বৃন্দাবনৰ প্ৰেম (১০) – কংস বধ- প্ৰতিম প্ৰতাপ বৰুৱা

বৃন্দাবনৰ প্ৰেম (১০)


কংস বধ

প্ৰতিম প্ৰতাপ বৰুৱা

(যোৱা সংখ্যাৰ পিছৰপৰা)

শুকদেৱে মহাৰাজ পৰীক্ষিতক ক’লে –
কংসই অক্ৰুৰক মতাই আনি ক’লে – “অক্ৰুৰ, তুমি মোৰ মিত্ৰ | তুমি মোৰ বাবে এটা বিশেষ কাম কৰিব লাগে | মোৰ শত্ৰু কৃষ্ণ-বলৰামক বসুদেৱে গকুলত নন্দৰ ঘৰত ৰাখিছে | তুমি অতি শীঘ্ৰে গকুললৈ গৈ বুজাই-বঢ়াই কৃষ্ণ-বলৰামক মথুৰালৈ লৈ আনা | দুয়োকে ইয়াত হাতীৰ হতুৱাই গচকাই বধ কৰিম | তাতো যদি নোৱাৰো তেন্তে দুয়োকে ৰংগমঞ্চত মোৰ মল্লযোদ্ধাসকলে বধ কৰিব | তাৰ পিছত বসুদেৱ-দৈৱকী আৰু উগ্ৰসেনক বধ কৰি মই মোৰ শশুৰ জৰাসন্ধ আৰু বন্ধু বাণ আৰু সৰম্বাসুৰৰ সহায়ত সমগ্ৰ পৃথিৱীৰ ৰজা হম | হে অক্ৰুৰ, তুমি ধনুযজ্ঞ চাবলৈ বুলি কৃষ্ণ-বলৰামক মথুৰালৈ লৈ আনা |”
কংসৰ আদেশ মানি অক্ৰুৰে গকুললৈ যাত্ৰা কৰিলে | ওৰে বাটতো অক্ৰুৰে ভাবি গ’ল – “কি পূণ্যৰ ফলত আজি মই কৃষ্ণৰ দৰ্শন পাম | যাৰ চৰণ ব্ৰহ্মা-মহাদেৱে চিন্তা কৰে, যাৰ চৰণত লক্ষ্মীয়ে প্ৰতিদিনে অৰ্চনা কৰে, যি বাস কৰা স্থান পবিত্ৰ তীৰ্থস্থানৰূপে জনা যায়, সেই পৰম ব্ৰহ্ম কৃষ্ণক আজি মই দেখা পাম |”
গকুলত অক্ৰুৰে কৃষ্ণ-বলৰামক লগ পাই ক্ষন্তেকলৈ বিচলিত হৈ পৰিছিল | নন্দক অক্ৰুৰে কংসৰ সকলো কথা বিবৰি কৈছিল | ধনুযজ্ঞলৈ নিমন্ত্ৰণ আৰু সেই চলতে কৃষ্ণ-বলৰামক বধ কৰাৰ যড়যন্ত্ৰ কৰা কথা শুনি নন্দৰজাই ভয়তে পেপুৱা লাগিছিল | কিন্তু কৃষ্ণ-বলৰামে একে আষাৰে মথুৰালৈ যাবলৈ মান্তি হ’ল | কৃষ্ণ-বলৰামে মথুৰালৈ যাবলৈ ওলোৱাত সমস্ত গকুলবাসী শোকাকুল হৈ উঠিল | মাতৃ যশোদা ঘনে ঘনে অজ্ঞান হবলৈ ধৰিলে | প্ৰাণসখা কৃষ্ণ-বলৰামৰ লগত যাবলৈ নন্দৰজা প্ৰমূখ্যে সমস্ত গোপবালক শকটত উঠিলগৈ | কৃষ্ণ-বলৰাম অক্ৰুৰৰ ৰথত উঠিল |

কৃষ্ণক বিদায় দিবলৈ ৰাধা আহিছিল | দুয়ো জানিছিল এয়া তেওঁলোকৰ শেষ দেখা | অক্ৰুৰৰ ৰথৰ পৰা কৃষ্ণ নামি আহিছিল | দুয়োৰে মুখত মাত নাছিল | ৰাধাই নকন্দাকৈ কৃষ্ণৰ কপালত তিলক আঁকি দিছিল | কৃষ্ণই নিজৰ বাঁহীটো ৰাধাক দিব খুজিছিল | ৰাধাই ল’বলৈ অস্বীকাৰ কৰিছিল | কৃষ্ণক নিজৰ মাজত দেখা পাবলৈ ৰাধাক পাৰ্থিৱ বস্তুৰ প্ৰয়োজন নাছিল | ৰাধাৰ চকুলৈ চাই চাই কৃষ্ণই অক্ৰুৰৰ ৰথত উঠি গকুল-বৃন্দাবনধাম ত্যাগ কৰিছিল | তাৰ পিছত ৰাধাই কান্দিছিল | সেই কান্দোনৰ তুলনা নাই | তাৰ পিছত কৃষ্ণই কেতিয়াও বাঁহী বজোৱা নাছিল |
বাটত যমুনাৰ পাৰত ৰথখন ৰখাই অক্ৰুৰে কৃষ্ণ-বলৰামৰ অনুমতি লৈ যমুনাৰ পানীত স্নান কৰিছিল | যমুনাৰ পানীত ডুব মাৰোতে অক্ৰুৰে পানীৰ তলত কৃষ্ণ-বলৰামক দেখা পাইছিল | ভয় খাই মূৰ তুলি চাই তেওঁ দেখিছিল যে কৃষ্ণ-বলৰাম ৰথত বহি আছে | কিবা ভ্ৰম দেখা বুলি পুনৰ পানীত বুৰ মাৰোতে দেখা পালে যে অনন্তই সহস্ৰ ফণা মেলি জলত অৱস্থান কৰিছে আৰু অনন্তৰ কোলাত চতুৰ্ভুজ মূৰ্ত্তি ধৰি কৃষ্ণ বিৰাজমান হৈ আছে | সেই দিব্যৰূপ দৰ্শন কৰি অক্ৰুৰ ধন্য হৈছিল | কৃষ্ণক বাৰে বাৰে সেৱা কৰি অক্ৰুৰে ধীৰে ধীৰে ৰথখন চলাই মথুৰাত প্ৰবেশ কৰিছিল |

ৰাতিটো দিব্য উপবনত কটাই কৃষ্ণ-বলৰামে পিছদিনা সবান্ধবে মথুৰাৰ বাটেদি খোজ লৈছিল ধনুযজ্ঞশালাৰ স্থান অভিমুখে | ধনুযজ্ঞশালাত এখন বিশাল দিব্য ধনু আছিল | বহু সৈন্যই এই ধনুখন ৰক্ষা কৰি আছিল | কৃষ্ণই কাৰো বাধা নামানি আগবাঢ়ি গৈ ধনুখন বাওঁহাতেৰে তুলি লৈ তাত গুণ লগাই সজোৰে টংকাৰ দিয়াত ধনুখন মাজতে ভাগি গৈছিল | ধনুখন দ্বিখণ্ডিত হোৱাৰ শব্দ দশোদিশে বিয়পি পৰিছিল |

ধনু ভংগ কৰি কৃষ্ণ-বলৰামে পুনৰ সবান্ধবে মথুৰাৰ বাটেদি খোজ লৈছিল | সন্ধিয়া তেওঁলোকে নগৰৰ বাহিৰত আগনিশা কটোৱা দিব্য উপবনলৈ ঘূৰি গৈছিল ৰাতিটোৰ বাবে |

পিছদিনা ৰাতিপুৱা কংসই মল্লযুদ্ধ কৰাৰ নিৰ্দেশ দিছিল | আগৰে পৰা নিৰ্মাণ কৰি ৰখা ৰংগশালাত নগৰবাসী ভৰি পৰিছিল | ৰজাৰ বাবে ৰখা আসনত কংস বহিছিল আৰু তেওঁৰ পাৰিষদবৰ্গই ৰজাৰ আশে পাশে নিজৰ নিজৰ আসন গ্ৰহণ কৰিছিল | মল্লযুদ্ধত অংশ লবলৈ কৃষ্ণ-বলৰামে ৰাতিপুৱাই ৰংগশালা অভিমুখে ৰাওনা হৈছিল | ৰংগশালাৰ তোৰন দ্বাৰত কংসৰ আয়োজন মতে কুবলয় হাতীয়ে কৃষ্ণ-বলৰামৰ পথ ভেটি ধৰিছিল | হাতীৰ মাউতে অংকুশেৰে খুচি হাতীটোক কৃষ্ণ-বলৰামক আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিছিল | কৃষ্ণ-বলৰামে কৌশলেৰে হাতীটোৰ আক্ৰমণৰ পৰা নিজকে বচাই হাতীটোৰ ভৰিৰ মাজত সোমাই তাৰ মৰ্মস্থলত প্ৰহাৰ কৰি বগৰাই পেলাইছিল আৰু তাৰ কুম্ভস্থলত ভৰি ৰাখি দুয়োহাতেৰে আজুৰি কুবলয় হাতীৰ দাঁত উভালি পেলাইছিল | সেই দাঁতেৰে প্ৰহাৰ কৰি কৃষ্ণই কুবলয় হাতীক বধ কৰিছিল |

মৃত কুবলয় হাতীক তাতে এৰি কৃষ্ণই গোপবালক সহিতে ৰংগশালাত প্ৰবেশ কৰিছিল | কৃষ্ণ-বলৰামৰ কান্ধত কুবলয় হাতীৰ দাঁত দুটা দেখি কংসই বুজি পাইছিল যে শেষ সময় সমাগত |

কংসৰ আদেশত চানুৰ, মুষ্টিক, সল্ল আদি মল্লযুঁজাৰু সকল আগবাঢ়ি আহি কৃষ্ণ-বলৰামক বেৰি ধৰিছিল | প্ৰত্যাহবান গ্ৰহণ কৰি কৃষ্ণই চানুৰৰ লগত আৰু বলৰামে মুষ্টিকৰ লগত মল্লযুদ্ধত অৱতীৰ্ণ হ’ল | যুদ্ধ দেখি ৰংগশালাত উপস্থিত থকা দৰ্শকসকলৰ মুখৰ মাত হৰিল | ১৪-১৫ বছৰীয়া কৃষ্ণ-বলৰামৰ লগত প্ৰখ্যাত মল্লযোদ্ধা চানুৰ-মুষ্টিকক যুদ্ধ কৰিবলৈ আদেশ দিয়া দেখি দৰ্শকে কংস ৰজাক দোষাৰূপ কৰিলে | কিন্তু দৰ্শকসকলক আচৰিত কৰি ক্ষন্তেকৰ যুদ্ধতে কৃষ্ণ-বলৰামে চানুৰ-মুষ্টিকক হেলাৰঙে পৰাস্ত কৰি বধ কৰিলে | চানুৰ-মুষ্টিকৰ মৃত্যু দেখি কূট, তোসল্ল আৰু সল্ল নামৰ মল্লযুদ্ধাকেইজনে কৃষ্ণ-বলৰামক খেদি আহিছিল | বলৰামে কূটক আৰু কৃষ্ণই তোসল্ল আৰু সল্লক ভয়ানক প্ৰহাৰ কৰি বধ কৰিছিল |

পাঁচজন শ্ৰেষ্ঠ মল্লযুদ্ধাৰ এইদৰে মৃত্যু হোৱা দেখি কংসই ভয়তে কম্পমান হৈ বহা আসনৰ পৰা উঠি দৌৰি পলাব খুজিছিল | কৃষ্ণই তত্‍ক্ষণাত কংস বহি থকা উচ্চ মঞ্চলৈ উঠি গৈছিল | কৃষ্ণই কংসৰ শিৰৰ মুকুট মাটিলৈ দলিয়াই দি চুলিত ধৰি কংসক ভয়ানক প্ৰহাৰ কৰি মঞ্চৰ পৰা দৰ্শকৰ সন্মুখলৈ দলিয়াই দিছিল | তাৰ পিছত কৃষ্ণই মঞ্চৰ পৰা জাপ মাৰি কংসৰ বুকুৰ ওপৰত পৰিছিল | সেই সময়ত কৃষ্ণই জগতৰ ভৰৰ সমান গধুৰ ভৰ ধাৰণ কৰিছিল| কৃষ্ণ কংসৰ বুকুত জপিয়াই পৰাৰ লগে লগে কৃষ্ণৰ ভৰত কংসই প্ৰাণ ত্যাগ কৰিছিল | কংসৰ মৃত্যু দেখি কংকন্যগ্ৰোধ আদি কংসৰ আঠজন কনিষ্ঠ ভাতৃয়ে কৃষ্ণক আক্ৰমণ কৰিবলৈ খেদি আহিছিল | বলৰামে আগচি ধৰি আঠোজন ভাতৃকে প্ৰহাৰ কৰি বধ কৰিছিল |
শুকদেৱে পৰীক্ষিতক কৈছিল – কংসই খাওঁতে-শোওঁতে, সকলো সময়তে বৈৰীভাৱে হ’লেও কৃষ্ণকেই চিন্তি আছিল | সেয়ে কংসই কৃষ্ণৰ হাতত প্ৰাণ ত্যাগ কৰাৰ পিছত কৃষ্ণৰ কৃপাত বৈকুণ্ঠলৈ গৈছিল | কৃষ্ণই কংসক শত্ৰুৰূপী পৰম ভক্ত জ্ঞান কৰি পৰম মুক্তি প্ৰদান কৰিছিল |

কংসক বধ কৰি কৃষ্ণ-বলৰামে কাৰাগাৰত বন্দী হৈ থকা পিতৃ-মাতৃক মুক্ত কৰিছিল | তাৰ পিছত মাতামহ উগ্ৰসেনক মুক্ত কৰিছিল | কংসৰ পিতৃ, বৃদ্ধ উগ্ৰসেনক কৃষ্ণই মথুৰাৰ ৰাজসিংহাসনত বহুৱাই নিজে উগ্ৰসেনৰ অধীনত সভাসদ হৈ থাকিব বুলি কৈছিল | জগতৰ স্বামী হৈও পৰমেশ্বৰ কৃষ্ণই নিজ ভক্ত উগ্ৰসেনৰ অধীন হৈ ৰৈছিল |
(অন্ত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments