বৃকোদৰ পুৰাণ- (জ্যোতিৰূপম দত্ত)

-দিনৰ দিনটো খায়েই থাকিব, গোটেই দিনটো ফষ্টি মাৰি শুব, কচৰতৰ নামত আঙুলি এটাও লৰোৱা দেখা নাপাওঁ৷ এইটো দেহা নহয় চিলিণ্ডাৰহে হৈছেগৈ আৰু…

হে পৰভু! আকৌ আৰম্ভ হৈয়েই গ’ল৷ গধুৰকৈ ব্ৰেকফাষ্ট কৰি ইজি-চেয়াৰখনতে হেলান দি চকুদুটা অলপ মুদিবলৈ পালোহে মাত্ৰ, নাটকৰ বচন মতা আৰম্ভ হ’লেই৷

অমুকাৰ পিছে খোৱাত অলপ অচৰপ ৰাপ নথকা নহয়৷ কিনো কৰিম? একেটাই জীৱন৷ খোৱা বস্তু হাততে পালে সহজেই এৰি দিমনে? হওঁঁতে ক্ষীণ হোৱাৰ বিধান বিচাৰি ডাক্তৰৰ ওচৰলৈ যোৱাও হৈছিল৷ ডাক্তৰ মানে একেবাৰে নাম কৰা ডায়েটিচিয়ান৷ মোক উৰাই ঘূৰাই জেৰা কৰি ব্ৰেকফাষ্টৰ পৰা ডিনাৰলৈ আদ্যোপান্ত সুধিলে৷ কাষতে থকা শ্ৰীমতীৰ ৰঙা চকুলৈ এবাৰ চাওতেই মোৰ মোৰ মুখেৰে প্ৰতিদিনৰ খাদ্যৰ বিস্তাৰিত বৃত্তান্ত সৰসৰকৈ ওলাই গ’ল৷ ব্ৰেকফাষ্টত খোৱা দহখন দগধা ৰুটিৰ পৰা ৰাতিৰ সাজৰ দমৰা গৰু পাৰ হব নোৱাৰাকৈ কাঁহীত লোৱা ‘চাইটামান’ ভাতৰ কথালৈকে নিৰহ-নিপানীকৈ কলো৷

কথাখিনি শুনি শেষত ব্যৱস্থাপত্ৰ লিখি ক’লে

-আজিৰে পৰা পুৱা এবাটি দাইলৰ সৈতে দুখন শুকান ৰুটি, দুপৰীয়া সময়ত এবাটি দাইলৰ সৈতে এখন শুকান ৰুটি আৰু ৰাতি এবাটি দাইল খাব লাগিব৷ ইয়াৰ উপৰিও ঘৰৰ দুই এটা কাম-কাজ কৰিব লাগিব৷

ময়ো কথাষাৰ শলাগি ঘৰলৈ আহি সেইমতে খোৱা আৰম্ভ কৰিলো৷ মানে পুৱা এবাটি দাইল আৰু দুখন শুকান ৰুটি খাই লৈহে ব্ৰেকফাষ্টত ধৰো৷ তেনেদৰেই ডিনাৰৰ আগে আগে এবাটি দাইল খাই লও৷

সেইবুলি একেবাৰে কাম-কাজ নকৰাকৈ নাথাকো দেই! পুৱাবেলাতে উঠি খোজ কাঢ়ো, কুঁৱাৰ পৰা প্ৰায় ত্ৰিশ-চল্লিছ বাল্টি পানী উঠাও, তাৰ পাছত চিৰিত উঠা নমা কৰো৷ মানে পুৱাবেলা হকাৰটোৱে দলিয়াই থৈ যোৱা বাতৰিকাকতখন আনিবলৈ পদূলিলৈ খোজ কাঢ়ো, তাৰ পাছত টেংকীত পানী উঠাবলৈ মটৰৰ চুইছটো অন কৰি পানী উঠি ভৰ্তি হোৱালৈ অলপ সময় থিয়ৈ থিয়ৈ জিৰাই লও, তাৰ পাছত তিনিটা চিৰি বগাই বাৰাণ্ডাত উঠি দীঘলকৈ উশাহ এটা লও৷ এইখিনি কামো বৰ কম নহয় দেই!

পিছে ডাক্টৰৰ বিধান আখৰে আখৰে পালন কৰাৰ পাছতো মোৰ ওজন কমাৰ নামেই নলয়! ইফালে পুৱা-গধূলি মোৰ উদ্দেশ্যি এওঁৰ ‘কুম্ভকৰ্ণ চালিচা’ পাঠ চলিয়েই থাকিল৷

এদিন থিৰাং কৰিলো যে ব্যায়াম কৰাই আৰম্ভ কৰো৷ কথা মতেই কাম৷ পিছদিনাই তিনিআলিত নতুনকৈ খোলা সুদৃশ্য ‘জিম’টোলৈ গৈ দিহা পৰামৰ্শ ল’লো৷ ইফালে সিফালে চকু ঘূৰাই চাই হালি জালি ‘জিম’ কৰি থকা লাহী-আটিল শৰীৰৰ ললনা কেইগৰাকীমান দেখি থাউকতে সিদ্ধান্ত লৈয়েই পেলালো যে পিছদিনাৰ পৰাই আৰম্ভ কৰিম৷ কথা মতেই কাম৷ পিছদিনা সময়ত গৈ হাজিৰ হ’লো৷ প্ৰশিক্ষকজনো চেঙেলীয়া৷ ল’ৰাজনে মোৰ দেহৰ জোখ-মাখ লৈ কিবাকিবি এসোপা প্লেন-প্ৰগ্ৰেম বনাই দিলে৷ খোৱা-বোৱাৰ কিবাকিবি কথাও ক’লে৷ তাৰ পাছত দুই এটা সৰু সুৰা প’জ শিকাই দি লাহে লাহে আৰম্ভ কৰিবলৈ ক’লে৷

সেই সময়ত ‘জিম’টো এগাল ডেকা-ডেকেৰীৰ পৰা আদহীয়া লোকেৰে ভৰি আছিল৷ প্ৰত্যেকেই কিবা নহয় কিবা এটাত ব্যস্ত হৈ আছিল৷ ময়ো ইফালে সিফালে চাই প্ৰশিক্ষকজনে দেখুৱাই দিয়াৰ দৰেই আৰম্ভ কৰিবলৈ ধৰিলো৷ অলপ সময় পাছতে নাকত এটা সুতীব্ৰ গোন্ধ লাগিল৷ উস! ইমান দিন যেন এইটোকে বিচাৰি আছিলো৷ ডিঙি মেলি ইফালে সিফালে চোৱা-চুই কৰি সেই গোন্ধৰ উৎসটো অনুসন্ধান কৰিবলৈ লওঁঁতেই প্ৰশিক্ষকজন আহি সুধিলে,

-আপোনাৰ কিবা অসুবিধা হৈছে নেকি বাৰু?

মই ক’লো – নহয়, এটা ধুনীয়া গোন্ধ পাইছো হে! ক’ৰপৰা আহিছে?

– আমাৰ ‘জিম’টোৰ তলতেই ৰেস্তোৰা এখন আছে৷ তাৰেই গোন্ধ৷

– মই ঠিক ধৰিছিলো৷ এয়া ‘চিকেন বাটাৰ মছালা’ৰ গোন্ধ, বুইছা ভাইটি৷ এবাৰ মই দিল্লীৰ চান্দনী চ’কত এখন দোকানত ‘চিকেন বাটাৰ মছালা’ খাইছিলো৷ কি যে লোভনীয় গোন্ধ, কি ৰং, কি সোৱাদলগা চিকেন! বুইছা তাতে আকৌ মাংসখিনিৰ ওপৰত এহেতামান মাখন ঢালি দিয়ে৷ কি যে মলমলীয়া মিঠা গোন্ধ! আজিলৈকে তেনে ‘চিকেন বাটাৰ মছালা’ কতো পোৱা নাই৷ পিছে আজিৰ সেই গোন্ধটো সেইখনৰ দৰে একেবাৰে একে পাইছো৷ হেৰি নহয়৷ এইবোৰ কাইলৈকে কৰিম দিয়া৷ আজি অলপ সোনকালে যাওঁঁ৷

এইবুলি ব্যায়ামপৰ্ব সিমানতে সামৰি ‘জিম’টোৰ তলত থকা ৰেস্তোৰাখনলৈ পোনাই দিলো৷ ব্যায়াম কৰা পিছে পৰে হৈ থাকিব কিন্তু এনে ধুনীয়া ‘চিকেন বাটাৰ মছলা’ৰ সোৱাদ নোলোৱাকৈ থাকিলে হব জানো? ধোঁৱা ওলাই থকা কোমল কোমল গৰম ফহফহীয়া ‘বাটাৰ নান’ৰ লগত সেই বিশেষ ‘চিকেন বাটাৰ মছালা’ বৰ তৃপ্তিৰে খালো৷ তাৰ পাছৰ কেইদিনমানো ‘জিম’লৈ বুলি ওলাই গৈ ৰেস্তোৰাখনলৈহে যোৱা হ’লো৷ পিছে এদিন ব্যায়াম কৰি অহা পোছাকত ঘামৰ সলনি ‘চিকেন বাটাৰ মছলা’ৰ থুপথুপীয়া জোলৰ দাগ দেখা পাই শ্ৰীমতীয়ে সেইদিনাৰ পৰাই মোৰ ‘চিকেন-ব্যায়াম-মছালা’ৰ সোৱাদ লোৱা পৰ্বৰ ইতি পেলালে৷

পিছে ঘটনা তাতেই শেষ নহয়৷ ওজন কমোৱাৰ বাবে চেগা চোৰোকাকৈ চিন্তা-চৰ্চা চলিয়েই থাকিল৷

সিদিনা আবেলি সময়ত বজাৰত বৰুৱাক দেখা পালো৷ বৰুৱাক প্ৰথম দেখাত মই চিনিবই পৰা নাছিলো৷ তেৱেই মোক উপযাচি মাতিলতহে কেনেবাকৈ চিনি পালো৷ পিছে বৰুৱাৰ বৰ্তমানৰ চেহেৰা দেখি মোৰ একেবাৰে বিচুৰ্তি খোৱা অৱস্থা! ছমাহ আগতে দেখা সেই আঢ়ৈমোণীয়া বিশাল বপুৰ প্ৰকাণ্ড মানুহটো এতিয়া তেনেই লেৰেলা-চেপেটা হৈ গ’ল দেখোন! আও! ই কেনেকৈ সম্ভৱ! মনত চিন্তা এটাও সোমাল যে শ্ৰীমতীয়ে কেনেবাকৈ বৰুৱাৰ এনে চিৰি-চেহেৰা দেখিবলৈ পালে মোৰ অৱস্থা তেনেই শেষ হ’ব!

বৰুৱাক আথে-বেথে অলপ আঁতৰলৈ মাতি নি সুধিলো,

–কথা এটা সোধো৷ বেয়া নাপাব৷ কেনেকৈ কমালে বাৰু? খোৱা বোৱা কি কৰে?

বৰুৱাই লাহেকৈ মিচিকিয়া হাঁহি এটা মাৰি কলে – একো বিশেষ নাই৷ খোৱা বোৱা কৰিয়েই কমাবলৈ পাৰিছো৷ আগতে তিনি টাইমহে খাইছিলো৷ এতিয়া প্ৰায়ভাগ সময় খায়েই থাকো৷ তাকো বেছিভাগ সময় মিঠা বস্তু!

মোৰ চকু কপালত উঠিল৷ কি কথা বাৰু! মই ইমানদিনে এনে ধৰণৰ উপায় এটাকেই বিচাৰি আছিলো৷ আজি বিতংকৈ খবৰ বাতৰি কৰি কাইলৈৰ পৰা ইয়াকেই আৰম্ভ কৰি দিম৷

– হেৰি নহয়৷ অলপ ডিটেইলছত ক’ব পাৰিব নেকি? মানে বস্তুবিধৰ কথা ৷ ক’ত কিনিবলৈ পায় বাৰু? দাম একা?

মোৰ প্ৰশ্নবাণ শেষ হ’বলৈ নৌ পাওতেই বৰুৱাই মোৰ হাতত সাউতকৈ কিবা এটা তুলি দি ক’লে –

– আপুনিও আজিৰ পৰা আন খোৱাবস্তু বাদ দি অনবৰতে এইটো খোৱা আৰম্ভ কৰি দিয়ক৷ চাই থাকক৷ এক মাহতেই আপোনাৰ ওজন অট’মেটিক কমি যাব! হো, এইটো লওক!

মোৰ হাতৰ তলুৱাত চেপেটা ছুইংগাম এটা!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments