বৃত্তৰ বাহিৰত ( নন্দিতা খাখলাৰী )

টি-পইণ্টৰ বাছ ষ্টপটোত নীৰৱে বহি আছে সিহঁতহাল। তৃতীয় প্ৰহৰৰ লগন। বতাহজাক গধূৰ, বহু কিবাকিবি ক’ব খুজিও যেন একো ক’ব পৰা নাই। ইয়াৰ পৰাইতো আৰম্ভ হৈছিল সকলো। বিশ্ববিদ্যালয়ৰ এই বাছ ষ্টপটোত লগ পোৱাৰ পিছৰে পৰা এটা বৃত্তাকাৰ যাত্ৰাত সুদীৰ্ঘ ডেৰটা দশক ঘূৰি ঘূৰি আজি সিহঁতে আকৌ সেই প্ৰথম বিন্দুটিত আহি উপস্থিত হৈছে। কিছু দূৰৈত বহি থকা ঘাঁ লগা চেৰেলা কুকুৰটোলৈ এবাৰ চালে ৰাগিনীয়ে। যন্ত্ৰণাত মাজে মাজে তাৰ মুখেৰে অস্ফুট গেঙনি এটা ওলাই আছে। আস! সকলোতে কিয় ইমান যন্ত্ৰণা! ইমান নিৰ্মম সময়! কিয় জীৱনটো অলপ সহজ হ’ব নোৱাৰে?

অম্লানে লাহেকৈ বেক পকেটৰ পৰা পাৰ্চটো খুলি ফটো এখন উলিয়াই আনিলে। শতিকা পুৰণি কোনো প্ৰস্তৰ শিলামূৰ্ত্তিৰ দৰে নিস্পলক নেত্ৰে তাই চাই ৰ’ল ফটোখনলৈ। ইমান দিনে তাই শুনিছিলহে, জীৱনৰ কিছুমান মুহূৰ্তত অসহায় শোক এটা অকস্মাৎ বুকুৰ পৰা ডিঙিলৈ উজাই আহে, সুতীব্ৰ এটা বিষে ওলাই অহাৰ বাট বিচাৰি বুকুৰ পৰা ডিঙিৰ সেই পথটোত ঘূৰ্মুটিয়াই হাঁহাকাৰ কৰে, অবৰ্ণনীয় যন্ত্ৰণাত থান-বান হৈ ছিটিকি পৰে স্বৰ, স্তব্ধ হৈ যায় বুকুত জীৱনৰ যাতায়ত। ফটোখনলৈ চাই তাই বুজি উঠিল, এই মুহূৰ্তটো তাইৰ জীৱনত আৰু কোনোদিনেই শেষ নহয়। চিৰজীৱন তাই আৰু মুক্তি নাপায় এই অসহ্য যন্ত্ৰণাটোৰ পৰা। বুকুৰ এচুকত যি এক শূন্যতাই আজি থিতাপি ল’লে, সেয়া চোঁচোৰাই ফুৰিব লাগিব তাই আজীৱন। পোন্ধৰটা বছৰৰ অভ্যস্ত অতীত, অথচ স্মৃতিৰ বিশৃংখলতাত শিলাখণ্ড তাইৰ দুওঁঠ। কি ক’ব, কি ক’ব তাই এতিয়া অম্লানক? ‘যোৱা তাইৰ ওচৰলৈ উভতি যোৱা’ অথবা ‘সুখী হোৱা তোমালোক প্ৰাণভৰি? এয়া চোৱা মই খুলি দিছোঁ মোৰ হাতৰ দুমুঠি! একো ৰখা নাই নিজলৈ, মোৰ দুহাত শূন্য, নিস্বঃ’! মাথোঁ দুটা শব্দৰ বাবে নীৰৱে হাঁহাকাৰ কৰি ৰাগিনী মূক হৈ বহি ৰ’ল। স্মৃতিৰ ঢৌয়ে আহি সকলোতে যেন জোঁৱাৰ তুলিলে এক অভ্ৰভেদী বিষন্নতাৰ।
*****

: সন্তান নালাগে? ইমান নিৰ্মম কথা এটা তুমি কেনেকৈ ভাবিব পাৰিলা অম্লান?
: ভবা নাই, সিদ্ধান্ত লৈছোঁ।– নিৰ্লিপ্ত মাতেৰে কৈ উঠিছিল সি।
: সিদ্ধান্ত? কিন্তু মোৰ কথা ক’ত থাকিল তাত? এবাৰো জানো মোক সুধিলা তুমি? – প্ৰচণ্ড খং আৰু অভিমানত কঁপিছিল তাই।
: বুজিবলৈ চেষ্টা কৰা ৰাগিনী, মই প্ৰস্তুত নহয় এতিয়া। হয়তো কোনোবা এদিন হ’ম, তেতিয়ালৈকে জানো আমাৰ পৰস্পৰৰ মৰমেই পৰ্য্যাপ্ত নহয় তোমাৰ বাবে?- শান্ত স্বৰেৰে তাইক সাৱটি ধৰি কৈছিল সি।
: তোমাক ভালপাওঁ অম্লান। কিন্তু ইমান নিষ্ঠুৰ হোৱাৰ কি কাৰণ আছে? কিবা সমস্যা আছে তোমাৰ? কোৱা মোক, মই বুজি পাম। কিন্তু অকাৰণত মোক ইমান অসহনীয় শাস্তি নিদিবা! নিদিবা ইমান শাস্তি!

অম্লানৰ বুকুত মুৰ থৈ উচুপিছিল তাই। তাৰ প্ৰতি থকা অগাধ মৰমে তাইক বাধা দিছিল আকোঁৰগোজ হ’বলৈ। সময়ে এদিন তাৰ মন সলনি কৰিব, এটি ক্ষীণ আশাৰে সিদিনা তাই মানি লৈছিল তাৰ কথা। নাহিল, সেই দিনটো যোৱা পোন্ধৰটা বছৰত আৰু কোনোদিনেই নাহিল। অম্লান সাজু নহ’ল, তাই সমৰ্থ নহ’ল তাক সাজু কৰিবলৈ। এটা সময়ত কথাবোৰ পুৰণি হ’ল, আশা আৰু সম্ভাৱনাৰ সময়বোৰো উকলিল। চিনাকি হৈ পৰা শূন্যতাবোধ এটাৰ লগত ৰাগিনী ক্ৰমশঃ অভ্যস্ত হ’ল। গোপনে, সংগোপনে।
*****

অম্লানে পেলাই দিবলৈ লোৱা ফটোখন কম্পিত দুহাতেৰে তুলি ল’লে ৰাগিনীয়ে। বুকুখন গধূৰৰ পৰা গধূৰতৰ হৈ আহিল তাইৰ। পোন্ধৰ-ষোল্ল বছৰীয়া এখন উজ্জ্বল মুখে হাঁহি আছে তাত। দুগালত টোল পৰা বহল হাঁহিটো একেবাৰে চিনাকি তাইৰ। চিনাকি সেই পিতল বৰণীয়া গভীৰ চকুযুৰি। সৌৱা ল’ৰাটোক সাৱটি কাষতে থিয় হৈ আছে তাইৰ চিনাকি অম্লান। ইমান সুখী যেন লাগিছে তাক। অপাৰ বিস্ময় আৰু অবিশ্বাসত অবাক হৈ পৰিল তাই। মুহূৰ্ত্ততে যেন সকলো অচিনাকি হৈ পৰিল ৰাগিনীৰ দুচকুত। অম্লানৰ ডিঙিটোত লাহী আঙুলিৰ হাত দুখনে সাৱটি ধৰি আছে। বাওঁহাতৰ অনামিকা আঙুলিটোত চিকমিকাই জ্বলি আছে বহুমূলীয়া এটি আঙুঠি। অম্লানৰ কান্ধত আহি আউল-বাউল হৈ পৰিছে একোছা ঘন কলা চুলি। উশাহবোৰ চুটি হৈ অহা যেন অনুভৱ হ’ল তাইৰ। ডেৰটা দশকে জমা হৈ থকা শূন্যতাৰ পাহাৰখনে উন্মাদৰ দৰে হেঁচি ধৰিলে ৰাগিনীক। মাথোঁ এটা উত্তৰ বিচাৰি প্ৰতিনিশা ক্লান্ত হৈ যোৱাৰ পাছতো অম্লানৰ পৰা কোনো সঁহাৰি নোপোৱা প্ৰশ্নৰ উত্তৰ তাৰমানে এই ফটোখনেই? ডেৰটা দশকে ৰহস্য হৈ থকা কথাবোৰেই হ’ল অম্লানৰ জীৱনত সংগোপনে জীয়াই থকা এই টোল পৰা হাঁহি আৰু ঘন ক’লা চুলিৰ দুখন অন্য মুখ?

উশাহ ল’বলৈ কষ্ট হ’ল ৰাগিনীৰ। চকু দুটি সজোৰে আঁতৰাই আনিলে তাই। ঘাঁ লগা কুকুৰটোলৈ দৃষ্টি গ’ল আকৌ এবাৰ। এনে লাগিল সিও যেন তাইলৈকে চাই আছে। যন্ত্ৰণাত দগ্ধ চাৰিটা কৰুণ চকুৱে যেন নিমিষতে বুজি উঠিল পৰস্পৰৰ শূন্যতাৰ কথা। এক মুহূৰ্তত সিহঁত দুয়োটাৰে যন্ত্ৰণাবোৰ মিলি একাকাৰ হৈ যোৱা যেন অনুভৱ হ’ল ৰাগিনীৰ। হাজাৰ চেষ্টা কৰিও অস্ফুট গেঙনি এটাৰ বাহিৰে তাই একো ক’ব নোৱাৰিলে। ডিঙিটোত উন্মাদ পাহাৰখনে হেঁচি ধৰিছে। শব্দবোৰ হেৰাই গৈছে নে সকলো বিস্মৃতি হৈ গৈছে বাৰু! তাই জীয়ায়ো আছেনে? অম্লানে পেলাই দিবলৈ লোৱা ফটোখন কম্পিত দুহাতেৰে তাই নীৰৱে তাৰ পাৰ্চটোত সুমুৱাই দিলে। বাহ্যিকতা সলনি কৰিলেই জানো সলনি কৰিব পাৰি হৃদয়ৰ নিভৃত তাড়না! পাহৰিব পাৰি জানো ডেৰটা দশকৰ প্ৰবঞ্চনা?
*****
ৰাতি তেতিয়ালৈ শেষ প্ৰহৰ। বতাহজাক গধূৰৰ পৰা গধূৰতৰ হৈ পৰিছে। হয়তো বৰষুণ আহিব ধাৰাষাৰ। বহি থকা বেঞ্চখনৰ পৰা নিঃশব্দে ঠিয় হ’ল ৰাগিনী। একোৱেই কোৱা নহ’ল তাইৰ অম্লানক। শব্দবোৰৰ আৰু প্ৰয়োজন নহ’ব কোনোদিন। হয়তো কোনো শব্দই আৰু পৰ্য্যাপ্ত নহব। বুকুৰ বিষবোৰ বৰ সংক্ৰামক। যন্ত্ৰণাবোৰ যুগমীয়া। কেতিয়াবা শব্দই বুকুৰ বিষ বিয়পায়। থাকক, এই ৰুগ্ন চহৰত অন্ততঃ কাৰোবাৰ হৃদয় নিৰোগী হৈ থাকক। চলি থাকক সিহঁতৰ বুকুত জীৱনৰ সুচল যাতায়ত।

উদ্দেশ্যবিহীনভাৱে সমুখলৈ চাই ৰাগিনীয়ে প্ৰথমবাৰৰ বাবে খোজ পেলালে বৃত্তৰ পৰিধিৰ বাহিৰত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments