বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আৰু জ্যেষ্ঠ নাগৰিকৰ স্বাধীনতা –পুলকেশ শৰ্মা

সময়ৰ সলনিৰ লগে লগে সমাজত প্ৰচলিত কিছু ৰীতি নীতিৰ সাল-সলনি হৈ থাকে৷ কিছুমান প্ৰচলিত চিন্তা বা প্ৰচলিত বিশ্বাস, সময়ৰ লগে লগে সলনি হয় বা হোৱা উচিত৷ ইংৰাজীত যাক Paradigm Shift বুলি কোৱা হয়৷ বিভিন্ন সময়ত বৃদ্ধাশ্ৰমক লৈ নানা নেতিবাচক চিন্তা ধাৰা দূৰদৰ্শন বা বিভিন্ন সময়ত বিভিন্ন লিখক/অলিখকৰ লিখনিত বিশদভাবে একপক্ষীয় আলোচনা হোৱা দেখা গৈছে৷ বুঢ়ী মাতৃৰ চকুপানী দেখুৱাই TRP বুটলাৰ চেষ্টা দূৰদৰ্শন পৰ্দাত এক সুলভ দৃশ্য৷ নাইবা বৃদ্ধাশ্ৰমত বাস কৰি অহা বৃদ্ধ ব্যক্তি সকলৰ আবেগ অনুভূতি সমূহক আহিলা হিচাপে লৈ, কিছুমান ভূৱা সমাজ সংষ্কাৰকৰো উদ্ভৱ হৈছে, যিয়ে বাৰে বাৰে বৃদ্ধাশ্ৰমত থকা আৱাসী খিনিৰ আবেগ অনুভূতিৰ ওপৰত অত্যাচাৰ কৰি আহিছে৷ “পুত্ৰই কিয় এৰি গ’ল? বোৱাৰীয়ে কিয় নাচায়? আপোনাৰ মনত পৰেনে ঘৰখনৰ কথা? “ এইবোৰ প্ৰশ্নবানত সঘনাই আঘাতপ্ৰাপ্ত হোৱা দেখা যায় বৃদ্ধাশ্ৰমৰ আৱাসীখিনি৷ এই ক্ষেত্ৰত এক paradigm shift ৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ নতুনকৈ চিন্তা কৰাৰ সময় আহি পৰিছে৷ যুক্তিপূৰ্ণ ভাবে চোৱাৰ সময় আহি পৰিছে, বৃদ্ধাশ্ৰম আচলতে বুঢ়া পিতৃ-মাতৃৰ বাবে অভিশাপ নে স্বাধীনতা৷

গঞা বপেকৰ উচ্চশিক্ষিত যুৱকে যেতিয়া মহানগৰীৰ ধনী শহুৰেকৰ অট্টালিকা দেখি মাক-বাপেকক পাহৰি যায়, বা ধনী বোৱাৰীৰ আঙুলিৰ আগত যেতিয়া পুত্ৰ ঘৰ-জোঁৱাই হবলৈ বাধ্য হয়, তেতিয়া বুঢ়া পিতৃ-মাতৃয়ে পুত্ৰ-বোৱাৰীৰ বা জী-জোঁৱাইৰ অনুগ্ৰহ ভিক্ষা কৰি বছৰৰ পিছত বছৰ মৃত্যুৰ বাবে অপেক্ষা কৰাটো আজিৰ দিনত অযুক্তিকৰ৷ বৃদ্ধ মা-দেউতা আমাৰ বাবে খেলৰ পুতলা হোৱা অনুচিত৷ বৃদ্ধাশ্ৰমত নথও বুলি সমাজৰ পৰা বা: বা: লৈ মাক বাপেকক শাৰীৰিক আৰু মানসিক যন্ত্ৰণা দি, পিছলৈ এওলোকেই বৃদ্ধাশ্ৰমৰ বিৰুদ্ধে সমাজ সংস্কাৰকৰ ভূমিকা লোৱাটো গ্ৰহণযোগ্য নহয়৷ জী-জোঁৱাইৰ বা পুত্ৰ-বোৱাৰীৰ অনাদৰ সহ্য কৰাতকৈ বৃদ্ধাশ্ৰমেই শ্ৰেষ্ঠ৷ বৃদ্ধাশ্ৰমৰ নাম শুনিলেই ঘৃণাৰে ওপচাই পেলোৱা এচাম pseudo social লিখক/লেখিকা বা News Channel কেইটাৰ নেতিবাচক বাতৰি পৰিবেশনৰ ফলতেই আজি হয়তো বহুত বুঢ়া পিতৃ-মাতৃ, পুত্ৰ-বোৱাৰীৰ বা পৰিয়ালৰ নানা ককৰ্থনা শুনিও সহ্য কৰি আহিছে, বৃদ্ধাশ্ৰমত আহি বদনাম হোৱাৰ ভয়ত৷ বহু ক্ষেত্ৰত বৃদ্ধাশ্ৰমত গৈ পৰিয়ালতো বদনাম কৰাতকৈ আত্মহত্যাৰ পথ বাচি লোৱাৰ উদাহৰণো আছে৷ কথাবোৰ অলপ যুক্তিপূৰ্ণ ভাবে চালি-জাৰি চালেই বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা অনুধাৱন কৰিব পাৰি৷

মানুহৰ ক্ৰমবিকাশৰ লগে লগে সমাজৰো পৰিৱৰ্তন হৈ আহিছে৷ নৱ নৱ প্ৰযুক্তিৰ বহুল ব্যৱহাৰ আৰু পৰিৱৰ্তিত জীৱন শৈলীৰ ফলত মানুহৰ আয়ুস (আচলতে life expectancy) বাঢ়ি গৈছে, আৰু জন্ম দিয়াৰ ক্ষমতা কমি গৈছে বা মানুহে স্ব-ইচ্ছাই জন্ম নিয়ন্ত্ৰন কৰিছে৷ ফলত যৌথ পৰিয়াল নোহোৱা হৈ সমাজত সৰু সৰু পৰিয়াল বা neuclear familyৰ সৃষ্টি হৈছে৷ পৰিয়াল হল একো একোজন জ্যেষ্ঠ ব্যক্তিৰ বাবে সৰ্বশ্ৰেষ্ঠ অনানুষ্ঠানিক সামাজিক নিৰাপত্তা৷ হয়তো আগতে বুঢ়া পিতৃ-মাতৃৰ দায়িত্ব যৌথ পৰিয়ালত পৰিয়ালৰেই কোনোবা নহয় কোনোবা এজনে নিশ্চয় লৈছিল৷ কিন্তু বৰ্তমান সময়ত পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাবলৈ গৈ সমাজৰ জ্যেষ্ঠ ব্যক্তি সকলে সমাজিক নিৰাপত্তাহীনতাত ভোগা দেখা গৈছে৷ এয়া অকল ভাৰতবৰ্ষৰ সমস্যা নহয়৷ এই সমস্যা বিশ্বব্যপী৷ বৃদ্ধাশ্ৰম বা Old Age Home ৰ ধাৰণা পশ্চিমীয়া দেশৰ পৰা অহা৷ বিভিন্ন সময়ত যেতিয়া বিভিন্ন কাৰণত সমাজৰ জ্যেষ্ঠ নাগৰিক সকলে পৰিয়ালৰ পৰা সামাজিক নিৰাপত্তা নোপোৱাযেন অনুভৱ হয়, বৃদ্ধাশ্ৰমেই হল তেওঁলোকৰ পছন্দ৷ লাহে লাহে বৃদ্ধাশ্ৰম হৈ পৰিল বৃদ্ধ ব্যক্তিসকলৰ বাবে এক আনুষ্ঠানিক সামাজিক নিৰাপত্তা৷ ভাৰতবৰ্ষত যদিও বৃদ্ধাশ্ৰমৰ ধাৰণা নতুন, পৰাবৰ্তিত সমাজ ব্যৱস্থাৰ বাবেই ইয়াৰ প্ৰয়োজনীয়তা আজিৰ যুগত অপৰিসীম৷ অকল যে নিষ্পেষিত বা নিপীড়িত লোকহে যে বৃদ্ধাশ্ৰমত থাকে তেনে নহয়৷ আজিকালি টকা পইচা থকা মানুহেও বৃদ্ধাশ্ৰমত আবেগিক, মনস্তাত্বিক বা শাৰীৰিক পৰিচৰ্য্যা লাভ কৰাৰ উদ্দেশ্যে থাকিব লৈছে৷ এক সমীক্ষা মতে ১৯৯২ চনত ভাৰতবৰ্ষত থকা বৃদ্ধাশ্ৰমৰ সংখ্যা আছিল ২৮৯, ১৯৯৫ চনত হয়গৈ ৩৫৪ আৰু ২০১০ত ইয়াৰ সংখ্যা ১২০০ৰো অধিক হয়৷ বৰ্ধিত সংখ্যাই ইয়াকে বুজাই যে আন আন দেশৰ দৰে ভাৰতবৰ্ষৰ জ্যেষ্ঠ নাগৰিক সকলেও ইতিমধ্যে সামূহিক জীৱন শৈলী বা institutional living ৰ ধাৰণাখিনি আঁকোৱালি লৈছে৷

ৰাষ্ট্ৰসংঘ আৰু হেল্প এজ ইণ্টাৰনেশ্যনেল ৰ এক যৌথ সমীক্ষাত কোৱা হৈছে যে ২০০০ ৰ পৰা ২০৫০ চনৰ ভিতৰত ভাৰতবৰ্ষৰ জনসংখ্যা ৬০ শতাংশ বঢ়াৰ সম্ভাবনা আছে, আৰু জ্যেষ্ঠ নাগৰিকৰ সংখ্যা বৃদ্ধিৰ হাৰ হবগৈ ৩৬০ শতাংশ৷ ইয়াৰ অৰ্থ হল ২০৫০ চনত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা আজিৰ ১০০ মিলিয়নৰ পৰা হবগৈ ৩২৩ মিলিয়ন, সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় ২০ শতাংশ৷ সেয়ে ৰাষ্ট্ৰসংঘৰ মতে জ্যেষ্ঠ নাগৰিকক লৈ ভাৰতবৰ্ষই এতিয়াই চিন্তা নকৰিলে পিছলৈ অধিক সমস্যাৰ সৃষ্টি হব পাৰে৷ অসম চৰকাৰৰ ‘প্ৰণাম’ আঁচনিয়ে ইতিমধ্যে বৃদ্ধ পিতৃ-মাতৃক কিছু সকাহ দিছে, কিন্তু এই আঁচনি চৰকাৰী-বেচৰকাৰী-ব্যৱসায়ী সকলো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হলেহে প্ৰকৃত ফলপ্ৰসূ হব৷

শেষত দুৰদৰ্শনৰ বিভিন্ন চেনেল আৰু তথাকথিত লিখক-লেখিকা খিনিক এটা অনুৰোধ জনাও যে বৃদ্ধাশ্ৰমত গৈ তাৰ আবাসী জ্যেষ্ঠ নাগৰিকৰ আবেগ বা চকুপানীখিনিৰে TRP বঢ়োৱাৰ চেষ্টা নকৰি বৃদ্ধাশ্ৰমত পোৱা আদৰ-মৰমখিনি ৰাইজক দেখুৱাওক৷ যাতে সামাজিক নিৰাপত্তাহীনতাত ভুগি থকা প্ৰতি গৰাকী বৃদ্ধ পিতৃ-মাতৃ, institutional living ৰ বিষয়ে বুজি পায়, আৰু কাৰো অনুগ্ৰহ ভিক্ষা নকৰাকৈ জীৱনৰ বাকী কেইটা দিন বৃদ্ধাশ্ৰমত লাভ কৰা শাৰীৰিক, মানসিক আৰু আবেগিক পৰিচৰ্য্যাৰ মাজেদি পাৰ কৰিব পাৰে৷ জীৱনৰ বিয়লি বেলাত, প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকক সুখী হোৱাৰ স্বাধীনতা দিয়া উচিত৷ শাৰীৰিক অসুস্থতাৰ সময়ত পৰিচৰ্য্যা লাভ কৰিবলৈয়ে হওক, মানসিক প্ৰশান্তিৰ কাৰণেই হওক বা অইন কোনো কাৰণেই হওক বৃদ্ধাশ্ৰম জ্যেষ্ঠ নাগৰিকৰ স্বাধীনতা বা অধিকাৰ হোৱা উচিত৷ বুঢ়া পিতৃ-মাতৃক সিদ্ধান্ত লোৱাৰ অধিকাৰ দিয়া হওক, পৰিয়ালৰ লগত সুখেৰে দিন কটাব পাৰিব নে বৃদ্ধাশ্ৰমত থাকিব বিচাৰিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক