বুধিন বৰাৰ বায়ু-পুৰাণ (উজ্জ্বল ফুকন)

দিখৌৰ বুকুয়েদি বহু পানী বাগৰি গ’ল। সৰু সৰু ছোৱালীবোৰ ডাঙৰ হল। ডাঙৰ ছোৱালীবোৰ বোৱাৰী হ’ল। বোৱাৰীবোৰ মাক হ্’ল আৰু আগৰ বহুত হাঁহিমুখিয়া মানুহে একোডাল মালা পিন্ধি ফ’ট ফ্রেমত সোমাই আজিও হাঁহি আছে।
ল’ৰাবোৰৰ কথা নকওঁ দিয়ক। মহাপুৰুষ বুধিন বৰাই কৈছে যে “ল’ৰা আৰু ঘোঁৰা কেতিয়াও বুঢ়া নহয়”। বুধিন বৰাই আৰামী চকীখনক কষ্ট দি এতিয়াও জীয়াই আছে। সৰু সৰু ভৰি দুটাই বাঢ়ি অহা পেটটোৰ ভৰ লব নোৱাৰা হৈ আহিছে। ঘৰুৱা কামবোৰ কৰি থকাৰ কাৰণে পদুমীৰ সততে বেমাৰ নহয়। তথাপিও মানুহটোৰ শুশ্ৰুষা কৰি কৰি পদুমীৰো ককাঁল পৰি আহিছে। ককাকৰ ঘৰত থাকি পঢ়া গহীন এতিয়া ঘৰখনৰ মূল মানুহ। লগতে ৰমেন আৰু মদনৰ বাবেও বুধিন বৰাৰ চোতালখন তেনেই চিনাকি। জেতুকি বাইয়েই এতিয়া পদুমীৰ একমাত্র লগৰী। চাউল বছা,ঢেকী দিয়া আৰু ইটো সিটো কামত আহি জেতুকিয়ে সিহঁতৰ ঘৰতে ভাতমুঠি মুকলি কৰে। পদুমীয়েও গাৱঁৰ চলন্ত বাতৰি কাকতখন কাষতে পায় ভালেই পাইছে। আগ গুৰি নোহোৱা বেবেৰিবাং কথা পাতি আৰু পুৰণি কথাবোৰ সুঁৱৰি দুয়োজনীৰ সময় পাৰ হয় । বুধিনে পিছে আজিও পেটে পেটে জেতুকিক ইমান ভাল নাপায়। অ’ৰ কথা ত’ত লগোৱা স্বভাৱটো যেন বুঢ়ী মৰিলেহে লগত যাব।

বুধিন বৰাই কেতিয়াবা মনে মনে ভাবে – “ভগৱানেও ছাগে জেতুকিক ওপৰলৈ নিবলৈ ভয় খাই আছে। সেইজনীয়ে তাত গৈ বা কি পয়মাল কৰে” !

যোৱাকালি গধূলিৰে পৰা বুধিন বৰাৰ পেটটোৰ অলপ উগুল থুগুল ভাৱ চলি আছে। দুপৰীয়া মদনে কলিতাৰ দোকানৰ পৰা অনা কুৰকুৰে এক পেকেট বৰাক দিছিল। চাহৰ লগত সেইগাল খালে।
আকৌ তাৰপিছত পদুমীয়ে পকৰি এক প্লেট ভাজি দিলে। তাৰ পাছত কিমানবাৰ বাহিৰলৈ গ’ল হিচাপ কৰিবলৈ বৰা অঙ্কত সৰুৰে পৰাই কেঁচা। তথাপিও নাই কমেও দহৰ ওপৰত হ’ল ।
গহীনে গোটেই ৰাতিটো বৰাক আগবঢ়াবলৈ গৈ গৈ এতিয়া নিজেই ভাগৰত পৰি আছে। বৰাই এতিয়াও বুজি পোৱা নাই কি খোৱাৰ কাৰণে তেওঁৰ পেটটো বেয়া হ’ল। প্রত্যেকবাৰে কামফেৰা কৰাৰ পাছত নাচাওঁ বুলি ভাবিও চায়- কাৰ লগত মিলিছে কুৰকুৰে নে পকৰি। কিন্তু প্রতিবাৰেই কুৰকুৰে আৰু পকৰিয়ে ইটোৱে সিটোক ভাই ভাই বুলি ঘোষনা কৰি এনেকৈ মিলি যায় যে বৰাই একো ধৰিব নোৱাৰে।

“ পাদু..মি অ’ পাদু..মি মই আহিলো দেই , ৰঙা চাহ অকমান দে ,তাৰপাছত মই চাউলখিনি বাছি দিম”- এইজনী জেতুকি বাই ওলালেহি । টোপনিয়াই টোপনিয়াই আৰামী চকীখনত বহি থকা বুধিন বৰাই মনে মনে ভোৰভোৰালে। জানি বুজি তাই লোকৰ নামবোৰ বেয়াকৈ মাতে।
পদুমিৰ নামটো পাদু..মি বুলি শুনি বৰাই নিজেই নজনাকৈ নাকত ধৰিলেগৈ। অলপ দেৰি শান্ত হৈ থকা পেটটো যেন আকৌ সাৰ পাই উঠিল।
“ বুদ্ধি..হীন উঠিলি , ভালনে তোৰ” ? — জেতুকিলে চাই মূৰ দুপিয়াই বুধিনে লাহেকৈ ক’লে—“ভালেই” – জোৰকৈ কবলৈ ভয়।
“হেৰ’ , নাকত ধৰি আছ কিয়? পেট বেয়া নেকি তোৰ” ?
বুধিনে খপজপকৈ হাতখন নমাই আনিলে।
“ এহ, নিজৰ গোন্ধটো লবলৈও বেয়া পাৱনে? তোৰ খোলোচা হোৱা নাই চাগে” — কৈ কৈ জেতুকি আহি বুধিনৰ কাষ পালেহি।
“ ইইচচ , গোটেই ভেদাইলতাটোৰ দৰে গোন্ধাইছে , বেছিয়েই খোলোচা হৈছে যেন পাইছো তোৰ” — বুঢ়ীয়ে সোলা মুখখন মেলি হাঁহিবলৈ ধৰিলে – “ যা , ইয়াত বহি থকাতকৈ তাতে অলপ বহি থাক। আৰু অলপ ধৈৰ্য্য ধৰিবি” ।
বৰাৰ মূৰটো যেন জ্বলি উঠিল । জেতুকিয়ে গোটেই গাঁৱত তাৰ যে আজি অপপ্রচাৰ কৰিব সেইটো খাটাং ।
“বুধিনে আজি উশাহ এৰিবই পৰা নাই বুজিছা”– এনেকুৱা কথাৰে গোটেই গাঁওখন দিনটোৰ ভিতৰতে গেলাই পেলাব ।
বৰাক একো কবলৈ সুযোগ নিদি জেতুকিয়ে অহৰহ কৈ গল—“ আৰু এটা কথা ক চোন, কুবেৰৰ ধন ভঁৰালটোৰ দৰে তোৰ পেটটো দিনে দিনে বাঢ়ি গৈ আছে। তই যদি দুৱাৰখন ভালকৈ নোখোল ভঁৰালটো কিন্তু এদিন ফুটি থাকিব। আৰু তয়েই ক চোন , বহি বহি বতাহ উৰুৱাই থাকি তোৰ জানো ভাল লাগে? এই ডেকা বয়সত তোৰ এই অৱস্থা , আমাৰ বয়সত কি কৰিবি” ?
বৰাই বুজি পালে জেতুকিক আৰু বুজাই লাভ নায়। খঙ উঠিছিল যদিও জোৰ দি গালি দিবলৈ ভয় , জোৰটো বেলেগ ঠাইত পৰিবগৈ পাৰে।
তথাপিও তেওঁ কলে—“ বাই অ’ , মোৰ এতিয়া নাতিয়েই ডাঙৰ হ’ল আৰু তুমি মোক ডেকা বুলি কৈছা” ?
“ অ’ নাতি বুলি কওঁতেই মনত পৰিছে , আমাৰ গু-হীন কত? উঠাই নাই নেকি” ?
গু-হীন টো শুনি এইবাৰ যেন বুধিন বৰাৰ পেটটো বেয়াকৈ খামুছ মাৰি ধৰিলে। বৰাই বুজি পালে এতিয়া আৰু উপায় নাই।
প্ৰাণপণ জোৰ দি আৰামী চকীখনৰ পৰা উঠি তৰা নৰা চিঙি ভিতৰলৈ দৌৰিবলৈ ধৰিলে। কিন্তু সিমান পৰে বৰাৰ বগা ধুতিখনত হালধীয়া পতাকাখন জিলিকি উঠিছিল।
জেতুকিয়ে বৰাৰ সেই ৰূপ দেখি হাঁহি হাঁহি চিঞঁৰি উঠিল- “ বুদ্ধি..হীন..তোৰ পাছফালৰ দুৱাৰখনৰ তলা ভাঙি গ’ল” ।
বৰাই জেতুকিৰ হাঁহি থকা মুখখনলৈ চাই ভাবিলে , পৰা হলে তাইৰ মুখতে অলপ বতাহ উৰুৱাই দিলো হয়।
জেতুকিয়েও ইতিমধ্যে আজিৰ বাতৰি কাকতখনৰ শিৰোনামাটো লিখি পেলালে –“বুধিন বৰাৰ ধুতিত হালধীয়া পতাকা”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments