বৃক্ষবৰ্ণন – মেঘনা চৌধুৰী

বিৰিণা বনৰ আঙঠিটো

সপোনটোৱে মোক খেদি ফুৰে৷ মই চমকি উঠো৷ জীয়া পুখুৰী এটা কেনেকৈ মৃত হ’ব পাৰে? কম্পনবিহীন মৰা পানীবোৰত কোনো অস্তিত্ব নাথাকে৷ প্ৰতিবিম্বিত নহয় আকাশৰ নীলা৷ শেলুৱৈ গজা ঘাটত বহি মই বাৰে বাৰে পানীলৈ শিল দলিয়াওঁ৷ কিন্তু পুখুৰীটোক জীয়াই তুলিব পৰাকৈ মোৰ সপোনৰো সামৰ্থ নাথাকে৷
এদিন সেই ঘাটত বহি সাত্যকিয়ে মোক সুধিছিল, ‘কিমানেনো মৰাৰ পিছত পৃথিৱীখনত সেউজীয়া এৰি যাব পাৰে? ’ মই তাৰ ফালে ভেবা লাগি চাই ৰৈছিলোঁ৷ পাৰৰ শালগছৰ পৰা সৰি পুখুৰীৰ পানীখিনিত জাহ যোৱা পাতবোৰলৈ দেখুৱাই সি কৈছিল, ‘হালধীয়া শুকান পাতবোৰে গলাৰ পৰতো এৰি যায় এখন ডাঠ সেউজীয়া আৱৰণ৷ ’

তাৰ কথাবোৰে মোক বহু পৰলৈ মোহ লগাই থ’ব পাৰিছিল৷ সেউজীয়াৰ ভাৱনাত ডুবি থাকোঁতেই মই কৈছিলোঁ, ‘ককাই পাতি যোৱা বাৰীখনলৈ চালেই মোৰ মন ভৰে৷ আচৰিত হওঁ, ককা নাই, অথচ গছবোৰ আছে৷ ককাৰ দৰে মানুহবোৰে মৃত্যুৰ পিছতো জীৱন এৰি যায়৷ আনকি মোৰ নামটোকো ককাই সেউজ কৰি থৈ গৈছিল চোৱানা৷ ’

শিলগুটি এটা পুখুৰীলৈ মাৰি পঠিয়াইছিল সি৷ পানীৰ বুকুৰ বৃত্তবোৰলৈ চায়েই সি কৈছিল, ‘ককাহঁতৰ দৰে মানুহবোৰ নিজেই একোজোপা গছ৷ ৰঙা আৰু ক’লাৰ আচ্ছাদনতো এই মানুহবোৰেই গছ হৈ গজে৷ ’

: এইবোৰ ক’লা, ৰঙা মই বুজি নাপাওঁঁঁ সাত্যকি৷ হাতত বেছি দিন নাই৷ তুমি কি কৰিবা?
হঠাৎ কথাৰ আঁতটো চিঙি দিয়াত তাৰ সামান্য খং উঠিল৷

: তুমি দিল্লীলৈ গুছি যাব খুজিছা, যোৱা৷ কিন্তু মই নাযাওঁ৷ মোক জোৰ নকৰিবা৷
তাৰ মাতটো অলপ যেন কঠোৰ হৈছিল৷ তাৰ হাত এখন ধৰি থকা মোৰ হাতৰ মুঠি ঢিলা হৈ পৰিছিল৷

: তুমি তেন্তে মোৰ লগত থাকিব নিবিচাৰা? মোক এৰি তুমি সুখী হ’ব পাৰিবানে সাত্যকি?

: কথাটো আন ধৰণেওতো ভাবিব পাৰি৷ তুমি মোৰ লগত থাকিব বিচৰা নাই৷ সেই কাৰণে যাবলৈ ওলাইছা৷ কিন্তু মই জানো তেনেকৈ কৈছোঁ?
: অলপ আগতে কঠোৰ হৈ পৰা মাতটো হঠাতে ইমান কোমল হৈ পৰিল! ঠিক যেন আবেলিৰ পৰি অহা ৰ’দজাকৰ দৰে৷
: ৰঙা জিঞা এজনীয়ে বৰ ভাল পাইছিল আমাক৷ আমাৰ মাজৰ বহুতো অসতৰ্ক সময়ৰ সাক্ষী ৰঙা জিঞাজনীয়ে আপোনমনে পাখি ফৰফৰাই নাচিছিল৷ সেইদিনাও নাচি নাচি তাই মোৰ সোঁবাহুত পৰি জিৰাইছিলহি৷

: মই যে তোমাক আঁকি দিছিলোঁ ৰঙা জিঞাৰ ছবিখন, সেইখন ৰাখিছানে ভালকৈ?

: ৰাখিছোঁতো৷
বাহুত জিৰাই থকা জিঞাজনীলৈ চাই মই কথাষাৰ ক’লো৷ সাত্যকিয়ে মন গ’লে কেতিয়াবা ছবি আঁকিছিল৷ তাৰে মাজৰ দুখনমান ছবিৰ গৰাকী আছিলোঁ মই৷ মোৰ আটাইতকৈ ভাল লাগিছিল ডালিমৰ কোমলপতীয়া আগ এটাত পৰি থকা ডাঠ ৰঙা জিঞা এজনীক৷ ঠিক মোৰ বাহুত পৰি থকাজনীৰ দৰে৷

: মোলৈ মনত পৰিলে সেইখন চাবা৷ হ’বনে?
তাৰ সেই সকৰুণ চাৱনিয়ে মোক হয়তো ক’বলৈ বিচাৰিছিল, ‘গুছি নাযাবাচোন তৃণ৷ কিয়নো মোৰ লগতে থাকি যাব নোৱাৰা? ’

কিন্তু সি তেনে কোনো কথাই কোৱা নাছিল৷ ঢলি পৰা বেলিটোৰ ফালে চাই সি মাথোঁঁঁঁ কৈছিল, ‘তুমি যোৱাগৈ তৃণ৷ নিজৰ মতে সময়বোৰ সজাই লোৱা৷ পাৰিলে আনক ছাঁ দিয়া গছ এজোপা হ’বা৷ ’

বুজা-নুবুজাৰ দোমোজাত থিয় হওঁতেই মোৰ কপালত সাত্যকিয়ে চুমা এটা দিছিল৷ ৰঙা জিঞাজনীৰ কিনো লাজ লাগিছিল, তাই লগে লগে উৰি গুছি গৈছিল৷ তাৰ বুকুৰ মাজত সোমাই মই মন ভৰাই ল’ব বিচাৰিছিলোঁ এৰি থৈ যাবলৈ ওলোৱা মোৰ চিনাকি সুগন্ধি৷ লাহে লাহে সেই সুগন্ধিয়ে গধূলিটো আৱৰি পেলাইছিল৷

আহিবৰ পৰত সেইদিনা সি মোক বিৰিণা বনৰ আঙঠি এটা পিন্ধাইছিল৷

আন্ধাৰ অথবা পোহৰ
– বাইদেউ, এয়া মোৰ ছোৱালী৷ এইবাৰ ফাৰ্ষ্ট ডিভিজন লৈ হায়াৰ চেকেণ্ডাৰী পাছ কৰিছে৷
মোৰ সন্মুখত বহি থকা মানুহজনৰ বয়সটো সঠিককৈ ধৰিব নোৱাৰিলোঁ৷ হয়তো সময়ে আচোঁৰা এজন ডেকা মানুহ৷ কষ্টইহে তেওঁৰ গাত বয়সৰ প্ৰলেপ সানিছে৷ কাষতে পলিথিনৰ মোনা এটা বুকুত হেঁচি ধৰি বহি থকাজনী তেওঁৰেই জীয়েক৷ বৰ মৰমলগা ছোৱালী৷ বুদ্ধিদীপ্ত এহাল চকু৷ বিজ্ঞানৰ স্নাতক প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰিব৷
– আগলৈ কি হ’বা?
মই তাইৰ চাৰ্টিফিকেটবোৰৰ প্ৰতিলিপিত চহী কৰিবলৈ ধৰিলোঁ৷
– নাৰ্ছিং পঢ়িবলৈ ইচ্ছা আছে বাইদেউ৷ যদি ছিট পাওঁ পঢ়িম৷ দেউতাই কয়, আমাৰ নিচিনা মানুহৰ ঘৰৰ ছোৱালী কেনেকৈ পঢ়িবি? মই কৈছোঁ, ৰচোন দেউতা, তেতিয়ালৈ কিবা উপায় ওলাবও পাৰে৷
কথাখিনি কৈ থাকোঁতে এটা কোমল হাঁহি তাইৰ গাল দুখনত ওলমি থাকিল৷ তাইৰ উত্তৰটোত এটা অদ্ভুত স্থিতপ্ৰজ্ঞতা৷
– আপোনাক কি দিব লাগিব বাইদেউ?
সৰল মানুহজনৰ প্ৰশ্নটোৰ কাৰণ হয়তো কোনো পূৰ্ব অভিজ্ঞতা৷
– আপোনালোকক সহায় কৰিবলৈকে আমি ইয়াত বহি আছোঁ৷ চৰকাৰে দৰমহা দিছে নহয়৷
ছোৱালীজনীলৈ চহী আৰু মোহৰ মৰা কাগজখিনি আগবঢ়াই দিলোঁ৷
– যোৱা৷ খুউব ভালকৈ পঢ়িবা৷ ৰিজাল্ট ভাল হ’ব লাগিব৷ নাৰ্ছিং কলেজত চিট পাব লাগিব নহয়৷
– চিট পাবলৈ চেষ্টা কৰিম বাইদেউ৷ নাপালেও দুখ নাই৷ যি কৰিম সেইটো কামেই ভাল পাম৷ ভালকৈ কৰিম৷
তাইৰ বয়সতে গাঁৱৰ স্কুলৰ পৰা ওলাই গৈ সাত্যকিৰ লগত মই কাষৰে চহৰখনৰ কলেজত সোমাইছিলোঁ৷ সেই সময়ত তাতোকৈ ডাঙৰ চহৰত পঢ়াৰ সপোন এটা লহপহীয়াকৈ মোৰ মাজত বাঢ়ি আহিছিল৷ সাত্যকি আছিল একেবাৰে বিপৰীত৷ পঢ়িবলৈ গৈয়ো সি খবৰ ৰাখিছিল গাঁৱৰ বোকা-মাটিৰ৷
আমি ৰাজনীতি বিজ্ঞান পঢ়িছিলোঁ৷ শ্ৰেণীটোৰ প্ৰায়বোৰে গোটাইছিল কেৱল মুখস্থ কৰা উত্তৰ আৰু উক্তিবোৰ৷ সাত্যকিৰ দৰে জ্ঞানান্বেষণ কৰা নাছিল৷ কোনোবা অধ্যাপকৰ সৈতে দীঘলীয়া আলোচনা কৰি অথবা ঘণ্টাৰ পিছত ঘণ্টা লাইব্ৰেৰীত বহিয়েই কটাইছিল সি৷ কলেজৰ শেষ পৰীক্ষাৰ ফলাফল তাৰ ভাল আছিল৷ তথাপি ভৱিষ্যতৰ দিনবোৰত তাৰ ফাইলত আৰু কোনো ডিগ্ৰী যোগ হোৱা নাছিল৷
মোৰ পৰা মাথোঁঁ কেইটামান চহী আৰু মোহৰ লৈ সৰু ছোৱালীজনী ওলাই যোৱা বাটেৰেই যেন হঠাতে সোমাই আহিল তাহানিৰ সাত্যকি৷ সি যেন হাতত লৈ আহিল জাপিকুছি থ’বলৈ মিথ্যা চেষ্টা কৰা কিছু আৱাহনী সময়৷ কেতিয়াবা কিছুমান গোন্ধে স্মৃতিৰ পালতৰা নাও এখন বোৱাই আনে৷ কেতিয়াবা সৰু একোটা শব্দই! পলকতে সেই শব্দই উৰুৱাই নিব পাৰে দূৰ অতীতৰ চিনাকি কেঁকুৰি এটালৈ৷ তাতে বহি কোনোবাই কাৰোবাক কৈ থাকে তাহানিৰ যত মায়াসনা কথা! ’মোৰ বাবে কোনো বন্ধোৱা বাট নাই তৃণ৷ সকলো মানুহেই যদি ৰাজপথেৰে খোজকাঢ়ে, তেন্তে পথাৰ গছকিব কোনে? তুমি মোৰ সিদ্ধান্ত ভাল পাবও পাৰা, নাপালেও মোৰ আপত্তি নাই৷ মাথোঁঁ মই যিবোৰ কাম কৰিম, সেইবোৰক ভাল পাম৷ সততাৰে কৰিম৷ অতদিনে পঢ়াশুনা কৰি মাত্ৰ এটা কথাই বুজিলোঁ, অন্ত্যোদয় অবিহনে সূৰ্যোদয় সম্ভৱ নহয়৷ ’
মোৰ বুকুত যেন কোনোবাই শিলগুটি দলিয়াই সৰু সৰু বৃত্ত আঁকিবলৈ ধৰিলে৷ কিয় হ’ব নোৱাৰিলোঁ মই এটা সুস্থিৰ মনৰ গৰাকী, ঠিক সেই সৰু ছোৱালীজনী অথবা সাত্যকিৰ দৰে? কেনেকৈ আনিব পাৰি মনলৈ ইমান দৃঢ়তা? কিয় বুজিবলৈ অপাৰগ হ’লো জীৱন মানে যে কেৱল প্ৰাপ্তি নহয়? সাত্যকিৰ বাটটোৰ আন্ধাৰবোৰ দেখিলো, পোহৰবোৰ নেদেখিলোঁ কিয়? অথচ মইতো তাক ভাল পাইছিলোঁ!

মাটি আৰু মানুহৰ বাবে

কলেজৰ পিছত মই যেতিয়া দিল্লীলৈ গুছি গৈছিলোঁ, সি পঢ়া শুনা সামৰি গাঁৱলৈ উভতিছিল৷ পৰৱৰ্তী দিনবোৰত মই দিল্লী দৰবাৰত মোগলাই পৰঠা খাবলৈ শিকিছিলোঁ৷ প্ৰিয় হৈ উঠিছিল পোহৰত চিকমিকাই থকা শ্বপিং-মল, মাল্টিপ্লেক্সৰ নতুন চিনেমা আৰু চিচিডি-ৰ কফি৷ পিতা স্কুলৰ প্ৰধান শিক্ষক আছিল৷ একেখন স্কুলতে মায়েও শিক্ষকতা কৰিছিল৷ সেয়েহে দিল্লী দৰবাৰ, শ্বপিং- মল আৰু কফিৰ মাজত সোমাই থাকিবলৈ মোৰ কোনো অসুবিধা হোৱা নাছিল৷
সেইবোৰ দিনত সাত্যকিয়ে মোলৈ দীঘলীয়া চিঠি লিখিছিল৷ চিঠি নহয় যেন একোটা গল্পহে! সি লিখিছিল, দুখীয়াই পোৱা ভোটাধিকাৰ হেনো এক ভুৱা খেল৷ প্ৰকৃততে দৰিদ্ৰতা এক ৰাজনৈতিক সমস্যা৷ ভোটাধিকাৰে কেৱল দুখীয়াৰ মনত আশাৰ সঞ্চাৰ কৰে৷ ক্ষমতা আৰু ন্যায় পাবলৈ হেনো অৰ্থনৈতিক সমস্যাবোৰ সমাধান কৰিলেই নচলিব৷ মূৰ তুলি জীয়াই থাকিবলৈ দুখীয়াই পাব লাগিব মাটি, পানী আৰু খাদ্যৰ অধিকাৰ৷ মুকলি বতাহত আশাৰ চিলাবোৰ এৰি দিয়াৰ অধিকাৰ৷ বুকুৰ হাহাকাৰ মাৰ যোৱাকৈ চিঞৰাৰ অধিকাৰ৷
তাৰ চিঠিবোৰত মই তেতিয়াও বিচাৰি ফুৰিছিলোঁ নাচি থকা ৰঙা জিঞাজনী৷ মই বিচাৰিছিলোঁ ফাগুনবুলীয়া সন্ধিয়াৰ অসংযত সময়ৰ সোঁৱৰণিয়ে তাক ব্যাকুল কৰক৷ সি মোলৈ লিখক সেই ব্যাকুলতাৰ খবৰ৷ কিন্তু মই বাৰে বাৰে নিৰাশ হৈছিলোঁ৷ তাৰ প্ৰতি জাগিছিল অনামী ক্ষোভ৷
তাৰ চিঠিৰ ভাঁজত লুকাই আছিল বছৰটোত দুই তিনিবাৰকৈ বানে ধোৱা গাঁৱবোৰৰ কথা৷ সি হেনো ৰাতিৰ পিছত ৰাতি মঠাউৰিৰ ওপৰত বহি তেনে গাঁও ৰখিছিল৷ চহৰৰ পৰা যোৱা চাউল, ডাইল, বিস্কুটৰ টোপোলাবোৰে মঠাউৰিৰ পৰা ভোক আঁতৰাব পৰা নাছিল৷ ফটাকানিৰে সাজি লোৱা সৰু সৰু ঘৰবোৰত জাক জাক কণমানিৰ পেটত কৃমিয়ে কিলবিলাইছিল৷ শুকান খৰি খেৰ বিচাৰি হাবাথুৰি খাই এসময়ত ক্লান্ত হৈছিল ভৰিবোৰ৷ জলমগ্ন পথাৰবোৰলৈ চাই ৰৈছিল অসহায় কৃষকে৷ তেওঁলোকৰ চকুলোৰ শুকান দাগবোৰত মাখি উৰিছিল৷
মোৰ হোষ্টেলৰ জাকৰুৱা হাঁহিৰ মাজত হেৰাই গৈছিল চিঠিৰ মাজৰ শৰনাৰ্থী শিবিৰৰ খবৰ৷ ভোক আৰু অনাটনৰ ছবিয়ে মোক চুব পৰা নাছিল৷ মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা মানুহবোৰৰ মাজত বিৰাজ কৰিছিল কেৱল আন্ধাৰ৷ সেই আন্ধাৰৰ মাজত এগছি চাকি জ্বলাবলৈ সাত্যকিয়ে সংগঠিত কৰিছিল মনেমিলা কিছু লোকক৷ এটা সংগঠন গঢ়ি তুলিব পৰাকৈ যি নেতৃত্বৰ গুণ, অধ্যয়ন আৰু কাম কৰাৰ স্পৃহাৰ প্ৰয়োজন, সেই সকলোখিনিয়ে তাৰ মাজত আছিল৷ বিপৰীতে মোৰ হাতত আছিল মাথোঁঁঁঁ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী আৰু কেৱল নিজৰ বাবে এক সুখময় জীৱন গঢ়ি তোলাৰ হেঁপাহ৷
শৰনাৰ্থী শিবিৰত হেনো ভঙা-গঢ়াৰ ৰাজনীতি চলে৷ ৰাতিবোৰ ভয়ংকৰভাৱে অশান্ত হৈ উঠে৷ আগদিনাখন কম্বল বিলাই যোৱা দলটোৰ বিপক্ষে শৰনাৰ্থীক বুজাবলৈ পিছদিনাখন ৰাতি গাঁৱত মনে মনে সোমায় আন এটা দল৷ বোকা শুকোৱা মাটিত ফটা চাদৰৰ আৱৰণত জন্ম হয় শিশুৰ৷ লঘোণীয়া দুটি শৰীৰে জোপোহাৰ আঁৰত কৰে মৈথুন৷
ছিঃ! চিঠিবোৰ পঢ়ি ঘৃণাত মই যেন বমি কৰি দিম৷ ভাবি আচৰিত হৈছিলোঁ, তেনে কদৰ্যময় পৰিৱেশত কি প্ৰয়োজনত সি সময়বোৰ সমৰ্পণ কৰিছিল? ইচ্ছা কৰিলেই মোৰ লগতেই দিল্লীলৈ গুছি যাব পৰা সকলো সুবিধাই আছিল তাৰ৷ কিন্তু সি তাৰ সংগঠনটো শক্তিশালী কৰি তোলাৰ তাগিদাত ঘূৰি ফুৰিছিল অৰঙে-দৰঙে৷
যিসময়ত মই দিল্লীত ৰঙচঙীয়া বিজ্ঞাপন চাই বিদেশী কোম্পানীয়ে বেচা কুকুৰা মাংসৰ হাড় চোবাইছিলোঁ, সেই সময়ত সি মানুহক শিকাইছিল কেনেদৰে অসমীয়া কৃষকৰ তেজ শুহি নিছে বিদেশৰ বজাৰবোৰে৷ কেনেদৰে ধনীয়ে নিজৰ দেশতেই নহয়, সাত সাগৰ তেৰ নদী পাৰ কৰি সাজিছে বৃহৎ অট্টালিকা৷ গৃহ যুদ্ধৰ শৰনাৰ্থীয়ে কেনেদৰে অতি কষ্টেৰে গঢ়ি লোৱা পৰিয়ালবোৰ স্থানচ্যুত হ’বলৈ ধৰিছে অতদিনে নিজৰ বুলি ভাবি থকা গাঁও আৰু পাহাৰবোৰৰ পৰা৷
লাহে লাহে সি এজন নিৰ্ভীক যোদ্ধালৈ পৰিণত হৈ উঠিছিল আৰু এখন শেষ নোহোৱা যুঁজত অৱতীৰ্ণ হৈছিল কেৱল মাটি আৰু মানুহৰ বাবে৷

শেলুৱৈ বৰণীয়া পুখুৰীটো
হঠাতে এদিন দিছপুৰত ধৰ্ণা৷ টিভিৰ পৰ্দাত সাত্যকিক দেখি মই কঁপি উঠিলোঁ৷ ঘামত লুতুৰি পুতুৰি হৈ শ্ল’গান দি থকা তাৰ শীৰ্ণ চেহেৰাটো মোৰ চিনাকি নহয়৷ মনতে হিচাপ কৰিলোঁ সেই চকু-মুখ, সেই ওঁঠ স্পৰ্শ নকৰা কিমান বছৰ পাৰ হৈ গ’ল বাৰু? মুঠিবন্ধ কৰি বতাহত জোকাৰি থকা সেই হাত দুখন কিমান দিন লোৱা নাই বুকুৰ মাজত? কিমান বছৰ পিছত শুনিলোঁ সেই অমিয়া মাত! তাৰ এষাৰ মাততে মই কিমান বছৰ যে দৌৰি যোৱা নাই! অথচ তাৰ এটা আহ্বানতে ওলাই আহে হাজাৰ হাজাৰ মানুহ৷ যিজন মানুহে মোক সাধাৰণ ঘৰ এখন পতাৰ নিশ্চিতি দিব পৰা নাছিল, সেই সাত্যকিয়ে বাৰু কেনেকৈ ইমানবোৰ মানুহক নিৰ্ভয় দিছে? কোনো কুণ্ঠা নৰখাকৈ পুলিচৰ বেৰিকেড ভাঙিবলৈ আগবাঢ়ি যোৱা মানুহবোৰক কোনে দিলে ইমান সাহ? সাত্যকিয়ে? তেন্তে সঁচাকৈয়ে সূৰ্যোদয়ৰ বাট কাটিবলৈ অন্ত্যোদয় অপৰিহাৰ্য নেকি?
বাতৰি পৰিৱেশক, সাংবাদিক, আন্দোলনকাৰীৰ ডুখৰীয়া দৃশ্যৰ মাজতে মূৰত প্ৰচণ্ড আঘাত লাগি হঠাতে সাত্যকি বাগৰি পৰিল৷ সি কোনোদিন ৰাজপথবোৰ ভাল নাপাইছিল৷ সেয়ে হয়তো খোজ দিওঁতেই সি ৰাজপথ ধুবলগীয়া হ’ল তেজেৰে৷ লাহে লাহে যেন ধূসৰ হৈ আহিল টিভিৰ পৰ্দাখন৷ মই যেন চকুৰে একো মনিব পৰা নাই৷ কাৰো মাত শুনা নাই৷ ক্ৰমান্বয়ে নিথৰ হৈছিল হাত-ভৰিবোৰ৷ চেতন-অৱচেতনৰ দোমোজাত কিমান সময় ধৰি ৰৈ আছিলোঁ মনত নাই৷
সেই নিশা মই আকৌ সপোনত দেখিলোঁ সেই মৰা পুখুৰীটো৷ পাৰত বহি শুকান শালপাতৰ ওপৰেৰে তাৰ খৰ খোজবোৰ মই স্পষ্টকৈ শুনিলোঁ৷ আহি আহি তাৰ খোজবোৰ মোৰ কাষত ৰৈ গ’ল৷ সি বহি পৰিল মোৰ নিচেই ওচৰত৷ মই তালৈ চালোঁ৷ তাৰ ক্লান্ত দেহৰ পৰা বৈ আহিছে ঘাম৷ মই বুজিলোঁ, সি যথেষ্ট ভাগৰুৱা৷ কিন্তু তাৰ দুচকুত তেতিয়াও আছিল প্ৰত্যয়ৰ তিৰবিৰণি৷ কিমান বছৰৰ মূৰত যে মই তাৰ কাষত এনেদৰে পুখুৰীটোৰ পাৰত বহিলোঁ!
– ক’ত এৰি থৈ আহিলোঁ তোমাক?
তাৰ সোঁহাতখনত খামুচি ধৰি মই শুধিলোঁ৷
– পানীপোতাত৷
তাৰ নিৰ্বিকাৰ উত্তৰত মই উচপ খালোঁ৷
– অতদিনে পানীপোতাত তিতি থাকিলা তুমি! মোক নামাতিলা কিয়?
– মাতিছিলোঁ৷ তোমাৰ চাগে’ মনত নাই৷ তুমিচোন ঘূৰিয়ো চাইছিলা৷
– তেন্তে তোমাক দেখা নাছিলোঁ কিয়?
–পানীপোতাত তিতি থাকোঁতে মোৰ গাত শেলুৱৈ বৰণ ধৰিছিল৷ মই পিছল আৰু নিষ্প্ৰভ হৈ পৰিছিলোঁ৷ সেয়ে হয়তো তুমি মোক চিনি পোৱা নাছিলা৷
হুমুনিয়াহো কেনেকৈ ইমান প্ৰেমময় হ’ব পাৰে? যি প্ৰেমত ডুবি মানুহ একেলগে হৈ পৰে পৃথিৱীতকৈ ভৰুণ আৰু আকাশতকৈয়ো উদং!
ককাই শিকোৱা কথা এষাৰ মোৰ সপোনতে মনত পৰিল৷ ঈশ্বৰ আচলতে ক’ত থাকে? মানুহৰ মাজত৷ সত্যৰ মাজত৷ সত্য জীয়াই থাকিলেহে এই পৃথিৱী থাকিব৷
‘মই তোমাক চিনি পাইছোঁ সাত্যকি, ’ মই তাক সাৱতি ধৰি কৈ গ’লো, ‘কুৰুক্ষেত্ৰৰ ৰণৰ দৰে এই সময়৷ ইয়াত ঈশ্বৰকো সাৰথি লাগে৷ মানুহক পোহৰৰ বাট লাগে৷ সত্যৰ সাৰথি হ’বলৈকে তোমাৰ জন্ম৷ সাত্যকিৰ জন্ম৷ ’
অনুভৱ কৰিলোঁ, পুখুৰীৰ পাৰত বহি সি মোক যি কথা ক’লে, সেয়াতো সত্য নহয়! শেলুৱৈয়ে আচলতে মোৰহে চকুৰ মণি ছানি ধৰিছিল৷ ডাঠ বিজলুৱাবোৰে মোক অন্ধ কৰি পেলাইছিল৷ মই হেৰুৱাইছিলোঁ মোৰ সমস্ত স্থিৰতাৰ উৎস৷ জীয়া পুখুৰী এটাৰ পাৰত বহি মই উটুৱাই দিছিলোঁ বিৰিণা বনৰ সেই আঙঠিটো আৰু মোৰ চকুৰ পৰা সমস্ত বিজলবোৰ নামি গৈ পুখুৰীৰ পানী ঘোলা কৰি পেলাইছিল৷ ওপঙি উঠিছিল তাত বাস কৰা সকলোবোৰ প্ৰাণী৷ মৃত হৈ পৰিছিল পুখুৰীটো৷ তাত শেলুৱৈ বৰণ ধৰিছিল৷

গছৰ দৰে মানুহবোৰ
পুখুৰীপাৰৰ আবেলিটো নিজম৷ কেৱল দূৰৰ পৰা ভাঁহি অহা চৰাইৰ ভগা-ভগা মাত৷ চৰাইটোৰ ডিঙিৰ বিষাদ এখিনিয়ে গছৰ ঠালৰ পৰা নামি আহি মোৰ দুচকুত ভৰ কৰিলে৷
– এই পুখুৰীটো মই প্ৰায়ে সপোনত দেখো৷ কিন্তু সপোনত পুখুৰীটো মৰি থাকে৷ তুমি আৰু মই মৰা পুখুৰীটো চাই চাই বহি থাকো৷
শালপাতৰ ফাকেৰে বৈ আহি মোৰ গালত পৰা জালিকটা ৰ’দখিনি তিতিছিল৷ সেই চকুলো মচিবলৈ ওলোৱা তাৰ হাতখন হঠাতে ৰৈ গ’ল৷ ইমান বছৰৰ মূৰত মোক চুবলৈ তাৰ স্বাভাৱিক সংকোচ৷
সেইদিনাখনৰ ঘটনাটোৰ পিছত খবৰ লৈ গম পাইছিলোঁ যে ইতিমধ্যে জামিনত মুকলি হৈ সি অলপ সুস্থ নোহোৱালৈ গাঁৱৰ ঘৰত আছেগৈ৷ ময়ো ওলালোঁ আমাৰ গাঁৱলৈ বুলি৷ গৈ থাকোঁতে ওৰেটো বাট মোক আৱৰি ৰাখিলে ফাগুণবুলীয়া এজাক বতাহে৷ বুকুখনত খলখলাই উঠিল ভালপোৱাৰ উঁহটো, যিটোক হয়তো মই পুখুৰীটোৰ দৰেই মৃত বুলি ধৰি লৈছিলোঁ৷
তেতিয়াও তাৰ শৰীৰৰ অ’ত ত’ত বেণ্ডেজ৷ ভৰিৰ আঙুলিত পানীচকোৱাৰ দাগ৷ মনত পৰিল, তাহানি সি চিঠিত লিখিছিল, পচিবলৈ ধৰা খেৰ-বাঁহৰ দৰে মানুহৰ ভৰিতো হেনো বানপানীয়ে ঘাঁ লগায়৷ পিছলৈ ঘাঁবোৰ শুকালেও চিনবোৰ থাকিয়েই যায়৷ সুধিবলৈ মন গ’ল, মোৰ বাবে সি বুকুত এডোখৰ পানীচকোৱা লৈ ফুৰিছিলনে?
– তোমাৰ অকণো ভুল নাছিল তৃণ৷ কোনো অভিযোগ আৰু আপত্তিয়ে চুব নোৱৰাকৈ মই তোমাক ভাল পাইছিলোঁ৷ তুমি গুছি গ’লেও ভালপোৱাখিনি থাকি গ’ল৷ হয়তো সেই বাবেই মানুহক ভাল পাই থাকিব পাৰিলোঁ৷
সাত্যকিয়ে লাহে লাহে কথাবোৰ কৈ গ’ল৷ এদিন তাৰ বাটটোও সেউজীয়া সম্ভাৱনাৰে ভৰপুৰ আছিল৷ সেই সকলোখিনি এৰি মানুহৰ ঘাম আৰু তেজৰ দাম সি বুজিছিল৷ শিলাময় পথত হাঁহিৰ ফুল ফুলাবলৈকে সি এৰিছিল সকলো মসৃণ পথ৷ মই তাৰ সোঁহাতখনত খামুচি ধৰিলোঁ৷ সেউজীয়া ভাল পোৱা সেই হাত! গছ এজোপাৰ দৰে হাজাৰজনক ছাঁ দিয়া সেই হাত!
– মই ভাবিছিলোঁ তোমাৰ পথত কেৱল অনিশ্চয়তা আছে৷
তাৰ হাতখনত ধৰিয়েই মই কথাষাৰ ক’লো৷
– ঠিকেই ভাবিছিলা৷
তাৰ সৰল স্বীকাৰোক্তি৷
– কিন্তু সহজ বাটেৰে খোজকাঢ়িও মইচোন আজিও তোমাৰ দৰে স্থিতপ্ৰজ্ঞ হ’ব নোৱাৰিলোঁ৷
– স্থিতপ্ৰজ্ঞতা মানেই স্থিৰতা নহয়৷ নিশ্চয়তাও নহয়৷ সময়ৰ বতাহে কোবাই ডাল-পাতবোৰ যিফালেই লৈ যাবলৈ চেষ্টা নকৰক কিয়, গছ এজোপাই শিপা খামুচি আকাশলৈ মূৰ তুলি ৰয়৷ শিপা এৰি নিদিয়া মানুহবোৰেই আচলতে গছ৷
শুনিলোঁ ৰাজপথত উদাত্ত হৈ পৰা সেই কণ্ঠৰ আঁৰৰ কণ্ঠ৷ মাতে ঢাকি ৰখা মাত৷ কোমল আৰু মৰমসনা৷ নিৰ্মল এচাটি বতাহৰ দৰে৷
কিবা এক আৱেশত মোৰ দুচকু মুদ খাই আহিল৷ সাত্যকিৰ সমগ্ৰ শৰীৰটো ঠাল-ঠেঙুলি মেলি আকাশলৈ প্ৰসাৰিত হৈ গৈ থাকিল৷ ময়ো তাৰ বুকু খামুচি বহি ৰ’লো কুমলীয়া পাত গজা ডাল এটাত৷ তেনেতে ক’ৰোবাৰ পৰা অহা ৰঙা জিঞা এজনীয়ে মোৰ কাষতে জিৰালেহি৷ বহু বছৰৰ মূৰত আমাক পুখুৰীপাৰত দেখি হয়তো তাইৰো মন গ’ল পাখি ফৰফৰাই নাচিবলৈ৷

Subscribe
Notify of
9 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Gayatrii Prantik Sarmah
1 year ago

Just wow meghna baa
..awesome….

Anonymous
1 year ago

ভাল লাগিল বা

Madhuri Borah
1 year ago

এখন জীয়া ছবি

Surashree
1 year ago

খুব ধুনিয়া হৈছে মেঘনা।

Anonymous
1 year ago

ভাল লাগিল

Anonymous
1 year ago

ভাল লাগিল মেঘনা

Anonymous
1 year ago

খুৱ ভাল লাগিল

1 year ago

ভাল লাগিল পঢ়ি

Anonymous
1 year ago

Very. Nice writing and concepts.i am really Love assames story . But now a days few only website provide online magazine option .