বুন্দিয়া-ভুজিয়া : জ্যোতিৰ্ময় শৰ্মা

বুন্দিয়া-ভুজিয়া

জ্যোতিৰ্ময় শৰ্মা

কেইমাহ মান আগৰ কথা। মঙ্গলদৈ চহৰৰ পৰা পোন্ধৰ কি:মি: নিলগত থকা আমাৰ পুৰণি ঘৰলৈ গৈছিলোঁ। মাজে মাজে যাওঁ। ভাল লাগে। খুব ভাল লাগে। মঙ্গলদৈলৈ আহিবলৈ বুলি মেজিক-ৱিংগাৰলৈ ৰৈ আছোঁ, ওচৰতে মটৰ চাইকেল এখন ৰ’লহি। আৰোহীলৈ চালোঁ…… বুন্দিয়া!!!! ” কি খবৰ ঐ তোৰ?”- প্ৰথমে ময়ে মাত লগালোঁ। “ভাল নহয় দাদা ।” তাৰ নলে-গলে লগা বন্ধু “ভুজিয়া”ৰ খবৰ সুধিলোঁ । বুন্দিয়াই ভুজিয়াৰ বিষয়ে যিখিনি ক’লে মোৰ পিলাই চমকি গ’ল! ভুজিয়া বোলে গুৱাহাটীলৈ গৈ দুই নম্বৰী লাইনত সোমাল! আজিকালি বোলে তাৰ ঢেৰ টকা! গাড়ী-গুড়া কিনি তামাম কাৰবাৰ! ম‍ই শুনি অবাক! এবাৰ বোলে পুলিচো আহিছে ভুজিয়াৰ ঘৰলৈ! “দাদা, প‍ইচা পাতি নালাগে, লাগিলে খাবলৈ নাপাই মৰি যাম! কিন্তু, তাৰ নিচিনাকৈ প‍ইচা নঘটো দেই!” বুন্দিয়াই ক’লে। মনটো বেয়া লাগি গ’ল। ধেত, কিমান দুখত বুন্দিয়াই কথাখিনি কৈছে! ঘৰত মাকো ক’লোঁ কথাখিনি। মায়ে ক’লে- “টকাৰ লোভে মানুহক ক’লৈযে লৈ যায়! ”

আজি আবেলি জু-ৰ’ড তিনিআলিত চিটিবাছলৈ ৰৈ আছোঁ। এনেতে দেখোঁ হাতত দুটা টোপোলা লৈ দোকান এখনৰ ওলাই আহিছে “ভুজিয়া”!!!! ম‍ই নামাতোঁ বুলি মুখখন ঘূৰাওতে সিয়েই মাত লগালে- …”আৰে দাদা, ইয়াত কি কৰিছে?” উপায় নাপাই কথা পাতিব লগা হ’ল আৰু! “বলক মোৰ ঘৰলৈ!” ভুজিয়াৰ অনুৰোধ! ম‍ই নাযাওঁ, ভুজিয়াই নেৰে! অগত্যা উঠিলোঁ ভুজিয়াৰ মটৰচাইকেলত! গীতানগৰৰ পিনে মটৰচাইকেল চলিল। পাহাৰৰ কাষে কাষে সোমাই গৈ আছোঁ! দুই নম্বৰী মানুহৰ মটৰ চাইকেলৰ পিছত বহি আছোঁ! চেহ!
এটা সময়ত ভুজিয়াৰ ঘৰ পালোগৈ! আটোম-টোকাৰীকৈ ৰখা এখন ঘৰ! ভুজিয়াৰ পৰিবাৰে চাহ-তামোল দিলে। খালোঁ। চৰাঘৰৰ এচুকত তানপুৰা এখনো দেখিলোঁ! মিলা নাই! একেবাৰে মিলা নাই! দুই নম্বৰী মানুহৰ ঘৰত তানপুৰা!
মনত অনেক সাহস গোটাই ভুজিয়াক তাৰ বিষয়ে, আয়-উপাৰ্জনৰ বিষয়ে সুধিলোঁ। উত্তৰত ভুজিয়াই কোৱা কথাখিনিৰ সাৰাংশ এনেধৰণৰ। …সাত বছৰমানৰ আগতে ভুজিয়া গুৱাহাটী পালেহি! হাতত টকা তিনিশ! এজাক বৰষুণত বানপানী হোৱা ঠাই এখনত কোঠা এটা ভাড়া ল’লে। চাকৰি বিচাৰি বিচাৰি হাবাথুৰি খাই খাই পেপাৰৰ হকাৰ হ’ল! সি বোলে এটা কথা মন কৰিলে… গুৱাহাটীত পাচলিৰ বহু দাম! খাৰুপেটীয়াৰ ওচৰৰ বালুগাঁও বজাৰত যেতিয়া বিলাহী এটকা কেজি, গুৱাহাটীত ত্ৰিশ টকা! সি কামত লাগি গ’ল! পেপাৰ বিলাই উঠি বালুগাঁও বজাৰ। দুবস্তা পাচলি লৈ আবেলি গুৱাহাটী। গধূলি ফুটপাথত পাচলি বেপাৰ। কেইমাহমান পিছত “চোতা হাথী” এখনত পাচলি অনা আৰম্ভ কৰিলে! লাভ দিনে প্ৰায় এহেজাৰ! এনেকৈয়ে দুবছৰমান চলিল। হাতত কিছু টকা গোট খালে। নিজাকৈ ল’লে এখন “চোটা হাথী”! এতিয়া তাৰ নিজা মিনি ট্ৰাক তিনিখন! পাচলি বালুগাঁও বজাৰৰ পৰা আহে। ভুজিয়া আজিকালি ফুটপাথত নবহে। বেপাৰী নিজে আহি “মাল” লৈ যায়! চলি আছে আৰু!!! পেপাৰ বিলোৱা কামটো সি এৰা না ! গাৱৰ ঘৰৰ পৰা ভায়েকক আনি সেই কামটোত লগাই দিছে। জু ৰ’ড তিনিআলিত দোকান এখন খোলাৰ কথাও ভাবি আছে !
“তোৰ লগৰ যে, বুন্দিয়া- তাকো ইয়ালৈ আনি এই কামটোতে লগাই নিদিয় কিয়? চাকৰি-বাকৰি একো পোৱা নাই বোলে। ম‍ই লগ পাইছিলোঁ। তাৰ মন-চন বেয়া।” ম‍ই ক’লোঁ । “কিমান মাতিলোঁ তাক। নাহে। সি বোলে এইবোৰ বেপাৰ নকৰে। চাকৰি এটাৰ নামত প‍ইচা দিয়া আছে, তাতে লাগি আছে! মাজতে বহুত জোৰ কৰিলোঁ, সি বেয়া পালে চাগে। আজিকালি মোৰ ফোন নধৰে।”
ভুজিয়াই মটৰ চাইকেলত বহুৱাই মোক বেলতলাত থৈ গ’ল। ম‍ই তাক বিচাৰি ঘৰলৈ পুলিচ যোৱা কথা সোধাত সি ক’লে- “আমাৰ এওঁৰ ভিনদেৱেক জন ছিপাঝাৰ থানালৈ বদলি হৈ আহিছে। আমাৰ ঘৰলৈ গৈছিল এদিন। লগত এসোপা চিপাহী-চন্তৰী লৈ একেবাৰে ড্ৰেছত! কাম নাই আৰু। গাঁৱত কথাটো বেলেগকৈ ওলাল।” তানপুৰাটোৰ কথা নুসুধিলোঁ। ভুজিয়া যিহে মানুহ, কৈ দিবও পাৰে- ” বজাবলৈ ইচ্ছা এটা আছিল সৰুৰেপৰা, শিকি আছোঁ এতিয়া! ” চব পাৰে। ভুজিয়াই চব পাৰে।
এইবাৰ গাঁৱৰ ঘৰলৈ গ’লে বুন্দিয়াক লগ পালে ( লগ পামেই) ক’ম- “পাৰ যদি ভুজিয়াৰ নিচিনাকৈ দুই নম্বৰী বেপাৰকে কৰ! এক নম্বৰী চাকৰি নিবিচাৰিলেও হব।” আচল নামকেইটা উল্লেখ নকৰিলোঁ। দুয়োটা সৰুৰেপৰা একেলগে থাকে কাৰণে কোনোবাই নাম দিছিল “বুন্দিয়া-ভুজিয়া”!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক