া জুইত পোৰা সোণৰ দৰে উজ্বলিছিল। সেই জোনৰ জুইৰ উত্তাপত গলিবলৈ ধৰিছিল মানুহহালৰ প্ৰেমৰ এনাজৰীডাল। চোতালত ঘূৰি ঘূৰি সেই এনাজৰীডালত পাক খাই গৈ থাকিল দুয়ো। মানুহজনৰ মনৰ মাজত বাজি থাকিল প্ৰিয় গীতৰ সুৰ   …… …

“প্ৰীতিৰ সুবাসে

ধোৱাই দিলেহি

মোৰ এই উদাসী মন

পাহৰা গীতৰ………

আকাশত দেখোঁ শাৰদী জোনাক…… !”

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক