বৃন্দাবনৰ প্ৰেম (২) – শ্ৰীমদ্ভাগৱত মহিমা (-প্ৰতিম প্ৰতাপ বৰুৱা )

মহৰ্ষি ব্যাসদেৱ ৰচিত শ্ৰীমদ্ভাগৱত মহাপুৰাণ শ্ৰীকৃষ্ণৰ কথাৰূপ | শ্ৰীকৃষ্ণৰ কথা মানেই শ্ৰীমদ্ভাগৱতৰ কথা |

ঋষি কৃষ্ণ দ্বৈপায়ন বেদব্যাস এবাৰ গভীৰ দুখত নিমগ্ন হ’ল – যেতিয়া ১২ বছৰৰ মূৰত জন্ম গ্ৰহণ কৰা তেওঁৰ পুত্ৰ শুকদেৱে ঘৰ-সংসাৰ, পিতা-মাতা, মায়া-মোহ সকলো ত্যাগ কৰি সন্যাসী হৈ বনগমন কৰিলে | চাৰিবেদ ৰচয়িতা, ১৮ পুৰাণ ৰচয়িতা, মহাভাৰত ৰচয়িতা ঋষি বেদব্যাস স্থিতপ্ৰজ্ঞ হৈও পুত্ৰশোকত অধীৰ হৈ পৰিল, স্তব্ধ হৈ পৰিল   তেওঁৰ ৰচনা | ঋষিৰ অৱস্থা দেখি দেৱৰ্ষি নাৰদে তেওঁক কলে – ঋষিবৰ, এই শোকৰ পৰা উদ্ধাৰ পোৱাৰ মাত্ৰ এটাই উপায় আছে | আপোনাৰ সকলো ৰচনাৰ সাৰমৰ্ম লৈ সৃষ্টিৰ আদিৰে পৰা আৰম্ভ কৰি সকলো কথা লিপিবদ্ধ কৰক | সেই ৰচনাত আপুনি যেতিয়া  শ্ৰীকৃষ্ণৰ বাল্যকালৰ কথা বৰ্ণনা কৰিব তেতিয়াই আপুনাৰ দুঃখ শোক অন্ত হ’ব |

নাৰদৰ কথামতে বেদব্যাসে লিপিবদ্ধ কৰিলে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ, শ্ৰীকৃষ্ণৰ কথাৰূপ – শ্ৰীমদ্ভাগৱত | ১২ টা স্কন্ধত বিভক্ত, ৩৩২ টা অধ্যায়যুক্ত শ্ৰীমদ্ভাগৱত ১৮ হাজাৰ শ্লোকেৰে সমৃদ্ধ |

উত্তৰা-অভিমণ্যুৰ পুত্ৰ মহাৰাজ পৰীক্ষিতৰ অনুৰোধত ব্যাসদেৱৰে পুত্ৰ ঋষি শুকদেৱে এই ভাগৱত পৃথিৱীৰ মানুহে বুজি পোৱাকৈ পাঠ কৰি বৰ্ণনা কৰিলে | পৰীক্ষিতৰ অনুৰোধৰ আঁৰৰ কথাখিনি চমুকৈ এনেধৰনৰ –

ইতিমধ্যে শ্ৰীকৃষ্ণ শ্ৰীবলৰামে মহাপ্ৰস্থান কৰিছে, দ্বাৰকা সাগৰত বুৰ গৈছে আৰু পান্ডৱসকলে পৰীক্ষিতক ৰজা পাতি মহাপ্ৰয়াণ কৰিছে | পৰীক্ষিতৰ ৰাজত্বত প্ৰজা সুখে-শান্তিৰে আছে | সময় আহিল, যুগ পৰিবৰ্তন হ’ল আৰু দ্বাপৰ যুগ শেষ হৈ কলিযুগে প্ৰবেশ কৰিলে | ৰজা পৰীক্ষিতৰ ওচৰলৈ যেতিয়া কলি আহিল পৰীক্ষিতে কলিক আদেশ দিলে – “তুমি মাত্ৰ চাৰিঠাইত বাস কৰিব পাৰিবা – বেশ্যালয়, মদিৰালয়, জুৱা খেলা ঠাই আৰু য’ত প্ৰাণীয়ে হিংসা-কপট কৰে তাত |” আদেশ মানি লৈ কলিয়ে পৰীক্ষিতক ক’লে – “হ’ব মহাৰাজ, সেয়াই হ’ব | কিন্তু অনুৰোধ কৰিছো – এই চাৰিঠাইৰ লগতে মোক স্বৰ্ণত বসতি দিয়ক |” পৰীক্ষিতে ক’লে – ” তথাস্তু ” | কথাৰ লাচত পৰীক্ষিতে  ভাবিয়েই নাচালে যে তেওঁ নিজে পিন্ধি থকা মুকুটটোও সোণৰ | ফলত কলি আহি পোনে পোনে ৰজাৰ শিৰত বহিলহি | এই কলিৰ প্ৰভাবতেই কিছুদিনৰ পিছত  পৰীক্ষিতে এটা ভয়ানক পাপ কৰিলে | এবাৰ মৃগয়াৰ পৰা উভতি আহোঁতে ৰজাই সমীক ঋষিৰ আশ্ৰমত সোমাই ঋষিক পানী খুজিলে | সেই সময়ত সমীক ঋষি ধ্যানস্থ হৈ আছিল কাৰণে ৰজাৰ মাত নুশুনিলে | খঙত পৰীক্ষিতে ওচৰতে মৰি পৰি থকা সাপ এটা কাঁড়ৰ আগেৰে তুলি আনি ঋষিৰ ডিঙিত মেৰিয়াই দিলে | ধ্যানস্থ ঋষিয়ে একোৱেই গম নাপালে | পিছত সমীক ঋষিৰ পুত্ৰসকলে আহি পিতাকৰ অৱস্থা দেখি খঙত একোনাই হৈ অভিশাপ দিলে – “যিয়ে পিতাৰ এই অৱস্থা কৰিছে তেওঁক অহা সাতদিনৰ দিনা তক্ষক সাপে খুটি মৃত্যু ঘটাব” |

পুত্ৰসকলৰ গৰ্জন শুনি সমীক ঋষিৰ ধ্যান ভংগ হ’ল আৰু ক্ৰোধ দমন কৰিব নোৱাৰা বাবে পুত্ৰসকলক খঙ কৰিলে আৰু দুখে-বেজাৰে আহি পৰীক্ষিতক সকলো ক’লেহি | চকুৰে অন্ধকাৰ দেখি ৰজাই সমীক ঋষিক সুধিলে কি কৰা উচিত | ঋষিয়ে ক’লে – মহাৰাজ, মই কি ক’ম ? এই প্ৰশ্ন আপুনি ঋষি শুকদেৱক কৰক | সেইমতে পৰীক্ষিতে গৈ গংগাৰ পাৰত আশ্ৰম পাতি থকা ঋষি শুকদেৱক সুধিলে – “মুনিবৰ,  যি মানুহে গম পায় যে তেওঁৰ মৃত্যু অহা সাতদিনৰ দিনা হ’ব সেই মানুহে কি কৰা উচিত ?”

ঋষি শুকদেৱৰ দৰে মহাপুৰুষে যেতিয়া কথা কয় তেতিয়া তেওঁলোকৰ মানুহৰ কথা মনত নাথাকে, তেওঁলোকৰ কথা সমস্ত মানৱক উদ্দেশ্য কৰি হয় | ৰজাৰ প্ৰশ্নৰ উত্তৰত শুকদেৱে কলে – “মহাৰাজ, তুমি মহা ভাগ্যৱান | মৃত্যু অন্তিম সত্য আৰু তুমি তোমাৰ মৃত্যুৰ সময় জানা | তোমাৰ বাদে আন কোনও নিজৰ মৃত্যুৰ সময় নাজানে | পৃথিৱীৰ সকলো দুঃখ, শোক আৰু মৃত্যুভয়ৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায় হ’ল শ্ৰীমদ্ভাগৱত শ্ৰৱণ কৰা | ”

ৰজাই শুকদেৱক অনুৰোধ কৰিলে – “হে জ্ঞানীশ্ৰেষ্ঠ, আপোনাৰ পৰাই মই শ্ৰীমদ্ভাগৱত শ্ৰৱণ কৰিব খোজো |”

এইদৰেই শুকদেৱে পৰীক্ষিতক শ্ৰীমদ্ভাগৱত শ্ৰৱণ কৰালে | সাতদিনৰ এই অনুষ্ঠানত শুকদেৱৰ পিতৃ ব্যাসদেৱকে আদি কৰি সকলো ঋষি-মুনি উপস্থিত আছিল | দেৱৰো দুৰ্লভ শ্ৰীমদ্ভাগৱত শ্ৰৱণ কৰি ৰজা পৰীক্ষিত ধন্য হৈছিল |

এই শ্ৰীমদ্ভাগৱতত বৰ্ণিত হোৱা শ্ৰীকৃষ্ণৰ বাল্যকালছোৱাৰ ৰস যি এবাৰ পান কৰিছে, তেওঁ চিৰদিনৰ বাবে মন্ত্ৰমুগ্ধ  হৈ গৈছে |

(আগলৈ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments