বুৰঞ্জীবিদ ড. লীলা গগৈৰ সাহিত্যিক জীৱন:এক আলোকপাত (- ঈষাণজ্যোতি বৰা)

“আমাক এখন আধুনিক বিজ্ঞানসন্মত বুৰঞ্জী লাগে ৷ অসমৰ বুৰঞ্জী ৷ কোনখন অসমৰ ? আজিৰ ৰাজনীতিয়ে ভেটা মাৰি দিয়া জকাইচুকীয়া অসম নে তাহানিৰ উত্তৰে হিমালয় পৰ্বত, দক্ষিনে সাগৰৰ পাৰ,পূৰ্বে পাটকাই পৰ্বত আৰু পশ্চিমে আজিৰ বিহাৰ ৰাজ্যৰো এছোৱা সামৰি থকা প্ৰাগজ্যোতিষ কামৰূপ অসম?ভৌগোলিক অসম নে সাংস্কৃতিক অসম ?আজিৰ অসমৰ বুৰঞ্জী লিখিবলৈ হলে তাহানিৰ প্ৰাগজ্যোতিষ কামৰূপৰ সীমা ধৰি বিষয়-বস্তু বিচাৰ কৰিব লাগিব ৷সেইদৰে ৰজাৰ বা ৰজা ঘৰৰ বুৰঞ্জী নহৈ দেশৰ মানুহৰ বুৰঞ্জী লিখিব খুজিলেও সকলো জাতি-গোষ্ঠীৰ মানুহৰ জীৱনৰ সম্যক বাতৰি দিব লাগিব ৷ ”

অসমৰ এখন আধুনিক বিজ্ঞানসন্মত বুৰঞ্জী ৰচনা কৰাৰ বাবে এইদৰে পৰিকল্পনা কৰা বিশিষ্ট বুৰঞ্জীবিদ তথা সাহিত্যিক গৰাকী হল ড.লীলা গগৈ ৷ শিৱসাগৰৰ দৰে এখন বুৰঞ্জীপ্ৰসিদ্ধ ঠাইত জন্মলাভ কৰা গগৈদেৱ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা আৰু জনজাতীয় সংস্কৃতি বিভাগত গৱেষক হিচাপে নিযুক্ত হৈ থকাৰ সময়চোৱাতে নতুন অসমীয়া কাকতৰ সম্পাদনাৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰত ‘স্পকেন-ৱৰ্ড’ প্ৰডিউচাৰ হিচাপেও কাম কৰা গগৈদেৱে ১৯৮২ চনত অসমীয়া বুৰঞ্জী-সাহিত্যৰ সমালোচনাত্মক অধ্যয়নশীৰ্ষক গ্ৰন্থৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট উপাধি লাভ কৰে ৷

এইজনা প্ৰতিভাধৰে নিজৰ ৬৪ বছৰীয়া জীৱনকালত কেইবাখনো মূল্যৱান তথা তথ্যগধুৰ গ্ৰন্থৰচনাৰে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি থৈ যায় ৷  ড.লীলা গগৈৰ দ্বাৰা ৰচিত বুৰঞ্জীমূলক গ্ৰন্থসমূহৰ ভিতৰত বুৰঞ্জীয়ে পৰশা নগৰ (১৯৫৭), হেৰোৱা দিনৰ কথা (১৯৫৭), শৰাইঘাট যুদ্ধৰ কথা(১৯৭৭) , বেলি মাৰ গ’ল(১৯৮৩), বুৰঞ্জীয়ে কথা কয়(১৯৯১) , চিন্তাৰ স্বাক্ষৰ (১৯৯২), হাঁহি আৰু বাঁহী (১৯৮৫)আদি অন্যতম৷  মণিৰাম দেৱানৰ গীত(১৯৫৭) , অসমীয়া লোক-গীতি (১৯৫৭), জোন বাই এ তৰা এটি দিয়া (১৯৫৭), বিহুগীত আৰু বনঘোষা(১৯৬৯) শীৰ্ষক কেইবাখনো লোক-সাহিত্য বিষয়ক গ্ৰন্থও গগৈদেৱে ৰচনা কৰে ৷ গগৈদেৱৰ দ্বাৰা ৰচিত ‘অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা’ (১৯৬৮) অসমীয়া সাহিত্য জগতলৈ এক উল্লেখযোগ্য অৱদান ৷ অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ পৰি থকা কিছুমান লোক-সাহিত্যৰ মুকুটা বুটলি আনি তেওঁ এই গ্ৰন্থ ৰচনা কৰিছে ৷ গ্ৰন্থখনত লোক-সাহিত্য,মন্ত্ৰ সাহিত্য,সাঁথৰৰ পৰা আৰম্ভ কৰি লখিমী সবাহৰ নাম,অপেচৰা সবাহৰ নাম,নাওখেলৰ গীত,জনা গাভৰুৰ গীত,মণি-কোঁৱৰ-ফুল কোঁৱৰৰ মালিতা,সাধু-কথাকে ধৰি কেইবাটাও উৎকৃষ্ট প্ৰৱন্ধই ঠাই পাইছে ৷  তেখেতৰ সংস্কৃতিমূলক গ্ৰন্থৰ ভিতৰত আহোম জাতি আৰু অসমীয়া সংস্কৃতি(১৯৬১) , বিহু:এটা সমীক্ষা (১৯৬৯),টাই সংস্কৃতিৰ ৰূপৰেখা(১৯৭১),সাহিত্য-সংস্কৃতিৰ বুৰঞ্জী(১৯৭২),অসমৰ সংস্কৃতি(১৯৮২) আদি লেখত লবলগীয়া ৷  ৰম্য সাহিত্য ৰচনাতো ড.লীলা গগৈদেৱৰ বিশেষ দখল আছিল ৷ তেখেতৰ কলমত প্ৰাণ পাই উঠা বহুকেইখন গ্ৰন্থই সেই কথাৰ প্ৰমাণ দিয়ে ৷ কপলিং চিগা ৰেল(১৯৫৯),বিয়েৰিং চিঠি(১৯৭৬),বৃকোদৰ বৰুৱাৰ বিয়া:প্ৰথম খণ্ড(১৯৭৭), বৃকোদৰ বৰুৱাৰ বিয়া:দ্বিতীয় খণ্ড (১৯৭৭), বিশেষ কি লিখিম(১৯৭৮),ঘেৰঘেৰী বাছ(১৯৮১),মুকলি চিঠি(১৯৮৫) আদিৰ দৰে মনোৰম গ্ৰন্থ পাঠকক উপহাৰ দিয়ে ৷

প্ৰধানত: গগৈদেৱ বুৰঞ্জীবিদ আছিল যদিও তেখেতে শিশুৰ মনোৰম জগতখনতো প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ৷ সোণতৰা(১৯৫৪),খঁৰা শিয়ালৰ বিয়া(১৯৫৪),পোণাকনৰ মৰম(১৯৫৫),অনুপম কোঁৱৰৰ সাধু(১৯৫৯),লাচিত বৰফুকন(১৯৬২),ৰংমনৰ কথা(১৯৬৩),জয়মতী কুঁৱৰী আৰু মূলাগাভৰু(১৯৬৩),ভাৰতৰ
কথা(১৯৭২) আদি কেইবাখনো মননশীল গ্ৰন্থৰচনাৰে তেখেতে শিশু-সাহিত্যৰ ভড়ালটো চহকী কৰি থৈ গৈছে ৷ তেওঁৰ শিশুগ্ৰন্থসমূহ সহজ-সৰল ভাষাত ৰচিত আৰু ইয়াৰ বিষয়বস্তুও আকৰ্ষনীয় ৷

গগৈদেৱৰ দ্বাৰা ৰচিত ডকাইত কোন(১৯৫৭),সৰগৰ মুকুতা(১৯৫৭) ,নৈ বৈ যায়(১৯৮৩) আদি উপন্যাসে পাঠকৰ হৃদয় জয় কৰিছিল ৷ অসমীয়া সংস্কৃতি(১৯৬৬),অসমীয়া গ্ৰন্থপঞ্জী(১৯৭২),কুমাৰ হৰণ(১৯৭২),কালিয়া দমন(১৯৭১),চোৰধৰা(১৯৭২)যতিন্দ্ৰ নাথ দুৱৰা:কবি আৰু কবি প্ৰতিভা(১৯৮৭),আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়(১৯৯০) আদি কেইবাখনো গ্ৰন্থ তেখেতে সম্পাদনা কৰিছিল ৷  ইংৰাজী ভাষাটো গগৈদেৱে কেইখনমান অতিমূল্যৱান গ্ৰন্থ ৰচনা কৰি থৈ যায় ৷ তেওঁৰ দ্বাৰা ৰচিত কেইখনমান বিশ্লেষণমূলক ইংৰাজী গ্ৰন্থ হ’ল –The Tai Khamtis North-East India(1971),The Buranjis: Historical Literature of
Assam(1986),The history of the System of Ahom Administartion(1991) ৷ ‘সাহিত্য:দুটিমান আলোচনা’(১৯৮৩) শীৰ্ষক গ্ৰন্থখনত অসমীয়া সাহিত্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰা হৈছে ৷ সাহিত্যত হাস্যৰস,মনোধৰ্মী খুহুতীয়া ৰচনা,যতীন দুৱৰাৰ ব্যক্তি জীৱন,মাধৱ কন্দলি আৰু মহা মাণিক্য,বেজবৰুৱাক ভাল পাওঁ কিয় আদিকে ধৰি সৰ্বমুঠ ষোল্লটা প্ৰৱন্ধ সন্নিৱিষ্ট হৈছে ৷ গ্ৰন্থখনত ঠাই পোৱা প্ৰতিটো প্ৰৱন্ধতে গগৈদেৱৰ গম্ভীৰ চিন্তা-চৰ্চাৰ পৰিচয়
পোৱা যায় ৷

১৯৯৪ চনৰ অসম সাহিত্য সভাৰ ষষ্টিতম অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰা গগৈদেৱৰ অসমীয়া সাহিত্যলৈ অৰিহণা শলাগিবলগীয়া ৷ গ্ৰন্থৰচনাৰ ক্ষেত্ৰত গভীৰ চিন্তা-চৰ্চা আৰু অধ্যৱসায়ৰ পৰিচয় দি অসমীয়া সাহিত্যৰ জগতলৈ নি:স্বাৰ্থভাৱে আগবঢ়োৱা অৱদানৰ বাবে প্ৰতিজন অসমীয়া তেখেতৰ ওচৰত কৃতজ্ঞ হৈ ৰ’ব ৷

শেষত,গগৈদেৱে সাহিত্য সভাৰ সভাপতিৰ আসনৰ পৰা দিয়া বক্তব্যৰ কিছু অংশৰে এই লেখাৰ সামৰণি মাৰিব খুজিছোঁ –
“আমি এদিন আমাৰ দেশ,আমাৰ মাটি-ভেটি ৰক্ষা কৰিবলৈ মাৰ বান্ধি থিয় দিছিলো;আমিয়েই শৰাইঘাটত সন্মিলিত হৈ জয়ৰ নিচান উৰুৱাই আগবাঢ়ি গৈছিলোঁ ৷ আজিও আমি আমাৰ পৰ্বত-ভৈয়ামৰ জাতি-উপজাতি-জনজাতি সন্মিলিত হৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ ভাষা-সাহিত্য সংস্কৃতি ৰক্ষা কৰিবলৈ আগবাঢ়ি যাওঁ ৷ মনত ৰাখিব,আমি মানুহ,আমি একে মানুহৰ তেজ মঙহৰ সন্তান,আমাৰ আশা-আকাঙ্খা একে,আমাৰ সমস্যা একে৷ মানৱতাৰে আদৰ্শৰে উদ্বুদ্ধ মহান সাহিত্যই আমাক ঐক্যবদ্ধ হৈ কাম কৰিবলৈ প্ৰেৰণা দিয়ক আৰু অমৰ হৈ থাকক ৷ ষড়যন্ত্ৰকাৰী কূট কৌশল,আক্ৰমণকাৰীৰ গতি দুৰ্বাৰ শক্তিৰে প্ৰতিহত কৰিবলৈ আমাৰ দেহত বল,মনত শক্তি আৰু বুকুত সাহস দিয়ক ৷ ”

(লেখাটো তৈয়াৰ কৰোতে শ্ৰদ্ধেয় সমীন কলিতা দেৱৰ ‘শতাধিক অসমীয়া সাহিত্যিক’ শীৰ্ষক গ্ৰন্থখনৰ সহায় লোৱা হৈছে ৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক