বৃন্দাবনলৈ যাওঁতে (মল্লিকা কলিতা)

যমুনা এক্সপ্ৰেছ হাইৱেৰে চমু আগ্ৰা ভ্ৰমণৰ অন্তত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কৃষ্ণ ধামৰ অন্যতম বৃন্দাবনলৈ যোৱাটো বিবেচিত হ’ল । ভাৰতৰ আটাইতকৈ দীৰ্ঘ ছয় লেনযুক্ত য়মুনা দ্ৰুতবেগী পথছোৱাই গ্ৰেটাৰ নয়ডা আৰু আগ্ৰাক সংযোগ কৰিছে । ২০১২ চনৰ ৯আগষ্টত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অখিলেশ যাদৱে মুকলি কৰা ১৬৫কি.মি. দৈৰ্ঘ্যৰ দ্ৰুতবেগী পথছোৱাৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিছিল তেতিয়াৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী মায়াৱতীয়ে ২০০৭ চনতেই । ফলত গ্ৰেটাৰ নয়ডাৰ পৰা আগ্ৰালৈ চাৰি ঘণ্টাৰ বাট ১০০ মিনিটত পাব পৰা হ’ল । বৰ্তমান আঠলেনলৈ পৰিবৰ্ধিত কৰি থকা হৈছে উক্ত পথছোৱা । গৃহস্থই মাংসৰে উদৰ পূৰাই মন্দিৰ নগৰী, কৃষ্ণ ভক্তৰ প্ৰমুখ তীৰ্থস্থান, পাঁচ হাজাৰ(৫,০০০) মন্দিৰেৰে পৰিবেষ্টিত বৃন্দাবনলৈ বুলি গাড়ী দৌৰাবলৈ দিলে হাৰিয়ানাৰ ড্ৰাইভাৰজনক । আমাক সমগ্ৰ পথ ভক্তিমূলক গীতেৰে (কিন্তু সুৰতো জনপ্ৰিয় হিন্দী চিনেমাৰ আলমত!) ড্ৰাইভাৰ জনে মন ভৰাই তুলিছিল ।
‘বৃন্দা’ মানে তুলসী আৰু ‘বন’ মানে হাবি-জংঘল । এটা সময়ত তুলসীৰ গছেৰে ভৰি আছিল দেখি তাৰ নাম পৰে বৃন্দাবন । মথুৰাত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু বাল্যকাল কটাইছিল বৃন্দাবনত । আগ্ৰাৰ পৰা দূৰত্ব ৫০কি.মি. । আমি গাড়ীৰ পৰা নমাৰ লগে লগে সচৰাচৰ হোৱাৰ দৰে এইবাৰো ‘গাইড’ৰ চক্ৰবেহুত সোমাই পৰোঁ । তাজমহলত কিবা প্ৰকাৰে পৰিত্ৰাণ পাই আহিছিলোঁ মাত্ৰ, আকৌ ইয়াত ! ‘বৃন্দাবনলৈ আহিছে আৰু গাইড অবিহনে কি দৰ্শন কৰিব ওলাইছে’- কাৰোবাৰ তীৰ্যক মন্তব্যও কাণলৈ উফৰি আহিল । ভয়ে ভয়ে খোজ আগবঢ়াইছোঁ, চাৰিওফালে যে বান্দৰৰ টিঘিলঘিলনি । গাইডজনে চচমা নিপিন্ধিবলৈ সকিয়াই দিয়ে আৰু একো নকৰে বুলি হাঁহি হাঁহি অভয় দান দিবলৈ লাগিল । মন্দিৰৰ দ্বাৰ খুলিবলৈ কিছু পৰ বাকী থকাত মন্দিৰটোৰ ইতিহাস বৰ্ণাবলৈ লাগিল গাইডজনে । মন্দিৰটোৰ নাম ‘গোবিন্দদেৱ মন্দিৰ’, মোগল সম্ৰাট আকবৰৰ সেনাপতি ৰাজা মান সিঙে সাত খলপীয়া মন্দিৰটো ১৫৯০ চনত স্থাপন কৰিছিল । কোৱা হয় মহামতি আকবৰে আগ্ৰাৰ লাল কিলা নিৰ্মাণৰ বাবে অনা ৰঙা পাত্থৰ এই মন্দিৰৰ নিৰ্মাণৰ অৰ্থে দিছিল । কিন্তু ঔৰ্ংজেৱে এই মন্দিৰক আংশিক ৰূপে ধ্বংশ কৰিছিল আৰু বৰ্তমান তিনি মহলীয়া মন্দিৰটো সুপ্ৰাচীন স্থাপত্য ক’লাৰ উজ্জ্বল নিদৰ্শণ ৰূপে গৌৰৱ বহন কৰি আছে । ধৰ্মীয় মতামত মতে ঔৰ্ংজেৱৰ আক্ৰমণত যেতিয়া বাকী অৱশিষ্ট অংশ খিনি ৰৈছিল, তেতিয়া হঠাৎ ভয়ানক ৰূপত মন্দিৰটোত জোকাৰণি অনুভূত হৈছিল আৰু সৈণ্য সামন্তই প্ৰাণ লৈ দৌৰিছিল, কেতিয়াও আৰু ঘুৰি অহা নাছিল । মন্দিৰটো আক্ৰমণৰ বাতৰি পাই মান সিঙে প্ৰকৃত গোৱিন্দ দেৱৰ মূৰ্তিটো জয়পুৰলৈ লৈ যায় আৰু তেতিয়াৰ পৰা তাতেই পূজিত হৈ আহিছে । ইয়াত এতিয়া আছে গোৱিন্দজীৰ প্ৰ্তিকৃতিহে, প্ৰকৃত মন্দিৰৰ পিছফালে । গাইডে আমাক ওপৰলৈ হাত দাঙি হাঁহি হাঁহি হাতচাপৰি বজাবলৈ ক’লে আৰু আমিও সেইমতে কৰোঁ । বৃন্দাবনত সকলোৱে হাঁহি কথা কোৱা নিয়ম যাতে ইয়াৰ পৰা ওলাই নিজ জীৱনো হাঁহি আৰু আনন্দেৰে ব্যতিত কৰিব পাৰোঁ ।
ৰাষ্টাই ঘাটে অচিনাকি জনেও হাঁহি মুখে ‘ৰাধে ৰাধে’ বুলি অভিবাদন জনায় ইয়াত। বৃন্দাবনৰ নিৰ্মম বাস্তৱ, একৈছ শতিকাতো পৰিয়ালৰ আপোনজনৰ পৰা চিৰদিনৰ বাবে পৰিত্যক্ত, বৰ্জিত বিধৱা ‘মীৰা’ সকলক ওচৰৰ পৰা দেখুৱাব লৈ গ’ল আমাক। যাৰ জীৱনৰ অৰ্থই হ’ল ভগৱানৰ(কৃষ্ণ) ভজন-কীৰ্ত্তন কৰা। দুইবেলা এনেদৰে ভজন-কীৰ্তনৰ বাবদ লাভ কৰে দৈনিক পাঁচ টকাকৈ, অন্ন-বস্ত্ৰ, আৰু থাকিবলৈ ঘৰ। বেছিখিনি পশ্চিমবংগৰ । জীৱনৰ অন্তিম সময় খিনি এই নিঃস্ব, দৰিদ্ৰ, অসহায় নাৰীয়ে কৃষ্ণ ভক্তিত বিলীন হৈ পৰে । এই প্ৰ্থা চৈতন্য দেৱ মহাপ্ৰভুৰ দিনৰ পৰা চলি অহা। নে বাধ্য তেওঁলোক? এতিয়া বৃন্দাবনেই শেষ আশ্ৰয় তেওঁলোকৰ । তেওঁলোক যেন বাহ্যিক পৃথিৱীৰ পৰা বহু আঁতৰত। স্বামীৰ মৃত্যুৰ পিছত কিয় এগৰাকী নাৰীৰ স্থান শূণ্য হৈ পৰে পুত্ৰ-বোৱাৰী সমন্বিতে আপোন পৰিয়ালৰ ওচৰত ? সন্তান সৰু হৈ থাকিলে নাৰী গৰাকী যদি বিধৱা হয়, সেই নাৰীৰ কান্ধতেই পৰে সন্তান লালন পালন কৰাৰ সমস্ত দায়িত্ব, পিতৃৰ স্থানো পূৰাব লাগে । খুটি খাব পৰা হ’লেই সেই সন্তানেই মাতৃৰ বাবে ডিঙিৰ কাঁইট হৈ পৰে । … আমাক আকৌ গাইড জনে হাঁহি হাঁহি হাত চাপৰি বজাবলৈ দিলে।
• ঠেক পুতিগন্ধময় গলিৰে আমাক লৈ গৈ থাকিল ‘বাকে বিহাৰি মন্দিৰ’লৈ। এগৰাকী আইতাক মাখিৰে পৰিৱেস্তিত ডাঙৰ থালি এখনত ‘মথুৰা’ৰ বিখ্যাত ‘পেড়া’ তৈয়াৰ কৰি থকা দৃশ্য চকুৰ পৰা সাৰি নগ’ল । আৰু সাৰি নগ’ল বিধৱা ‘মীৰা’ সকলৰ কোনো কোনোৱে আমালৈ ভিক্ষাৰ জোলোঙা আগবঢ়াই দিয়া কৰুণ দৃশ্য । গাইডজনে অনৰ্গল মুখ চলাই আছে কিছুদিন আগত হৈ যোৱা জন্মাষ্টমীৰ প্ৰ্সাদৰ সোৱাদ আমাকো দিয়া হ’ব উক্ত মন্দিৰত । আমাৰ মন পুলকিত হৈ পৰিল, একপ্ৰকাৰ ৰোমাঞ্চিত হৈ পৰিল- শ্ৰীকৃষ্ণৰ বাল্যকাল য’ত অতিবাহিত হৈছে, উমলি-জামলি ডাঙৰ দীঘল হৈছিল সেই মাটিত আমি আজি সোঁশৰীৰেৰে উপস্থিত আৰু প্ৰভুৰে ওপজা দিনৰ ‘চপ্পন ভোগ’ ৰ ভাগ আমিও পাম । প্ৰথমে মালা কিনিবলৈ কোৱা হ’ল আমাক । মোক গৃহস্থৰ বাওঁপিনে মূৰত এখন বস্ত্ৰ লৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ কো‌ৱাত, একো নাপাই মোৰ মূৰত গৃহস্থৰ ৰুমাল খনেৰেই কাম চলালোঁ । ভগৱানৰ মূৰ্ত্তিৰ সন্মুখত আমি মাটিত বহি পৰো । পূজাৰীজনে আঁৰ কাপোৰ আঁতৰালে আৰু শ্ৰীকৃষ্ণৰ সৈতে ৰাধা ৰাণীৰ দৰ্শন কৰালে । প্ৰ্ভূৰ এনে ৰূপ আমি আগতে নেদেখি অভিভূত হৈ পৰোঁ । তেখেতে বৰ বিশেষ মন্ত্ৰোচ্চাৰণ আদি নকৰি এখন বহীত গৃহস্থৰ নাম, শাহু-শহুৰৰ নাম, ঠাইৰ নাম, মোৰ আৰু ছোৱালী দুজনীৰ নাম সুধি (লগে লগে ইমান সোনকালে লিখিও আছে, বিচক্ষণতা দেখি আচৰিতো হৈছোঁ) টুকি গ’ল । আমাৰ মহাপুৰুষ শ্ংকৰদেৱৰ পদ-ধূলা তাত পৰিছিল বুলি অসমীয়াতে জানিবলৈ দিলে । প্ৰ্থমে টকা ছয়হাজাৰ(৬,০০০) দিবলৈ ক’লে, সেই টকাৰে মাৰ্বলৰ ফলিত চিৰদিনৰ বাবে আটাইৰে নাম-ধাম খোদিত কৰা হ’ব । তিনি হাজাৰ(৩,০০০)টকা দিলে বিশেষ পূজা অৰ্চনা কৰা হ’ব , লগতে বিশেষ তাবিজ আদি দিয়াৰ প্ৰ্লোভন । এই টকাৰ এটা অংশ বৃন্দাবনৰ বিধৱা সকলৰ নামত, গাই-গৰুৰ প্ৰ্তিপালনৰ নামত খৰছ কৰা হ’ব বুলি আমাক জানিবলৈ দিয়ে । গৃহস্থই কোনো পধ্যেই মান্তি নহ’ল আৰু তেওঁ তেওঁৰ পিতৃ-মাতৃক শ্ৰদ্ধা-ভক্তি কৰে, তেওঁৰ বাবে তেওঁলোকেই ভগৱান স্বৰূপ, জীৱিত অৱস্থাত আজিলৈ মাক-দেউতাকক আলাই- আথানী কৰা নাই আৰু ভৱিষ্যতেও নকৰে গতিকে মাৰ্বলৰ ফলিৰ দৰকাৰ নাই –এই কথা স্পষ্ট ভাৱে কৈ ওলাই আহে । মোৰ অৱস্থা তথৈবচ । ফুলৰ মালাৰ ওপৰত আমাৰ ভক্তিভাৱেৰে দিয়া টকা খিনি থৈ দিলোঁ, পূজাৰীয়ে সেই দান গ্ৰহণ নকৰে তেওঁৰ হাতেৰে । গাইডে প্ৰসাদ লবলৈ কৈ আছে। মন কৰিলোঁ পূজাৰীয়ে খঙে-ৰাগে প্ৰ্সাদৰ ৰূপত ‘নকুল দানা’ দুটা দিবলৈও ইচ্ছা কৰা নাই। গাইডে অগত্যা কৈ থকাত হাত পাতিলোঁ , তেতিয়ালৈ মনৰ মাজত জন্মাষ্টমীৰ চপ্পন ভোগৰ লালসা পলাই পত্ৰ্ং দিছে । পূজাৰীয়ে মোক, ভগৱানৰ প্ৰতি আস্থা নাই নেকি তিৰোতা হৈও- বুলি ক্ষোভ উজাৰিলে। মনৰ মাজত বহু প্ৰ্শ্ন আহিবলৈ লাগিল আমাৰ- মোটা অংকৰ দান দিলেহে ভগৱানৰ আশীৰ্বাদ লাভ কৰিব পাৰি নেকি, আৰু তাকে কৰিবলৈ নোৱাৰিলে পাপ আৰ্জন কৰা যায় নেকি… ভগৱানৰ জন্মভূমিত ঘটা ঘটনা ৰাজিয়ে চিৰদিনৰ বাবে হৃদয় দগ্ধ কৰিলে। ভগৱানক অনন্ত ৰূপে বিস্তাৰিত বুলি ভৱা হয়, তেনে কিয় এনে হ’বলৈ পালে। ভাৰাক্ৰান্ত মনেৰে আমি ঘূৰিছিলোঁ, হাঁহি হাঁহি প্ৰসাদ খাবলৈ কোৱাৰ পিছতো… আগদিনা দিল্লীৰ ‘লোতাচ টেম্পল’ত বহি থাকোঁতে মনলৈ স্বতঃস্ফুৰ্তভাৱে অহা ভগৱানৰ প্ৰ্তি ভক্তি ভাৱখিনি অগা-দেৱা কৰিবলৈ লাগিল। এনেবোৰ অন্যায়, প্ৰ‌ৱঞ্চনাৰ পৰা সকলো ঐতিহাসিক,পৌৰাণিক ধৰ্মস্থল আদিলৈ অহা দেশী-বিদেশী হাজাৰ-বিজাৰ জনতাক কোনে,কেতিয়া উদ্ধাৰ কৰিব?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক