‘বুঢ়ী আইৰ সাধু’ত নাটকীয় উপাদান – নৰেন পাটগিৰি

‘বুঢ়ী আইৰ সাধু’ত নাটকীয় উপাদান –

নৰেন পাটগিৰি

(নৰেন পাটগিৰি কৰ্মসূত্ৰে গুৱাহাটী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক৷ সাম্প্ৰতিক সময়ৰ এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ আৰু পৰিচালক৷ তেখেতৰ এই লিখনিটি সাতসৰীৰ, জুলাই, ২০১১ সংখ্যাত প্ৰকাশিত; লেখকৰ অনুমতি সাপেক্ষে এই প্ৰবন্ধটি এই মাহৰ সাহিত্য. অৰ্গত প্ৰকাশ কৰা হ’ল ৷ ইয়াৰ বাদে লিখনিটি আন ঠাইত পুনৰ মূদ্ৰণৰ বাবে লেখকৰ অনুমতি গ্ৰহণ কৰিব ৷ কপিৰাইট লেখকৰ — সম্পাদনা সমিতি )

সখীয়েকে সখীয়েকক খোৱাৰ পাং| ঢোঁৰাকাউৰীৰ লগত সখীয়েক টিপচী হাৰিল| টিপচীজনীয়েও হাৰিব বুলি আগতেই জানিছিল| জীৱন ৰক্ষা পৰাৰ বাবে টিপচীয়ে পেলালে বুদ্ধিৰ ঢাল; মাৰিলে চতুৰালিৰ জাল; ঢোঁৰাকাউৰীৰ ঠোঁট পখালি অহাৰ পাল | তাতেই ঘটি গ’ল মহা পয়মাল |

বৰপেটাৰ তৰুণ ফুকন প্ৰেক্ষাগৃহৰ মঞ্চত ’৯০ চনৰ এটা সন্ধিয়া চাই আছোঁ – ‘ঢোঁৰাকাউৰী আৰু টিপচী চৰাই’ সাধুটোৰ নাট্যৰূপ | নাট্যৰূপ দিছে, জিকা ফুলা আবেলিৰ কথা কোৱা কবি টিকেন দাস আৰু পৰিচালক চিন্ময় দাসে | এই সাধুটোত নাটকৰ বাবে থকা কঠিন প্ৰত্যাহ্বানটো হ’ল, সাগৰ আৰু জুই চৰিত্ৰ দুটা কি ৰূপত মঞ্চলৈ অনা যায় ? কঠিন যেন লগা এই চৰিত্ৰ দুটাৰ গাত নিহিত হৈ আছে নাটকীয় সম্ভাৱনা| পৰিচালকে সৃজনশক্তিৰ নিপুণতাৰে পোহৰ, সংগীত আৰু দলীয় শৰীৰ-ভাষাৰ সন্মোহন সানি সাগৰ আৰু জুইক মঞ্চত প্ৰক্ষেপ কৰা প্ৰণালী চাই দৰ্শকে হাতচাপৰি বজালে |

বুঢ়ী আইৰ সাধুৰ ‘নুমলীয়া পো’ সাধুটিক নাটকৰ আধুনিক আদব-কায়দাৰ আৰ্হিত আয়োজন কৰা ‘নোমল’ নামৰ একাংকিকা নাটক এখন চাইছিলোঁ | নাট্যকাৰ পংকজজ্যোতি ভূঞা | বিমল হাস্যৰ সুন্দৰ বিস্তাৰ| কিছু ঠাইত খবৰ-খাতি লৈ আধৰুৱাকৈ জানিলোঁ, যোৱা কেইটামান দশকত বুঢ়ী আইৰ সাধুৰ ভালেমান সাধুকথাক নাট্যৰূপ দি মঞ্চায়ন কৰা হৈছে|সাধুকেইটিৰ শৰীৰত থকা নাটকীয় উপাদানক নিৰ্ভৰ কৰিয়েই নাট্যৰূপ দিয়া হৈছে| এই প্ৰসংগলৈ পিছে-পৰে আহিম| আমি নিশ্চিত যে আমি আগবঢ়াবলৈ বিচৰা তালিকাখন অধিক দীঘলীয়া হব | আমি চুটি তালিকাখনকে আগবঢ়ালোঁ | কুকুৰীকণা, দুই বুধিয়ক, সৰবজান, জৰদ্‌গৱ ৰজাৰ উপাখ্যান, নুমলীয়া পো, তেজীমলা, পানশৈ আদি সাধুবোৰক ইতিমধ্যে নাট্যৰূপ দিয়া হৈছে আৰু ডিব্ৰুগড়ৰ পৰা বৰপেটালৈকে দৰ্শকে নাটকবোৰৰ সোৱাদ লৈছে | শিশুৰ বাবে লিখা বুঢ়ী আইৰ সাধুবোৰৰ ‘জৰদ্‌গৱ ৰজাৰ উপাখ্যান’ সাধুটিক ‘অন্ধৰাজ’ নাম দি সপোনজ্যোতি ঠাকুৰে ডাঙৰৰ বাবে মঞ্চনাট এখন ছপা আকাৰে প্ৰকাশ কৰিছে| জ্যোতিপ্ৰসাদ দাসেও ‘কুকুৰীকণা’ সাধুটিক অন্য নামেৰে পূৰ্ণাংগ নাটৰূপ দি পৰিৱেশন কৰা বুলি সংবাদ পাইছোঁ |

নাটক দৃশ্য-শ্ৰব্য কলা আৰু সাধুকথা পাঠযোগ্য ক্ৰিয়া; সাধুকথা মূলত: শ্ৰব্যধৰ্মী হোৱা বাবে সাধু বা সজকথাৰ দৃশ্যৰূপটো কল্পনাৰ পৰ্যায়ত শ্ৰোতা-পঢ়ুৱৈৰ মনোজগত সজীৱ ৰূপত থাকি যায়| এনে অৰ্থত সাধুকথা সাধুকথাই বা নাটক নাটকেই| সাধু যোগকথা অৰ্থাৎ কথাকেন্দ্ৰিক সাধুত দৃশ্য-সংলাপ-গতিপ্ৰধান নাটকৰ উপাদান বিচাৰি পোৱাটো পৰ্বতত কাছকণী বিচৰাৰ লেখীয়া বুলি ধাৰণা হ’লেও নাটকে সাধুকথাক আপোন ৰূপত সজাই-পৰাই দৰ্শকৰ আগত পৰিৱেশন কৰিছেই | ল’ৰালিতে পঢ়া সাধুবোৰ (বুঢ়ী আইৰ সাধু) এতিয়া চুলি পকিবলৈ ধৰা বয়সত আকৌ এবাৰ পঢ়ি কেইটামান নতুন দিশ উন্মোচন কৰিছোঁ| ‘টম এণ্ড জেৰী’. ‘ডোনাল্ড ডাক্‌’ আদিত সকলোৱে দেখিছেই; এতিয়া হেৰী প’টাৰৰ চিত্ৰৰূপ, নাৰনিয়াকে ধৰি ভালেমান হলীউড-বলীউডৰ কথাছবিত বুঢ়ী আইৰ সাধুকথাবোৰৰ নিচিনাকৈয়ে জীৱ-জন্তুবোৰে মানুহৰ দৰে কথা কয়, মানুহৰ নিচিনাকৈ আচাৰ-আচৰণ কৰে| এশ বছৰ পূৰ্বেই বুঢ়ী আইৰ সাধুৰ জীৱ-জন্তুবোৰে আজিৰ হলীউডৰ ছবিৰ চৰিত্ৰবিলাক (জীৱ-জন্তু)ৰ দৰে কথা-বতৰা কৈছিল| জীৱ-জন্তু আৰু মানুহৰ সাদৃশ্যমূলক আচাৰ-আচৰণ, হাব-ভাব, ভাষাই সাধুবোৰক কৰি তুলিছে জীৱন্ত আৰু কল্পনাময় | সাধুবোৰৰ এনে অতি বাস্তৱ অৱয়ব আৰু হাব-ভাবৰ প্ৰেক্ষাপটত আছে লোককথা আৰু লোকবচন-প্ৰবচনৰ প্ৰভাৱ | থাউকতে মনত পৰিছে – ৰ’দো দিয়ে বৰষুণো দিয়ে/খোৰা শিয়ালৰ বিয়া/কেৰ্কেটুৱাই তামোল কাটে (কুটে)/আমাকো এখন দিয়া| কেৰ্কেটুৱাই তামোল কুটিবলৈ এৰি এতিয়া যেতিয়া কাটিবলৈ লোৱা কথাটোৱে পঢ়ুৱৈ বা শ্ৰোতাক বিচিত্ৰ আমোদ দিয়ে, একেদৰে বান্দৰে কোদোবাহটো ঢোল বুলি বজালে বা কুকুৰীকণাই মেকুৰী বুলি শাহুমাকৰ হাতত জেওৰাখৰিৰ মাৰ শোধালে হাস্যৰ মজা লগা সোৱাদ পায় | শিশোৰ সুকীয়া ভাষা বুলি কোনো কথা নাই; শিশুৰ জগতখন ৰঙেৰে উপচি থাকে, থাকে কল্পনাৰ চমক, অতিবাস্তৱতাৰ বিশ্বাস-অবিশ্বাস আৰু ফেণ্টাচি | এই সকলোবোৰ বছা বছাকৈ বুঢ়ী আইৰ সাধুবোৰৰ কেইটামান সাধুত সানি-পিটিকি একাকাৰ কৰি থোৱা আছে আৰু এইবাবেই সিকিটা সাধুত আছে নাটকীয় উপাদান |

কল্পনাৰূপৰ পৰা দৃশ্যৰূপলৈ সাধুৰ কাহিনীভাগ আৰু চৰিত্ৰবিলাকক ৰূপান্তৰ কৰাৰ পৰত বা সাধু মাধ্যমৰ পৰা নাটকৰ মাধ্যমলৈ অনাৰ সময়ত স্বাভাবিকত কিছু সালসলনি কৰিবলগীয়া হয়| কিন্তু এনে স্বাভাৱিক সালসলনিয়ে সাধুৰ আবেদনৰ হানি-বিঘিনি নঘটাই বৰং সাধুটিৰ ৰহণ চৰাবলৈয়ে প্ৰয়াস কৰে| ‘ঢোঁৰাকাউৰী আৰু টিপচী চৰাই’ আৰু ‘নুমলীয়া পো’ (নোমল)ৰ নাট্যৰূপ চোৱাৰ সময়ত আমাৰ এনেকুৱা উপলব্ধিয়েই হৈছিল |

কল্পনাৰ পৰ্যায়ত থকা দৃশ্যৰূপ একোটাক সাধুকথাৰ পৰা নাটকলৈ সলনি কৰাৰ সময়ত সাধুৰ সন্মোহনক নিভাঁজ ৰূপত ৰাখিব পাৰিবনে? এই ধৰক ‘সৰবজান’ সাধুটিৰ ফৰিঙৰ পিঠা খাবলৈ মন গ’ল| আনে মৰা মৰণাৰ ধানত লুটি-বাগৰ মাৰি সাউত্‍‌কৈ এদোণ ধান আহিল, ধানৰ ওপৰত লিটি-বাগৰ মাৰি এদোণ ধান আনিবলৈ হ’লে ফৰিঙৰ এৰীয়া চাদৰখন দীঘলে-পুতলে কিমানটো হ’বগৈ? লাও হোৱা, পদুম হোৱা, তেজীমলাজনী লাওৰ মাজত, পদুমৰ পাহিৰ মাজত দৰ্শকৰ বাবে দৃশ্যমান হৈ থাকিব পাৰে নে নোৱাৰে? চিলনীৰ জীয়েকে গছৰ ওপৰতে ডাঙৰ-দীঘল কৰা কণমানিজনী দীপ্‌লিপ্‌ গাভৰুজনীয়েই হ’ল, কোনোবা পৰিচালকে চিলনীৰ বাহটো এটা ধুনীয়া আটোমটোকাৰি চাংঘৰৰ ৰূপত মঞ্চলৈ আনিলে দোষে চুব জানো ?

বুঢ়ী আইৰ সাধুৰ ভালেকেইটা সাধুত দুটা লক্ষণ প্ৰকট হৈ আছে আৰু এই লক্ষণ দুটা নাটকতো দেখা যায় অন্য ভাবত | ষ্ট’ৰি টেলিং বা সাধু কোৱা – প্ৰক্ৰিয়াটোত দুটা পক্ষ – কওঁতা আৰু শুনোতা|
কওঁতাজনে শুনোতাসকলৰ মনত কৈ থকা সাধুটিৰ প্ৰতি একাগ্ৰতা-আগ্ৰহ জন্মোৱাৰ বাবে, উপৰ্যুপৰি ৰহস্যৰ সূচনা কৰাৰ বাবে আৰু অন্তিম পৰ্যায়লৈ গৈ থকাৰ বাটত ৰসঘন ছাছপেন্স বঢ়াই লৈ যোৱা সাধুটি শেষ কৰাৰ পিছত শুনোতাই দীৰ্ঘশ্বাস পেলোৱা বা সাধুটো আগলৈ গৈ আছে, শুনোতাই এটাৰ পিছত এটা হাঁহিৰ খোৰাক পাই উত্‍ফুল্লিত হৈছে – এই কথাকতা আৰু শ্ৰৱণৰ ক্ষেত্ৰত কওঁতাজনৰ দায়িত্ব শুনোতাতকৈ গধুৰ | সাধুকথা এটিক নাটকলৈ সলনি কৰাৰ সময়ত আমি তিনিটা পক্ষ দেখা পাম – কওঁতাজন (এজন নহৈ এদলো হ’ব পাৰে), শুনোতাসকল আৰু দৰ্শকবৃন্দ| সাধুকথাত শুনোতাজনে শুনি থাকিয়েই নিজ নিজ কল্পলোকলৈ উৰা মাৰিব পাৰে| কিন্তি নাটকত কেৱল কথাকতাই দৰ্শকৰ মন ভৰাব নোৱাৰে| নাটকৰ তৃতীয় পক্ষ দৰ্শকসকলক মনোৰঞ্জন দিয়াৰ বাবে মঞ্চত পৰিৱেশিত নাটকত ৰং-ৰূপ-সংগীত সকলো লাগিব| লাগিব অভিনয় শিল্পীৰ গতি-প্ৰকৃতি| সাধুকথাত অদৃশ্য হৈ থকা কওঁতাজন নাটকত দৃশ্যমান হৈ উঠিব লাগিব আৰু এইবোৰ কাৰণতে সাহিত্যৰথীয়ে সাধুবোৰৰ কঁকালৰ ৰছীত যুটি থৈ দিছে নাটকীয় উপাদানৰ একোছা চাবি| দুই-এটা দৃষ্টান্তলৈ মন কৰিব| ’ঢোঁৰাকাউৰী আৰু টিপচী চৰাই’ সাধুটি আৰম্ভ হৈছে এনেদৰে – ‘এক বোলে…!’ প্ৰায়বোৰ সাধুৰে আৰম্ভনি কৰা হৈছে কথকতাৰ ভংগীৰে – ‘এক সাউদৰ দুজনী ঘৈনীয়েক আছিল’৷ ‘এহাল বুঢ়া-বুঢ়ি আছিল’, ‘এখন দেশত এটা কুমাৰ আছিল’— এনে আৰম্ভনিৰে সাধুবোৰৰ কথকতাই অতীতচাৰণৰ পিনে আগবাঢ়োতে শ্ৰোতাৰ মনোভংগীয়ে কোনোবা পাকত সাধুৰ অতীত আধাৰ পাহৰি প্ৰশ্ন কৰে – ‘তাৰ পিছত কি হ’ল ?’ শ্ৰোতাই ‘তাৰ পিছত কি হৈছিল’ বুলি সাধাৰণতে প্ৰশ্ন নকৰে | এইটো কাৰণতে সাধুবোৰ বৰ্তমানশূন্য যেন লাগিলেও আচলতে যিকোনো সময়ৰ বাবে প্ৰাসংগিক হৈ উঠাৰ চেতনামুখী সোঁত এটা সাধুবোৰৰ সিৰা-ধমনীত বৈ আছে| সাধুবোৰৰ এই অনবদ্য বৈশিষ্ট্যটোৱেই নাটকীয় উপাদানৰ অন্বেষণৰ প্ৰাথমিক চৰ্ত পূৰণ কৰে| সাধুবোৰৰ কথাকতা বা বৰ্ণনাভংগী আমি মহাভাৰতৰ সূত বা চাৰণ কবিসকলৰ মাজতো দেখা পাওঁ, দেখো ভাওনাৰ সূত্ৰধাৰৰ কণ্ঠত অথবা গ্ৰীক নাটকৰ কোৰাছত | চমুকৈ কবলৈ গ’লে বুঢ়ী আইৰ সাধুবোৰৰ পাতনিতে আছে নাটকৰ বাটচ’ৰা | প্ৰায়বোৰ সাধুৰ শেষত এষাৰি কথা আছে – ‘‘আমাৰ কাপোৰ-কানি ক’লা হ’ল, ঘৰলৈ উভতি আহিলোঁ|” সাধুকথাকেইটাৰ এনেধৰণৰ পৰিসমাপ্তিয়ে দুটা নাটকীয় উপাদানৰ ইংগিত দিয়ে | এক, সাধুটি যে সাধু, সাধুৰ অৱস্থান যে বাস্তৱতাৰ পৰা নিলগত, সাধুটো শুনাৰ পিছত বাস্তৱলৈ প্ৰত্যাৱৰ্তন কৰিব লাগে অথবা সাধুটোৰ প্ৰতি শেষত এটা মানসিক বিচ্ছিন্নতা গঢ়ি তোলা (alienation) প্ৰয়োজন, এনেধৰণৰ ইংগিত নাটকেও বহন কৰে| দুই, সাধুটোৱে শেষত কাপোৰ ক’লা হোৱা কথাটো যে ক’লে আমি ভালেমান দিন সাধুটোৰ বোকোচাত উঠি ফুৰিছিলোঁ নেকি বাৰু ? আধাঘণ্টা না এঘণ্টাত শেষ হোৱা সাধুটোৰ কাহিনীকাল আৰু ক্ৰম এমাহ, এবছৰ বা কেইবাবছৰৰ, এই কথাটোক পতিয়নযোগ্য কৰি তোলাৰ বাবে ‘কাপোৰ ক’লা’ হোৱাৰ কথা কৈছে নেকি? ঘৰলৈ অহাৰ কথা যে ক’লে, সাধু শুনাসকল ঘৰত নাছিল নেকি? তেওঁলোক ক’লৈ গৈছিল, কিয় গৈছিল? এনে সজাগতাই সাধুটোক সোনকালে মনৰ পৰা মচি নেপেলায়, দীৰ্ঘ সময়লৈ মনত ৰৈ যোৱাৰ মানসিক আয়োজনটোহে সম্পূৰ্ণ কৰে| এই বাক্যটিয়ে সাধুবোৰত নাটকীয় উপাদান অন্বেষণৰ নতুন সমল দিব পাৰিব বুলি আমি ভাবোঁ| গুৰিৰ পৰা আগলৈ নগৈ, আগৰ পৰা গুৰিলৈ ওভতনি যাত্ৰাৰে সাধুবোৰক নাট্যৰূপ দিয়াৰ সুযোগ আছে |

সাধুবোৰৰ দেহত সাহিত্যৰথীয়ে সুৰ-সংগীতৰ সম্ভাৱনাক প্ৰকট ৰূপত প্ৰতিষ্ঠা কৰি গৈছে| ‘ঢোঁৰাকাউৰী আৰু টিপচী চৰাই’ত কাউৰীসুৰীয়া মাত – ‘দে পানী পখালো ঠোঁট/ভোজন কৰো টিপচী গোট’ আৰু সদৌ শেষত কোৰাছৰ আৰ্হিত গাব পৰাকৈ লিখিছে – ‘‘ঢেঁকীয়াই মেলিলে ঠোঁৰ/মোৰ কথাৰ পৰিল ওৰ/তামোলে মেলিলে ডাবি/কোন ক’লৈ যাবি/ক’লা মেকুৰীৰ বগা কাণ/ডাকি বোলা ৰাম ৰাম ||’’ একেদৰে ‘বাঘ আৰু কেকোঁৰা’ত ‘‘ৰণশিঙা খঙশিঙা কোনে বায় ?’’ পকা আমটি কোনে খায় ? ‘তেজীমলা’ ‘‘সাধুত হাতো নেমেলিবি, ফুলো নিছিঙিবি…’’, চিলনীৰ জীয়েকৰ সাধুত ‘আঁহতৰ পাত লৰে কি চৰে/চিলনী আই মোৰ আগতে পৰে |’’… সমন্বিতে ‘‘তুলা আৰু তেজা’ সাধুৰ সাংগীতিক মাত্ৰা, ‘চম্পাৱতী’ৰ ‘‘হুৰ হুৰ বতা চৰাই…’’ এইবোৰ একে আষাৰতে নাটকীয় উপাদান বুলি ক’ব পাৰি | সমসাময়িকীকৰণ আৰু পুনৰ নিৰ্মাণৰ যোগেদি সাধুৰ কাহিনী আৰু চৰিত্ৰবিলাকক দৰ্শকৰ আৰ্ৰু আকৰ্ষণীয় কৰি তোলাৰ সুন্দৰ সুযোগ আছে |

অৱশ্যে নকৈ নোৱাৰি দুই-এটা সাধুকথাক নাট্যৰূপ দিবলৈ হ’লে মূল সাধুৰ কিছুমান কথা বাদ দিব লাগিব | বিশেষকৈ মাকক কাটি পেলোৱা, ঘৈণীয়েকক পুতি পেলোৱা ধৰণৰ কথাবোৰে শিশুমনক আমনি কৰিব পাৰে |

শেষত ‘কাঞ্চনী’ সাধুটিৰ কাউৰী আৰু কাঞ্চনীৰ নাটকীয় মুহুৰ্ত এটিলৈ চাওক | গিৰীয়েকৰ তেজেৰে ঠোঁট ৰাঙলী কৰা কাউৰীৰ সংলাপ –
কাউৰী : কাঁচনী কাঁচনী নববি কাঁচনী, জালিতাত এবেলি থ/বৰচ’ৰাৰ মুখতে ৰজাই শালত দিছে, তাকে চাবলৈ ব’ল |
কাউৰীৰ কথা শুনি কাঞ্চনীয়ে কৈছে –
কাঞ্চনী : তোৰ তেজেৰে ৰাঙলী ঠোঁটতো দেখি, মোৰ গাত লাই-সৰিয়হ ফুটিছে|
পিছমুহুৰ্ততে আকৌ সুধিছে –
কাউৰী কাউৰী অজাতি কাউৰী, কি খাই বোলালি ঠোঁট ?
কি অপূৰ্ব নাটকীয় মুহুৰ্ত সৃষ্টি কৰিব পৰা যায় ৷

————————————————————————————————

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments