বৃত্ত (জ্যোতিৰূপম দত্ত)

1.britto-jyotirupom dutta: “আইতা ! কোনোবা আহিছে !”

: “হ’ব ৷ তুমি ওলাই নাযাবা ৷ ৰাধা আছে নহয় দুৱাৰখন খুলিবলৈ ৷”

কলিংবেলৰ শব্দ শুনি ৰাধা মানে ঘৰৰ কামকৰা মানুহগৰাকী বাহিৰলৈ ওলাই গ’ল ৷ নাতিনীয়েক লগত থকা কেইদিন কাকলিয়ে কোনো অচিনাকি বা অনিমন্ত্ৰিত অতিথিৰ সতে সাক্ষাৎ নকৰে ৷ কথাটো ৰাধাই জানে ৷ তাই দুৱাৰমুখতেই মানুহজনৰ লগত কথা পতাত লাগিল ৷ দুয়োৰে কথোপকথনৰ দুই এটা বাক্য কাকলিৰ কাণতো পৰিল ৷

: “ঘৰৰ মালিকনী মানে মিচেছ কে. বৰুৱা আছে নেকি ? ”

: “কিবা আছিল যদি মোকেই কওক ৷ বাইদেৱে পিছে আজি কাকো লগ নধৰে ৷ ”

: “এটা শিশু-পুথিভঁৰাল স্থাপন কৰাৰ মানসেৰে এই অঞ্চলৰ মানুহখিনিক গোটাই এটা অনুষ্ঠানৰ আয়োজন কৰিছো ৷ এই চিঠিখন তোমাৰ মালিকনী বাইদেউক দিবা ৷ অহা দেওবাৰে হ’বলগীয়া সভাখনলৈ পাৰিলে আহিবলৈ ক’বা ৷ ”

কিতাপ ! পুথিভঁৰাল ! সৰুৰে পৰা তাই কিতাপ বুলিলেই পাগল ৷ তাই কলেজত পঢ়া সময়তো কলেজৰ গ্ৰন্থাগাৰৰ প্ৰায়খিনি কিতাপেই পঢ়ি শেষ কৰিছিল ৷ এই কিতাপ পঢ়াৰ চখটোৱেই সেই সময়খিনিত কাকলি আৰু অমৃত দুয়োকে ইজনে সিজনৰ কাষ চপাই নিছিল ৷ পিছে সেই দুয়োৰে সেই খন্তেকীয়া প্ৰেম কলেজ এৰাৰ পিছতেই শেষ হৈছিল ৷ সেয়া আজিৰ পৰা প্ৰায় দুকুৰি বছৰ আগৰ কথা ৷ গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ ঘাটৰ সেই বিষণ্ণ গধূলিটোৰ কথা কাকলিৰ মনলৈ আহিল ৷

 

 

: “তুমি নুবুজা কিয় বাৰু ? মই আৰু ৰ’ব নোৱাৰো ! অহা বছৰলৈ দেউতাই অৱসৰ ল’ব ৷ মোৰ একো উপায় নাই ৷ মই জানো, তুমি মোতকৈ ভাল ছোৱালী পাবা ৷ ”

: “মই কথাবোৰ নুবুজা নহয় ৷ বুজো ৷ মই নিৰুপায় ৷ তথাপিও মই তোমালৈ বাট চাম ৷ এইখন তোমাৰ বাবেই আনিছিলো ৷ লোৱা ৷ ”

: “মোৰ দেৰি হৈছে ৷ যাওঁ ৷ ভালকৈ থাকিবা ৷ ” কথাষাৰ শেষ কৰিব নোৱাৰিলে তাই ৷ সি আগবঢ়াই দিয়া কাগজৰ পেকেটটো বুকুত সাবটি তাই গুচি গ’ল ৷

স্থানুৰ দৰে সি ৰৈ থাকিল ৷ সেয়াই দুয়োৰে শেষ সাক্ষাত আছিল ৷ লুইতত বেলিটো ডুব যোৱা সময়ৰ সেই দৃশ্যটো এতিয়াও মাজে মাজে কাকলিৰ মানস পটত ভাহি আহে ৷ দুদিন পাছতেই সেইবাৰলৈ গুৱাহাটী এৰিছিল তাই ৷

 

 

: “ভাল ল’ৰা ৷ ডাক্তৰ ৷ তাইৰ কপাল ভাল দেই ! ”, হোমৰ গুৰিত বহি থাকোতে শুন-নুশুনকৈ কোনোবাই কোৱা কথাষাৰ কাকলিৰ কাণত পৰিছিল ৷ ওৰণিৰ ফাকেৰে তাই একেথৰে হোমৰ জুইকুৰালৈ চাই ৰৈছিল ৷ তাইৰ চকুত পৰিছিল পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ লগে লগে হোমৰ জুইকুৰাত ঘিঁউ ঢালি থকা বলিষ্ঠ হাত এখন ৷

 

যন্ত্ৰৰ দৰে অতি সোনকালে সেই প্ৰাচুৰ্য্যৰে ভৰা বৈবাহিক জীৱনৰ সকলো দায়িত্ব তাই চম্ভালি লৈছিল ৷ তাইৰ বেছিভাগ সময় সদাব্যস্ত স্বামীক আলপৈচান ধৰাৰ মাজতেই শেষ হৈছিল ৷ তাইৰ বাবে সময়ৰ চকৰিটোও যেন তীব্ৰ গতিৰে ঘূৰিবলৈ ল’লে ৷ বছৰদিয়েক যাওঁতেই তাই ধুনীয়া ল’ৰা সন্তান এটিৰ মাক হ’ল ৷ পিছে ল’ৰাটি কোলালৈ আহিবৰ দুবছৰ নৌ হওতেই হঠাতে হৃদৰোগত আক্ৰান্ত হৈ তাইৰ স্বামী ঢুকাই থাকিল ৷ ঘৰৰ আত্মীয় স্বজন সকলোৱে বিপদৰ সময়খিনিত নেওচাহে দিলে ৷ পিছে তাই হাৰ নামানিলে ৷ ভৰ বয়সত বৈধব্যক আকোঁৱালি লৈ মনলৈ অহা সকলো চিন্তা-ভাৱনাক একাষৰীয়া কৰি ল’ৰাটোক বুকুত সাবটি লৈ তাই নিজেই জীৱন যুদ্ধত নামি পৰিল ৷ ল’ৰাটোক মানুহ কৰাৰ সপোনকে ধিয়াই আগুৱালে তাই ৷ বছৰ বাগৰি গ’ল ৷ কষ্ট কৰি পঢ়াই শুনাই তাই ল’ৰাটিক ডাঙৰ কৰিলে ৷ এদিন সি স্বাৱলম্বী হ’ল ৷ তাই তাৰ বিয়াখনো ধুমধামেৰে পাতিলে ৷ সংসাৰৰ আউলবোৰ ভাঙি এদিন তাই অকণমানি নাতিনীয়েক এজনীৰ মুখ দেখিলে ৷ এন্ধাৰ ঘৰখনত যেন পোহৰৰ ৰেঙনি এটি দৃশ্যমান হ’ল ৷

 

 

সুখৰ দিনবোৰ খন্তেকীয়া, দুখৰ দিনবোৰহে নাযায় নুপুৱায় ৷ সকলোবোৰ ঠিকে ঠাকে চলি থকাৰ সময়তে এদিন হঠাতে পুতেক বোৱাৰীয়েক দুয়ো পথ-দুৰ্ঘটনাত অকালতে মৃত্যুমুখত পৰিল ৷ কাকলিৰ কেচুৱা নাতিনীয়েক সেই ভয়ংকৰ দুৰ্ঘটনাটিত ভাগ্যক্ৰমেহে ৰক্ষা পৰিছিল ৷ সেই ফুলকুমলীয়া কেঁচুৱাটিয়ে একো বুজা হোৱাৰ আগতেই নিষ্ঠুৰ নিয়তিয়ে মাক-বাপেক দুয়োকে কাঢ়ি নিলে ৷ কাকলিয়ে ভাগ্যকে ধিয়াই কেঁচুৱা নাতিনীয়েকজনীৰ দায়িত্ব মূৰ পাতি লৈ আকৌ আৰম্ভ কৰিলে একাকিনী যাত্ৰা ৷

এতিয়া নাতিনীয়েকৰ বয়স এঘাৰ বছৰ৷ বৰ্ডিং স্কুলত পঢ়ি থকা নাতিনীয়েকজনীক তাই ছমাহ বছেৰেকৰ মুৰত এবাৰ ঘৰলৈ লৈ আহে ৷ সেইদিনকেইটিত কাকলিৰ জীৱনটো যেন নতুনকৈ আকৌ জীপাল হৈ উঠে ৷

কাকলিৰ দেউতাক ঢুকোৱাৰ পাছত ভায়েকে সিহঁতৰ পুৰণি ঘৰটো ভাঙি নতুনকৈ সজাবলৈ লোৱাৰ সময়তেই তাইৰ কথামতেই পুৰণি কিতাপেৰে ভৰ্ত্তি হৈ থকা আলমাৰী কেইটা তাইলৈ পঠিয়াই দিছিল ৷ পিছে এসময়ৰ কিতাপৰ পোক বুলি সকলোৱে কোৱা কাকলিৰ কিতাপ পঢ়াৰ আগ্ৰহ যেন স্তিমিত হৈ পৰিছিল৷ সেই আলমাৰী কেইটা বহুদিন তেনেকৈয়ে পৰি ৰ’ল ৷ আজি পুৱা নাতিনীয়েকে ইমানদিনে নোখোলাকৈ পৰি থকা সেই জৰাজীৰ্ণ আলমাৰী কেইটা খুলি কিতাপবোৰ থান থিক কৰাত লাগি থকাৰ সময়তে কলিংবেলটো বাজিছিল ৷

 

 

মানুহজনৰ কথা শুনি কাকলিয়ে পৰ্দাখন সামান্য ফাক কৰি চালে৷ পৰ্দাৰ ফাকেৰে তাই ছঁয়াময়াকৈ দেখিলে ঋজুদেহৰ লোক এজনে ঘন-ঘনকৈ খোজ দি চৌহদ পাৰ হৈ পথত ভৰি দিছে৷ এনেতে ৰাধাই চিঠিখন লৈ আহি কাকলিৰ হাতত দিলে ৷

 

: “তেখেতক মই চিনি পাওঁ ৷ মোৰ ডাঙৰ বাইদেউজনীয়ে তেখেতৰ ঘৰতে পাৰ্ট-টাইম কাম কৰে ৷ ঘৰটো বেছি দূৰত নহয় ৷ কিবা কলেজত প্ৰফেছাৰ আছিল বোলে ৷ ইয়ালৈ অহা বেছিদিন হোৱা নাই ৷ অকলে থাকে ৷ বিয়া বাৰু নকৰালে বোলে বুঢ়াটোৱে ৷ ”

: “আইতা, ইমানবোৰ পুৰণি কিতাপ ! এয়া চোৱা ! এই কিতাপখনত তোমাৰ নাম লিখা আছে ! ”

নাতিনীয়েকৰ মাত শুনি কাকলি চমকি উঠিল ৷

নাতিনীয়েকৰ হাতত দুকুৰি বছৰ আগতে উজান বজাৰৰ ঘাটত কাগজেৰে মেৰিয়াই সি আগবঢ়াই দিয়া বীনা বৰুৱাৰ ‘জীৱনৰ বাটত’ কিতাপখন ৷ বিৱৰ্ণ কিতাপখনৰ প্ৰথম পৃষ্ঠাটোত লিখা আছিল –

কাকলি,

জীৱনৰ বাটত আকৌ লগ পোৱাৰ আশাৰে ৷

-অমৃত ৷

কাকলিয়ে এইমাত্ৰ দি যোৱা চিঠিখনৰ ওপৰত লিখা তাইৰ নামটোলৈ চালে ৷

দুয়োখিনি লিখাৰেই হাতৰ আখৰ একেই !

##

-জ্যোতিৰূপম দত্ত

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments