বৃদ্ধাশ্ৰম – নয়নমণি দত্ত নেওঁগ

: হেৰা মাষ্টৰ? কি কৰিছা?
: কিনো কৰিবা৷ বাৰীখনতে অলপ ইটো সিটো কৰিছো৷ পুলিকেইটামানকে ৰুই দিওঁ বুলি অলপ মাটিখিনিকে ঠিকঠাক কৰি লৈছো৷ কেনিবা যোৱা হ’বলা?
: নাই, এনেই এইফালেই অলপ ওলাই আহিছিলো৷
: এহ…! আহা আহা! তুমি বাৰাণ্ডাৰ চকীখনতে বহাগৈ৷ মই ভৰিহাত কেইটা ধুই আহোগৈ ৰ’বা৷

প্ৰমোদ মাষ্টৰে ওচৰ চুবুৰীয়া ঘনকান্ত কলিতাক বহিবলৈ কৈ তেওঁ দমকলৰ পাৰলৈ যায়৷

: বুজিছা ঘন…. ৰিটায়াৰমেণ্ট লোৱাৰ পৰা আজিকালি এনেই থাকি কিবা ভালেই নালাগেচোন৷ সেইবাবেই বাৰীখনকে অলপ চিকুণাই কিবা এটা কৰোঁ বুলি ভাবিছো৷

প্ৰমোদ মাষ্টৰে গামোচাখনেৰে হাত মোহাৰি মোহাৰি বাহিৰলৈ ওলাই আহি ঘনকান্তৰ কাষতে থকা চকীখনতে বহেহি৷

: হেঃ হেঃ হেঃ! হয় হয় আপুনি ঠিকেই কৈছে৷ মোৰো সেই একেই অৱস্থা৷ সেইবাবে ময়ো অলপ ঘৰখনতে ইটো সিটো কৰি সময়বোৰ পাৰ কৰিছো৷ নহ’লে যে সময়বোৰ কিবা পাৰেই নহয় আৰু তাতে পো-বোৱাৰী আৰু নাতিটোৰ সৈতে সময়বোৰ বৰ সুন্দৰকৈ পাৰ হৈ যায়৷ ইহঁত নথকা হ’লে মই বৰ অকলশৰীয়াই হৈ পৰিলো হয়৷

ঘনকান্তৰ কথাত প্ৰমোদ মাষ্টৰে এক সন্তোষৰ হাঁহি মাৰি কথাৰ শলাগ লয়৷

: পিছে মাষ্টৰ, তোমাৰ পো-বোৱাৰীৰ…….
: নাই নাই ঘন, মই কেতিয়াও সিহঁতক দুষিব নোৱাৰো৷ সকলো সময়তে আমি ইহঁতক বিচাৰিলেওটো নহ’ব৷ সিহঁতৰো বহুত অসুবিধা থাকে দিয়াচোন আৰু আমিওটো এদিন নিজৰ ভৱিষ্যত গঢ়িবলৈকেতো ইয়ালৈ গুচি আহিছিলো৷ আমি সিহঁতক বুজি নাপালে আন কোনে বাৰু বুজি পাব কোৱাচোন? বোৱাৰীহঁতে নিতৌ মোৰ খবৰ ৰাখে৷ কোনোদিনেই ফোন নকৰাকৈ নাথাকে৷ বিহুয়ে সংক্ৰান্তিয়ে আহিয়েই থাকে আৰু তেনেস্থলত মই কেতিয়াও নিজকে অকলশৰীয়া নাভাবো৷ আৰু তোমালোক মোৰ লগত সদায়েই আছা দেখোন? নহয় জানো?

: আমি তোমাৰ লগত কিয় নাথাকিমহে মাষ্টৰ? তথাপিও ইমান কষ্টৰে ডাঙৰ দীঘল কৰি যদি নিজৰ দেউতাককে লগত ৰাখিবলৈ নোৱাৰে তেনেহ’লে ই কেনে কথা বাৰু তুমিয়েই কোৱাচোন?

: তোমাৰ কথাটো ভুল নহয় ঘন৷ আচলতে কি জানা ঘন, মোৰ তাহাঁতৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আৰু সেইবাবেই হয়তো মই আজিও সিহঁতৰ মাক নোহোৱা ইমান বছৰৰ পাছতো সুস্থ হৈ আছো৷
: এহ!…মাষ্টৰ তুমি চাগে মোক বেয়াই পালা হ’বলা৷ কিন্ত মই সঁচাটোহে কৈছো৷ তথাপিও তুমি অলপ ভালকৈ থাকিবা৷ দিনকাল একেবাৰেই ভাল নহয়৷ কোন সময়ত ল’ৰাই তোমাক এই বয়সত বৃদ্ধাশ্ৰমত ৰাখে ঠিক নাই৷ সেয়ে তোমাক আগতেই……..এতিয়া মই উঠোহে….বাৰু আহিছো৷

ঘনকান্ত কলিতাই প্ৰমোদ মাষ্টৰৰ বুকুত যেন শিল এচটাহে মাৰি থৈ যোৱাৰ ভাৱত কথাকেইটা কৈ তেওঁ খৰধৰকৈ তাৰ পৰা আতঁৰি গ’ল৷ কিন্তু প্ৰমোদ মাষ্টৰে হাঁহি হাঁহি তেওঁক বিদায় জনালে৷

****

সময়ৰ লগে লগে প্ৰমোদ মাষ্টৰৰো দেহা লাহে লাহে পৰি আহিবলৈ ধৰিলে৷ পো-বোৱাৰীয়েকহঁতেও তেওঁৰ খা-খবৰ লৈ তেওঁৰ কাষলৈ আহিবলৈ জা-যোগাৰ চলালে আৰু ইফালে ঘনকান্তই নিতৌ প্ৰমোদ মাষ্টৰক বোৱাৰীহঁতক লৈ কটূ বাক্য শুনাবলৈ ধৰিলে৷ তথাপিও প্ৰমোদ মাষ্টৰে তেওঁৰ কথা হাঁহি মুখে আদৰি লয়৷

সময়ত পুতেক বোৱাৰীয়েক ঘৰলৈ অহাত প্ৰমোদ মাষ্টৰে ঘৰৰ মাটি বাৰী সকলোখিনি পুতেকক লিখিতভাৱে চমজাই দি তেওঁ জীৱনৰ বাকী থকা দিনকেইটা বৃদ্ধাশ্ৰমতে কটামগৈ বুলি কোৱাত পুতেক অনিন্দই বাধা দিলে৷

: দেউতা, তোমাৰ মন্তব্যক মই সন্মান জনাইছো৷ কিন্ত এইটো মই পাহৰি যোৱা নাই যে তুমি মোৰ জন্মদাতা আৰু তোমাক প্ৰতিপাল কৰা মোৰ সামৰ্থ্য এতিয়াও আছে৷ সেইবাবে আমি দুয়ো মিলি এটা সিদ্ধান্ত লৈছো যে বৰ্তমান এই মাটিবাৰী ইয়াতে থাকি আমাৰ এই মৰমৰ ঘৰটি এখন ঘৰ হৈয়েই থাকক৷

: মানে, মই বুজা নাই সোণ৷ তই কি ক’ব বিচাৰিছ মোক ভালকৈ ক’চোন৷
: মানে দেউতা, তোমাৰ কথাকে ৰাখি আমি ইয়াত এখন বৃদ্ধাশ্ৰম খুলিম বুলি ভাবিছো৷ যাতে তুমি কেতিয়াবা ঘৰখনলৈ আহিও তুমি তোমাৰ আপোন মানুহখিনিক লগ পোৱা আৰু তোমাৰ দৰে আন দেউতাক সকলেও যাতে সুখেৰে ভৰি থকা এখন ঘৰ পাওঁক৷

পুতেক অনিন্দৰ কথাত প্ৰমোদ মাষ্টৰে এক সুখৰ চকুলো টুকি নাতিনীয়েকক কোলাত লৈ বাৰীখনলৈ বুলি আগবাঢ়ে৷
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments